পৃষ্ঠা:ফুল.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বাদশ অধ্যায়।

⸻:০:⸻

অনুসন্ধান।

 পদ্মকান্ত এতিয়া মহা বিমোৰত পৰিল। তেওঁ কি কৰিব, কি নকৰিব একো ঠিক কৰিব নোৱাৰি ভাবিবলৈ ধৰিলে। কিন্তু উভয় সঙ্কট। তেওঁ কাক বিচাৰিব? ৰম্ভাক বিচাৰিব নে শুদা দোলাৰ তত্ত্ব অনুসন্ধান কৰিব? পুবে যাব নে পশ্চিমে যাব? ৰিঙিয়াই মাতিব নে নীৰৱে বিচাৰিব? বাস্তৱতে, সৰহীয়া বিপদত পৰিলে মানুহৰ এনে দশাই হয়। বহুত বেলি ভবাৰ পাচত তেওঁ ৰম্ভাক বিচাৰিবলৈ ধৰিলে। কিন্তু ৰম্ভা এন্ধাৰেৰে সৈতে মিহলি হৈ ক'ত লয় পালে, তাক কোনে জানে? পদ্মই হাবি ভাঙি ভাঙি পিতপিতকৈ বিচাৰিবলৈ ধৰিলে। কোনো ঠাইত বগা হৈ থকা গছৰ মূঢ়া, কোনো ঠাইত কাটি পোৱা গছৰ ডালৰ শুকান পাত দেখি তেওঁ মনত ভাবে,—এয়ে ৰম্ভা; কিন্তু ওচৰ চাপি নিৰাশ হয়। এইদৰে নীৰৱে বহুত বেলি বিচাৰিও ৰম্ভাক নাপাই, তেওঁ ৰিঙিয়াবলৈ ধৰিলে। সেই ৰিঙি দূৰদূৰান্তৰ লতাকুঞ্জত প্ৰতিধ্বনিত হবলৈ ধৰিলে। তেওঁ ভাবিলে,—ৰম্ভাই মাতিছে। বেগাবেগিকৈ সেই ফাললৈ খোজ ল'লে। কিছুমান বাট গৈ কেনি মাত শুনিছিল ঠিক কৰিব নোৱাৰি আকৌ মাতিবলৈ ধৰিলে। আকৌ আন এফালে প্ৰতিধ্বনিত হ’ল; আকৌ তেওঁ সেইফালে বিচাৰিবলৈ ধৰিলে। এইদৰে, কেউফালে