পৃষ্ঠা:ফুল.pdf/১৪৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪০
ফুল।

ধন্যবাদ জনালে আৰু সকলোৱে ভক্তি গদগদ চিত্তে পৰম পিতাৰ উদ্দেশ্যে মূৰ দোঁৱালে। তাৰ পাচত, ফুলক থৈ যোৱাৰ পাচত ইমান দিন ক'ত ফুৰিছিল, কি কৰিছিল, তাক শুনিবলৈ সকলোৱে আগ্ৰহ প্ৰকাশ কলিলত পদ্মই আৰম্ভ কৰিলেঃ—

 “ফুলক থৈ যোৱাৰ পাচত ৰম্ভাক বিচাৰিবলৈ ধৰিলোঁ। বিচাৰোঁতে বিচাৰোঁতে দুদিন গল, কিন্তু সকলো মিছা, সকলো অসাৰ্থক হ’ল। এই দুদিনত আন কি, মই চকুৰ টিপ এটাও মৰা নাই। এনেতে মোৰ ভাগ্যৰ পৰিবৰ্ত্তন ঘটিল, মই দুৰ্দশাৰ গৰাহত পৰিব লগা হলোঁ। তৃতীয় দিনা ঘূৰি-পকি ফুৰি এখন গাৱঁত ওলাই মানুহ এঘৰত আলহী ৰলোঁগৈ। অলপ পাচতে, মান তিনটা আহি তাতে ওলাল। ঘৰৰ মানুহ দিহাদিহি পলাবলৈ ধৰিলে। মোৰ হাতত এখন দীঘল দা আছিল, তাকে দাঙি লৈ মই মানলৈ অপেক্ষা কৰি থাকিলোঁ আৰু ওচৰ পালতে সিহঁতৰ এটাক একে ঘাপেই কাটিলোঁ। সেই অৱসৰতে বাকী দুটাই মোক হাত দুটা জপাই বান্ধি পেলালে আৰু মানুহঘৰৰ ভিতৰৰ পৰা কিবাকিবি কিছুমান বস্তু উলিয়াই আনি, মোৰ পিঠিত বান্ধি দি হেঁচি-ঠেলি, সিহঁতৰ থকা ঠাইলৈ লৈ গ'ল। তাৰ পাচত এটা ডাঙৰ ঘৰৰ শুদা খোটালী এটাত সুমুৱাই থলেহি। মই মৰিবলৈ ধৰা চৰাইৰ দৰে ঠেং-ভৰি এছাৰি তাতে পৰি থাকিলোঁ। এই দৰেই পাঁচ দিনত সোমালহি। পাঁচদিনৰ দিনা ৰাতি কোঁঠাত থকা ৰখীয়াটো মদ খাই অচেতন হৈ আছিল। মই ভাবিলোঁ, “এয়ে সোণৰ সুযোগ, পলাবৰ