পৃষ্ঠা:ফুল.pdf/১১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৩
ফুল।

দেখিছিল যদিও এতিয়া প্ৰথম দৰ্শনত তত ধৰিব নোৱাৰিলে। গাভৰুৰ কথা শুনি তেওঁ সচকিত-নেত্ৰে অলপমান বেলি তেওঁৰ আপাদমস্তক নিৰীক্ষণ কৰি বুজিলে, সঁচাকৈয়ে গাভৰু ৰম্ভা নহয়।

 পদ্মকান্ত লজ্জিত হ’ল। লাহে লাহে ক'লেঃ—“এনে এখন অৰণ্যৰ দাঁতিত তোমাৰ নিচিনা ৰূপৱতী গাভৰুক দেখি মই অতিশয় আচৰিত হৈছোঁ।”

 গাভৰু।—আৰু এনে সময় মোক ৰক্ষা কৰিবলৈ আপোমাৰ শুভাগমন দেখি মই তাতোকৈ আচৰিত হৈছোঁ।

 পদ্ম।—বাৰু সেইটো নালাগে। কোৱাচোন, তুমি কেলেই ইয়ালৈ আহিছিলা?

 গাভৰু।—সেইটো ঈশ্বৰৰ ইচ্ছা।

 পদ্ম।—কথাটো নুবুজিলোঁ।

 গাভৰু।—যদিও আপুনি মোৰ উপকাৰ কৰিছে, তথাপি মোৰ ওচৰত অপৰিচিত। সেই কাৰণে, মই আপোনাৰ কথাৰ' উত্তৰ দিব নোখোজোঁ।

 পদ্ম।—মোৰ পৰিচয় পালে—

 গাভৰু।—যদি মোৰ বিবেচনা মতে পৰিচয় দিয়া উচিত যেন দেখোঁ, তেন্তে তাত অলপো সন্দেহ নাই।

 পদ্ম।—মোৰ পৰিচয় পূৰাকৈ নিদি ইয়াকে মাথোন কওঁ যে এজনী অপৰিচিতা নব যুৱতীক এটা আসন্ন বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মই কালি ৰাতি ঘৰত কেওঁ নজনাকৈ পলাই