পৃষ্ঠা:ফুল.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ফুল।

 গাভৰুৰ নাম ফুলেশ্বৰী। দেউতাকৰ নাম কনকচন্দ্ৰ শইকীয়া। তেওঁৰ বয়স এতিয়া পঞ্চাচ বছৰ। পত্নীহীন কনকৰ ফুলেই এক মাত্ৰ আদৰ আৰু যত্নৰ ধন, ফুলেই একমাত্ৰ জীৱন- সৰ্ব্বস্ব, ফুলেই সকলো আশা ভৰসাৰ স্থল। পত্নীবিয়োগৰ লগে লগে তেওঁ সংসাৰ এৰিবলৈ মন কৰিছিল; কিন্তু ফুলক এৰি যাবলৈ,—তেওঁৰ আন্তৰিক চেনেহৰ লাড়ু, পৰৰ হাতত গচ্ছিত ৰাখিবলৈ, সাহ নহ'ল। সেই কাৰণে তেওঁ ঘৰতে এটা নামঘৰ সাজি লৈ সকলো সময় ধৰ্ম্ম কাৰ্য্যত অতিবাহিত কৰিবলৈ ধৰিলে। গাৱঁৰ মানুহে তেওঁক নথৈ ভক্তি কৰে আৰু কিবা কাৰ্য্যত সাহায্য খুজিলে কেওঁ তাত পিচ নোহোঁহকে। ওচৰৰে এজনী তিৰুতাই তেওঁৰ ভিতৰুৱা কাজ-কাম কৰে আৰু চাউলপাত বানি-খুন্দি দিয়ে। তেৱোঁ তাইক লাগতিয়াল বস্তু-বাহানিৰে সাহায্য কৰে।

 ফুলেশ্বৰীৰ বয়স এতিয়া চৈধ্য বছৰ। নৈৰ পৰা পানী কঢ়িওৱা, বাপেকৰ আলপৈচান ধৰা আৰু সময়মতে শাকপাচলি আদি যতনোৱায়েই তেওঁৰ কাম। কনকে নিতৌ সন্ধিয়াতে গা পা ধুই গোঁসাই-সেৱা কৰি ভাত ৰান্ধে গৈ আৰু ভাত হলে চেঁচা হয় মানে কীৰ্ত্তন বা ঘোষা পুথিৰ পৰা আধ্যাচেৰেক মান পঢ়ে।

 সন্ধ্যা লাগি ভাগিলহি। কনকে ভাত পানী ৰান্ধি নামঘোষা পুথিখন উলিয়াই লৈ পঢ়িবলৈ লাগিল। ফুলেও ওচৰতে বহি