পৃষ্ঠা:ফুল.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
ফুল ।

নিচিনা মানুহ আপুনি ক'তো নাপায়। নগাওঁ অঞ্চলৰ ভিতৰত তেওঁৰ নাম নজনা মানুহ নাই।

 কনক।—হব পাৰে, কিন্তু নগাৱত নো ঠিক কৰিব নোৱাৰিলা নে?

 মেহেঙা —হওঁতে তেনেকুৱাই, আজি দুবছৰেও তেওঁৰ জোৰৰ ছোৱালী বিচাৰি নাপালোঁ‌। এতিয়া, আপোনাৰ ছোৱালীটীয়েই উপযুক্ত হ'ব বুলি শুনি আপোনাৰ গুৰি পাইছোঁ‌হি। এতিয়া আপোনাৰ অনুগ্ৰহ হলেই হয়।

 কনক।—তেওঁৰ নাম কি?

 মেহেঙা।— মদন হাজৰিকা। সেই বিষয়ে আপুনি ভাবিবৰ আৱশ্যক নাই। হাতী-ঘোৰা, গৰু-মহ, ধান-ধনেৰেই দ'ল বন্ধা।

  কনক।—(মদনলৈ আঙুলীয়াই ) এওঁ নো কৰ পৰা আহিছে।

 মেহেঙা —এওঁৰ পৰিচয় পাচেও পাব, সম্প্ৰতিকে মোৰ কথাৰ উত্তৰ দিয়ক।

 কনক।—মই নো কি কম?

 কনকে কি কয় শুনিবৰ মনেৰে মদন আৰু মেহেঙাই উশাহ- নিশাহ বন্ধ কৰি আগ্ৰহেৰে তেওঁলৈ চাবলৈ ধৰিলে। কনকে কপালত হাত দি নীৰৱে চিন্তা কৰিলে। কিছুমান বেলিৰ মূৰত বহুত কথা ভাবি চিন্তি, মাজে মাজে দুটা এটা হুমুনিয়াহ কাঢ়ি লাহে লাহে ক'লেঃ—“মই নো কি কম! মোৰ কবলৈ একো