পৃষ্ঠা:ফুল.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
ফুল।

 দেবেন্দ্ৰ।—সেইটো কবই নালাগে; আপোনাৰ হাতে খাবলৈ মোৰ কোনো আপত্তি নাই।

 কনকে “আই অ' ফুল। এওঁক গা ধুবলৈ পানী-দুনি যত– নাই দে, মই ভাত বাঢ়োঁগৈ” বুলি ভাত-চৰুলৈ গল।

 দেবেন্দ্ৰৰ শিৰে শিৰে প্ৰবল ধুমুহা বলিবলৈ ধৰিলে; গোটেই গা কঁপি উঠিল। “ফুল! ফুল কোন? অ, কনকৰ এটী ছোৱালীহে আছে তেনেহলে নৈৰ ঘাটত, লগ পোৱা সেই অপেচৰী যেন ছোৱালীটীৰ নামেই ফুল "

 পাঠক সকলে বুজিব লাগিব যে দেবেন্দ্ৰ সেই নৈৰ ঘাটৰ শিলত বহি থকা মানুহ জনেই। দেবেন্দ্ৰ আৰু কনকে কথা- বতৰা হৈ থাকোঁতে ফুলে বাৰৰ আঁৰত বহি সকলো শুনি আছিল। বাপেকৰ আদেশ পাই কলহ-চুৰীয়া আদি ঠিক কৰি দিলে। কিন্তু দেবেন্দ্ৰই গা ধোৱাৰ কথালৈ পাহৰি ফুলৰ কথা ভাবিবলৈ ধৰিলে। কিবা এটা অফুট ভাৱে তেওঁৰ অন্তৰত থৌকি-বাথৌ লগালে। ফুলৰ মোহিনী মূৰ্ত্তি তেওঁৰ মানস-পটত আগতকৈও উজ্জ্বল হৈ উঠিল। তেওঁ মনে মনে কলেঃ— ঈশ্বৰৰ কৰুণা হলে মোৰ আশা পূৰ হবলৈ বেছি টান হব নাপায় যদি এই যাত্ৰাৰ পৰা সুকলমে ঘুৰি আহিব পাৰোঁ, তেন্তে নিশ্চয় এদিন এই সুগন্ধি ফুলৰ পৰিমলেৰে সৈতে উমলিবলৈ পাম।”

 দেবেন্দ্ৰ গা ধুবলৈ নুঠা দেখি কনকে আকৌ মাত গালেঃ—“বাপা! কি কৰিছা? ৰাতি বহুত হল; যোৱাঁ,