পৃষ্ঠা:ফুল.pdf/৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৮
ফুল ।


কিন্তু পাচৰ মুহূৰ্ত্ততে ভাৱৰ সলনি হ'ল। মনে মনে ভাবিলে, জানোচা হিতে বিপৰীত ঘটায়। এই বুলি তেওঁ মুখেৰে একো নামাতি, ৰম্ভাৰ ওচৰতে বহি তেওঁৰ সৌন্দৰ্য্য অমিয়া পান কৰিবলৈ লাগিল॥

 অলপ পাছত ৰম্ভাই কৈ উঠিলঃ—“প্ৰভু! মই অপাৰ সমুদ্ৰত পৰি তল যাওঁ। কৃপা কৰি এই মহা বিপদৰ পৰা উদ্ধাৰ কৰোক।”

 ৰম্ভাই সপোন দেখিছিল। তেওঁ দেখিছিল,—ভৰলী নৈখন ফেনে ফাটাকাৰে ওফন্দি আহি লাহে লাহে গাওঁ ভূঁ‌ই তল নিয়ালে। গোটেই দেশ একেবাৰেই অপাৰ সমুদ্ৰৱৎ হৈ পৰিল। তেওঁ যেন শুই আছিল, অকস্মাৎ পানীয়ে উটুৱাই লৈ গ'ল। তেওঁ নিৰুপায় হৈ কায়মনোবাক্যে ঈশ্বৰৰ চৰণ চিন্তিবলৈ ধৰিলে। ঈশ্বৰো যেন তেওঁৰ কাতৰোক্তিত তুষ্ট হ'ল। তেওঁ সম্মুখত এডাল উটি অহা গছ দেখা পাই তাতে ধৰি প্ৰাণ ৰক্ষা কৰিলে। কিন্তু পাচৰ মুহূৰ্ত্ততে তেওঁৰ জীৱন আকৌ সঙ্কটাপন্ন হ’ল, গছ ডাল এটা চাকত সোমাই তল গল। তেতিয়া তেওঁ হোলোক-হোলোকে পানী খাবলৈ ধৰিলে। জীৱ যাওঁ যাওঁ হৈছে, এনেতে এজন অপৰিচিত ডেকা তেওঁৰ ফাললৈ এখন নাও লৈ অহা দেখা পালে। নাওখন দেখি তেওঁ চিঞৰি চিঞৰি কবলৈ ধৰিলেঃ– "প্ৰভু! মই অপাৰ সমুদ্ৰত পৰি তল যাওঁ! কৃপা কৰি এই মহা বিপদৰ পৰা উদ্ধাৰ কৰোক।”

 ৰম্ভাৰ টোপনি ভাগিল। আগতে পদ্মকান্তক দেখা পালে। আচৰিত, ভীত আৰু লজ্জিত হৈ তলমূৰ কৰিলে।