ভোলা আহি দুৱাৰ মেলি দিলে। মদন আৰু মেহেঙা
ভিতৰলৈ সোমাই গ'ল, পীৰা দুখন পাৰি দুয়ো দুঠাইত থপৰ
কৰে বহি, উস্-আস্ কৰিবলৈ ধৰিলে। এনেতে ভোলাই
ধপাত আৰু জুই আঙঠা ভৰাই চিলিম এটা লৈ ফুৱাই ফুৱাই
আহি, নলিচা লগোৱা এপবীয়া ভলুকা বাঁহৰ চুঙা এটাৰ মূৰত
খুৱাই মদনৰ কাষলৈ চপাই দিলে। মদনে ধোঁৱাখোৱাৰূপী
চুঙাৰ নলিচাৰ মুখত মুখ লগাই “নাললগা চুমা” খাবলৈ লাগিল।
চুঙাটোৱে আনন্দত উৎফুল্ল হৈ সুৰ ধৰিলে —‘কোৰ্-কোৰ্-
কোৰ্। ঢোলৰ মাত শুনি হাত মান দি, গা বেঁকাবেঁকিকৈ,
নাচনি ওলাই অহা দি, সেই সঙ্গীতৰ পাচত মদনৰ নাক-মুখৰ
পৰা বেঁকাবেঁকিকৈ নাচি-বাগি, লানি-নিছিগা ধোঁৱা ওলাবলৈ
ধৰিলে।
পাঠক! এতিয়া বুজিলে নে আমাৰ মদন হাজৰিকা কেনে বিধৰ মানুহ? এওঁৱেই এই অৰণ্যৰ মালিক আৰু দস্যুদলৰ নেতা। ফুলৰ ৰূপ-লাৱণ্যৰ কথা কাণত পৰাত তেওঁক চাবৰ মনেৰে মদন আৰু মেহেঙা দুয়ো কনকৰ ঘৰলৈ গৈছিল। কিন্তু ফুলক বাহিৰত দেখা নাপালে। সেই কাৰণে, ছোৱালী খুজিবলৈ যোৱাৰ ভাও ধৰি কনকৰ আগত উপস্থিত হৈছিল গৈ। উদ্দেশ্য এই আছিল যে, এই সুযোেগতে অহা-যোৱা ঘটিলে ফুলৰ গতিবিধি ভালকৈ মন কৰিব পাৰিব।
কিছুমান বেলি সালসলনিকৈ মদন আৰু মেহেঙাই “বেটীৰ লৰাই ঢকা ভাত খোৱাদি” ধূমামৃত পান কৰিলে। সেই