মিনাৰামৰ কথা শুনি সকলো ৰাইজে নিজ নিজ মতামত
প্ৰকাশ কৰিবলৈ ধৰিলে।
১ম।—হয় কথাটো! এই হাবিত ভূত থাকে বুলি ময়ো শুনিছোঁ। সিদিনা সেই পুৱাৰামৰ বৰ লৰাটোৱে ম’হ ৰাখি থাকোঁতেই বোলে ভূতে পাই আঁচুৰি-বাঁকুহি, ভুকুৱাই-কিলাই, নকৰিবৰ চ’কৰি কৰিলে।
২য়।—থ, থ। তহঁতে আৰু গছৰ পাত এটা সৰা শুনিলেও মাথোন ভূতকেহে দেখ! লোকৰ বাৰীৰ কুঁহিয়াৰ চুৰ কৰোঁতে গিৰিহঁতৰ মাৰ খাই পুৱাৰামৰ পুতেক উঠিব নোৱৰা হল; ৰ’ঢি ফুটিল ভূতে মাৰিলে।
৩য়।—তুমিও কিবা ওপৰে ওপৰে কথাবোৰ কোৱা। আমাৰ ককা দেউতাই আকৌ ভূতৰ আঙুলীকে কাটি আনিছিল।
এনেতে পদ্ম আৰু ফুল আহি নামঘৰ পালে। মিনাৰামে ভয়ত কোঁচ খাই ফুচ ফুচ কৰে ক'লে,—“সৌৱা দেখিছা, ইয়ালৈকে খেদি আহিছে।”
দ্বিতীয় মানুহটোৰ নাম বলোৰাম। বলোৰামে কলেঃ— “তই মনে মনে থাক।”
তাৰ পাচত তেওঁ পদ্মহঁতৰ ফাললৈ চাই সুধিলেঃ“তোমা- লোক ক’ৰ মানুহ, কলৈ যোৱা?”
পদ্মকান্তই তেওঁলোকৰ নিজ নিজ বিবৰণ আৰু মনৰ কথা সকলো ভাঙি-ছিঙি ক'লে। সকলোৱে তেওঁৰ কথাত বিশ্বাস কৰিলে। কিন্তু মিনাৰামে বিশ্বাস কৰিব নোৱাৰিলে। তাৰ