পৃষ্ঠা:ফুল.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
ফুল ।

পাইছিল। তাৰ পাচত হাবিয়ে হাবিয়ে ঘূৰি ফুৰোঁতেই ৰাতিটো গল। এতিয়া এইফালে সেই মানুহটোৱে গীত গোৱা শুনি মুকলি ওলাবৰ মনেৰে হাবি ফালি তাৰ ওচৰ ওলালোঁহি। কিন্তু সি সাহায্য কৰা দূৰত থাওক, বিপদত হে পেলাবলৈ চেষ্টা কৰিলে। ভাগ্যবশতঃ আপুনি ওলালহি দেখি হে, নহলে সি মোৰ ওপৰত কি অত্যাচাৰ কৰিলেহেঁতেন তাক ঈশ্বৰে হে জানে!

 পদ্ম।—আইদেউ! তোমাৰ নাম কি?

 গাভৰু।—মোৰ নাম ফুলেশ্বৰী। কিন্তু আপুনি মোক প্ৰথমতে ৰম্ভা বুলি মাতিছিল কিয়?

 পদ্ম।—মই তোমাক আগেয়ে কৈছোঁ যে মই এজনী গাভৰুৰ লগত আহিছিলোঁ। পিচে তেওঁ হাবিৰ মাজতে হেৰাল। সেই গাভৰুৰ নাম ৰম্ভা আছিল। তেৱোঁ দেখিবলৈ তোমাৰে নিচিনা। সেই কাৰণে, মোৰ ভ্ৰম হৈছিল; তোমাকে ৰম্ভা বুলি ধৰিছিলোঁ।

 পদ্ম এতিয়া কেইবাটাও কাৰ্য্যৰ সোঁতত ওপঙিব লগা হ'ল। তেওঁৰ দুই নাৱত দুই ভৰি হোৱাৰ নিচিনা হ'ল। এফালে ৰম্ভাক বিচৰা, আনফালে ফুলক ঘৰত নাইবা আন কোনো নিৰাপদ ঠাইত ঠিক লগাই ৰখা। তেওঁ বহুত বেলি ভাবি ওচৰৰ গাৱঁৰে কোনো ভাল মানুহৰ ঘৰত ফুলক থৈ আহিবলৈ মন কৰিলে। ফুলক ক'লেঃ—“আইদেউ! এতিয়া মই তোমাক ঘৰত থৈ আহিব নোৱাৰিম। কিয়নো, তোমাৰ ঘৰ ক’ত ক’ব

নোৱাৰোঁ। তদুপৰি ৰম্ভা কলৈ গ'ল, তাৰো বিচাৰ কৰিব