পৃষ্ঠা:ফুল.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
ফুল।

 গোটেই ৰাতি দেবেন্দ্ৰৰ গাত চেতনা নাই। মাথোন মাজে মাজে দুই-একেষাৰ প্ৰলাপ বকিছিল। মানসেনাটোৱে ওচৰতে বহি গোটেই নিশাটো পৰ দি থাকিল।

 লাহে লাহে পূব আকাশত ৰাঙলী বেলিয়ে দেখা দিলে। গছৰ আগবিলাক সোণালী হৈ উঠিল; লাহে লাহে পুৱাৰ শীতল বতাহ বলিবলৈ ধৰিলে। দেবেন্দ্ৰৰ গাত চেতনা আহিল; কিন্তু গাত শক্তি নাই। স্বৰ্গদেৱে উপযুক্ত পথ্যৰ ব্যৱস্থা কৰিলে।

   *   *   *

 লাহে লাহে সাতদিন হ'ল, দেবেন্দ্ৰনাথো কিছু পৰিমাণে আৰোগ্য হ’ল, মানসেনাৰ দৰবৰ গুণতে তেওঁৰ ঘাৰ বিষ কমি আহিল আৰু উঠি-লৰি ফুৰিব পৰা হ'ল তেওঁ তালৈ চাই। ক'লে— এদিন মই তোমাৰ প্ৰাণ ৰক্ষা কৰিছিলোঁ। এতিয়া তুমি এই সঙ্কটত মোৰ প্ৰাণ ৰক্ষা কৰি তোমাৰ ঋণ পৰিশোধ কৰিলা। সেই কাৰণে, মই আজি এই মুহুৰ্ততে তোমাক স্বাধীনতা দান কৰিলোঁ। তুমি এতিয়া তোমাৰ ইচ্ছামতে চলিব পাৰা।

 মান।—দেউতা। মই আৰু আসামত থাকিব নোখোজোঁ। দেউতাৰ অনুমতি পালে ঘৰলৈ গৈ পো-পৰিয়ালৰে সৈতে বাকী দিন কেইটা নিয়াব পাৰোঁ।

 দেবেন্দ্ৰই তেতিয়া যথোচিত পুৰস্কাৰ দি মানসেনাটোক দেশলৈ পঠিয়ালে।

 তাৰ পাচত দেবেন্দ্ৰ আৰু সাতদিন স্বৰ্গদেৱৰ লগত থাকিল।