ৰম্ভাক বিচাৰি তেওঁ হায়ৰাণ হ'ল, কিন্তু ৰম্ভা ক'তো নোলাল। সাৱশেষত তেওঁ ভাগৰত ক্লান্ত হৈ এজোপা গছৰ তলত বহি ৰাতি পুৱালৈ অপেক্ষা কৰি ৰ'ল; নানা প্ৰকাৰ চিন্তা ভাবনাই তেওঁৰ মন উগুল-থুগুল লগাই পেলালে। পদ্মই ভাবিবলৈ ধৰিলে —“এই সংসাৰখন এটি ভাওনাৰ ঘৰ; নদ-নদী, পৰ্ব্বত-সাগৰ, বন-উপবন, দিন-ৰাতি আদি ইয়াৰ একো একো খন চিত্ৰিত পট। মানুহ-গৰু, হাতী-ঘোৰা বান্দৰ-ভালুক, কুকুৰ-মেকুৰী, কীট-পতঙ্গ আদি ভাৱৰীয়াবৃন্দই সততে এই ভাওনা ঘৰত ভাও দিব লাগিছে। এই অভিনয় অনন্তকাল চলি থাকিব, ইয়াৰ যবনিকাৰ পতন নহয়। জাল-জুৱাচুৰি, অন্যায়-অধৰ্ম্ম, কপটতা-কুটিলতা, মিছা-বেশ্যা প্ৰভৃতি লৈয়েই এই নাটকৰ প্ৰধান প্ৰধান অংশ গঠিত। ইয়াত বলীৰ নিমিত্তে সোণৰ সিংহাসন সজোৱা, দুৰ্ব্বলৰ নিমিত্তে ডুখৰি পীৰা এডোখৰো নাই। বুধিয়কে দায় লগায়, নিৰ্ব্বোধে শাস্তি ভোগ কৰে। চোৰে চুৰ কৰি ধন-ঐশ্বৰ্য্যৰ গৰাকী হৈ মহাসুখে খায়,
বহঁতে কান্ধত জোলোঙা লৈ পদূলিয়ে পদূলিয়ে ফুৰিব লগাত পৰে। ধনীয়ে দৰিদ্ৰৰ ওপৰত অত্যাচাৰ কৰি ধনবস্তু কাঢ়ি নিয়ে। তাত সি মুখ বজাব নোৱাৰে; সেয়ে হ'লে তাৰ গুৰুতৰ শাস্তিৰ দিহা হ'ব। ইয়াত আলহীয়ে পঞ্চামৃত ভুঞ্জিবলৈ পায়, গৃহস্থ দাঁত চেলাই পৰি থাকে। প্ৰবঞ্চক, কপটী, চোৰ- ডকাইতৰ সুখ, ধাৰ্ম্মিক চিৰদুখী। সংসাৰৰ নিয়মেই এনে। পৰম ধাৰ্ম্মিক যুধিষ্ঠিৰ ৰজাই জীৱনৰ ভিতৰত এদিনলৈকো সুখ লভিব