পৃষ্ঠা:ফুল.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ফুল।

কলৈ যাব? সি তো দেৱতা নহয়, যে অদৃশ্যভ'ৱে পলাব পাৰে!

 দেবেন্দ্ৰই আকৌ যাবলৈ সম্মতি প্ৰকাশ কৰিলে আৰু সকলো গৈ ঘটনাস্থলত উপস্থিত হ'ল; সকলোৱে পিয়াপি দি কেউকালে বিচাৰিবলৈ ধৰিলে। প্ৰতি গছৰ গুৰি, ডাল-পাত, জোপোহা, চাই চাই হাইৰাণ হল; কিন্তু ক’তো মানসেনাৰ শুংসুত্ৰও পোৱা নগল। “অতি আচৰিত কথা” বুলি কোৱা-কুই কৰি তেওঁলোক উলটি আহিবলৈ ধৰিলে। এনেতে মায়াৰাম নামেৰে এজন সৈনিকে “ঔ এইটো ঔ, পালোঁ ঔ” বুলি আটাহ পাৰি উঠিল। আটাহ শুনি আটাই- বিলাক সেই ঠাইলৈ চাপি গ'ল আৰু দেখিলে যে মানসেনাটো এটা এৰা খালত সোমাই আছে।

 দেবেন্দ্ৰনাথে ক'লেঃ—“তাক একো নকৰিবাহঁক, লাহে লাহে তুলি আনা ” তেতিয়া দুজনমানে কাপোৰ জোৰা দি, তাৰ ওচৰলৈ নমাই দিলে; সি তাতে ধৰি উঠি আহিল। দেবেন্দ্ৰই তাক একো নকৈ বন্দী কৰি লৈ গ’ল।

 তেতিয়া ৰাতি প্ৰায় এপৰমান অতীত হৈছিল। গতিকে, সকলো খোৱা-বোৱাত ব্যস্ত হ’ল। মান সেনাটোকো ভাত খাবলৈ দিলে।

 পক্ষটো শুক্ল। সন্ধিয়া লাগিবৰে পৰা গোটেই জগত জোনৰ পোহৰত হাঁহিব লাগিছে। সেই দেখিহে মান সেনাৰ পাচ লবলৈ দেবেন্দ্ৰৰ সুবিধা হৈছিল। এতিয়া খাই-বৈ উঠি