পৃষ্ঠা:ফুল.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
ফুল।

তাৰ আশা নাই। তদুপৰি, আজি অসম-আকাশৰ পৰা এটি উজ্জ্বল নক্ষত্ৰ খহি পৰিল। অহো! আজি দেবেন্দ্ৰনাথে ৰণ ক্ষেত্ৰত যি কাৰ্য্য কৰিলে, যি বিক্ৰমেৰে, যি ৰণকৌশলেৰে ৰণ কৰিলে, আন কি মৃত্যুকালতো যি বীৰত্ব প্ৰকাশ কৰিলে, সি অভূতপূৰ্ব্ব। এতিয়া আমি তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ চিন স্বৰূপে তেওঁৰ মৃতদেহ বিচাৰি সংস্কাৰ কৰা উচিত। গতিকে, এতিয়া সকলোৱে তেওঁৰ মৃতদেহ অন্বেষণ কৰাঁ।”

 স্বৰ্গদেৱৰ কথা মতে সকলোৱে ৰণক্ষেত্ৰলৈ গৈ দেবেন্দ্ৰৰ মৃতদেহ বিচাৰিবলৈ ধৰিলে। কিন্তু বহুত বেলি বিচাৰিও ক’তো তেওঁৰ ছায়াকো দেখা নাপালে। বিচাৰি বিচাৰি নাপাই উভতি আহিব খোজোঁতেই মানসেনাটোৱে নিশ্চিন্ত ভাবেৰে শুই থকা দেবেন্দ্ৰক দেখা পালে। ভাল মতে চোৱাৰ পাচত তাৰ বোধ হ’ল যেন দেবেন্দ্ৰ এতিয়াও মৰা নাই। নাকৰ গুৰিত হাত দি চালে, বোধ হ’ল যেন এতিয়াও নিশ্বাস বৈ আছে। মানসেনাৰ কৰস্পৰ্শত দেবেন্দ্ৰই কেঁকাই কেঁকাই মাতিলে,—“কো-ও-ন?” দেবেন্দ্ৰৰ মাত শুনি মানসেনাটো নাচি উঠিল আৰু আন বিলাকক মাতি ক'লেঃ—“এওঁ মৰা নাই, তোমালোক দুজন- মানে এওঁক লৈ ব’লা। মই এটা ঔষধ বিচাৰি আনোঁ।”

 দুটামান মানুহে তেতিয়া তেওঁক তাৰ পৰা লৈ আহিল।

মানটোৱে কিবা দৰব এটা আনি ক্ষত স্থান বিলাকত তাৰ ৰস চেঁপি দিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে দেবেন্দ্ৰক জীবিতাৱস্থাত পাই নথৈ আনন্দ পালে।