পৃষ্ঠা:ফুল.pdf/৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪১
ফুল।

পৰা কথা কোৱা যেন শুনা গৈছিল, দুটা মানুহ গৈ সেইফালে চাই আহিল, কিন্তু ক'তো একো দেখা নাপালে। দেবেন্দ্ৰই আকৌ ক’বলৈ ধৰিলেঃ—“ আমি হাড়ক মাটি, তেজক পানী কৰি ধন ঘটিছোঁ, মানে তাৰে বাহাদুৰী কৰিছে, আমি খেতি, বাতি কৰি জীৱিকা উলিয়াইছোঁ, থাকিবলৈ ঘৰ সাজি লৈছোঁ, সিহঁতে আহি জুই লগাই বিহু কৰিছে! ইমানতো আমি সহি থকা উচিত নে? বন্ধুসকল! উঠাঁ, কঁকালত টঙালি বান্ধাঁ; সাহেৰে বুকু ডাঠ কৰা, নতুন ভাবেৰে, নতুন উছাহেৰে, সকলোৰে হিয়া পূৰ্ণ কৰি লোৱাঁ; প্ৰাণপণে যুদ্ধ কৰিবলৈ প্ৰতিজ্ঞা কৰি ৰণস্থলীলৈ অগ্ৰসৰ হোৱাঁ। তেতিয়া নিশ্চয় আমাৰ লুপ্তৰত্ন স্বাধীনতা উদ্ধাৰ হব; জগতে অসমৰ গৌৰৱ ঘোষণা কৰিব।”

 দেবেন্দ্ৰৰ ঘোৰাটো অলপ আঁতৰত বন্ধা আছিল। হঠাৎ চক খাই দুপ্ দুপাই উঠিল। দেবেন্দ্ৰনাথে কিবা আহিছে বুলি হাতত তৰোৱাল লৈ খেদা মাৰি গ'ল। তেওঁ দেখিলে তিনটা মান সেনাই ঘোৰাটো মেলিবলৈ ধৰিছে। তেওঁক দেখি তিনিওটাই ভিৰাই ধৰি লৰ মাৰিলে। দেবেন্দ্ৰই ঘোৰাটো বান্ধৰ পৰা মেলি একে চাবেই পিঠিত উঠিল আৰু সিহঁতৰ পাচে পাচে খেদা দিলে। মানকেটাই এটা মানুহে অকলৈ খেদি যোৱ দেখি বলে পাৰিম বুলি তিনি ডাল যাঠি লৈ সাজু হৈ ৰ'ল। দেবেন্দ্ৰক ওচৰ চপা দেখি এটাই তেওঁলৈ টোঁৱাই

এপাট যাঠি মাৰি পঠিয়ালে। দেবেন্দ্ৰই গা কাতি কৰি ৰক্ষা