পৃষ্ঠা:ফুল.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুল।

উদ্যত হৈছে; দুটা- এটা ডালে স্থিৰেৰে ৰ’ব নোৱাৰি পানীত মুখ জুবুৰিয়াই চুমা খাইছে। গছৰ ডালত পৰি থকা সৰু সৰু চৰাইবিলাকে এই মধুৰ মিলন দেখি, নানাসুৰীয়া গীত গাই, আনন্দ প্ৰকাশ কৰিছে। ফট্ ফটীয়া ফটিক-পানীৰ তলত ধ্যান-মগ্ন তপস্বীৰ দৰে, আপোন ভাৱত মতলীয়া হৈ বহি থকা, বগা, ক’লা, সৰু, বৰ শিলগুটিয়ে দৰ্শকৰ মন-প্ৰাণ আকৰ্ষণ কৰিছে। মইমতীয়া ভাবত ওপঙি মাছবিলাকে পানীৰ তলত নাচি ফুৰিছে। তাকে দেখি, গঙ্গাচিলনী আৰু মাছৰোকা চৰাই দুই-এটাই লোভ সামৰিব নোৱাৰি, সৰু সৰু মাছ টোটোলাত সুমুৱাইছে আৰু নিজৰ অসীম পৰাক্ৰমৰ পৰিচয় দিছে;- মাজে মাজে পানীত জোবোৰা মাৰিছে। বালিৰে ঢকা দুয়ো পাৰে নদীৰ সৌন্দৰ্য্য়ৰ দুগুণে জেউতি চৰাইছে।

 তেওঁ তাত বহি থাকোঁতেই বেলি পৰি আহিল; অলপ অলপকৈ বতাহ বলিবলৈ লাগিল; বালিবিলাক ফৰ্ ফৰ্ কৰে উৰিবলৈ ধৰিলে; পানীয়ে পাৰৰ বালিৰ লগত মালশ্ৰম কৰিবলৈ সাজু হ’ল। বাটৰুৱা মানুহেও গছৰ ছাঁ এৰি, গন্তব্য স্থানলৈ বাট ল'লে।

 ঘাটৰ পৰা স্পষ্টকৈ দেখা যায় যে তাৰপৰা অলপমান আঁতৰতে এঘৰ মানুহ আছে। মানুহ ঘৰ বৰ চহকীও নহয়, বৰ দুখীয়াও নহয়। ঘৰ কেইবাটাও, অলপ ভালকৈ চকু দিলে নৈৰে পৰা লেখিব পাৰি। যেনেঃ --এটা বৰ ঘৰ, এটা মাৰল ঘৰ, এটা ভঁৰাল, এটা গোহালি আৰু এটা চ’ৰা ঘৰ। তাৰ