দেবেন্দ্ৰই নিজৰ ভুল বুজিব পাৰি লজ্জিত হ'ল আৰু ৰম্ভাক কোৱা কথাৰ বাবে অনুতাপ কৰিবলৈ ধৰিলে। ফুল কলৈ গ'ল আৰু ৰম্ভা কৰ পৰা আহিল, একো বুজিব নোৱাৰি তেওঁৰ মূৰ ঘূৰি গ'ল। লাহে লাহে ক'লেঃ—“আপুনি কি কৈছে মই একো বুজিব পৰা নাই। ফুল কলৈ গ ল? আৰু ৰম্ভা নো আহিল ক’ৰ পৰা! ”
কনকে সাউৎ কৰে তাৰ উত্তৰ দিব নোৱাৰিলে। কথা ক’বলৈ ধৰোঁতেই তেওঁৰ চকুৰ পৰা সৰসৰ কৰে চকু-লো ওলাল। তাৰ পাচত অলপ স্থিৰ হৈ কবলৈ ধৰিলেঃ— “এদিন সন্ধ্যা সময়ত মই ঘৰত নথকাত, ফুল গৈ ফুলনিত সোমাই বহি জুৰ লৈ আছিল। মই ঘৰলৈ আহি ফুলক নাপাই বিচাৰিবলৈ ধৰিলোঁ। এনেতে কৰবাৰ পৰা পাগলী এজনী আহি ক'লে তাইক হেনো কেইটামান মানুহে ধৰি নিলে। মই তেতিয়াই তালি-টোপোলা বান্ধি লগুৱাটোৰে সৈতে বাহিৰ ওলালোঁ। পাচ দিনা এখন হাবিৰ দাঁতিত ৰম্ভাক পালোঁ। তাইকো হেনো কোনোবাই ধৰি নিছিল। পাচে, তাৰ পৰা পলাই আহি, এজন মানুহৰ সাহায্য লৈ ঘৰলৈ যাবলৈ আহোঁতে হাবিৰ মাজত কাৰবাৰ কান্দোন শুনি, মানুহজন সেই ফাললৈ খেদি গ'ল। ৰম্ভায়ো অলপমান বেলি ৰৈ থাকি ভয়ত লৰ মাৰিলে। মানুহজনৰ লগত আৰু তাইৰ দেখা নহল। আমি পাই তাইক লৈ আহিলোঁ। কিন্তু আজিলৈকে ফুলৰ শুংসূত্ৰও নাপালোঁ।