পৃষ্ঠা:ফুল.pdf/১৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২৫
ফুল।

আকাশ-পাতাল খলক লগালেহেঁতেন। কিন্তু এই বিয়াত তেনে আড়ম্বৰ বিশেষ একো নাই, মনৰ ভয়ত সকলো পেপুৱা-লগা।

 ৰাতি হ'ল। যথা সময়ত দৰা আহি ৰভাতলত বহিল, পুৰোহিতে সকলো ঠিক-ঠাক কৰি লৈ কাৰ্য্য আৰম্ভ কৰিলে, কন্যা উলিয়াবৰ হ’ল।

 ফুল ভিতৰত তিৰুতাবিলাকৰ মাজত বহি আছিল। তেওঁৰ মুখত মাত নাই, প্ৰাণত শান্তি নাই, কিন্তু আগৰ কেই দিনতকৈ আজি তেওঁ বেছি স্থিৰ, যেন তেওঁ মনতে কিবা এটা সংঙ্কল্প স্থিৰ কৰিছে। তেওঁৰ ওচৰত থকা তিৰুতাবিলাকে ছেদ-ভেদ নোহোৱাকৈ কথা পাতিব লাগিছে। কথাৰ মাজতে এজনীয়ে ক’লেঃ— “এই বাৰ যুঁজত মানবোৰ হাৰিব বুলিহে ভাবিছিলোঁ, পিচে সিহঁত হে জিকিল। আমাৰ গিৰিহঁতো দেবেন্দ্ৰ বৰুৱাৰ লগত ৰণলৈ গৈছিল, পিচে যুঁজত হাৰি কোনো মতেহে প্ৰাণ লৈ পলাই আহিছে।”

 আন এজনীয়ে সুধিলেঃ— “পিচে বৰুৱাৰ হল কি?”

 “কি নো হব! তেওঁক বোলে মানে কাটিলে।”

 সকলোৰে “হায়! হায়!” কৰিবলৈ ধৰিলে, ফুল একেবাৰেই চৰগ পৰা মানুহ যেন হ’ল। ঠিক সেই সময়তে কন্যা হোমৰ গুৰিলৈ নিবৰ নিমিত্তে পুৰোহিতে আদেশ কৰিলে। আদেশ পালন কৰিবলৈ বলোৰাম ভিতৰ সোমাল। হঠাৎ বাহিৰত কোঢাল লাগিলঃ—“মান, মান, পলাঁ পলাঁ।” মানৰ নাম শুনিয়েই বিয়াঘৰীয়া সকলো যেনি পায়, তেনি পলাবলৈ ধৰিলে,