পৃষ্ঠা:ফুল.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
ফুল।

 তেওঁ কোন? তেওঁ আমাৰ পৰিচিতা ফুল আইদেউ,— জোনৰ পোহৰত জেউতি চৰা ফুলনিত সোমাই জুৰ লৈছে। কিবা পুৰণি কথাৰ ঢৌ তেওঁৰ মাজত তোলপাৰ লগাই লাহে লাহে দীঘল হুমুনিয়াৰূপে বাহিৰ ওলাইছে , হিয়া উপচি যোৱা মনৰ আবেগ লুকুৱাই ৰাখিব নোৱাৰি, তেওঁ কৰুণ সুৰেৰে প্ৰকাশ কৰিছে,—“দুৰাশা, দুৰাশা মাথোন, একেবাৰেই দুৰাশা। নাজানি নুশুনি কাম কৰাৰ,—বাওনা হৈ চন্দ্ৰ ধৰিবলৈ হাত মেলাৰ, অৱশ্যে প্ৰতিফল পাব লাগিব। যাক একেবাৰে প্ৰাণ সঁপি দিলোঁ, যাৰ নিমিত্তে আজিও এই ভগা শৰীৰ টানি লৈ ফুৰিছোঁ, প্ৰতি মুহূৰ্ত্ততে যাৰ দেৱ-প্ৰতিমাক পূজা কৰিছোঁ, তেওঁ কি জানি মোক পাহৰিলেই! উঃ! দিন-ৰাতি একেকুৰা চিন্তাৰ জুই! একেটি চিন্তাৰ প্ৰৱল দহন। মোৰ চকুত আকাশ পৃথিবী সকলো শূন্য,—যেনি চাওঁ তেনি শুদা। হায় শান্তি। দুখীয়াৰ নিমিত্তে পৃথিবীত শান্তি নাই। চাৰিওফালে অশান্তিৰ ৰাজত্ব! পূৰ্ণিমাৰ জোনৰ সুধাময় কিৰণ, ফুলৰ মনমোহা গোন্ধ, নৈৰ কুল্‌কুলনি এসময়ত মোৰ মানত কেনে সুখৰ বস্তু আছিল,— কেনে তাপিত হিয়া চেঁচা কৰাৰ সৰ্ব্বোৎকৃষ্ট মহৌষধ আছিল। কিন্তু আজি সেইবোৰ দেখি শুনি, সুখ-শান্তি পোৱা দূৰত থাকোক, হৃদয়ৰ মাজত অশান্তিৰ জ্বালামুখীৰ উদ্ভৱ হৈছে। ইডালৰ পৰা সিডাললৈ জঁপিয়াই জঁপিয়াই পাতৰ মাজত লুকাই কুলিয়ে সুললিত গীত গোৱা শুনিলে, আগেয়ে মোৰ মন কেনেকৈ নাচি উঠিছিল; কিন্তু হায়! আজি সেইবোৰ মোৰ