পৃষ্ঠা:ফুল.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
ফুল

পিচ ফালে কাৰবাৰ খোজৰ শব্দ শুনা গ'ল। গাভৰুৱে আৰু অপেক্ষা নকৰি নৈলৈ চোঁচা ল'লে। ঠিক পানীলৈ জাঁপ মাৰিবলৈ উদ্যত হৈছে, এনেতে তেওঁ কাৰবাৰ বাহু-বন্ধনত আবদ্ধ হ’ল। তেওঁ আৰু পানীত পৰিব নোৱাৰিলে সেই ফালেই মুছকঁছ গ’ল।

 প্ৰায় এখন মান তামোল খোৱা বেলিৰ মূৰত গাভৰুৰ সংজ্ঞা আহিল কিন্তু তেতিয়াও তেওঁ ক'ত আছে, ক'ব পৰা নাছিল। হঠাৎ একাষাৰ কথা তেওঁৰ কাণত পৰিলঃ—“ফুল, মইনা, চকু মেলি, চোৱাঁ। মই আহিছোঁ।”

 ফুল চক খাই উঠিল। তেওঁ দেখিলে তেওঁৰ আৰাধ্য দেৱতা দেবেন্দ্ৰনাথে তেওঁ মূৰটো কোলাত লৈ চেলেঙ্গৰ আগেৰে বিচিব লাগিছে। ফুলে চেতনা লাভ কৰিও প্ৰকৃত কথা বুজিব নোৱাৰিলে। তেওঁ এখন্তক আগতে যাৰ মৃত্যু বাতৰি শুনি আহিছে সেই দেবেন্দ্ৰ সোঁ শৰীৰে তেওঁৰ ওচৰত কেনেকৈ উপস্থিত হ'ব? তেওঁ মনে মনে ভাবিলেঃ—“নিশ্চয় মই সপোন দেখিছোঁ, কিন্তু অতি সুখৰ সপোন।” কায়মনোবাক্যে ঈশ্বৰক প্ৰাৰ্থনা কৰি ক'লে—“হে ঈশ্বৰ, যদি ই সপোন হয়, তেন্তে যেন এই সুখৰ টোপনিৰ কেতিয়াও অন্ত নপৰে।”

 দেবেন্দ্ৰই আকৌ মাতিলেঃ—“ফুল।”

 ফুলে বুজিলে—ই সপোন নহয়, কিন্তু ঘটনাৰ একো মোৰ ধৰিব নোৱাৰিলে। তথাপি লাজত তেওঁৰ মুখ ৰঙা পৰিল লৰালৰিকৈ উঠি বহিল, কিন্তু একো কব নোৱাৰিলে।