পৃষ্ঠা:ফুল.pdf/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৬
ফুল।


গা ধোৱাঁ গৈ। দুখেভাগৰে আহিছা, লৰালৰি কৰিলে হে যদি ভালকৈ এঘুমটি শুবলৈ পোৱা।”

 দেবেন্দ্ৰই ধৰা পৰাৰ ভয়ত লৰালৰিকৈ উঠি সাজটো থৈ গা ধুলে গৈ আৰু অলপমান সময়ৰ পাচতে খোৱা-বোৱা শেষ কৰিলে। তাৰ পাচত, তামোল-ছালি খাই কনক আৰু দেবেন্দ্ৰই কিবাকিবি ঘৰুৱা কথা পাতি থাকোঁতেই ফুলে শোৱাৰ দিহা কৰি ৰাখিলে। তেতিয়া কেউজন গৈ নিজ নিজ শোৱাপাটীত পৰিল।

 দেবেন্দ্ৰ পাটীত পৰি কিছুমান বেলিলৈ চটফটাই থাকিবলৈ ধৰিলে। ফুলৰ মুখৰ জেউতিয়ে ঘনে ঘনে তেওঁৰ চকুৰ আগত নৃত্য কৰিবলৈ লাগিল। কিন্তু ভাগৰত ক্লান্ত হৈ থকা বাবে অলপ পাচতে টোপনি আহিল।

 আন ফালে, ফুলৰ বেমাৰ দেবেন্দ্ৰতকৈও টান। তেওঁৰ কোমল হিয়া-ফুল-কালত দেবেন্দ্ৰ-পোকে ধৰিলে। তেওঁ যেই পিনেই চাই সেই পিনেই দেবেন্দ্ৰ। তেওঁৰ মানত আকাশত দেবেন্দ্ৰ, পতালত দেবেন্দ্ৰ, পৃথিবীতো দেবেন্দ্ৰ। গছ-লতা, ফল-ফুল, জোন-তৰা, বাৰ-ছাল সকলোতে দেবেন্দ্ৰৰ জেউতিয়ে আন সকলোৰে জেউতি চেৰ পেলাইছে। তেওঁ দেবেন্দ্ৰৰ মূৰ্ত্তি-পট চাই চাই কত বেলি চটফটাই আছে। তথাপি টোপনি নাহে। এবাৰ চিল্ মিলকৈ অলপ টোপনি আহিছিল, এনেতে ওচৰত থকা আম গছজোপাৰ ডালৰ পৰা এটা ফেঁচাই ভয় লগা চিঞৰ মাৰিলে, —“নি-ই-উ”। ফুল চক্ খাই উঠিল।