পৃষ্ঠা:ফুল.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ফুল।

 আলহী।—কিবা এটা সকামত এই ফালে যাবলৈ আহিছিলোঁ। পিচে, বাটতে ৰাতি হোৱাৰ কাৰণে আপোনাৰ ঘৰত আলহী হ’ব লগাত পৰিলোঁ।

 কনক।—কি কাম?

 আলহী।—যাৰে তাৰে আগত কবলৈ ইচ্ছা নকৰোঁ।

 কনক।—ক’লে জানো কিবা অপকাৰ আছে?

 আলহী।—অপকাৰ হোক বা নোহোক, মনত কল্পনা কৰা কথা ক’বলৈ বৰ ভাল যেন বিবেচনা নকৰোঁ। কিয়নো কৃতকাৰ্য্য় হব নোৱাৰিলে পাচত লাজত পৰিব লাগিব।

 কনক। —কথাটো বুজিব নোৱাৰিলো।

 আলহী —বুজাই দিবৰ মোৰো ইচ্ছা নাই।

 কনক —বাৰু যদি তোমাৰ একান্ত ক’বৰ ইচ্ছা নাই, তেন্তে নালাগে ক’ব। কিন্তু কোৱা হলেও সেই কথা আনে নাজানিলেহেঁতেন।

 আলহী। —-বাৰু, আপোনাৰ কথাতে বিশ্বাস কৰি মই ক’ম। কিন্তু এতিয়া ৰাতি বহুতো হ’ল; সেই কাৰণে, সেইবোৰ কথা পুৱালৈ থাকোক। এতিয়া বৰ ভাগৰ লাগিছে, শুবলৈ এটা দিহা কৰি দিলেই হয়।

 কনক। —নহয় বোপা! দুখে-ভাগৰে আহিছা, এতিয়া গাটো ধোৱাঁ। মই চাউল-পাত যতনাই দিওঁ, তুমি এমুঠি সিজোৱাঁ।

 আলহী —নহয় বুজিছেনে। মোক আৰু সেই বিষয়ে নধৰিব।