পৃষ্ঠা:ফুল.pdf/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০
ফুল।

লুটিয়াইছে। বাপেকৰ কথা শুনি পুথিখন মেলি পঢ়িবলৈ ধৰিলে।⸺

ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই।
তুমি সি চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই॥
ক্ষুদ্ৰ সুখে বহু আশা কৰি  ভৱ কূপে জীৱ আছে পৰি
কাল-সৰ্পে দংশি হৰিল চেতনা তাৰ।
মোক্ষৰূপ তযু বাক্যামৃত  কৃপায়ে সিঞ্চিয়া প্ৰতিনিত
দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ॥

 ফুলৰ মাত বৰ সুৱলা আছিল। তেওঁ পঢ়ি পঢ়ি এইখিনি পাইছে, কনকে একেথৰে শুনি আছে, এনেতে বাহিৰত এটা খট্‌খট শব্দ আৰু লগে লগে এটা গল—হেকাৰি শুনা গ'ল। শুনিয়েই ফুলে চিঞৰ মাৰি উঠিল। কনক উধাতু খাই লৰি আহি ফুলৰ কাষ পালে আৰু কি হ’ল সুধিবলৈ ধৰিলে। ফুলে কঁপি কঁপি সেহাই সেহাই ক'লে,-“মা-আ—ন।”

 কনকচন্দ্ৰ কঁপি উঠিল; কৰুণ সুৰেৰে ক'লে, “মান! সৰ্ব্বনাশ! এতিয়া মোৰ দশা কি হ'ব? মোৰ যেই নোহোক মোৰ ছোৱালীৰ—” কথা শেষ নহল; তেওঁৰ দুচকুৱে দুধাৰ চকুলো বৈ গ'ল। সাহত ভৰ দি, দীঘল দা এখন লৈ দুৱাৰ– মুখত থিয় দি, প্ৰতি মুহূৰ্ত্ততে মানৰ আক্ৰমণলৈ অপেক্ষা কৰি ৰ'ল, কিন্তু মান নাহিল। কনকে কিছুমান বেলি বিস্মিত আৰু