পৃষ্ঠা:ফুল.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
ফুল।

 মদন।—কি! এতিয়াও অহা নাই? উঃ, ইহঁতত মুঠেই বিশ্বাস নাই। হেৰ কলীয়া, লৰ মাৰচোন, সি কলৈ গ’ল, চাগৈ।

 কলীয়াই হলিক চাবলৈ লৰ দিলে।

 মদন।—মই বুজিব পৰা নাই হলিৰ মতলবটো কি? নহলে সি তাত কি কৰিছে?

 মেহেঙা।—ভয় নকৰিব আপুনি, হলি বেয়া মানুহ নহয়। কানীয়া মানুহ, টোপনি আহিল মনেৰে, সাৰকে পোৱা নাই। সেই হে অহা নাই।

 মদন।—মই বুজিব পৰা নাই। মোৰ মনেৰে সি বিশ্বাস- ঘাতকতাৰ কাম কৰি কেনিবা পলাল।

 মেহেঙা।— সি তেনে কাম কৰিবৰ হলে নো কলৈ সাৰিব? আমাৰ আগত সি নো কিমান পানীৰ মাছ? মাগুৰ মাছ কচা দি কচিম নহয়!

 মদন। —হওঁতে সিও তেনে কামলৈ হাত মেলিব নাপায় আৰু তায়ো কম নহয়, হলিৰ নিচিনা মানুহে এলা-পেচাকৈ ভুলাব পৰা সহজ যেন নালাগে। মুঠেই যদি সি মুকলি কৰি দিবলৈ আহিছোঁ বুলি বিশ্বাস জন্মাই পলুৱাই নিয়ে, তেনে হলে হে লেঠা।

 দলৰ আন এটাই ক'লে—“অ”, ভাবি-চিন্তি মূৰৰ ঘিউ শুকুৱাব নালাগে; সৌৱা হলিহঁত আহিব লাগিছে।

 মেহেঙা।—মই আগেয়েই নকৈছিলোঁ হলি পলোৱা নাই বুলি।