পৃষ্ঠা:ফুল.pdf/১৫১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বাবিংশ অধ্যায়।

⸺:০:⸺

উন্মাদিনীৰ পৰিণাম।

 উন্মাদিনী ৰম্ভাৰ মাক। ৰম্ভাক ধৰি নিয়াৰ পাচত তেওঁ চুলি মেলি খেদি গৈছিল বুলি পাঠকক আগেয়ে কোৱা হৈছে। জীযেকক নাপাই তেওঁ আৰু ঘৰলৈ ঘূৰি নগ'ল; যেনি পাই তেনি জীয়েকক বিচাৰি ফুৰিবলৈ ধৰিলে। কিন্তু ৰম্ভা নোলাল। ৰম্ভাৰ চিন্তাত তেওঁ লাহে লাহে উম্মাদিনী প্ৰায় হৈ উঠিল; ঘৰ দুৱাৰৰ কথা পাহৰি, দিনে ৰাতিয়ে ঘূৰি ফুৰাকেই জীৱনৰ উদ্দেশ্য বুলি ভবা হ'ল। এই দৰে বাউলী হৈ ফুৰোতেই পাঠকে সেই দিনা তেওঁক ফুল আইদেউৰ ওচৰত দেখা পাইছিল। তেওঁ ভৰলী-দাঁতিত মদন আৰু মেহেঙাক কথা পাতি থকা শুনি ফুলক সাৱধান কৰিবলৈ গৈছিল আৰু ফুলক নিয়াৰ পাচত তেৱেঁই কনকক বাতৰি দিছিল। তাৰ পাচত তেওঁ কত ঠাইত ফুৰিলে, তাৰ ঠিক নাই। পৰ্ব্বত-ভৈয়াম হাবি-বননি তেওঁৰ মানত সকলো একে; দিন-ৰাতিৰ পাৰ্থক্য তেওঁৰ চকুত নপৰা হ’ল। তেওঁ সকলো সময়তে একেদৰে ঘূৰি ফুৰিবলৈ লাগিল। কেতিয়াবা কেতিয়াবা কোনো দয়ালু মানুহে তেওঁৰ দুৰ্দ্দশা দেখি একো সাজ খুৱাইছিল, বাকী সময়ত উপবাস কৰোঁতেই গৈছিল। এইদৰে ফুৰোঁতেই হঠাৎ শুনিলে যে বলোৰামৰ