পৃষ্ঠা:ফুল.pdf/১০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৩
ফুল।

 স্বৰ্গদেৱ আকৌ কবলৈ ধৰিলেঃ—“ আৰু শুনা, আমাৰ পূৰ্ব্ব পুৰুষৰ কথা স্মৰণ কৰা আৰু এতিয়াৰ কথা ভাবি চোৱাঁ; আগৰ বীৰপুৰুষ সকলৰ বীৰত্ব-কাহিনী মনত পেলোৱাঁ আৰু এতিয়াৰ আমাৰ লগত ৰিজাই চোৱাঁ, দেখিবা স্বৰ্গ-মৰ্ত্য আঁতৰ। আজি-কালি অসমীয়াক আগৰ বল, আগৰ তেজ, আগৰ সাহ, আগৰ পৰাক্ৰম সকলোৱে এৰিলে। সেই বুলি আমি এতিয়া বহি থকা সম্পূৰ্ণৰূপে অনুচিত। চুক-ভেকুলীৰ দৰে চুকত সোমাই থাকিলে নিশ্চয় এদিন এই স্বৰ্ণ-প্ৰসবিনী অসম-জননী ৰসাতললৈ যাব। এতেকে, সকলো নতুন উছাহেৰে ওলোৱাঁ, পলম কৰাৰ সকাম নাই। আজি যাক সকলোৱে ঘৃণনীয় পৰাধীন জাতি বুলি নিন্দা কৰিছে, আহাঁ জগতক দেখুৱাওঁ,— সেই জাতিৰ বল-বীৰ্য্য়-পৰাক্ৰম আৰু মাতৃভক্তি কিমান।

 “প্ৰাণলৈ ভয় কৰিলে, নিজ স্বাৰ্থত মতলীয়া হ'লে, কোনো জাতিয়ে উধাব নোৱাৰে। মহা মহা পুৰুষৰ জীৱন চৰিত আৰু পৰাক্ৰমী জাতিৰ বুৰঞ্জী মেলি চালে তাৰ ফটফটীয়া উদাহৰণ পোৱা যায়। এতিয়া আহাঁ, আমিও জন্মভূমিৰ কাৰণে প্ৰাণ উছৰ্গা কৰিবলৈ আগ বাঢ়োঁ, দেশৰ দুৰ্গতি দূৰ কৰোঁ। উঠাঁ বন্ধুসকল! আগ বাঢ়াঁ, তীক্ষ্ণ তৰোৱাল মানৰ ৰক্তেৰে ৰঞ্জিত কৰাঁ।”

 স্বৰ্গদেৱৰ এই উৎসাহপূৰ্ণ তেজী কথাবোৰে প্ৰতি সৈনিকৰ হাড়ে হাড়ে বিন্ধিলে। সকলোৱে “জয় অসমৰ জয়”, “জয় স্বৰ্গদেৱৰ জয়” ৰৱেৰে দশোদিশ পূৰ্ণ কৰিলে। সকলোৰে