পৃষ্ঠা:ফুল.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ফুল।

 দেবেন্দ্ৰ।—সেইদেখি আপুনি মোক ঘুৰি যাবলৈ ক'ব খোজ নে কি?

 কনক।—ক’ব খুজিছিলোঁ। কিয়নো —

 দেবেন্দ্ৰ।—নক’ব ভাঙৰীয়া, আপোনাক মিনতি কৰি কৈছোঁ, আৰু সেইষাৰ কথা মুখত নানিব। চাওকচোন, পাষণ্ডহঁতে আমাৰ কি কৰিবলৈ বাকী থৈছে। ৰজাৰ ৰাজত্ব কাঢ়ি ল'লে, প্ৰজাৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ কৰি, অসমদেশ মৰুভূমিৰ তুল্য কৰিলে। সিহঁতৰ তাপত সতীৰ সতীত্ব নোৰোৱাত পৰিল; ইমানতো আপনি আমাক বহি থাকিবলৈ কয় নে? মোৰ মনেৰে জন্মভূমিৰ এনেকুৱা দশা চাই থকাতকৈ মৃত্যু শতগুণে শ্ৰেয়ঃ।

 কনক।—সেইটো ময়ো বুজিছোঁ, মোৰ মনতো তেনে ভাব খেলাইছে। কিন্তু—

 দেবেন্দ্ৰ।— কিন্তুলৈ নাযাব আৰু, যত্নৰ অসাধ্য একো নাই। আমি যদি সকলো মিলি যত্ন কৰোঁ, তেন্তে নিশ্চয় মানৰ পতন হ’ব। অকল ইচ্ছা কৰিলেই কোনো কাৰ্য্য সিদ্ধ নহয়, তালৈ চেষ্টা লাগে। কিয়নো, “উদ্যমেন হি সিধ্যন্তি কাৰ্য্য়ানি ন মনোৰথৈঃ। নহি সুপ্তস্থ সিংহস্য় প্ৰবিশন্তি মুখে মৃগাঃ।”

 কনক।—কিন্তু বলে নোৱৰা শিলক পৰি নমস্কাৰ। তাৰ প্ৰতিকূলে চলিবলৈ গলে বা কি লাভ হব?

 দেবেন্দ্ৰ।— বলে নোৱাৰিম কিয়? ইমাম এখন ডাঙৰ