সেই কাৰণেই তই কাকো দেখা নাই। কিন্তু নৰপিশাচ! তই নাজান নে নিৰাশ্ৰয়া অবলাৰ ৰক্ষাৰ নিমিত্তে, অসহায়ৰ সহায়, সৃষ্টি-স্থিতি-প্ৰলয়-কাৰণ, সকলোৰে পিতৃস্বৰূপ পৰমেশ্বৰ আছে।
হলি।—তোমাৰ ঈশ্বৰে এতিয়া তোমাক ৰক্ষা কৰিব নোৱাৰে। তুমি মোৰ কথা শুনা; নহলে, তোমাৰ ভয়ানক অনিষ্ট ঘটিব।
ৰম্ভা।—অনিষ্ট ঘটিবলৈ আৰু বাকী নাই। গতিকে, তোৰ কথাত মোৰ ভয় খাবৰ একো কাৰণ নাই।
হলি।—এতিয়া যদি মই তোমাৰ ওপৰত বল প্ৰকাশ কৰোঁ, তুমি কি কৰিব পাৰা?
ৰম্ভা।—তোৰ নিচিনা শ শ পৈশাচিক শক্তিৰ সম্মিলন হলেও সতীৰ ৰত্ন চুৰ কৰিব নোৱাৰে। মই এতিয়াও তোক ভালেৰে কৈছোঁ, তই মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। নহলে তাৰ উচিত প্ৰতিফল পাবি।
এজনী তিৰুতাৰ মুখৰ পৰা ইমান বীৰোচিত কথা শুনি হলি পোনেই থৰ হ’ল, কিন্তু পাচৰ মুহুৰ্ত্ততে “চাওঁচোন বাৰু কি প্ৰতিফল দিব পাৰা” বুলি ৰম্ভাৰ গালৈ খেদি স’ল। ৰম্ভাই “এই তোৰ পাপৰ পৰাচিত” বুলি কাপোৰৰ তলৰ পৰা এখন কটাৰী উলিয়াই, হলিৰ বুকলৈ টোৱাই খোঁচ মাৰি দিলে। কিন্তু হলিৰ কপাল ভাল! কটাৰীৰ জোঙাল আগ তাৰ বুকত নোসোমাই বাউসীত সোমাল। সেই কাৰণে, সি গতায়ু নহৈ মূৰ্চ্ছিত হ'ল