পৃষ্ঠা:ফুল.pdf/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৮
ফুল ।


শান্ত ভাব ধাৰণ কৰিছে; গোটেই ধৰাৰ ওপৰত নিস্তব্ধতাই অকণ্টক ৰাজত্ব কৰিছে।

 ভাত-পানী খাই উঠি কনক চ’ৰাঘৰতে এখন খাটত শুই আছে; ওচৰতে বহি ফুল আইদেৱে এখন বিচনীৰে লাহে লাহে বিচি আছে। এনেতে দুটা অপৰিচিত মানুহ আহি তেওঁৰ ঘৰত ওলাল। মানুহ-কেইটাৰ বাহিৰা সাজ-পাৰ চাই ভালমানুহ বুলিবলৈ টান—সিহঁতৰ চকুৰ চাৱনিত অলপ বিশেষত্ব আছে। চকুৱে যদি অন্তৰৰ ভাৱ প্ৰকাশ কৰে তেন্তে সিহঁতৰ বাহিৰ ভিতৰ একে নহয়।

 দুজন আলহী অহা দেখি কনকে পাটীৰ পৰা উঠি লৰা- লৰিকৈ বহিবলৈ দিলে। বাপেকৰ ইঙ্গিতমতে ফুলে তামোলৰ বটাটো আগত দি থিতাতে ভিতৰলৈ সোমাল। কিন্তু আচৰিত কথা। আগন্তুক দুজনে চকু নুঘুৰোৱাকৈ ফুলৰ গঢ়-গতি, ৰেহ-ৰূপ চাবলৈ ধৰিলে আৰু দুয়োটাই চকুৰ ঠাৰেৰে কথা হবলৈ ধৰিলে। ইহঁতৰ মতলবটো কি? লোকৰ জীয়াৰী ছোৱালীৰ মুখলৈ ৰ-লাগি চাবলৈ ইহঁতৰ লাজ লগা নাই নে? নাইবা লাজ বোলা বস্তুটোৰে সৈতে ইহঁতৰ কোনো কালে ভেটাভেটি হোৱা নাই?

 তামোল-ছালি দিয়াৰ পাচত কনকে সুধিলেঃ—“তোমা- লোকক দেখোন চিনিব পৰা নাই, ক’ৰপৰা নো আহিছা?”

 মানুহ দুটাৰ এটাৰ নাম মেহেঙা, ইটোৰ নাম মদন। মেহেঙা সাধাৰণতঃ মানুহ যিমান ওখ সিমানেই। ডিঙিটো