মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[  ]

 

মই যন্ত্ৰণা জয় কৰাৰ
পণ লৈছোঁ

 

জোৱলা বৰা।

 


ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্‌
কলেজ হোষ্টেল ৰোড
গুৱাহাটী-৭৮১০০১

[  ]


প্ৰতিষ্ঠাতা : নৰেন্দ্ৰ চন্দ্ৰ দত্ত, স্থাপিত : ১৯৪৫

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ
জোৱলা বৰা

ISBN: 978-81-7665-644-3

প্ৰকাশক
শ্ৰীঅজয় কুমাৰ দত্ত
ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
কলেজ হোষ্টেল ৰোড
গুৱাহাটী-৭৮১০০১
studentsstores1945@gmail.com

পৰিবেশক
ভাৰতী বুক ষ্টল
মেইন ৰোড, গোলাঘাট-৭৮৫৬২১

প্ৰথম প্ৰকাশ : ডিচেম্বৰ, ২০১৬


© লেখিকা


প্ৰচ্ছদ : ডাটছন্স্

মূল্য: ১৩০.০০ টকা

মুদ্ৰক
ছান বিম অফছেট
১ শংকৰদেৱ পথ
ৰূপনগৰ, গুৱাহাটী-৩২
e-mail: anujkmazumdar@gmail.com

[  ]

 

সৃষ্টিৰ আঁৰত

 ‘মই যন্ত্ৰণাক জয় কৰাৰ পণ লৈছোঁ’ য’ত মোৰ ডুখৰীয়া বাস্তৱ জীৱনৰ কিয়দংশ শব্দ আকাৰে ভুমুকি মাৰিছে।

 ‘এই আত্মকথা’ লিখিবলৈ আৰম্ভ কৰাৰ আগৰ পৰাই মোৰ এটা পুৰণি শাৰীৰিক কষ্টই উক দিলে। এই শাৰীৰিক কষ্টৰ কাৰণে মই তলপেট কৰি শুই থাকিবলগীয়া হ’ল প্ৰতিপল। মই নবহাকৈ তলপেট কৰি হাতৰ কিলাকুটি দুটাত ভৰ দিয়ে শাৰীৰিক পীড়াক একাষৰীয়াকৈ থৈ মোৰ তেনেই অপৈণত লিখনীত অসন্তুষ্ট হৈ মন-মগজুত পোত খাই থকা দ-খাৱৈটোত কলমৰ অবৰ্ণনীয় কৰ্ষণক অন্ত পেলাই তিনিমাহ পোন্ধৰদিনত সমাপ্ত কৰিলোঁ।

 ‘মই যন্ত্ৰণাক জয় কৰাৰ পণ লৈছোঁ’ৰ কিছু চৰিত্ৰৰ নাম সলনি কৰা হৈছে।

 উপলব্ধিৰ পুঙ্খানুপুঙ্খ পৰ্যবেক্ষণৰ হুবহু উপস্থাপন কৰিব পাৰিছোঁনে নাই তাত সন্দেহৰ আঁচোৰ আছে। বৰ্ণসজ্জাতো সীমিত জ্ঞানৰ প্ৰকাশ ফুটি উঠাটো পাঠকৰ দৃষ্টিত সহজে অনুমেয় হ’ব।

 আত্মকথাখনি লিখাৰ আৰম্ভণিৰ পৰা মাৰ প্ৰতিপলৰ প্ৰেৰণাদায়ক কথাখিনি এটা এটা খণ্ড শেষ কৰাত আশীৰ্বাদ হিচাপে প্ৰযোজ্য হৈছে। প্ৰতিক্ষণতে উনুকিয়াই থকা জ্যোতি বা, মালা, কৰবী আৰু ৰ’জৰ অনুপ্ৰেৰণা, আগ্ৰহৰ পৰশ লেখাৰ পাতে পাতে।

 কিতাপখন লিখি থকা সময়ত মোৰ অতি মৰমৰ ভাগিন চ’না, পল, প্ৰিন্সে মৰম সনা মাতেৰে সুধি থকা “মাহী কেই পেজ্‌ হ’ল” বাক্যশাৰীয়েও মোক এটা পেজ্‌ আগবঢ়াত প্ৰেৰণা যোগাইছিল।

 সঁচাকৈ, ক’বলৈ গ’লে প্ৰতিটো লিখনীতে উৎসাহ, উদ্‌গনি যোগাই অহা মোৰ চতুৰ্দিশে আগুৰি থকা শ্ৰদ্ধাৰ অগ্ৰজসকলৰ আশীৰ্বাদ আৰু শুভাকাংক্ষী সকলৰ অনুপ্ৰেৰণা প্ৰতিটো পৃষ্ঠাতে আছে। চিৰকৃতজ্ঞ মই সমূহ সুধীজনৰ।

 জীৱনবৈচিত্ৰৰ ঠেক সীমাৰ অনভিজ্ঞ পথাৰখনৰ ফচল ‘মই যন্ত্ৰণাক জয় কৰাৰ পণ লৈছোঁ’ পাঠকৰ হাতত তুলি দিলোঁ।

 গ্ৰন্থখনে যদি পাঠকৰ সহৃদয় আথাউনিত তিলমাত্ৰও স্পৰ্শ কৰে সেয়ে মোৰ কাৰণে হৈ ৰ’ৱ সঞ্জীৱনী সুধা..

—জোৱলা

[  ]
 

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ

[  ]
 

(এক)

 কেঁচা তেজৰ গোন্ধে কোঠাটোৰ বায়ু ঘনীভূত কৰিছিল। ৰঙা তেজত লেপেট খাই থকা ডগ্‌‌মগীয়া জীয়া মঙহবোৰ ভৰিৰ পৰা বিচ্ছেদ হৈ বখলা-বখলে এৰাই অহা দৃশ্য দেখি বিচলিত হোৱা নাছিলোঁ। পাৰ ভাঙি বাগৰিব ধৰা চকুপানীবোৰ ভেটা দি ৰাখিবৰ বাবে মাথোঁ সদায় অৱলম্বন কৰি অহা উপায়টোকে প্ৰয়োগ কৰিছিলোঁ।

 মা, ধূনা অলপ জ্বলাই দিয়কচোন।

 মায়ে ধূনা জ্বলাই দিয়াৰ পিছত ইমান পৰে ভেটা দি থোৱা অবুজ চকুপানী খিনি উলিয়াবলৈ সুযোগ পালোঁ।

 জৰ্‌জৰকৈ বৈ অহা চকুলোখিনি কোঠাটোৰ পৰা ওলাই যোৱা মায়ে আকৌ কোঠাটোলৈ সোমাই আহিয়ে দেখি কিবা কয় বুলি মোলৈ চোৱাৰ আগতেই ক'লোঁ- মা, ধোঁৱাই চকুত বৰকৈ পুৰিছে। চকুপানী ৰখাবই পৰা নাই।

 অলপকৈ হাঁহি, মা চাওকচোন চকুপানী গংগাজল বোৱাদি বৈছে।

 মোৰ কথাত মাৰ জানিবৰ বাকী নাছিল যে— মই মিছা কৈছোঁ। আনকি ময়ো জানিছিলোঁ মায়ে মোক এনেয়ে কৈছে— হয় দে কোঠাটোত ধোঁৱা বহুত হৈছে। একো নহয়, অলপ পিছত কমি যাব। কথাটো নোহোৱাও নহয়। কিমান কান্দিম মই, এটা সময়ততো ভাগৰি যাম চকুপানী টুকি টুকি। শাৰীৰিকভাৱে অতি দুৰ্বল হৈ পৰা হেতুকে, খুব কম সময়তে ভাগৰুৱা হৈ পৰোঁ।

 মায়ে জানিছিল, মই কন্দাৰ কাৰণে ধোঁৱাৰ যি সহায় লৈছোঁ, সেই ধোঁৱাখিনি অলপ পিছত শেষ হ’ব আৰু লগতে মোৰো কান্দোন শেষ হ’ব।

 দুই-তিনি মাহৰ মূৰত যেতিয়া বিছনাখনত গাৰু দি আউজাই বহুৱাই দিয়ে, সেই সময়খিনিত মা আৰু মই ইজনীয়ে সিজনীৰ চকুত চকু থৈ কথা পাতিব পৰা নাছিলোঁ। মায়ে বুকু ডাঠ কৰি বিষণ্ণ চকুযুৰিৰ পানীখিনি চকুতে যে বৰফ কৰিছিল, [  ] মোৰ বুজিবলৈ বাকী নাছিল। বুকুখনে হাহাকাৰ কৰি উঠিছিল মাৰ অভিব্যক্তি দেখি। শব্দ বিচাৰি পোৱা নাছিলোঁ, মাক সান্তনা দিবলৈ।

.....

 সেই দুখন হাতেৰেই আলফুলে মৰমৰ উমেৰে ডাঙৰ কৰিছিল, জেংখৰিৰ নিচিনা হাত-ভৰিকেইটা সদায় নিজে গা-ধোৱাই ঠাণ্ডা দিনত ৰ’দত থিয় কৰি মিঠাতেল সানি দিছিল, আতি-আতিকৈ মালিচ কৰিছিল সুস্থ-সুন্দৰ শৰীৰ কৰি ৰাখিবলৈ।

 মায়েতো তেতিয়া ভবা নাছিল— তেওঁলোকৰ কণমানিজনীৰ শৰীৰটোত এদিন ঘূণে ধৰিব। দীঘল দীঘল পাবৰ ভৰিৰ আঙুলিৰ ধুনীয়া নখকেইটা প্ৰস্ৰাৱত পৰি পৰি এদিন হাতেৰে স্পৰ্শ কৰিলেই খহি যাব বুলি!

 নেভাবিছিল।

 তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰা খৰি ফলা, বছৰটোৰ কাৰণে আনৰ ঘৰত লগোৱা ধানখিনি সময়ত চাইকেলখনত, সেই বয়সত টানিব নোৱাৰিলেও হেঁচুকি হেঁচুকি মাকৰ লগে লগে ঘৰলৈ অনা, মাকৰ প্ৰতিটো কামৰ একমাত্ৰ সাৰথিজনী আজি এনেদৰে যন্ত্ৰণাত শয্যাশায়ী হৈ পৰিব।

 নেভাবিছিল!

 প্ৰয়োজনীয় ঘৰৰ বজাৰখিনি কৰিবলৈ ভৰিৰে পেডেল ঢুকি নোপোৱাকৈ এবাৰ ইফালে, এবাৰ সিফালে কঁকাল ঘূৰাই ঘূৰাই দেউতাকৰ চাইকেলখন চলাই এমাইল দূৰৰ পৰা বজাৰ কৰি আনি সহায় কৰা ছোৱালীজনীৰ ভৰি দুখন এদিন অচল হৈ পৰিব?

 অলপতে মাকক কিবা এটা বিচাৰিলে যদি বিচৰা বস্তুটো নথকাত মাকে বেলেগ এটা বস্তু দিয়ে, নালাগে মোক, মই বিচৰাটোকে দিব লাগিব বুলি প্ৰতিবাদ কৰি সৰুতে চিঞৰি চিঞৰি কন্দা ছোৱালীজনীয়ে আজি এইটো জীৱন নালাগে বুলি প্ৰতিবাদ কৰি চাৰি-পাঁচ বছৰে এবাৰ কিয় কন্দা নাই?

 বিছনাত শয্যাশায়ী হৈ থকা নিজৰ তেজ-মঙহৰ জীয়ৰীজনীক আৰোগ্য কৰি ভোলাৰ সকলো প্ৰকাৰৰ অপৰিসীম প্ৰচেষ্টা অৰ্থহীন হোৱাত ম্ৰিয়মাণ হৈ পৰিছিল।

[  ]  ক’ত ক’ত যােৱা নাছিল ?

 সেই সময়ছােৱাত মাৰ মন-মগজু আন আন মানুহে পৰিচালনা কৰিছিল।

 কেনেকুৱা লাগিছিল বাৰু সেইদিনা? নিষ্ঠুৰ ডাক্তৰজনৰ তিক্ত শব্দকেইটাৰ সন্মুখীন হওঁতে— আপােনাৰ ছােৱালী ছমাহতকৈ বেছিদিন জীয়াই নাথাকে। তাইৰ এটা বেয়া বেমাৰ হৈছে।

 ক'তা, মাচোন মােৰ আয়ুস বেছিদিন নাই বুলি জানিও আমাৰ ঘৰত আহি থকা টুকটুকিৰ সূৰুয ককাক কুকুৰাৰ পােৱালি আনিব দি ঘৰত পুহিব লৈছিল। মােক কুকুৰাৰ জোল, ছাগলীৰ ঠেং সিজাই জোল কৰি খুৱাইছিল। কুচিয়া কিনি আনি যেতিয়া প্রথমে খুৱাইছিল, ‘সাপ’ যেন দেখি ভয়ত চিঞৰি উঠিছিলোঁ ।

 মায়ে বাৰু প্ৰতিটো মুহূর্তত মােক একেবাৰে হেৰুওৱাৰ ভয়ত শংকিত হৈ থকা অন্তৰখনক কেনেদৰে নিয়ন্ত্রণ কৰিছিল?

 ক’ৰ পৰা ইমান শক্তি পাইছিল ?

 যন্ত্রৰ নিচিনাকৈ অহর্নিশে এলাহ-আমনি নকৰাকৈ বিৰামহীনভাৱে আলপৈচান। ধৰিব। বাহঁত স্কুললৈ যােৱাৰ পিছত স্কুললৈ যাব নােৱৰা দুখে চুব নােৱৰাকৈ মােৰ লগত চেংগুটি, লুডু খেলি সেই সময়খিনি মােক ব্যস্ত ৰাখিছিল।

 অসুখৰ পিছত প্ৰথম অৱস্থাত মােৰ মাতটো অকণ অকণ হৈ ওলাইছিল। কথাবােৰ অস্পষ্ট আছিল। মা কিন্তু বিচলিত হােৱা নাছিল ডাক্তৰজনৰ আকাশবাণীত। ডাক্তৰজনৰ আকাশবাণীক বিফল কৰিবৰ কাৰণে আপ্রাণ চেষ্টা কৰিছিল মােৰ মাতটো মােৰ পৰা একেবাৰে লুপ্ত হৈ নাযাবলৈ। অশেষ কষ্টৰ ফলত সফল হৈছিল মা।

 মা দৃঢ় আত্মবিশ্বাসী আছিল, গতিকে বা আৰু মালা স্কুললৈ যােৱাৰ পিছত মােৰ লগত খেলাৰ লগে লগে অলপ অলপ সময় মােক কিতাপ পঢ়িবলৈও দিছিল, যদিও মােৰ কিতাপ পঢ়াত কষ্ট হৈছিল— মাৰ উৎসাহত মই নিঃশেষ হৈ যাব ধৰা মাতটো জীয়াই ৰাখিব পাৰিলোঁ ।

.......

 ‘তােৰ গা যদি বেয়া লাগিছে শুই দে’-- মাৰ মাতত প্রকৃতিস্থ হৈ ক’লোঁ, মােক শুৱাই দিয়ক।

[  ]  মায়ে বাহিৰৰ ৰ'দত শুকাবলৈ দিয়া ফটা কাপােৰ কেইখন আনিলে। এখন এখনকৈ ইখনৰ ওপৰত সিখন ডাঠকৈ ক'লা পানী-কাপােৰখনৰ ওপৰত পাৰি দি মােক তলপেট কৰি শুৱাই দিলে। মােৰ পিঠিৰ তল কঁকালৰ পৰা এখন ডাঠ প্লাষ্টিকৰ পলিথিন ভৰিৰ কলাফুললৈকে ঢাকি দি তাৰ ওপৰত এখন কাপােৰেৰে চাকি দিলে।

 ভৰিৰ তেজেৰে ডােঙা খাই থকা দ গাঁতকেইটা অদৃশ্য হৈ পৰিল কাপােৰ পলিথিনৰ মাজত। [ ১০ ]

(দুই)

 কি নাছিল সেন্দুৰীয়া শৈশৱত? উন্মুক্ত নীলাভ আকাশ, শীতৰ জড়তা ভাঙি সৰাপাত গচকি অহা ফাগুন, ফাগুনৰ হাতত ধৰি ৰঙালী হোৱা ব’হাগ। সেউজীয়া গছে বনে জাতিষ্কাৰ কৰা ধৰিত্ৰীৰ অপৰূপ সৌন্দৰ্যৰ লগত নিজকে বিলীন কৰা শৈশৱ। মাৰ আচলৰ উমত একলা-দুকলাকৈ বাঢ়ি অহা শৈশৱ।

 দীঘল বাৰাণ্ডাৰে সৰু দুটা খোটালী। বগা মাটিৰে লেপা বেৰৰ, আটোম টোকাৰিকৈ সজা আপোন ঘৰখন। টিউব লাইটৰ পোহৰে ধকধকীয়া চূণ দিয়া বগা বেৰকেইখনক অধিক বগা কৰা খোঁটালীকেইটা। সৰুতে মোৰ দিনতকৈ ৰাতি আমাৰ ঘৰটো বেছিকৈ ভাল লাগিছিল। টিউব লাইটৰ পোহৰটোৰ প্ৰতি মোৰ এক অনামী আকৰ্ষণ আছিল। যেতিয়া লাইটটো নুমাই যায়, মোৰ মনটো বিষাদ-গধুৰ হয়। লেম্পৰ শীৰ্ণ পোহৰত।

 আমাৰ ঘৰটোৰ আচবাব বুলিবলৈ সন্মুখৰ খোঁটালীটোত এখন বিছনা, এখন চকী আৰু দেউতাই কৰ্মস্থানৰ পৰা অনা কাঠৰ বাকচ এটা। যিটোত ফুলাম কাপোৰ এখন পাৰি টেবুল হিচাপে ব্যৱহাৰ কৰিছিলোঁ। শোৱনী-খোটালীটোত এখন ডাঙৰ বিছনা। কাঠৰ টেবুল এখনত আইনা লগাই দিয়া ড্ৰেছিং টেবুল, যিখন আমি নিজকে সাজ-পাৰ কৰি প্ৰসাধন সানি কোনজনীক কিমান ধুনীয়া দেখিছে, তাক লৈ প্ৰশংসা বুটলিবলৈ চুপতি মৰা আচবাব।

 দেউতা কৰ্মসূত্ৰে বেৰেলীত থকাৰ কাৰণে আমাৰ চাৰিওটি ল’ৰা-ছোৱালীৰ জন্মস্থান আছিল উত্তৰ প্ৰদেশৰ বেৰেলী। ভাইটিৰ জন্মৰ দুমাহৰ পিছত আমি দেউতাৰ নগাঁও জিলাৰ জন্মস্থান নিজৰ গাঁও কুজাৰবড়িলৈ আহোঁ। তেতিয়া মোৰ বয়স চাৰি বছৰ। দেউতাই কোৱা শুনোঁ, আমাৰ কণ কণ হাতকেইটাইও আমাৰ নতুনকৈ সজা হেঁপাহৰ ঘৰটোত সহযোগ কৰিছিল। নাৰিকলৰ কোৰোকাত মাটি ভৰাই আমি কেইটাই ঘৰৰ ভেটিত মাটি তুলিছিলোঁ।

[ ১১ ]  সন্মুখৰ বাৰাণ্ডাখনত বাঁহৰ কামিৰে ফুটা ফুটা কৰি বেৰ বনোৱা ঘৰটো। তাতে আমাৰ প্ৰথম আখৰ লিখিব-পঢ়িব শিকোৱা পাঠশালাখন। আমাৰ জন্ম বেৰেলীত হোৱা বাবে আমি হিন্দী অসমীয়া দুয়োটা ভাষাই কৈছিলোঁ। মায়ো ঘৰুৱা শিক্ষকজনক আমাক প্ৰথমে অসমীয়া আখৰকেইটা শিকাবলৈ দিছিল।

 বা আৰু মই সমবয়সৰ নহয় যদিও প্ৰথম শ্ৰেণীত দুয়োজনীকে একেলগে নামভৰ্তি কৰি দিছিল। ক্ৰমাগতভাৱে বছৰ বাগৰাৰ লগে লগে আমিও একেলগে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিলোঁ। দেউতা সেনা বাহিনীত কৰ্মৰত, গতিকে ছুটীত ঘৰলৈ আহোঁতে তেওঁৰ কৰ্মৰত পোছাকযোৰ পিন্ধি আহে। বছৰত এবাৰ দেউতা ঘৰলৈ আহে। প্ৰতিটো মাঘৰ বিহুত। দুমাহৰ ছুটীত। দেউতা আহিলে নতুন কাপোৰ পোৱাৰ আনন্দত আমাৰ মনবোৰ যিমান প্ৰফুল্ল হৈ থাকিছিল, দেউতা আহি পোৱাৰ লগে লগে সকলো আনন্দ-উৎকণ্ঠা, হেঁপাহ পানী হৈ পৰিছিল। আমাৰ কণমানি কলিজাকেইটা ধপধপাইছিল। কাৰণ দেউতাৰ কৰ্মৰত পোছাকযোৰে আমাৰ মন সদায় ভীতিগ্ৰস্ত কৰি ৰাখিছিল। দেউতাই কৰ্মৰত পোছাকযোৰ পিন্ধি আহিলে আমি তেওঁৰ লগত সৰুতে সহজ হ'ব পৰা নাছিলোঁ।

 আমাৰ ঘৰটোৰ সন্মুখত দুহাত বহল আৰু আঠহাতমান দীঘল এখন আটোম-টোকাৰিকৈ সজা সৰু ফুলনিবাৰী, য'ত আমাৰ কোমল হাতৰ পৰশত প্ৰাণ পাই উঠিছিল লহপহকৈ বাঢ়ি অহা ফুল গছবোৰ। ফুলনিখনৰ প্ৰতিটো ফুল, প্ৰতিটো পাতৰ আমি প্ৰহৰী আছিলোঁ। পুৱা শোৱাৰ পৰা উঠি চকু মোহাৰি কোনটো ফুল ফুলিছে, কোনটোৰ পাত মৰহিছে, তাক নিৰীক্ষণ কৰাৰ লগতে ফুলগছৰ গুৰিত পানী দিয়াৰ কাম। মই তৃতীয় শ্ৰেণীত থাকোঁতে ফুলনিখনৰ লগতে মোৰ আৰু এটা ডাঙৰ দায়িত্ব বাঢ়িল। ক'লা-বগা ফুটফুটীয়া অকণমানি মেকুৰী পোৱালি এটা ৰাস্তাৰ পৰা আনি মোৰ সংগী কৰি লৈছিলোঁহি। তাইৰ সুকোমল নোমাল গাটোত হাত ফুৰাই ফুৰাই বহু সময় তাইৰ লগত ওমলিছিলোঁ। তাইক বাটিত গাখীৰ খাবলৈ দিয়া, মৰমেৰে কোলাত লৈ টোপনি খেদোৱা, সকলো দায়িত্ব মোৰ আছিল। বা, মালা, বাবুৱে তাইক চুবলৈ ভয় কৰিছিল। মোৰ কিন্তু জন্তুৰ প্ৰতি বিশেষ ধৰণৰ মৰম আছিল। মেকুৰী পোৱালিজনীয়ে মই স্কুলৰ পৰা অহাৰ লগে লগে নেজ দাঙি [ ১২ ] মেও মেওকৈ আদৰি নিছিল। স্কুলত থকা সময়তো মোৰ মাজে মাজে তাইলৈ এবাৰকৈ মনত নপৰাকৈ থকা নাছিল।

 এদিন হঠাৎ তাই ঘৰৰ পৰা নোহোৱা হ'ল। মোৰ বুকুখন ধান বনাদি বানিব ধৰিলে। তেনেই সৰু পোৱালিজনীক কোনোবাই লৈ গ'ল নেকি? নে কিহবাই নি খালে? বিভিন্ন দুঃচিন্তাই মোক আউল লগালে। তাইক বিচাৰি মানুহৰ ঘৰে ঘৰে, বাৰীয়ে-বাৰীয়ে হাবাথুৰি খাই ফুৰিলোঁ। নাই, তাইৰ খবৰ কোনেও দিব নোৱাৰিলে। তাইক হেৰুওৱাৰ দুখে এনেকৈয়ে বিন্ধিছিল, চকুৰ পানী বাৰিষাৰ ভেটা ভাঙি অহা বান হৈ বৈছিল।

 মোৰ কান্দোনত সকলো স্তম্ভিত হৈ পৰিল। ক'ৰ পৰা আনি দিৰ মোৰ মৰমৰ লগৰীজনী।

 আইতাই বুজনি দিছিল। তোৰ মেকুৰীজনী যদি কোনোবাই মাৰিছে, সি তোক এটি সোণৰ মেকুৰী দিব লাগিব, সি মৰাৰ আগতে। নহ'লে ভগৱানে তাক মৰাৰ সময়ত শান্তি দিব।

 মই আইতাৰ কথাত পতিয়ন নগৈ মোক সোণৰ মেকুৰী নালাগে, মোৰ মেকুৰীজনীয়েই লাগিব বুলি হুলস্থূল লগালোঁ।

 এটা সময়ত মই কান্দি কান্দি শুই পৰিলোঁ। সোণালীৰ মাতত খকা-মকাকৈ সাৰ পাই উঠিলোঁ।

 অ’ তোৰ মেকুৰীজনী পালোঁ আহ।

 মই একেজাপে বিছনা এৰি ক’ত পালি, ক’ত পালি, ক’ত আছে চাওঁ তাইক বুলি দৌৰি চোতাল পালোগৈ।

 তাই মোৰ প্ৰশ্নৰ উত্তৰত সেমেকা মাতটোৰে ক'লে, তোৰ মেকুৰীজনী পানীত ওপঙি থকা দেখি আহিছোঁ। ৰাস্তাৰ কাষৰ পুখুৰীটোত।

 সোণালীৰ কথা কাণত সোমাল কি নোসোমাল, একে দৌৰে গৈ ৰাস্তাৰ কাষৰ পুখুৰীটো পালোঁগৈ। যিটো পুখুৰীৰ কথা তাই কৈছিল।

 তেতিয়া সময় আছিল নামঘৰত দবা-কাঁহ বজোৱাৰ অলপ পোহৰ, অলপ সময় আন্ধাৰ। দীঘল পুখুৰীটোৰ পাকটোতে ওপঙি আছে মোৰ কণমানি মেকুৰীজনী।

[ ১৩ ]  মই তাই পানীত ডুবি মৰিব বুলি আটাহ পাৰি চিঞৰিব ধৰিলোঁ। তাই মৰি থাকিলে মই কেনেকৈ থাকিম? তাই কষ্টত থকা বুলি ভাবি মই আন্ধাৰতে ডাঠ হাবিখনৰ মাজলৈ যাব বিচাৰিলোঁ।

 কিন্তু তাত মোৰ কান্দোনত গোট খোৱা মানুহ এজনে কোবা শব্দ কেইটাতহে মই কিংকৰ্তব্যবিমূঢ় হ'লোঁ।

 তোৰ মেকুৰীজনী মৰিল। এতিয়া তাইক তুলি আনি একো লাভ নাই।

 মানুহজনৰ নিষ্ঠুৰ শব্দকেইটাই মোৰ কান্দোন আগতকৈ দহগুণ বঢ়ালে।

 মই তাই মৰাটো মানি নলওঁ বুলি আকোৰগোঁজ হৈ তাতে খোপনি পুতি ৰৈ থাকিলোঁ।...

 ক্ৰমে আন্ধাৰ ডাঠ হৈ ধৰালৈ নামি আহিছিল। ময়ো মোৰ মৰমৰ ক’লা-বগা, ফুটফুটীয়া মেকুৰীজনী ওপঙি থকা দৃশ্যটো নেদেখা হোৱাত ঘৰলৈ গুচি আহিলোঁ।

 বিচ্ছেদৰ পিছতো মেকুৰীজনী আজিও মোৰ স্মৃতিত আছে।

 স্বভাৱত মই স্বল্পভাষী আছিলোঁ।

 মা আছিল মোৰ কাৰণে সৰ্বস্ব। মাৰ কথা পালন কৰাৰ বাহিৰে আন কাৰোবাৰ কথাও যে শুনিব লাগে সেই কথা মোৰ মন-মগজুৱে নকৈছিল।

 জনা-নজনা হোৱাৰ পৰাই মোৰ মনত এনে ভাবে খোপনি পুতি লৈছিল যে, পৃথিৱীখনত মা-দেউতা, বাই-ভনী কেইজনীৰ বাহিৰে সকলোৱে বেয়া পায় মোক।

 কিন্তু মাক যেতিয়া সুধিছিলোঁ, আন মানুহে ভবাৰ দৰে আপুনিও মোক বেয়া বুলি ভাবে নেকি?

 কাৰণ তেওঁলোকে যিবিলাক কথাত মোক বেয়া বুলি আলোচনা কৰিছিল, সেইখিনি তেওঁলোকৰ দৃষ্টিতহে ভুল আছিল।

 এদিনাখনৰ কথা। মই চতুৰ্থ শ্ৰেণীত পঢ়িছিলোঁ। কেইগৰাকীমান মহিলাই আমাৰ চোতালত বহি কথা পাতি আছিল। এগৰাকী মহিলাই মোক কিবা এটা বস্তু আনিবলৈ কৈছিল। মই অলপ পলমকৈ আনিম বুলি কৈছিলোঁ। তেওঁ মোক কথাটো কোৱাৰ আগৰ পৰাই মই বেলেগ এটা কাম কৰি আছিলোঁ। কামটো অলপ বাকী আছিল গতিকে সেইকণ শেষ কৰি তেওঁক বস্তুটো আনি দিম বুলি ক'লোঁ। [ ১৪ ] মানুহগৰাকীয়ে মই তেওঁৰ কথা শুনিব নিবিচৰা বুলি মোক এনেকুৱা কিছুমান কথা কৈছিল, মানুহগৰাকী আমাৰ ঘৰৰ পৰা যোৱাৰ পিছত মাই খঙত অগ্নিশৰ্মা হৈ ধান থোৱা সৰু কোঠাটোত সুমুৱাই লৈ মোক গুৰুলা গুৰুলকৈ মাৰিছিল। মোৰ টেঁটু ফালি গগন কঁপোৱা কান্দোনৰ চিঞৰত বা-মালা-বাবুৱেও চিঞৰি চিঞৰি কান্দিছিল। কিয় বাৰু মোক বেয়াকৈ কয়? কিয় মোৰ কিবা নহয়, কিবা এটা ভুল উলিয়াই মাৰ কাণ চোৱায়? মোক মৰাৰ পিছত মাই আমাৰ ডাঙৰ বিছনাখনত তলমূৰ কৰি মই যিমান কান্দিছিলোঁ তাতকৈ অধিক জোৰত উচুপি উচুপি কান্দিছিল। মাই জানিছিল, মই সেইদিনা মাৰ খাবলগীয়াকৈ কোনো দোষৰ কাম কৰা নাছিলোঁ। কিন্তু মানুহগৰাকীয়ে মোক বেয়াকৈ কোৱাটো মাৰ সহ্য হোৱা নাছিল। উপায়হীন হৈ মায়ে দুখতে মোকে মাৰিছিল। মায়ে যেতিয়া উচুপি উচুপি মোৰ কোমল দেহত উখহি অহা ৰঙা ৰঙা আঁচবোৰত নাৰিকলৰ তেল সানি দিছিল— মই অনুভৱ কৰিব পাৰিছিলোঁ, মাৰ অন্তৰখন কেনেদৰে শোকত ব্যাকুল হৈ পৰিছে। মায়েনো কিমান আৰু মোৰ বিৰুদ্ধে — মই জেদি, মই অহংকাৰী এইবোৰ কু-বাদ শুনি থাকিব। [ ১৫ ]

(তিনি)

 পূৰ্বজন্মত অগাধ বিশ্বাস থকাসকলে পাপ-পুণ্যৰ তুলাচনীত মোক তুলিব ধৰিলে। মাক সান্ত্বনা দিব বিচৰা কোনো কোনোজনে পূৰ্বজন্মৰ পাপৰ ফল এই জন্মত মই ভুগিছোঁ বুলি কয়।

 কিন্তু ই জানো সঁচা?

 পূৰ্বজন্মৰ পাপৰ ফল এই জন্মত ভুগিব– মই সদায় বাস্তৱটোৱে সঁচা বুলি ভাবোঁ। তথাপি মই বলি হৈছিলোঁ তন্ত্ৰ-মন্ত্ৰ,অন্ধবিশ্বাসৰ। মাৰ মন-মগজুত অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণাৰ বীজ সুমুৱাই দিছিল অনেকজনে। মাৰ দুখে ভাৰাক্ৰান্ত কৰি থকা মনটোৱে যি কৰিব বিচাৰিছিল, তাকে কৰিছিল মোক আৰোগ্য কৰিবলৈ।

 পৰম্পৰাগতভাৱে মানি অহা শীতলা গোসাঁনীৰ দোষে মোক চুলে, গতিকে তাৰ প্ৰভাৱত এনে হোৱা বুলি শীতলা গোসাঁনী আইৰ দোষ মৰিষণ কৰিবলৈ, আইক সন্তুষ্ট কৰিবলৈ স্তুতি কৰা হৈছিল। গাঁৱৰ বৃদ্ধ ককা এজনে কৈছিলহি— কামপুৰৰ ৰজাগাঁৱত এগৰাকী আই আছে, তেওঁ মোক ভাল কৰি দিব পাৰিব। মায়ে এবুকু আশা লৈ পুৱাই ককাজনৰ লগত ওলাই গৈছিল এদিন আইৰ ওচৰলৈ। আইৰ অলৌকিক কথাত মা পতিয়ন গৈ তেওঁ জাৰি দিয়া ফুল, পানী, তেল সভক্তিৰে আনি মোক পানীখিনি সানি দিলে।

 আশাভৰা দৃষ্টিৰে সদায় পৰ্যবেক্ষণ কৰিছিল, মোৰ দুভৰি অলপ লৰিছে। নেকি? নাই, মাৰ আশাভৰা দুচকুত আকৌ মুষলধাৰে বৈছিল চকুলো।

 মোৰ খবৰ ল’বলৈ অহা প্ৰত্যেকজন নহ'লেও সংখ্যাগৰিষ্ঠজনে অন্ধবিশ্বাস আৰু অলৌকিক ক্ৰিয়াকাণ্ডত বিশ্বাসী আছিল।

 তেনে এজন অন্ধবিশ্বাসী ব্যক্তিয়ে এদিন মাক আহি ক'লে— খুৰী তাই ভাল হৈ যাব। আকৌ আগৰ দৰে খোজ কাঢ়িব। তাইক সম্পূৰ্ণ আৰোগ্য কৰি দিব।

 মাই হতাশাৰে ভৰি থকা মাতটোৰেই ক'লে— তাইকচোন ডাক্তৰৰ ঔষধে [ ১৬ ] আৰোগ্য কৰিব নোৱাৰিলে। ল’ৰাজনে দুগুণ উৎসাহেৰে ক’লে-- নহয় খুৰী মানুহ আছে। মই লৈ আহিম, তেওঁ তাইক ভাল কৰি দিব।

 হঠাৎ এদিন গধূলি এগৰাকী হাড়ে-ছালে লগা, চৰুৰ ছাইৰ দৰে ক'লা শীৰ্ণকায় অৱয়বৰ মলিন কাপোৰ, কোটোহা চুলি, শোটোৰা-শোটোৰ ছালৰ পঁচপন্ন- ষাঠি বছৰীয়া কুৎসিত ৰূপৰ মহিলাই দুটা ক'লা ৰঙৰ জোলোঙা কান্ধত ওলোমাই লৈ আমাৰ ঘৰত উপস্থিত হ’লহি। মানুহগৰাকীক লৈ আহিছিল মাক দৃঢ়ভাবে মোক ভাল কৰিব পাৰিব বুলি কৈ যোৱা ল’ৰাজনে।

 মানুহগৰাকীক দেখি আমাৰ ঘৰৰ প্ৰতিজন মানুহ আতংকিত হৈ পৰিলোঁ। মায়ে ল'ৰাজনক বাহিৰলৈ মাতি নি খবৰ নিদিয়াকৈ আনিব নালাগিছিল বুলি ক'লে।

 অলৌকিকতা, অপদেৱতা, অতিশক্তিত বিশ্বাসী ল’ৰাজনে একপ্ৰকাৰে মাক নিশ্চুপ কৰি দিলে —মানুহগৰাকীয়ে তাইক ভাল কৰি দিব।

 ক'লা মুখত তিৰবিৰাই থকা চকুৰ মণিকেইটা ঘূৰাই, কেইবাদিনো মুখ নোধোৱা, চাফা নকৰা দাতঁকেইটা উলিয়াই বীভৎস ভংগিমাৰে এখন ক’লাকাপোৰ মাটিতে পাৰি মানুহগৰাকী বহিল। কান্ধত থকা এটা জোলোঙা কাপোৰখনৰ ওপৰত থৈ জোলোঙাটোৰ পৰা বিভিন্ন ধৰণৰ মৃত জীৱ-জন্তুৰ মুণ্ড, হাড় উলিয়াই কাপোৰখনৰ ওপৰত থ’লে।

 মই তলপেট কৰি তেতিয়ালৈকে বিছনাত শুই থকা পাঁচ বছৰ হৈছিল। মানুহগৰাকীৰ গাৰ পৰা পঁচা দুৰ্গন্ধ বিয়পি পৰিছে কোঠাটোত।

 মোৰ নাকেৰে দুৰ্গন্ধ পেটৰ ভিতৰলৈকে সোমাই বমি হোৱাৰ উপক্ৰম হৈছিল। কিন্তু মানুহগৰাকীয়ে বমি কৰিলে কিবা ক'ব বুলি ওলাই অহা বমিখিনি গিলি দিছিলোঁ।

 মানুহগৰাকীয়ে কাপোৰখনৰ ওপৰত উলিয়াই লোৱা বিভিন্ন ধৰণৰ মানুহৰ লাওখোলা, হাত-ভৰিৰ শুকাই যোৱা হাড়, জন্তুৰ হাড় সকলোখিনি দীঘল কৰি এটা এটাকৈ শাৰী পাতি থলে।

 তাৰ পিছত হাতেৰে কিবা অংগি-ভংগী কৰি মুখেৰে তন্ত্ৰ-মন্ত্ৰ মাতিব ধৰিলে। তেনেতে এটা কেঁচুৱাৰ কান্দোন আমি শুনিবলৈ পালোঁ।

[ ১৭ ]  ক’ৰ পৰা কেঁচুৱাৰ কান্দোন আহিছে আমি ইফালে সিফালে চকু ফুৰালোঁ।

 আমাক আচৰিত কৰি মানুহগৰাকীয়ে কান্ধত ওলোমাই অনা আন এটা ক'লা ৰঙৰ জোলোঙাৰ পৰা পোন্ধৰ-ষোল্লদিনীয়া পানী কেঁচুৱা এটা উলিয়াই আনি নিজৰ স্তনত কেঁচুৱাটোৰ মুখখন গুজি দি স্তন পিব দিলে। কেঁচুৱাটোৱে একেবাৰে নিশ্চুপ হৈ স্তন পি থাকিল৷ আৰু মানুহগৰাকীয়ে তন্ত্ৰ-মন্ত্ৰ জপ কৰি কৰি মুখেৰে কিবা- কিবি বিৰবিৰাই থাকিল।

 কোঠাটোত উপস্থিত থকা মা, বা, মালা, বাবু আৰু মোৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। মায়ে ভয়তে বা-মালাহঁতক কোঠাটোৰ পৰা উলিয়াই পঠিয়ালে।

 মই মাথোঁ ভীতিবিহ্বল হৈ চাই আছিলোঁ দৃশ্যবোৰ। বহু সময় তন্ত্ৰ-মন্ত্ৰ কৰি মানুহগৰাকী যাবলৈ ওলাল, মই দুই-এদিনতে বিছনা এৰি বাহিৰে ভিতৰে ফুৰিব পাৰিম বুলি আশ্বাস দিলে।

 তেওঁ আৰু ক'লে— মোৰ কাৰণে তন্ত্ৰ-মন্ত্ৰ মতাৰ হৈ এক হাজাৰ টকা দিব লাগিব, তাকো মোৰ হাতেৰে, মোৰ হাতেৰে দিয়া টকাখিনিৰ জৰিয়তে মোৰ বেমাৰটো তেওঁ মোৰ গাৰ পৰা আঁতৰাই নিব। বিমোৰত পৰিল মা। মানুহগৰাকীক টকা নিদিওঁ বুলি ক'বলৈ সাহস গোটাব পৰা নাছিল। মায়ে জানিছিল, মই তেওঁৰ তন্ত্ৰ- মন্ত্ৰত ভাল নহওঁ। ল'ৰাজনে বাধ্য কৰা গতিকেহে তেওঁৰ কথা বিবেকে নক'লেও শুনিবলগীয়া হৈছিল।

 কিন্তু ইমান টকা ক’ত পাব?

 দেউতা কৰ্মসূত্ৰে আমাৰ পৰা আঁতৰত থাকে, গতিকে মাহত এবাৰ টকা- পঠিয়ায় ঘৰ চলিবলৈ। তাৰে সিংহভাগ মোৰ লগত খৰচ হয়। ঘৰখনৰ প্ৰতিটো লাগতিয়াল বস্তু কিনিব লাগে, বাহঁতৰ পঢ়াৰ খৰচকে ধৰি সকলোখিনি সেই তাকৰীয়া টকাকেইটাৰে মায়ে জোৰা-টাপলি মাৰি চলাব লাগে।

 মায়ে গাঁৱৰ কাৰোবাৰ ঘৰত এক হাজাৰ টকা ধাৰে পায় নেকি, বিচাৰিবলৈ ওলাই গ'ল।

 অলপ সময় পিছত মা টকা লৈ ঘূৰি আহিল। টকাকেইটা মানুহগৰাকীক দিব ধৰোঁতে তেওঁ মোৰ হাতেৰে ল'ম বুলি ক'লে। মায়ে মোৰ হাতত টকাকেইটা তুলি [ ১৮ ] দিলে। সেই মুহূৰ্তত মোৰ মনৰ ভাব কি হৈছিল ব্যাখ্যাতীত। মানুহগৰাকীয়ে। কিবা মন্ত্ৰ মাতি টিকাকেইটা লৈ আমাৰ ঘৰৰ পৰা ওলাই গ'ল।

 আমাৰ কাৰণে আজিও সাঁথৰ হৈ থাকিল। ষাঠি বছৰীয়া মানুহগৰাকীৰ স্তনৰ পৰা পোন্ধৰ-ষোল্ল দিনীয়া কেঁচুৱাটোৱে সঁচাকৈ গাখীৰ খাইছিলনে?

 মোৰ বিষাদঘন নিশাবোৰত উজাগৰে থাকি কেতিয়াবা কেতিয়াবা উচপ খাই উঠিছিলোঁ। অক্ষত নোহোৱা কিছুমান আতংকিত ঘটনাই নিশা চকুৰ টোপনি হৰিছিল।

 তেতিয়া কোনো কোনো আত্মীয়-কুটুমে নিজে মোক আৰোগ্য কৰিবৰ বাবে বেজ, ওজা, তান্ত্ৰিক লৈ আহিছিল।

 সেইজন তান্ত্ৰিকে আকৌ যোগিনী পোহে। যোগিনীজনীক দুপৰ নিশা তান্ত্ৰিকজনে আন্ধাৰ হোৱা কোঠা এটাত তন্ত্ৰ-মন্ত্ৰৰে মাতি আনি ৰোগ-ব্যাধি হোৱা মানুহক আৰোগ্য কৰে।

 যিজন মানুহে যোগিনী পোহা মানুহজনক আনিছিল তেতিয়া কালসন্ধ্যা আছিল। তান্ত্ৰিকজনৰ লগত আৰু দুজন মানুহ আহিছিল। সেইদিনা আমাৰ ঘৰত থাকি দুপৰ নিশা বাৰ বজাত যোগিনীজনীক মাতি আনি মোক ভাল কৰিব।

 যোগিনী পোহা তান্ত্ৰিকজনৰ উপস্থিতিত আমাৰ ঘৰখন ত্ৰাসত ডুবিছিল। কাৰো মুখলৈ এটুপি পানী নগৈছিল। এক অজানিত শংকাই দেখা দিছিল প্ৰত্যেকৰ চকুত।

 মোৰ মনৰ ভিতৰৰ আলোড়ন আছিল বৰ্ণনাতীত। ঘৰখনৰ এনে অকল্পনীয় পৰিস্থিতি মোৰ কাৰণে হোৱা বাবে ভিতৰি ভিতৰি মই অন্তৰ্দ্বন্দ্বত ভুগিছিলোঁ।

 বুকুৰ তলৰ পৰা যন্ত্ৰণাৰ এটা অগ্নিগোলক উঠি আহি সৰ্বশৰীৰ আবৰি ধৰিছিল।

 গভীৰ নিশা বাঁহবাৰীখনত নাম নজনা চৰাই এটাৰ ভয়ংকৰ কৰ্কশ মাতৰ বাহিৰে নিঃশব্দ নিজান-নিৰ্বাক ঘৰখন।

 বা, মালা, বাবুক বেলেগ এটা কোঠাত থাকিবলৈ দিছিল। মই থকা কোঠাটোত তিনিজন মূৰৰ পৰা ভৰিলৈকে ক'লা কাপোৰ পিন্ধা কেট কেট কৰে ক'লা মানুহ। [ ১৯ ] মানুহকেইজনে কোঠাটোৰ লাইট নুমুৱাই দিবলৈ ক'লে। মানুহকেইজনৰ টেলেকা- টেলেক চকুকেইটা আৰু উজলি থকা বগা দাঁতকেইটাৰ বাহিৰে গোটেই কোঠাটো অন্ধকাৰাচ্ছন্ন হৈ পৰিল।

 তেওঁলোকে গাত লোৱা কম্বল এখন গায়ে-মূৰে ঢাকি লৈ কম্বলৰ তলত সোমাই মন্ত্ৰ মাতিবলৈ ধৰিলে। এক ভীতিগ্ৰস্ত পৰিৱেশ..

 মা আৰু মোৰ অন্তৰাত্মা প্ৰকম্পিত হৈ হৃদয় স্পন্দন বন্ধ হোৱাৰ সদৃশ। মই কেতিয়া অলপ পোহৰ দেখিবলৈ পাওঁ তাৰ প্ৰতীক্ষাত শিল হৈ পৰি ৰ'লোঁ।

 গতি লেহেমীয়া। সময়ো যেন থমকি ৰৈছে। প্ৰায় এঘণ্টামান পিছত তেওঁলোকে কম্বলৰ তলৰ পৰা ওলাই লাইট জ্বলাবলৈ ক'লে।

 মায়ে আন্ধাৰে-মুন্ধাৰে খেপিয়াই, খেপিয়াই লাইটটো জ্বলাই দিলে।

 মই ইমান সময় ভয়ত গিলিবলৈ পাহৰি মুখত জমা হৈ থকা সেপখিনি ঢোক মাৰি গিলিলোঁ।

 লাইট জ্বলোৱাৰ পিছত তান্ত্ৰিক এজনে ক'লে—

 এই ঘৰটোলৈ যোগিনী আহিল। আমি ইয়াত যি অমংগলীয়া হৈ আছিল গোটেইখিনি যোগিনীজনীৰ দ্বাৰা ভাল কৰিলোঁ। শুনিছিলিনে? ঘৰৰ মূধচত দুটা ডাঙৰ শব্দ হৈছে, যোগিনীজনী আহোঁতে এটা, যাওঁতে এটা শব্দ কৰি গৈছে।

 মা আৰু মই নিমাত হৈ মাথোঁ তেওঁলোকক চাই আছিলোঁ। তেওঁলোকে ততাতৈয়াকৈ লগত অনা সামগ্ৰীসমূহ টোপোলাত ভৰাই তেওঁলোকে বিচৰা প্ৰাপ্যখিনি লৈ নিশাই ওলাই গ'ল।

 তেওঁলোক ওলাই যোৱাৰ পিছত আমি আটায়ে স্বস্তিৰ নিশ্বাস এৰিলোঁ।

 সময়ৰ বুকুত বিষাদিত, ভয়ংকৰ স্মৃতিবোৰ শুই পৰিছে যদিও বিস্মৃতি হৈ যোৱা নাই। আজিও মই তীব্ৰ অসহনীয় যন্ত্ৰণা ভোগো, ঘৰখনে মোৰ কাৰণে সন্মুখীন হোৱা ভীতিগ্ৰস্ত সময়খিনিৰ বাবে।

 সময়ৰ চকৰিৰ লগে লগে আমাৰ জীৱনবোৰো আগবাঢ়ি গৈ আছিল। মাথোঁ মাৰ নিত্যকৰ্মখিনি সলনি হোৱা নাছিল। প্ৰতিদিনে দুই-তিনি ঘণ্টাৰ মূৰে মূৰে মোক প্ৰস্ৰাৱ কৰিবলৈ পাৰি দিয়া কাপোৰখিনি ধোৱা কাম মায়ে কৰিবলগীয়া হৈছিল। [ ২০ ] বাৰিষা দিনত প্ৰস্ৰাৱত পাৰি দিয়া তিতা কাপোৰখিনি দুই দিয়াৰ পিছত ৰ’দ নোহোৱাৰ বাবে তিতি থকা নুশুকোৱা কাপোৰখিনি চৌকাত জুই ধৰি এখন এখনকৈ জুইৰ ওপৰত দাঙি ধৰি অলপ অলপ গৰম কৰি মোক আকৌ প্ৰস্ৰাৱ কৰিবলৈ পাৰি দিয়া হৈছিল। প্ৰতিদিনে ভৰি তলৰ ফালে কাগজত নিৰ’স্পিন পাউদাৰ লৈ ঘাখিনিত লগাই দিয়া। মই তলপেট কৰি শুই থকাৰ বাবে ঘাখিনি দেখা নোপোৱাৰ কাৰণে মায়ে আইনা এখনৰ সমুখত ভৰিটো দাঙি ধৰি কোনখিনিত ঘা টুকুৰা আছে, তাৰ প্ৰতিবিম্ব আইনাখনত চাই পাউদাৰ দিয়ে।

 মই বৰষুণ খুব ভাল পাওঁ। তেতিয়াৰ দিনকেইটাত বৰষুণ যিমান ভাল পাইছিলোঁ, তাতোকৈ ভয়, দুখে বেছি হেঁচি ধৰিছিল বৰষুণ দিলে। বাৰিষাৰ দিনকেইটাত মই ভগৱানক কাকূতি কৰিছিলোঁ বৰষুণ নিদিবলৈ।

 বৰষুণ দিলে যে প্ৰস্ৰাৱত পাৰি দিয়া কাপোৰখিনি নুশুকাব।

 সেই সময়খিনিত মোৰ নিজতকৈ মালৈ বেছি দুখ লাগিছিল। মায়ে যেতিয়া কাৰ ঘৰৰ পিছফালে ফটা কাপোৰ পেলায় থৈছে, তাৰ ‘অনুসন্ধানত’ থাকিব লাগিছিল।

 এবাৰ আমাৰ সম্বন্ধীয় দাদা এজনৰ ঘৰৰ পৰা আহি মায়ে মোক কৈছিল— সিহঁতৰ ঘৰৰ পিছফালৰ ঢেঁকীশালত দুটামান ফটা লংপেণ্ট থোৱা আছে। তোলৈ আনিব পাৰিলোঁ হয়। যদি সিহঁতে দিয়ে প্ৰস্ৰাৱত পাৰি দিবলৈ।

 মই কথাটো শুনি এনেদৰে আনন্দত উৎফুল্ল হলো—যেন মোৰ আগত কোনোবাই অহৰ্নিশে বিচাৰি থকা দুৰ্লভ বস্তুৰহে সন্ধান দিছে। আৰু দুৰ্লভ বস্তুটো হেৰাই গ'লে পুনৰ পাবলৈ নাই বুলি তৎপৰ লগালোঁ।

 সঁচাকৈ, সেই সময়খিনিত মই শুকান কাপোৰ, মানুহৰ পেলনীয়া কাপোৰৰ সন্ধানত মাক ৰাখিছিলোঁ।

 মাক তৎকালে গৈ সিহঁতৰ প্ৰয়োজন আছেনে নাই কাপোৰখিনি কথা সুধি লৈ আহিবলৈ ক'লোঁ। মায়ো এক মুহূৰ্ত পলম নকৰি সিহঁতৰ ঘৰলৈ ওলাই গ'ল। নহ'লে যদি অলপ পলম হলেও সিহঁতে পেলায় দিয়ে আৰু আমি আমাৰ দুৰ্লভ কাপোৰখিনিৰ পৰা বঞ্চিত হওঁ! [ ২১ ]  মা ওলাই যোৱাৰ পিছত মোৰ অন্তৰখন দুখত মোচৰ খাই গৈছিল। যিজনী ছোৱালীয়ে অলপমান লেতেৰা হ'লে কাপোৰ নিপিন্ধোঁ, কাৰোবাৰ ঘৰত কিবা বস্তু দিলেও হাতেৰে চুবলৈ সংকোচ কৰোঁ, কাৰো কাপোৰ নিপিন্ধোঁ, প্ৰতিটো বস্তুতে চিকচাক ’মইজনী’ আজি কোনোবাই পিন্ধি পেলাই দিয়া ফটা লংপেণ্ট আনিবৰ বাবে মাক দৌৰা-দৌৰিকৈ পঠাই দিছেঁ।

 মা কোঠাৰ পৰা ওলাই যোৱাৰ পিছত হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই থকা দুখবোৰে খোঁচা-বিন্ধা কৰি ধাৰাৰে চকুৰ লোতক হৈ বাগৰি আহিল। বিমৰ্ষিত মনটোৱে নাকান্দোঁ বুলি স্থিতপ্ৰজ্ঞ হৈ থাকিও ব্যৰ্থ হৈ পৰিল।

 —মোৰ বিহ্বল ক্ষত মনত চিৰযুগমীয়া সাঁচ বহুৱাইছিল আন এক শিহৰণকাৰী অলৌকিক কাণ্ডই।

 দেউতাৰ বন্ধু এজনে আহি কৈছিল— তুলা ৰাশি মানুহৰ নখত, যদি কোনোবা জনা তান্ত্ৰিকে জাৰি দিয়া তেল লগাই দিয়ে, তেনেহ'লে মানুহজনৰ নখত, মোক যদি কোনোবা মানুহে কু-মন্ত্ৰ কৰি এনেকুৱা দুৰ্দশা কৰি থৈছে, সেয়া ধৰা পৰিব আৰু কু-মন্ত্ৰকৰা মানুহজনৰ মুখখন তাত জিলিকি উঠিব। আকৌ কাঁহবাটি এটা মন্ত্ৰ মাতি তুলাৰাশিৰ মানুহজনৰ হাতত লগাই দিলে বাটিটোৱে টানি লৈ যাব য'ত তন্ত্ৰ-মন্ত্ৰ কৰি বেয়া বস্তু পুতি থৈছে, সেই ঠাইখিনিলৈ।

 কাষৰ গাঁৱৰ মানুহ এজন তুলাৰাশিৰ আছিল। এদিন মানুহজনক আমাৰ ঘৰলৈ মতাই অনা হ'ল। সেইদিনাখনেই তেল জাৰি দিয়া তান্ত্ৰিকজনো আহিল।

 ৰাতি তান্ত্ৰিকজনে মানুহজনৰ নখত তেল জাৰি সানি দি চাব-'কোন’ মানুহৰ মুখ দেখে আৰু বাটি জাৰি দি চাব বাটিটোৱে মানুহজনক ক’লৈ টানি নিয়ে।

 সময় সমাগত। নিশা বাৰ বাজিছে।

 সকলোৰে মনত উৎকণ্ঠা। কাৰ ’মুখ’ মানুহজনৰ নখত ফুটি উঠিব? জাৰি দিয়া বাটিটোৱে ক'লৈ টানি নিব মানুহজনক?

 এটা সময়ত তান্ত্ৰিকজনে মানুহজনৰ নখত তেল জাৰি সানি দি চালে কাৰ মুখ দেখে। অলপ সময় তান্ত্ৰিকজনে নখত জুমি জুমি চাই সকলোৰে উৎকণ্ঠাৰ অন্ত পেলাই ক'লে— অস্পষ্ট মুখ, চিনিব নোৱাৰি ভালকৈ। [ ২২ ]  তাৰ পিছত তেও কাঁহৰ বাটি এটা জাৰি মানুহজনৰ হাতত লগাই দিলে।

 কি আশ্চৰ্যকৰ কথা- মানুহজনে কাঁহৰ বাটিটো হাতেৰে ধৰাৰ লগে লগে খোলা দ্বাৰেদি তেওঁক চোঁচোৰাই টানি লৈ গৈছে আমাৰ পদূলিমূৰত থকা সৰু নলাটোৰ ফালে। তাতে গৈ মানুহজন থমকিল।

 যিখিনি ঠাইত বাটিটো ৰ'ল, সেই ঠাইখিনি নিশাই লগে লগে কোৰেৰে খান্দিব ধৰিলে। একঁকাল খান্দি ভাগৰি গ'ল, তাত একো নোলাল।

 তান্ত্ৰিকজনে এটা কথাতে সেইদিনাৰ অলৌকিক-কাণ্ডৰ সমাপ্তি ঘটালে- মন্ত্ৰ কৰি পুতি থোৱা বস্তুখিনি মাটিৰ লগত মিহলি হৈ গ'ল। উপাই নাই, তাই এনেকৈয়ে জঠৰ হৈ চিৰজীৱন কটাব লাগিব।

 এবাৰ আকৌ চমৎকাৰী, অলৌকিক, ঐশ্বৰিক শক্তিৰ গৰাকী টিংকু ডেকা নামৰ বিস্ময় শিশুৰ কথাই সমগ্ৰ অসমতে ঢৌৰ খলকনি তুলিছিল। মৰিগাঁৱৰ বঘৰা নামে ঠাইত ভগৱান বিষ্ণুৰ উপাসক শিশুটিয়ে এজোপা গছৰ শিপাৰে সকলো ৰোগীৰ ৰোগ নিৰাময় কৰিব পাৰে বুলি মানুহৰ মুখে মুখে শুনিবলৈ পোৱা গৈছিল। এদিন টিংকু ডেকাৰ সম্পৰ্কীয় কোনোবা এজনে আমাৰ গাঁৱৰ পৰা এজোপা বটগছৰ শিপা, ডাল নিবলৈ আহিল।

 তাৰ আগতে যদিও কোনো কোনোৱে মাক টিংকু ডেকাৰ ওচৰলৈ যোৱাৰ কথা কৈছিল, কিন্তু মা যোৱা নাছিল। মায়ে তেতিয়ালৈকে অন্ধবিশ্বাস, ভ্ৰান্ত ধাৰণা, অলৌকিকতা এনে বিভ্ৰান্তিকৰ কথাবোৰে প্ৰভাৱান্বিত কৰিব নোৱৰাকৈ মনটোক দৃঢ় কৰিছিল।

 কিন্তু আমাৰ ঘৰলৈ আহি থকা অতি আপোন শুভাকাংক্ষী এজনে নিজে এদিন মোক ভাল কৰিবলৈ টিংকু ডেকাৰ পৰা এডাল কাঠৰ টুকুৰা আনি দিলে। তেওঁৰ কথা মানি লৈ উপায়হীন হৈ মায়ে সেই ৰাতি মোৰ পিঠিত কাঠৰ টুকুৰাটো তুলি থ’লে। পুৱা মায়ে সেইডাল নি বেলেগত তুলি থ’লে। দুই-এদিনৰ পিছত মই ভাল নোহোৱা দেখি টুকুৰাটো অপবিত্ৰ হ'ল বুলি বেলেগ এডাল আনিবলৈ ল'ৰাজনে মাক লগ ধৰিছিল।

 মা সেইবাৰ ল'ৰাজনৰ লগত ওলাল টিংকু ডেকাৰ ওচৰলৈ। মায়ে মোক ভাল [ ২৩ ] কৰিবলৈ কাঠৰ টুকুৰা আনিবলৈ ওলােৱা নাছিল। টিংকু ডেকাই কি কৰে, কেনেকৈ ঔষধ দিয়ে পর্যবেক্ষণ কৰিবৰ কাৰণেহে ওলাল। মাহঁত তাত উপস্থিত হৈ অলপ সময় মানুহবােৰে কি কৰিছে চাই মা টিংকু ডেকা থকা কোঠাটোলৈ সোমাই গ'ল । কোঠাটোত গৈ দেখিলে “কোনেও চুব নােৱাৰিব টিংকু ডেকাক” বুলি বাহিৰত প্রচাৰ হৈ থকা ভগবান বিষ্ণুৰ উপাসকে কেইজনমান মানুহৰ লগত বিছনাত বহি খেলি আছে। [ ২৪ ]

(চাৰি)

 স্মৃতি এনে এক অনুভৱ, যি বিস্মৃতিৰ পিছতো লগ এৰা নিদিয়ে। নিঃকৰুণভাৱে কাঢ়ি নিয়া মোৰ জীৱনৰ হাঁহি-আনন্দৰ দিনবোৰ এতিয়া মোৰ কাৰণে ‘স্মৃতি’। একাকী ডুখৰীয়া কলিজাত এতিয়া সুখৰ স্বাদ দিয়ে শৈশৱৰ মধুৰ স্মৃতিয়ে। নীৰব মুহূৰ্তবোৰত সোঁৱৰণীয়ে আমনি কৰি বুকুৰ ভিতৰখন উত্তাল কৰি তোলে যদিও মই সুখী হওঁ সজীৱ হৈ থকা স্মৃতিবোৰৰ লগত একাত্ম হৈ।

 লানি নিছিগাকৈ নিৰৱচ্ছিন্ন হৈ বৈ থাকে অক্ষয়িষ্ণু হাঁহি, আনন্দৰ সেন্দুৰীয়া দিনবোৰ। বা, মালা, সমনীয়াৰ লগত সৰুতে খেলা খেলবোৰ কেতিয়াবা অভিমানত মুখেৰে চুপতা-চুপতি লাগি মুখ ওন্দোলাই অলপ সময়লৈ নমতা-নমতিকৈ থকা অভিমানবোৰলৈ, হাতৰ কেঞা আঙুলিৰে “কাট্টি’ দি ইজনীয়ে সিজনীক নামাতো বুলি দৃঢ় প্ৰতিশ্ৰুতি দি খন্তেকতে আকৌ মতা-মতি হোৱা। এনেবোৰ কেতিয়াও নিমজ্জিত নোহোৱা স্মৃতিয়েই এতিয়া মোৰ সহচৰ।

 মই তেতিয়া ষষ্ঠ শ্ৰেণীলৈ উত্তীৰ্ণ হওঁ। আমি থকা ঘৰটোৰ মাটিখিনি কম হোৱাৰ বাবে আমাৰ ঘৰটোৰ কাষতে থকা অলপ বহল মাটি কিনি দেউতাই ঘৰ সাজিবলৈ আৰম্ভ কৰে। আমি আটাইকেইটা বাই-ভনীয়ে নতুন ঘৰলৈ যাবলৈ পাম বুলি যিমান আনন্দিত হ'ব লাগিছিল, সিমান আনন্দিত হ’ব পৰা নাছিলোঁ। আনন্দতকৈ বিষাদে বেছিকৈ আৱৰি ধৰিছিল আমাৰ মনবোৰ। আমি আমাৰ পুৰণা ঘৰটো বেছিকৈ ভাল পাইছিলোঁ। সৰু আছিল যদিও আমাৰ শৈশৱৰ সুখ-দুখ, হাঁহি- কান্দোন, অভিমান সকলো স্মৃতিৰে সাক্ষী আছিল।

 এদিন আমি অতিকৈ আপোন মৰমৰ ঘৰখন এৰি নতুন ঘৰত প্ৰৱেশ কৰিলোহি। এই ঘৰটো আগৰ দৰে বাঁহেৰে বনোৱা দুটা খোটালী, এটা পাকঘৰ, এটা ঢেঁকীঘৰ, এটা সৰু ভঁৰালঘৰ।

 মোৰ নতুন ঘৰটো অলপো ভাল লগা নাছিল। পুৰণি ঘৰটোৰ মোহে এনেদৰে আৱৰি ৰাখিছিল যে মই বহুদিনলৈ সহজ হ’ব পৰা নাছিলোঁ।

[ ২৫ ]  আমি আমাৰ নতুন ঘৰটো পৰিষ্কাৰ পৰিপাটি কৰি ৰাখিবলৈ প্ৰত্যেকজনীয়ে এটা এটা কোঠা ভগাই লৈছিলোঁ। মোৰ ভাগত আছিল আমি শোৱা খোঁটালীটো। বাৰ ভাগত আছিল সন্মুখৰ খোঁটালী আৰু মালাৰ আছিল পাকঘৰটো। তেনেদৰে ঘৰ সৰা, চোতাল সৰা আৰু বাচন ধোৱা ঘৰখনৰ প্ৰত্যেকটো ঘৰখনৰ কাম ভাগ ভাগ কৰি লৈছিলোঁ। আমাৰ এই ভাগ কৰি লোৱা কামখিনিৰ মাজতো এক ভীষণ প্ৰতিযোগিতা চলিছিল আটাইকেইজনীৰ মাজত। কাৰ খোটালী কিমান পৰিষ্কাৰ হৈ আছে। মই বা আন কোনোজনীয়ে যদি কোনোজনীৰ খোটালী অপৰিষ্কাৰ, বিশৃংখল হৈ থকা দেখুৱাব পাৰোঁ, তেনেহ'লে তাই সেইদিনা দেখুৱাই দিয়াজনীৰ আগত লাজতে মূৰ দাঙিব পৰা অৱস্থা হৈ নাথাকিছিল।

 আমাৰ নতুন ঘৰটোৰ আগত এতিয়া এখন দীঘল চোতাল। আমাৰ আৰু খুৰাহঁতৰ দুয়োখন মিলি এখন দীঘল আহল-বহল চোতাল। আমি তাত এতিয়া ‘হৈ গুডু’, ‘ধৰা গুডু’, ‘কাবাডী’, শালিকী এ... লথৌ থৌ... ভাত হ’ল শাক হ’ল, ‘চুৱা চুই’, মুকলিমূৰীয়াকৈ খেলিব পৰা হ'লো।

 ৰজাই হুকুম দিছে, এদিম চেদিম বা

 কি হুকুম দিছে, এদিম চেদিম বা

 ৰজাক ছোৱালী এজনী লাগে এদিম চেদিম বা

 কোন? ছোৱালী লাগে এদিম চেদিম বা...

 ঐ তই মোৰ নামটো ক’ মোক মাত...

 মই সকলোতকৈ আগতে ৰাণী হ’ব বিচাৰিছিলোঁ।

 আন কাৰোবাৰ নাম লোৱাৰ আগতে মই চিঞৰি উঠিছিলোঁ।

 মই ৰাণী হ'ম... মই ৰাণী হ'ম।

 তেতিয়া মোৰ খেলৰ সংগী বা, মালা, আইমণি, সৰুমণিহঁতে প্ৰশ্ন কৰিছিল— ঐ তয়ে সদায় প্ৰথমে ‘ৰাণী’ হ’ব বিচাৰ। তই বাৰু আমাতকৈ আগতে মন পছন্দৰ ‘ৰজা’ বিচাৰি ৰাণী হবি নেকি?

 সিহঁতৰ প্ৰশ্নত মোৰ লাজতে গাল-মূৰ, ৰঙা-চিঙা পৰি গৈছিল।

 অভিমান কৰি কৈছিলোঁ— কিয়?

[ ২৬ ]  তহঁতৰ কিবা আপত্তি আছে নেকি? মই মোৰ পছন্দৰ ’ৰজা’ নিজে বাছি ল’লে?

 মোৰ কথা শুনি আটাইকেইজনীয়ে গিৰ্জনি মাৰি হাঁহি উঠিছিল।

 মই উন্মুক্ত আকাশৰ তলত মুক্ত বিহংগিনীৰ দৰে ফুৰিছিলোঁ। অস্তগামী সূৰুযৰ ৰহণীয়া সৌন্দৰ্যৰ লগত একাত্ম হ'বলৈ আবেলি পথাৰলৈ গৈছিলোঁ বাইদেউ আৰু মালাৰ লগত। পথাৰত হাঁহি, আনন্দৰ এমুঠি সুগন্ধি বিয়পায়, আকাশখন ক্ৰমাৎ তামবৰণীয়া হ'লেই আকৌ ঢাপলি মেলিছিলোঁ ঘৰলৈ। নাছিল তাত মেঘে ঢকা আকাশ। দুখ-বেদনা শব্দবোৰৰ লগত পৰিচয়ো হোৱা নাছিলোঁ। আছিল মাথোঁ পোহৰ, মাথোঁ পোহৰ। প্ৰতিটো ঋতুত চোতালৰ আগত নতুনকৈ সজা ফুলনিখনত ৰঙা-বগা, থোপা-থোপে ফুলা ফুলবোৰ মোৰ চকুত অতুলনীয় আছিল। তন্ময় হৈ শুনিছিলোঁ জীৱনৰ মাধুৰ্য ভৰা গীতবোৰ। কোঁচ ভৰাই তুলিছিলোঁ পথাৰৰ মাজত থকা শিমলু গছজোপাৰ পৰা মোৰ অতি প্ৰিয় ৰং ৰঙা শিমলু ফুলবোৰ। বকুল ফুলৰ মালা গাঁথি ঘৰত সুগন্ধি বিয়পাই ৰাখিছিলোঁ। গোলাপৰ পাপৰিয়ে সুশোভিত হৈ উঠা ফুলনিখনেও মোক অধিক পুলকিত কৰি তুলিছিল। স্কুলৰ পৰা আহি ভাতকেইটা খায়ে সৰুমণি, আইমণি, বাবু, বা আৰু মালা আটাইকেইটাই ভাত-ধেমালি খেলাত ব্যস্ত হৈ পৰিছিলোঁ। মোৰ সংগীকেইজনীয়ে সদায় আমাৰ ঘৰত খেলিবলৈ আহিবলগীয়াত পৰিছিল। মই সিহঁতৰ ঘৰত গৈ খেলিবলৈ বেয়া পাওঁ, গতিকে সিহঁতেই আহিছিল। দেওবাৰ নাইবা বন্ধৰ দিনটো আমাৰ কাৰণে ‘মহাসুখ’ৰ দিন আছিল৷ বাকীকেইটা দিনত স্কুল, টিউশ্যন থকাৰ কাৰণে খেলিবলৈ সময়ৰ অভাৱ হৈছিল।

 আমাৰ আগফালৰ বাৰীত, গোসাঁইঘৰটোৰ পিছফালে এটা ভাত-ধেমালি খেলা ঘৰ সাজি লৈছিলোঁ। সাজি লোৱা ঘৰটোত তামোলৰ ঢকুৱা দি ভাগ ভাগ কৰি এটা বহা কোঠা, এটা পাকঘৰ আৰু এটা গোসাঁইঘৰ বনোৱা হৈছিল। বিছনা আছিল তলত ধানখেৰ পাৰি ওপৰত ফটা বিছনা চাদৰ পৰা। আলহী আহিলে চাহ দিবৰ বাবে দেউতাই চাকৰি কৰা ঠাইৰ পৰা আনি দিয়া সৰু সৰু ৰঙা প্লাষ্টিকৰ কাপপ্লেট ব্যৱহাৰ কৰিছিলোঁ। চাহৰ লগত খাব দিবলৈ মাটি-পানী মিহলাই সৰু সৰু লাড়ু কৰি ৰসগোল্লা, ঘিলা পিঠা আদি বনাই ৰ'দত শুকুৱাই থোৱা সকলো কামেই হৈছিল [ ২৭ ] আমাৰ ভাত-ধেমালি খেলা ঘৰখনত। ভাত-ধেমালি খেলত মা-দেউতাৰ অভিনয়ো চলিছিল। কোন মাক হ’ব, কোন দেউতাক হ'ব, কোন কেঁচুৱা হ'ব, কোন আলহী হৈ আহিব?

 মই তেতিয়ালৈ দেউতাৰ চাইকেলখন দুপিয়াই দুপিয়াই চলাবলৈ শিকাৰ পৰা ওপৰৰ ছিটত বহি চলাব পৰা হ'লোঁ। টিউশ্যন নথকা দিনত আবেলি সময়ত এতিয়া মোৰ এটাই কাম, লগৰ ছোৱালীৰ লগত চাইকেল কোনে কিমান বেগত চলাব পাৰে, তাৰ প্ৰতিযোগিতাত নমা। মই নতুনকৈ ওপৰত চলাবলৈ শিকিয়ে প্ৰতিযোগিতাত নমাৰ কাৰণে, সদায় চাইকেলৰ পৰা পৰিছিলোঁ। তেতিয়া আমাৰ গাঁৱৰ মাজেৰে যোৱা ডিমৌ ৰাইডঙীয়া পথটো নতুনকৈ পকী কৰিছিল।

 এদিন সৰুমণি আৰু আইমণিৰ লগত চাইকেল প্ৰতিযোগিতাত মই চাইকেলৰ পৰা পৰি গ'লোঁ। পথত পেলাই থোৱা সৰু সৰু শিলগুটি মোৰ আঁঠু দুয়োটাতে থেতেলা খাই সোমাই গ'ল। আইমণিহঁতৰ ঘৰলৈ নি দমকলৰ পানীৰে ভৰি ধুৱাই তেজ নাইকিয়া কৰিবলৈ বিচাৰিছিলোঁ। কিন্তু তেজ ধাৰাসাৰে বৈছিলহে। সেই সময়খিনিত উপস্থিত থকা আটাইকেইজনীয়ে বহু ভয় খাইছিলোঁ। বা আৰু মালাই তেতিয়ালৈ চাইকেল চলাবলৈ শিকা নাছিল, গতিকে সিহঁত দুজনী মোৰ লগত নাছিল। কি কৰিম, কি নকৰিম ভাবি মই ভয়ত কান্দিবলৈ ধৰিলোঁ। এনেয়েও মই অলপতে সৰুতে কান্দো। তেজ যদি ৰখাব নোৱাৰোঁ মায়ে দেখিব। কি হ’ব? মোৰ কান্দোনত সিহঁতে বেছিকৈ ভয় খালে। কি হ’ব? কি কৰা যায়। উপায়হীন হৈ সিহঁতে ক’লে— আমি কম দে তোৰ মাক নামাৰিবলৈ। এতিয়া ঘৰলৈ ব’ল, নহ'লে তেজ বেছিকৈ ব’ব।

 ঘৰত আহি সিহঁত দুজনীয়ে মাক ক’লে যে মোক মায়ে মাৰিব বুলি ভয় খাই ঘৰলৈ নহাকৈ থাকিব বিচাৰিছিলোঁ। সিহঁত দুজনীয়ে আশ্বাস দি আনিছে যে সিহঁতে মাক নামাৰিবৰ কাৰণে ক’ব। মায়েও সিহঁতৰ কথাত খং নকৰি তেজ ওলোৱা ঠাইখিনিৰ মাজৰ পৰা সৰু সৰু শিলগুটিবোৰ উলিয়াই ডেটল পানীৰে ধুই দিলে।কেইদিনমানৰ বাবে মই চাইকেল প্ৰতিযোগিতাৰ পৰা বিৰতি ল'বলগা হ’ল, তেজ ওলোৱা ঠাইকণ নুশুকোৱালৈকে।

[ ২৮ ]  ‘এঞ্জেল’ মোৰ নতুন সংগী। তাৰ বয়স হ’ব তিনি-চাৰি মাহ। মুগাবৰণীয়া নোদোকা চুটি চুটি ঠেং কেইটাৰে মোৰ মৰমৰ কুকুৰ পোৱালিটো। মই তাক ৰাস্তাৰ পৰা লৈ আহিছিলোঁ। ডিঙিত এডাল সৰু, দেউতাই চাকৰিৰ ঠাইৰ পৰা অনা শিকলিৰে বান্ধি দিছিলোঁ, যাতে সি মোক এৰি কলৈকো যাব নোৱাৰে। ভঁৰালঘৰটোৰ আগত থকা অমিতা গছজোপাৰ তলত ওখকৈ মাটিৰ ভেটি এটা বনাই তাৰ ওপৰত বস্তা কেইখনমান জাপ জাপ কৰি চিলাই পাৰি দিয়া হৈছিল তাক শুবৰ কাৰণে। তাক খাবলৈ দিয়া, গা ধুৱাই দিয়া, ফুৰাবলৈ নিয়া, সকলোখিনি মোৰ কাম আছিল। ষ্টিলৰ বাচন এটাত খোৱা বস্তু খাইছিল। তাৰ বাচন ধোৱা কামো মোৰ আছিল। তাক পুৱাই মই প্ৰাতঃকৰ্ম কৰাই আনো বাৰীলৈ নি। বা, মালা আৰু বাবুৱে তাক আপডাল নকৰিছিল, ভয় কৰিছিল সিহঁতে তালৈ।

 মই তাৰ একমাত্ৰ গৰাকী আছিলোঁ। বহু ভাল পাইছিলোঁ এঞ্জেলক। তাৰ লগত মই এক প্ৰকাৰে বহু সুখী আছিলোঁ।

 কিন্তু। মোৰ সুখ বেছিদিন নিটিকিল।

 কেইদিনমানৰ পিছত তাক মোৰ লগত থাকিব নিদিয়া হ’ল। সকলোৱে মোক গালি দিব ধৰিলে যে সি কাৰোবাৰ গৰুৰ পোৱালি কামুৰিব আৰু সেই কাৰণে তাক ক'ৰবাত এৰি থৈ আহিব লাগে।

 মই প্ৰতিবাদ কৰিছিলোঁ। এঞ্জেলক মই বান্ধি থওঁ। সি ক’তো নাযায়। তাক মই এৰি নিদিওঁ। সি মোৰ লগতে থাকিব।

 মোৰ প্ৰতিবাদ নৰজিল। মই হাৰিলোঁ তেওঁলোকৰ ওচৰত। মোৰ মনটোক তেওঁলোকে দুখেৰে থকা-সৰকা কৰি সিদ্ধান্ত দিলে--- কাইলৈৰ ভিতৰত ইয়াক তই চুবুৰিৰ পৰা বাহিৰ কৰিব লাগিব।

 মোৰ এঘাৰ বছৰীয়া যুক্তিত পৰাজিত হৈ এঞ্জেলক পিছদিনা থৈ আহিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। পিছদিনা মই এঞ্জেলক লৈ গলোঁ আমাৰ গাঁৱৰ কাষৰ পথাৰখনলৈ। তাক তাত এৰি থৈ আহিবলৈ। মোৰ লগত আছিল ৰমেন, বা, মালা, বাবু। মই তাক বহু মৰম কৰি হুকহুকাই কান্দিলোঁ। তাক এৰি দিওঁতে এনে ভাব হৈছিল— মোৰ শৰীৰৰ কোনোবা অংশ যেন এৰি থৈ আহিছোঁ।

[ ২৯ ]  তাক এৰি দি আমি আটাইকেইটা পিছলৈ নোচোৱাকৈ পথাৰৰ পৰা ঘৰলৈ দৌৰ মাৰিলোঁ। ঘৰ পাই মই বিছনাত বাগৰি চিঞৰি চিঞৰি কান্দিলোঁ। মোৰ কান্দোনত ঘৰখন নিজম পৰি গ'ল। সেই ৰাতি মই ভাত নোখোৱাকৈ শুই পৰিলোঁ।

 পুৱা এঞ্জেলৰ কুঁ-কুঁৱণি মোৰ কাণত পৰাত সাৰ পাই একেজাপে বিছনাৰ পৰা নামিলোঁ।

 সপোন নে দিঠক!

 ক’ত এঞ্জেল?

 দুৱাৰখন খুলি চালোঁ— দুৱাৰমুখত ৰৈ আছে এঞ্জেল। তাক দেখি মই আনন্দত আত্মহাৰা হলোঁ। সিও মোক দেখি এনেকুৱা আচৰণ কৰিলে যেন মই তাৰ লগত নিষ্ঠুৰতা কৰিছোঁ। তাৰ ভোক লগাত ভাত কেইটামান খাবলৈ দিলোঁ। ময়ো যে ৰাতি ভাত নোখোৱাৰ বাবে ভোকত পেট কমলাই আছিলোঁ পাহৰিলোৱেই।

 মা শোৱাৰ পৰা উঠাৰ পিছত মই ক'লোঁ —মোৰ এঞ্জেলক এৰি দিয়াৰ কৰ্তব্য আছিল আৰু মই তোমালোকৰ কথা ৰাখি এৰি দিছিলোঁ। এতিয়া সি আকৌ ঘূৰি আহিল। মই তাক ৰাখিম।

 মায়ে বুজি পাইছিল মই যে তাক এৰি দিব বিচৰা নাছিলোঁ। মায়েও দুখ পাইছিল মোৰ পৰা আঁতৰাই পঠোৱাৰ নিৰ্দেশ দিবলৈ।

 মায়ে বুজাইছিল— আনক দুখ দি নিজে সুখ ল’ব নাপায়। যদি সঁচাকৈ কেতিয়াবা অঘটন হৈ যায়, কি কৰিবি?

 পিছদিনা আকৌ লাগিল হুলস্থুল। এঞ্জেলৰ ভুকভুকনি শুনি মোক এইবাৰ তীক্ষ্ণ নিৰ্দেশ দিলে-- তাক যেন বস্তাত ভৰাই বেলেগ গাঁৱত এৰি থৈ অহা যায়।

 মোৰ কুমলীয়া মনটোত তেওঁলোকৰ তিক্ত বাক্যকেইটাই তৰোৱালে আঘাত দিয়াদি দিলে।

 মই বাধ্য! তেওঁলোক বয়সত মোতকৈ বহু ডাঙৰ। তেওঁলোকৰ নিৰ্দেশ অমান্য কৰিব নোৱাৰোঁ।

 এইবাৰ তেওঁলোকৰ নিৰ্দেশনা অনুসৰি এঞ্জেলক মই আৰু ৰমেনে নি কাষৰ

গাঁওখনত এৰি থৈ আহিলোঁ। চিৰ বিদায় ‘এঞ্জেল’। [ ৩০ ]

(পাঁচ)

 স্কুলত প্ৰায়ে মই নিঃসংগ অনুভৱ কৰিছিলোঁ। স্কুলৰ আন ল'ৰা-ছোৱালীৰ লগত একাত্ম হ’ব পৰা নাছিলোঁ। একেবাৰে অন্তৰংগ বান্ধবী বুলি ক'বলৈও সপ্তম শ্ৰেণীলৈকে এজনীও বাছনিত পৰা নাছিল। এইটো নকওঁ যে তেওঁলোকক মোৰ ভাল নালাগিছিল। মনে মনে ভাবিছিলোঁ- শ্ৰেণীৰ সকলো ল'ৰা-ছোৱালী মিলা- প্ৰীতি, হাঁহি-ধেমালিৰে থাকে। মই কিয় সহযোগ কৰিব নোৱাৰোঁ?

 স্বভাৱতেই মই হাঁহিমুখীয়া নাছিলোঁ। মোৰ গোমোঠা মুখৰ অৱয়ব কাৰোৰে আকৰ্ষণীয় নাছিল। কাৰো লগতে খোলোচাকৈ কথা পাতিব নোৱৰাটো মোৰ কথাৰ দ্বাৰা প্ৰকাশিত হোৱা বাবে লগৰ ল'ৰা-ছোৱালীবোৰেও মোৰ লগত কথা পাতিবলৈ সংকোচ কৰিছিল।

 মাক যেতিয়া আমি আটাইকেইটাৰ জন্মৰ পিছত এক-দুইবছৰ বয়সত কেনেকুৱা আছিলোঁ, কি কৰিছিলোঁ সোধো, মায়ে এটা এটাকৈ আটাইকেইটাৰ স্বভাৱ কেনেকুৱা আছিল কৈ যায়। বা আছিল সকলোৰে অতি মৰমৰ ছোৱালী। তাই দেখিবলৈ ধুনীয়া। মালা আছিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ। তাই ধক্‌ধকীয়া বগা, মৰমলগা ধুনীয়া ছোৱালী। সিহঁত দুয়োজনীয়ে সৰুতে সকলোৰে লগত মিলি গৈছিল। আমি যেতিয়া বেৰেলীত থাকিছিলোঁ, সিহঁত দুয়োজনীক ওচৰৰ কোৱাৰ্টাৰৰ মানুহ দুঘৰে মৰমতে সিহঁতৰ ঘৰত নি দিনটো ৰাখিছিল।

 মোৰ স্বভাৱ সম্বন্ধে মায়ে কৈছিল— মই সৰুৰে পৰা অকলশৰীয়াকৈ থাকি ভাল পাইছিলোঁ। কাৰো ঘৰলৈ নগৈছিলোঁ। কাৰো কোলাত নুঠিছিলোঁ। কাৰো মৰম ল’ব নিবিচাৰিছিলোঁ। যেতিয়াৰ পৰা বহিব পৰা হ'লোঁ অকলে অকলে মাহঁতে কোৱাৰ্টাৰত পোহা কুকুৰাজনীৰ লগতে খেলি থাকিছিলোঁ। মা ক'ৰবালৈ গ'লে সিহঁত দুজনীক কাষৰ ঘৰত থৈ গৈছিল। মই কাৰো ঘৰলৈ নাযাওঁ, গতিকে বাৰাণ্ডাতে কুকুৰাজনীৰ লগতে খেলি থাকিছিলোঁ।

 দেউতাই কোৱা মতে কুকুৰাজনী মোৰ প্ৰহৰী আছিল।

 মোৰ 'বা' শ্ৰেণীটোৰ প্ৰাণকেন্দ্ৰ আছিল। তাই খুব ধুনীয়াকৈ ‘কৌতুক’ ক'ব জানিছিল। জিৰণি পিৰিয়ডত তাইৰ কৌতুক শুনি ছোৱালীবোৰে প্ৰাণ খুলি হাঁহিছিল৷ দুই-এজনীয়ে লগতে এনে মন্তব্যও দিছিল— ‘বায়েকে ইমান ধুনীয়াকৈ ‘কৌতুক’ [ ৩১ ] কৈ হাঁহিৰে এটা সুন্দৰ পৰিবেশ সৃষ্টি কৰিব পাৰে আৰু ভনীয়েকৰ মুখত এটা ’হাঁহি’ও দেখিবলৈ নাপাওঁ।

 সঁচাকৈ স্কুললৈ গৈ আন ল’ৰা-ছোৱালীয়ে যেনেদৰে খেলিছিল, সুখী হৈছিল, মই আনন্দ-ফুৰ্তি কৰি সেই সময়ত সুখী হ'ব নোৱাৰিছিলোঁ।

 কিন্তু! এদিনাখনৰ স্মৃতিয়ে আজিও মোক হাঁহি-আনন্দৰ এক মিশ্ৰিত সুখানুভূতি দিয়ে।

 তেতিয়া মই সপ্তম শ্ৰেণীত। সেইদিনা লগৰ ছোৱালীৰ আব্দাৰত জিৰণি পিৰিয়ডৰ সময়ত স্কুলত থাকিলোঁ। সচৰাচৰ মই জিৰণি সময়ত সদায় ঘৰলৈ গৈছিলোঁ। সেইদিনা মই সিহঁতৰ লগত খেলিবলৈ ল'লোঁ। সেইটো বয়সত খেলিবলৈ পালে কি লাগে আৰু! স্কুল-ঘৰ নে পথাৰ সকলো পাহৰি আমি শ্ৰেণীকোঠাৰ বেঞ্চৰ পাকে পাকে ইজনীয়ে সিজনীক চোৱা-চুই খেলাত ব্যস্ত হৈ পৰিলোঁ। আমাৰ চিঞৰৰ উৎপাতৰ সীমা ইমানেই বেছি হ’ল যে কাষতে থকা কমনৰূমৰ ছাৰসকলে অতিষ্ঠ হৈ সহিব নোৱৰাৰ উপক্ৰম হ’ল। প্ৰধান শিক্ষক ছাৰে কেঁচা বাঁহৰ বেত এডাল লৈ আমাৰ শ্ৰেণীকোঠালৈ সোমাই আহিল।

 ছাৰক দেখি গোটেই ছোৱালীজাক যেনি-তেনি পলাই পত্ৰং দিলে। একমাত্ৰ মই অকলে শ্ৰেণীকোঠাত থাকিলোঁ। ছাৰে খঙত অগ্নিশৰ্মা হৈ মোক মাৰিবলৈ খেদি গ’ল। ময়ো বেঞ্চবিলাকৰ মাজে মাজে দৌৰিবলৈ ধৰিলোঁ। ছাৰে বহু সময়লৈকে বেঞ্চৰ পাকে পাকে দৌৰি থাকিল।

 ছাৰ বহু শকত আছিল। এটা সময়ত ছাৰৰ ভাগৰ লাগিল। মোক ধৰিব নোৱাৰি উপায়হীন হৈ ছাৰে ক'লে— ‘কাইলৈ ইংৰাজী পিৰিয়ডত তোক কি কৰোঁ চাবি।

 ছাৰৰ ভয়ংকৰ শাস্তিৰ আগজাননীয়ে মোৰ অণ্ঠ-কণ্ঠ ভয়ত শুকুৱাই পেলালে।

 শ্ৰেণীকোঠাৰ পৰা ছাৰ ওলাই যোৱাৰ পিছত লগৰীয়াবোৰে আহি ক'লে— ‘কেনেবাকৈ তোক আজি স্কুলত খেলিবলৈ ৰাখিছিলোঁ, কিন্তু এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। কাইলৈ কি হ’ব তোৰ?

 কোনোবা এজনীয়ে তাৰ মাজতে কৈছিল—তইস্কুললৈ নাহিবি। ছাৰে পৰহিলৈ পাহৰি যাব তোৰ কথাটো।

 তাইৰ কথাত মই কৈছিলোঁ— ‘মই স্কুললৈ আহিমেই, ছাৰে মাৰিলেও মাৰিব।' পৰাপক্ষত মই স্কুল খতি নকৰিছিলোঁ। বিনা কাৰণত স্কুল খতি কৰিলেও নিজকে দিনটোত এটা ডাঙৰ অপৰাধ কৰা যেন অনুভৱ হৈছিল আৰু সেই অনুভৱে মোক এনেদৰে দংশন কৰিছিল, যাৰ কাৰণে দিনটো শান্তিৰে থাকিব নোৱাৰিছিলোঁ।

[ ৩২ ]  তেতিয়াৰ দিনত স্কুলীয়া ইউনিফর্ম দিয়া নাছিল যদিও মই সদায় দেউতাই আনি দিয়া স্কুলীয়া ইউনিফর্ম নীলা স্কার্ট আৰু বগা ছার্ট পিন্ধি গৈছিলোঁ। মােৰ চুলিখিনি সৰুৰে পৰা কঁকালত পৰাকৈ দীঘল আছিল। নিজে বেণী গুঠিব নােৱাৰোঁ, গতিকে মায়ে সদায় স্কুললৈ যােৱাৰ আগতে দুডালকৈ বেণী গুঁঠি ৰঙা ফিতাৰে বান্ধি দিছিল। মাৰ সেইটো দৈনন্দিন কাম আছিল।

....

 স্কুলীয়া জীৱনৰ আন এক চিৰযুগমীয়া মনত সাঁচ বহুৱা স্মৃতি আজিও জীৱন্ত হৈ আছে মােৰ মানসপটত। স্মৃতি বুলিও নকওঁ। মােৰ জীৱনৰ এটা অক্ষয় পর্ব। এই পর্বটো আৰম্ভ হৈছিল মই পঞ্চম শ্ৰেণীত পঢ়াৰ পৰা নৱম শ্ৰেণীলৈকে। বা আৰু মই প্রথম শ্রেণীৰ পৰা একেলগে পঢ়িছিলোঁ, একেটা শ্রেণীতে হােৱাৰ বাবে দুয়ােজনীয়ে প্রথম বেঞ্চত একেলগে ওচৰা- উচৰিকৈ বহিছিলোঁ। শ্ৰেণীত কোনাে বিষয়ৰ ওপৰত যেতিয়া ছাৰসকলে আমাক মুখস্থ ধৰায়, বায়ে যদি কেতিয়াবা মুখস্থ দিব নােৱাৰিছিল, তাৰ শাস্তিত ছাৰসকলে বাক মাৰিবলৈ ধৰিছিল—মই তাইক মৰাৰ আগতে গােটেই স্কুল ঘৰটো ৰজনজনাই যােৱাকৈ চিঞৰি চিঞৰি কান্দিছিলোঁ।

 মই ছাৰ জনক কৈছিলোঁ— তাইক নামাৰিব, নামাৰিব।

 ছাৰে আচৰিত হৈ কৈছিল—‘তােকতাে মৰা নাই। তােৰ বায়েৰকহে মাৰিম। তই কিয় কান্দিছ? তােৰ গাততাে কোব পৰা নাই? হয়। মােৰ গাত কোব পৰা নাছিল, কিন্তু বা বাক... যদি কোনােবাই বেয়াকৈ কয় বা মাৰে, তাইতকৈ প্রথমে মােৰ বুকুত আঘাত লাগিছিল। তাইৰ গাত কোব পৰাৰ আগতে মােৰ শৰীৰত বেত্রাঘাত পৰা যেন অনুভৱ হৈছিল। যদিও মই তাইতকৈ দুবছৰ সৰু আছিলোঁ তথাপি তাইতকৈ নিজকে ডাঙৰ ডাঙৰ লাগিছিল। তাইক কোমলকৈ অনুভৱ কৰিছিলোঁ।

 ছাৰসকলে মােৰ কান্দোনত তাইক কোনােদিনে মাৰিব পৰা নাছিল। ছমহীয়া পৰীক্ষাৰ বহী দিয়াৰ সময়তাে ছাৰসকলে তাইক মাতি নি কৈছিল— ‘তই বহীত কম নম্বৰ পােৱাহেঁতেনো তােক পিটন নিদিলােহেঁতেন। যা ভালেই নম্বৰ পাইছ। তােৰ ভনীয়েৰে তোক ইমান ভাল পায় যে তাইৰ হিয়াভগা কান্দোনত তােক আমি চুবই নােৱাৰোঁ।

 ছাৰসকলে মােক পঢ়া নােৱাৰিলে মৰাত মই একো নকৈছিলোঁ। বিনা প্রতিবাদে হাত আগবঢ়াই দিছিলোঁ। মােৰ তেনে আচহুৱা আচৰণত গােটেই স্কুলখনেই কিংকৰ্তব্যবিমূঢ় হৈছিল।

[ ৩৩ ]  কি ছোৱালী এইজনী!

 স্কুল ছুটীৰ পিছত ছাত্ৰ-ছাত্ৰীবিলাকে মোক বাটত জোকাইছিল— বায়েকক মাৰিলে ভনীয়েকে কন্দা কান্দুৰী ছোৱালী বুলি। লাজ-খঙত মোৰ মুখ ফুলি গৈছিল। আমি অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাত এখন নতুন স্কুলত নামভৰ্তি কৰি দিলে। এতিয়া জিৰণি পিৰিয়ডত ঘৰলৈ আহিব নোৱৰা হ'লোঁ। এক কিলোমিটাৰ দূৰত হাইস্কুলখন। প্ৰথম অৱস্থাত স্কুললৈ গৈ ভাল লগা নাছিল। কেইদিনমান পাৰ হৈ যোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মোৰ এজনী বান্ধৱী পালোঁ। মোৰ তাইক ভাল লাগিছিল। তাইৰ নাম পল্লৱী। আমাৰ মাজত এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছিল। আমি দুয়োজনীয়ে ইজনীয়ে সিজনীক স্কুলত নেদেখাকৈ এক মুহূৰ্তও থাকিব পৰা নাছিলোঁ। আমি দুয়োজনীয়ে যদিও স্কুলত লগ হওঁ, তাই মোলৈ আৰু মই তাইলৈ মাজে-সময়ে মনৰ ভাব চিঠিৰ দ্বাৰা আদান-প্ৰদান কৰিছিলোঁ। বহু অন্তৰংগ হোৱা সত্ত্বেও তাৰ মাজতে অলপ ফাঁক আছিল। দুয়োজনীয়ে ইজনীয়ে সিজনীৰ লগত বিলীন হৈ যাব পৰা নাছিলোঁ, তাই মনৰ সকলো কথা ক’বলৈ সংকোচ কৰিছিল। তাৰ কাৰণো আছিল।

 মই তাইৰ দৰে সহজ-সৰল নাছিলোঁ। মই সকলো কথা সহজে গ্ৰহণ কৰিব পৰা ধৰণৰ নহয়। মোৰ স্পষ্টবাদিতাই কেতিয়াবা মোক বিপদত পেলাইছিল।

 হয়তো, কোনোজনৰ মনত আঘাতো দিছিল। লগৰ সমনীয়াই কৈছিল— তাই শীতল পানী আৰু মই জুই।

 ‘জুই আৰু পানী’ কেনেকৈ একেলগে থাকে।

 ছমহীয়া পৰীক্ষা শেষ হ’ল। গৰমৰ বন্ধৰ পিছত পৰীক্ষাৰ বহী দিব। এইখন স্কুলত বা কিমান মাৰ খাব লাগে বহী দিওঁতে! সেই কথা ভাবোঁতে ভাবোঁতে গৰমৰ বন্ধ শেষ হৈ বহী দিয়াৰ দিন সমাগত। হাতত চাৰিডাল বেত লৈ সোমাই আহিল অংকৰ শিক্ষক ’প্ৰমূদ’ ছাৰ। এজন এজনকৈ নাম কাঢ়ি বহী দিয়া আৰম্ভ কৰিছিলহে, মই অলপ অলপকৈ উচুপি উচুপি তাৰ পিছত ডাঙৰ ডাঙৰ শব্দ কৰি কান্দিব ধৰিলোঁ।

 ছাৰে বহীৰ নাম চাই থকাৰ পৰা মূৰ তুলি চাই ক'লে— ‘কিয় কান্দিছ তই?”

 মই মূৰ নোতোলাকৈ কান্দিয়ে থাকিলোঁ, আগতকৈ বেছিকৈ।

 তেতিয়া মোৰ লগত পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে পঢ়া উপাসনাই থিয় হৈ ছাৰক ক'লে— ‘ছাৰ তাই আজি কান্দিবই। আপুনি বহী দিওঁতে তাইৰ বায়েকক মাৰিব বুলি আগৰ পৰাই কান্দি থাকে।

 প্ৰমূদ ছাৰে মোক সুধিলে- তোৰ বায়েৰৰ নাম কি?

[ ৩৪ ]  মই ক'লোঁ— জ্যোতি বৰা।

 ছাৰে তাৰ পিছত তাইৰ নামৰ বহীখন উলিয়াই দি ক'লে—তাইক নামাৰাে দে। তই মাত্র কন্দা বন্ধ কৰ। মােক শান্তিত বহী দিবলৈ দে। পিছলৈ ছাৰে বহী দিবলৈ আহিলে তাইক নামাৰি দি দিয়ে।

-- --- -- --

 ‘তােৰ অন্তৰ কঠুৱা।'

 ‘টেঙা’ নােখােৱা ছােৱালীৰ অন্তৰ কঠুৱা হয়। এই কথাষাৰ মােক কোৱা হৈছিল। স্কুলীয়া দিনবােৰত জিৰণি সময়ত খাবলৈ আমি আমাৰ বাৰীত থকা জলফাই জোপাৰ পৰা ডাঙৰ-সৰু ‘জলফাই’ টেঙা পাৰি লৈ গৈছিলোঁ লগৰ সমনীয়ালৈ। জিৰণি সময়ত স্কুলৰ পিছফালৰ ফিল্ডখনত গােটেইজাক ছােৱালী বহি, কাগজ পাৰি ব্লেডেৰে ‘জলফাই’কাটি নিমখ-জ্বলা দি খাইছিল। মই সিহঁতৰ লগত আছিলোঁ যদিও খােৱা নাছিলোঁ।

 মই ‘টেঙা’ নাখাওঁ।

 তেতিয়া সিহঁতে জোকাইছিল—‘টেঙা’ নােখাৱা ছােৱালীৰ অন্তৰ নাথাকে। কাকো ভাল পাই প্ৰেমত পৰিব নােৱাৰিব। কাঠচিতীয়া অন্তৰক কোনে ভাল পাব?

 মনে মনে ভাবিছিলোঁ..

 সঁচাকৈ, মােক বাৰু... ! [ ৩৫ ]

(ছয়)

 শব্দহীন হুমুনিয়াহত পোত খাইছিল মোৰ দুখ-যন্ত্ৰণা-হতাশাৰে ভৰা শুকান হৃদয়। এক বুজাব নোৱৰা ’মহাশূন্য'ই ভাৰাক্ৰান্ত কৰি তুলিছিল জীৱন। ক্ৰমাগতভাৱে দুখৰ গোন্ধ মলঙিছিল শৰীৰৰ সিৰা, উপ-সিৰাই, প্ৰতিটো অংগতে। সুখী আৰু সুন্দৰ জীৱনৰ সপোনবোৰ চকুতে সীমাবদ্ধ ৰাখি নৈৰাশ্য আৰু স্বপ্নহীন দিশে বাট বুলিছিলোঁ।

 কঁকালৰ নিম্ন অংশ প্ৰস্ৰাৱত প্ৰতিপল তিতি থকাৰ বাবে আগতকৈ ডাঙৰ ডাঙৰ ‘ঘা’হৈ গাঁত হৈছিল। মঙহ খহি খহি হাড় ওলাই গৈছিল। মঙহবোৰ এনেদৰে খহিছিল— বাৰিষাৰ বান আহিলে নদীৰ পাৰ খহাদি।

 বহুদিনৰ মূৰত মোক যেতিয়া বহাই দিয়ে, সোনকালে ‘ঘা’ শুকাবলৈ মায়ে আনি দিয়া দৰ্শন ফাৰ্মাচীৰ সৰু সৰু হোমিঅ’ বড়িবিলাক গুড়ি কৰি ঘাবোৰত সানি দিছিলোঁ মায়ে নেদেখাকৈ। ঔষধবিলাক খাই থাকিলেও নুশুকোৱাৰ বাবে ঘাবোৰত সানি দিলে সোনকালে শুকাই যাব বুলি ভাবিছিলোঁ।

 জুইত আঙুলি ভৰাই দিলে যেনেদৰে পোৰে, মোৰ কঁকালৰ পৰা আড়ষ্ট নিম্ন অংশ অহৰ্নিশে পুৰি থাকিছিল। মোৰ ভৰিৰ পোৰণিৰ যন্ত্ৰণা আছিল বৰ্ণনাতীত। মই তাক ভাষাৰে বা শব্দৰে বুজাবলৈ অপাৰগ।

 আজিও আছে, থাকিবই। মৃত্যুৰ লগতহে সমাধিস্থ হ’ব মোৰ ভৰিৰ পোৰণি।

 মই বাধ্যতাৰ জীৱন স্বীকাৰ কৰিছিলোঁ যন্ত্ৰণাৰ ওচৰত।

 সেই সময়ছোৱাত মই মোৰ বিছনাখন অলপকৈও লৰাব নিদিওঁ, মোকো আনৰ হাতেৰে স্পৰ্শ কৰিব নিদিওঁ। মনৰ ভাব আছিল— মোক স্পৰ্শ কৰিলে বা বিছনাখন লৰাই দিলে বেছিকৈ প্ৰস্ৰাৱ নিগৰিব। এইটো ভ্ৰান্ত ধাৰণা আছিল যদিও মই কেনেকৈ শুকান কাপোৰত অলপ সময় থাকিব পাৰোঁ, সেই ভাবতে আছিলোঁ।

 মায়ে তেতিয়াও মানুহৰ ঘৰত ফটা পেলনীয়া কাপোৰ বিচৰা অভিযান অব্যাহত ৰাখিছিল। এবাৰ খুৰীহঁতৰ খিৰিকীৰ পুৰণি পৰ্দাবোৰ সলাই নতুন পৰ্দা লগাওঁতে মায়ে পুৰণি পৰ্দাখিনি খুৰীক খুজি লৈ আহিছিল। কটন কাপোৰৰ পৰ্দাখিনি মোক আনি দিওঁতে দেউতাই মোলৈ সুস্থ হৈ থাকোঁতে প্ৰতিটো মাঘৰ বিহুত কৰ্মস্থানৰ পৰা আহোঁতে অনা ধুনীয়া ধুনীয়া নতুন ফ্ৰক আনন্দত বাচত জাপি জাপি থোৱাৰ দৰে মই হেঁপাহেৰে বিছনাৰ কাষত জাপি থৈছিলোঁ খুৰীহঁতৰ পেলনীয়া পৰ্দাকেইখন।

[ ৩৬ ]  এনে অবৰ্ণনীয় শাৰীৰিক-মানসিক যন্ত্ৰণাৰ আঘাতৰ প্ৰতিফলনত মোৰ মন- মগজুত বাহ লৈছিল— ‘মৃত্যু’ নামৰ দৈত্যটোৱে।

 ’মৃত্যু’ জীৱনৰ শেষ দেৱালত অঁকা বিধ্বস্ত উপত্যকাৰ ভগ্ন শিলালিপি। ই ভয়ংকৰ যন্ত্ৰণাৰ পৰা মুক্তি দিয়াৰ শেষ আশ্ৰয় আছিল মোৰ। ’মত্যু’ কোনোৱে কামনা নকৰে। সৃষ্টিৰ দলিলত ’মত্যু’ চিৰন্তন সত্য যদিও তাক সহজে মানি লোৱাটো কঠিন। ’মৃত্যু’ এক ভয়ংকৰ সত্য।

 দিন-ৰাতি এতিয়া মোৰ এটাই লক্ষ্য— ‘মৃত্যু'। মানসিকভাৱে কচৰৎ কৰি থাকিছিলোঁ। ’মৃত্যু’ নামৰ দৈত্যটোৰ লগত প্ৰতিপল। কেনেকৈ সফল হ'ম। যন্ত্ৰণাৰ পৰা মুক্তি পাই মৃত্যুৰ কোলাত প্ৰশান্তি ল’বলৈ এটা উপায় উলিয়ালোঁ।

 ‘আত্মহত্যা!’

 উচপ খোৱা, আতংকিত, জিভা কোঁচ খাই অহা এটা শব্দ। শব্দটো মুখেৰে উচ্চাৰণ কৰোঁতে মোৰ শৰীৰৰ মাজেৰে তড়িৎ গতিৰে তেজ চলাচল কৰিব ধৰিলে। এক উদ্বিগ্ন শিহৰণত শিহৰিত হৈছিলোঁ। কম্পিত হৈছিল কেঁচা কলিজা। দুচকুৰে জৰ্‌জৰ্‌কৈ নিগৰিছিল চকুলো।

 সেই সময়ছোৱাত অত্যধিক কষ্টই সৰ্বশৰীৰ পীড়িত কৰি থাকে। গতিকে নিশা খুব কম টোপনি হৈছিল। খুব কম বুলিবলৈ চিলমিলকৈ এক-দুই ঘন্টা। কেতিয়াবা মেলা চকু মেলাতে ৰাতি পুৱাইছিল।

 মায়ে যেতিয়া ডাক্তৰৰ পৰামৰ্শ ল'বলৈ গ'ল, ডাক্তৰে ‘শ্লিপিং’ টেবলেট লিখি দিলে— যেতিয়া একেবাৰে টোপনি নাহে তাৰে এটা মোক খুৱাই দিবলৈ ক'লে। লগতে এইটোও সাৱধান কৰি দিলে যে একেলগে গোটেইকেইটা খালে হয়তো মৰি যাবও পাৰে।

 মায়ে টেবলেটকেইটা কিনি আনি মোৰ ওচৰত থোৱা নাছিল। এনেয়ে মই যি ঔষধ খাওঁ মোৰ বিছনাৰ আগত থকা দীঘল বেঞ্চখনতে হয়। মায়ে চাগৈ মনে মনে ভাবিছিল মোৰ ওচৰত থ’লে মই গোটেইকেইটা একেলগে খাই মৰি যাম।

 মায়ে মোক জীয়াই ৰাখিব বিচাৰিছিল। মোৰ কাৰণে ইমান কষ্ট কৰিবলগীয়া হোৱা সত্ত্বেও তেওঁ মোক হেৰুৱাব বিচৰা নাছিল।

 ‘মা অন্যন্যা’

 মই মনে মনে এটা বুদ্ধি সাজিলোঁ। এটা এটাকৈ খাবলৈ দিয়া ‘শ্লিপিং’ টেবলেটকেইটা নাখাই গোটাই গোটাই দহটা যেতিয়া গোট খাব, একেলগে এদিন ৰাতি খাই দিম। মৰি থাকিম...।

[ ৩৭ ]  বুদ্ধি সজা মতে, মই এটা এটাকৈ গোটাই থ'লোঁ। মায়ে যেতিয়া ‘শ্লিপিং’ টেবলেটটো মোৰ হাতত তুলি দিয়ে-- এক শূন্যতাই হেঁচা মাৰি ধৰে বুকুখন। পৰিমাপহীন বিষাদে কোলাহল কৰি তোলে কোঠাটো।

 মাৰ চকুত চকু থ’ব নোৱাৰোঁ।

 মই মা-দেউতা, বা, মালা, বাবুক চিৰদিনৰ বাবে এৰি যোৱাৰ যি প্ৰস্তুতি আৰম্ভ কৰিছোঁ , তাৰ উমান ঘুণাক্ষৰেও সিহঁতে গম নাপায়। সেই কথা ভাবি আতুৰ হৈ পৰোঁ।

 যিদিনা মায়ে ‘শ্লিপিং’ টেবলেট খাব দি ভাবিছিল—মই শান্তিৰে আজি টোপনি যাম। সেই ৰাতি টোপনিৰ বিপৰীতে মই যে গোটেই ৰাতি উজাগৰে থাকি চকুৰ পানীৰে গাৰু তিয়াইছিলোঁ মা অজ্ঞাত আছিল। গোটেই ৰাতি নিঃশব্দে চকুলো টুকিছিলোঁ। কান্দোনৰ উচ্চাৰণ ডাঙৰ হ'লে মাহঁতে টোপনিৰ পৰা সাৰ পাই যাব বুলি উশাহটোও মই নিজে উমান নোপোৱাকৈ লৈছিলোঁ।

 মোৰ অন্তহীন দুখৰ জীৱন আৰম্ভ হোৱা দিনৰ পৰা এটা নিশাও বাদ পৰা নাছিল চকুলোৰে সিক্ত দুনয়নৰ লগত পাৰ নকৰা। মই গোটেই নিশা হিয়া উজাৰি কান্দিছিলোঁ এইকাৰণতে পিছদিনা ঘৰখনৰ লগত এটা সুন্দৰ হাঁহি, আনন্দৰ পৰিবেশ গঢ়ি তুলিবলৈ।

 প্ৰতিনিশাৰ কান্দোনে মোক সাহস দিছিল পিছদিনা হাঁহিবলৈ।

 মই দুখৰ পোছাক পিন্ধি সুখী হোৱাৰ অভিনয় কৰিছিলোঁ। কোনোদিনে দুখ- যন্ত্ৰণা, পোৱা- নোপোৱাৰ হিচাপ কৰি ঘৰখনৰ মানুহখিনিৰ মনত মনোকষ্ট দিয়া নাছিলোঁ।

 এটা, দুটা, তিনিটা। কিমান দিনৰ অন্তত দহটা হ’ব? সময় যেন লেহেমীয়া গতিত গতি কৰিছে। টেলেটকেইটা ঘৰৰ মানুহে পায় বুলি সতৰ্কতাৰে বিছনাৰ তলত লুকুৱাই থৈছিলোঁ। মাজে মাজে ভয় হৈছিল, কোনোবাই পায় নেকি?

 আজি দহটা হ’ব। একেলগে খাই দিম। পুৱাৰ পৰা অধিক অপেক্ষাৰে ক্ষণ গণি থাকিলোঁ। মুক্তিৰ সময় সমাগত হোৱাত মনটো দুখ-বেদনাই মৰ্মাহত কৰি তুলিছিল।

 আজি মোৰ জীৱনৰ অন্তিম দিন। মৃত্যুৰ কোলাত প্ৰশান্তিৰে শুই পৰিম চিৰদিনলৈ! মাহঁতৰ মৰম-চেনেহ এৰি মই গুচি যাম!

 মোৰ মৃত্যুৰ পিছত মা-দেউতাই বাৰু কিমান কান্দিব?

 বা, মালা আৰু বাবুৱে মোক কিমান দিনলৈ মনত পেলাই কান্দিব? সিহঁতেতো মোক বহু মৰম কৰে। অসুখ হোৱাৰ পিছতো সিহঁতে প্ৰতিটো পল মোৰ লগত পাৰ [ ৩৮ ] কৰে। কেতিয়াও নিঃসংগ অনুভৱ কৰিব নিদিয়ে। মোৰ ৰক্তাক্ত হৃদয় সিহঁতৰ মৰমৰ উমে জুৰ পৰি থাকে।

 সেইদিনা নিশাৰ ভাত মই নাখাওঁ বুলি ক'লোঁ। মায়ে নামানিলে।

 অলপ খাবই লাগিব। আজি টোপনিৰ টেবলেট খাব লাগিব। যদি ভাত নাখাৱ টোপনিৰ টেবলেট খাব নোৱাৰিবি।

 মাৰ কথাত ভাবিলোঁ আৰু এটা দিনো কষ্ট যন্ত্ৰণা নলওঁ। আজিয়ে মই মৰিম...।

 ভাত খালোঁ।

 ভাত খোৱাৰ পিছত মায়ে হাতত তুলি দিলে অপেক্ষাৰ অন্তিম টেবলেটটো।

 এতিয়া মই ক্ষণ গণিছোঁ মাহঁত শোৱালৈ.........।

 মাহঁত শোৱাৰ পিছত দহটা ‘শ্লিপিং’ টেবলেট হাতৰ তলুৱাত লৈ একেলগে মুখত ভৰাই দিলোঁ। বেঞ্চত থকা পানীগিলাচ পি টেলেটকেইটা গিলি দিলোঁ।

........

 কাণৰ ওচৰত কিছুমান অস্পষ্ট ভুনভুননি।

 অলপ অলপকৈ চকু মেল খাইছে, আকৌ মুদ গৈছে। মুখৰ ভিতৰত টেঙা এসোপা ভৰাই দিছিল। মুখখন বিকটা-বিকট কৰি থু-থুৱাইছিলোঁ৷ মায়ে জোৰে জোৰে গাত ধৰি জোকাৰি আছিল। চকুত পানী ছটিয়াই দিছিল।

 নাই.., মই সাৰ নাপাওঁহে নাপাওঁ!

 মাহঁতে ভয় খাইছিল, ৰাতিৰ টোপনিৰ টেবলেটটোৱে মোক একেবাৰে সাৰ নোপোৱা কৰিলে নেকি? এনেদৰে সাৰ নোপোৱাকৈ পিছৰ দিনটো আৰু ৰাতিটোও শুই থাকিলোঁ।

 তাৰ পিছৰ দিনা দুপৰীয়া মাৰ চিঞৰত সাৰ পালোঁ।

 সাৰ পাই দেখোঁ গোটেই ঘৰৰ মানুহকেইটা মোলৈ চাই কান্দি আছে। ময়ো সিহঁতক দেখি কান্দিলোঁ। এক শোকাকুল পৰিৱেশ।

 মায়ে সুধিলে— কিয় ইমানকৈ শুইছিলি?

 মাৰ প্ৰশ্নৰ উত্তৰত সঁচা কথা ক'লোঁ— মই একেলগে দহটা ‘শ্লিপিং’ টেবলেট খাই মৰি যাব বিচাৰিছিলোঁ।

 মায়ে আতংকিত হৈ সুধিলে— ক’ত পালি দহটা টেব্‌লেট?

 মই ক'লোঁ— যেতিয়া ৰাতি টেবলেট খাব দিয়ে, মই নাখাই গোটাই গৈছিলোঁ আৰু দহটা হোৱাৰ লগে লগে খাই দিলোঁ মৰি যাম বুলি!

[ ৩৯ ]  কিন্তু?

 কেইদিনমানলৈ ঘৰখনৰ প্ৰত্যেকজন মানুহৰ বুকুৱে বুকুৱে খোজকাঢ়ি ফুৰিছিল বিষাদে।

 মৃত্যু সম্পৰ্কে মোৰ মনত দকৈ বহি যোৱা উপলব্ধিটোৱে কেইদিনমানলৈ মোক ‘মূক’ কৰি ৰাখিলে। শূন্যতাই গাঢ় কৰিছিল কোঠাটো।

 নিজকে মই প্ৰস্তুত কৰিছিলোঁ আকৌ মাহঁতৰ লগত এক সহজ পৰিৱেশ গঢ়ি তুলিবলৈ। যন্ত্ৰণা আৰু বিষাদ মোৰ বাবে উশাহ-নিশাহ হৈ পৰিছিল। দুখ-যন্ত্ৰণাৰ জীৱন সংগ্ৰামৰ চাকনৈয়াত মই পুনঃ ডুবি থাকিলোঁ অহৰহ।

 মই জীৱন-যুঁজত পৰাজয় হৈ আত্মহত্যা কৰিব বিচৰা নাছিলোঁ। যন্ত্ৰণাৰে পীড়িত জীৱনৰ পৰা মুক্তি বিচাৰিহে, সেই দুৰ্বল পথটো বাছি লৈছিলোঁ৷ [ ৪০ ]

(সাত)

 ‘জোনবাই' মোৰ একান্ত ব্যক্তিগত সঁফুৰাটো দ্বিধাহীনভাৱে খুলি দিব পৰা জোনাক নিশাৰ সংগী। পূৰঠ প্ৰাণোজ্জ্বল মুখখন চোৱাৰ অপেক্ষাত দুপৰ নিশাও চকুযুৰি পলক নেপেলোৱাকৈ খিৰিকীৰে চাই থাকিছিলোঁ, মোৰ লগত নিশা উজাগৰে আছিল মা। গৰম দিনত মোৰ বিছনাৰ কাষত মা দুপৰ নিশালৈকে হাতত বিচনীখন লৈ বিৰামহীনভাৱে ‘বা’ দি থাকিছিল। গৰমৰ দিনত বিজুলী সঘনাই কৰ্তন কৰে, গতিকে বিজুলী নাথাকে বুলিবই পাৰি। মই নিজে বিচি ল’ব নোৱাৰোঁ, গতিকে, মায়ে গেটেই নিশা বিছনাৰ কাষৰ টুলখনত বহি ‘বা’ দি থাকিছিল।

 মাক মই তেনে অমানুষিক কষ্ট দিয়াৰ বাবে তেতিয়াও, আজিও নিজকে ক্ষমা কৰিব পৰা নাই৷ উপায়হীন আছিলোঁ।

 এবাৰ গৰম দিনত গাঁৱৰ ট্ৰেঞ্চফৰ্মাৰটো বিকল হোৱাৰ বাবে গৰমৰ ছমাহ দিন গাঁৱত বিজুলী নাছিল। সেইদিন কেইটাৰ কথা ভাবিলে আজিও মোৰ চকুপানী সৰ্ সৰ্ কৰে নিগৰে। কঁকালৰ নিম্ন অংশ ওপৰে তলে দুখন ডাঠ প্লাষ্টিকৰ পলিথিনৰ মাজত সোমাই থকাৰ ফলত ভৰিৰ ঘাবোৰ গেলি গৈছিল।

 অধীৰ আৱেগ মিহলি হৈ আছিল প্ৰতিটো ক্ষণ। বুকুৰ মাজত ঠাহ খাই থকা প্ৰাপ্তি-অপ্ৰাপ্তি, সুখ-দুখ, হাঁহি-কান্দোন, হুমুনিয়াহবোৰ উবুৰিয়াই থ'বলৈ প্ৰতিটো মাহৰ প্ৰতিটো পল প্ৰতীক্ষাৰে পাৰ কৰিছিলোঁ।

 কেতিয়াবা শান্ত, সুবিশাল মুক্ত আকাশত নাইবা কেতিয়াবা গোমোঠা ডাৱৰে অগা-ডেৱা কৰি থকা মায়াময় আকাশৰ বুকুত আগমন হৈ। মই থকা কোঠাটোৰ খোলা খিৰিকীৰে ভুমুকি মাৰি জোনটোৱে সুধিছিল...

 কেনে আছা তুমি?

 জোনবাই, তোমাৰ চমু প্ৰশ্ন, মোৰ মৌন দীঘলীয়া উত্তৰ শেষ নৌহওঁতেই সময় গতিশীল বুলি নিঃশব্দে বুজাই গুচি গৈছিলা। মোৰ অভিমানী মনটো আকোৰগোঁজ হৈ পৰিছিল তোমাক কাষত পাবলৈ, আধৰুৱা কথাবোৰ শেষ কৰিবলৈ। সূৰ্যৰ তাপত ডাৱৰ গলিব ধৰাৰ দৰে মোৰ বুকুৰ ভিতৰত চকুলো গলিছিল।

 ক’বলৈ থাকি গৈছিল- তুমি মোৰ নিঃসংগতাৰ সংগী হোৱাৰ আগতে নৈসৰ্গিক প্ৰাণ-প্ৰাচুৰ্য্যৰে ভৰা অপৰূপ সৌন্দৰ্যৰ অধিকাৰী ধৰিত্ৰী মোৰ সংগী আছিল। [ ৪১ ] মুঠি মুঠি সপোন সিঁচৰতি হৈ আছিল মোৰ চৌপাশে, চৰাই-চিৰিকটিৰ কলকলনিত সাৰ পাইছিল প্ৰতিটো পুৱা। মোৰ চিঞৰত ঘৰৰ পিছফালৰ বাৰীত মই শোৱাৰ পৰা নুঠাৰ আগৰে পৰা কোৰ মাৰি থকা মায়ে য’ৰ কাম ত’তে এৰি থৈ গা ধুই চাহৰ কাপটো মোক আগতেই দিছিলহি।

 য'ত মোৰ খোজৰ চাবত ফুটিছিল চোতালত বাৰিষাৰ বৰষুণ ফুল। বৰষুণত তিতি জুৰুলি জুপুৰি হৈ পখিলাৰ দৰে ডেও দি দি নাচিছিলোঁ। গৰম দিনত ঘামচিৰ চিটচিটনিৰ পৰা পৰিত্ৰাণ পাবলৈ আইতাহঁতৰ মুখত শুনা, দুটা ঘৰৰ মাজত থকা নাওৰাৰ পৰা বাগৰি অহা বৰষুণৰ পানীত তিতি গা ধুলে ঘামচি নাইকিয়া হয় বুলি কথিত বাক্যশাৰী নিজে প্ৰয়োগ কৰি চাইছিলোঁ। নতুনকৈ ইটা বালিৰে পকী কৰা দমকলটোৰ তলৰ ঠাইখিনিত পানী যাবলৈ থোৱা সৰু লুৰিটোত পলিথিনিৰ মোনাত বালি ভৰাই পলিথিনটোৰ মুখখন টানকৈ বান্ধি পানী ওলাই যাব নোৱাৰাকৈ লুৰিটোত সোপা দিছিলোঁ। দমকল মাৰি মাৰি পকাখিনিত অলপ পানীৰে সৰু পুখুৰী বনাই তাতে আটাইকেইটাই গা ধুইছিলোঁ।

 আঘোণৰ পথাৰত ধান পকা দিনত সোণোৱালী পথাৰৰ পৰা লক্ষেশ্বৰ খুড়াই ধান কঢ়িয়াবলৈ ওলাওঁতে উদং গৰু গাড়ীত উঠি বা, মালা আৰু বাবুৰ সৈতে গৈছিলোঁ। খুড়াই কাটি থোৱা ধানৰ মুঠিবোৰ ডাঙৰি বান্ধি গৰুগাড়ীত ভৰায় মানে আমি আটাইকেইটাই পথাৰত পৰি থকা ধানৰ লেছেৰি বুটলিছিলোঁ। লেছেৰিবোৰ বুটলি লগত নিয়া নিজৰ নিজৰ পলিথিনৰ মোনাকেইটাত ভৰাইছিলোঁ। কাৰ মোনাত বেছি লেছেৰি ভৰিছিল, তাৰো প্ৰতিযোগিতা চলিছিল।

.....

 আজিও মোৰ দুচকুত সোণালী শৈশৱৰ কেতিয়াও বিলীন নোহোৱা মধুৰ স্মৃতিবোৰ জীৱন্ত হৈ আছে। আমি গৰুগাড়ীৰ পিছে পিছে মোনাকেইটা জোকাৰি পোকাৰি ঘৰমুৱা পখীৰ দৰে ঘৰলৈ ওভতো! মনত পাৰাপাৰহীন আনন্দ— আজি মই মোনাত সিহঁততকৈ বেছি ধান গোটালোঁ। এইবাৰ ধান বেচি বহু টকা পাম। সেই টকাৰে কি কৰিম। ক্লিপ কিনিম নে খাৰু কিনিম। নে ধুনীয়া চাই এটা কলম কিনিম!

 কিমান যে ভাবনা! লেখহীন!

 ধানৰ লেছেৰিখিনি আনি নিজৰ নিজৰ সদায় থোৱা ধানৰ দ'মখিনিত থৈ দিওঁ। দ’ম বুলি ক'বলৈ এক কেজিয়ে এটা দ’ম।

 মনে মনে এই শংকাতো থাকে, সিহঁতকেইটাই মোৰ পৰা মই গম নোপোৱাকৈ ধান লৈ যাব নেকি? সিহঁতে মোতকৈ বেছি টকা পাব নেকি? [ ৪২ ]  কিমান যে দুঃচিন্তাই অগা-ডেৱা কৰি থাকে। এহ, সোনকালে ধানখিনি ভৰিৰে মোহাৰি কাইলৈ বেচি দিম। আমাৰ ধান কিনা মানুহ এগৰাকী আছিল আমাৰ ‘মা’। আমি ধানখিনি মাৰ তাত প্ৰতিবাৰে দৰ-দাম কৰি বেচো, মায়েও আমাৰ ধানৰ দৰ-দাম কৰি কিনি লয়। আমি আটাইকেইটাই পথাৰৰ পৰা বুটলি অনা নিজৰ নিজৰ ধানৰ গৰাকী হওঁ। নিজকে নিজে বয়সত বহু ডাঙৰ মানুহ, ডাঙৰ মানুহ যেন লাগে।

 মাৰ লগত আমি দৰ-দামত চুপতা চুপতিও কৰোঁ, কমাই দিলে নহ'ব। ধানৰ দাম বাঢ়িছে। আমি কম দামত নিদিওঁ।

 মায়েও আমাৰ কুমলীয়া মনকেইটা মৰহি নাযাবলৈ দুই-এটকা বেছিকৈ দি আনন্দেৰে মনটো ভৰাই দিয়ে! খুড়াই মৰণা মাৰিলে আমি কেইটাও খুড়াহঁতৰ ঘৰত গৈ গৰু খেদি মৰণা ফুৰাই দিওঁ। ধানৰ ওপৰত আমিকেইটা স্ফুৰ্তিতে জঁপিয়াই জঁপিয়াই পৰোঁ। চোতালত থাক থাককৈ থোৱা ডাঙৰিবোৰৰ মাজত লুকাভাকু খেলোঁ। আমাৰ হাঁহি আনন্দৰ খলকনিত গোটেই চুবুৰিটোৱেই ৰজনজনাইছিল। সন্ধিয়া যেতিয়া মায়ে ভৰি ধুৱাই দিয়ে, ধানৰ খেৰে কটা ভৰিত পানী লাগি কলাফুল চিটচিটাইছিল। আমিকেইটাই কান্দিছিলোঁ। মায়ে খঙতে মিঠাতেল সানি দি কৈছিল - ‘কালিৰ পৰা যাবিচোন তহঁতক কি কৰোঁ দেখিবি।’

 মোকতো মায়ে বেছিকৈ গালি দিছিল এটা কাৰণত। গধূলি হলেই মোৰ ভৰি দুখন তীব্ৰ বিষাইছিল। মই সৰুৰে পৰাই দুৰ্বল আছিলোঁ। দুৰ্বল এই কাৰণে আছিলোঁ যে খোৱাৰ প্ৰতি মোৰ আছিল অনীহা আৰু অৰুচি। পৰিষ্কাৰ হাতখনেৰে খালে হাতখন লেতেৰা হ'ব, মুখখন লেতেৰা হ’ব, এই ভাবতে মই নাখাইছিলোঁ আৰু ইয়াৰ লগতে এলাহ নামৰ প্ৰধান শত্ৰুটোও কাৰণ আছিল। জেংখৰি যেন ভৰিকেইটাৰে ‘চোৱা-চুই’ ‘কাবাদী’, ‘হৌ-গুডু’ যিকোনো খেল খেলিলে বা কেতিয়াবা এনেয়ে দৌৰ মাৰিলেও অলপতে পৰি গৈছিলোঁ। চোতালত খেলি থাকিলে ধপকৈ কিবা শব্দ হয়, মা আতংকিত হৈছিল— মই দৌৰোঁতে আকৌ পৰিলোঁ নেকি।

 মই পৰিলেও গাত লগা মাটিখিনি জোকাৰি-পোকাৰি, সেমেনা সেমেনি কৰি হাঁহি হাঁহি কওঁ নকওঁকৈ কওঁ - মই দুখেই পোৱা নাই। চাওক। এনেয়ে ঘূৰি চাওঁতে পৰি গ'লোঁ।

 খোৱাত মই একেবাৰে বেয়া। কোনোটো বস্তু আগ্ৰহেৰে নাখাওঁ। একপ্ৰকাৰে ক'বলৈ গ'লে “জীৱনত বেয়া পোৱা প্ৰথম কামটোৱে হ'ল মই খাই বেয়া পাওঁ।

 - মায়ে এতিয়া মোৰ এই যন্ত্ৰণাদায়ক খোজবিহীন জীৱনৰ কাৰণে মই খাই বেয়া পোৱাটোও একপ্ৰকাৰৰ কাৰণ বুলি দুখ প্ৰকাশ কৰে। মাৰ মতে,যদি সৰুৰে [ ৪৩ ] পৰাই ভালদৰে খালোঁ হয়, হয়তো মোৰ শৰীৰটোৱে যুঁজ দিব পাৰিলে হয়, এই দুৰ্ঘটনাৰ লগত৷

 খোৱা বস্তুৰ প্ৰতি অনীহা আজিও আছে। আমি স্কুললৈ যোৱাৰ দিনত স্কুললৈ যোৱাৰ আগতে আনৰ ঘৰত লগাই লোৱা এপোৱা গাখীৰকে চাৰিওটাকে ষ্টীলৰ কাপ চাৰিটাত ভগাই দিছিল। মই সেই অকণমান গাখীৰৰ পিবলৈ এলাহ কৰিছিলোঁ। এলাহৰ লগতে খাই তৃপ্তি পোৱা তালিকাখনো মোৰ তেনেই চুটি।

 মই আমাৰ আগ চোতালখনত খেলি খুব ভাল পাইছিলোঁ। বা, মালা, বাবু, ৰমেন, সৰুমণিৰ লগত খেলোঁতে উন্মনা হৈ পৰিছিলোঁ। প্ৰকৃতিৰ ভিন্ন ৰূপ ৰং, ভিন্ন স্বাদ, সুখৰ অধিকাৰী আছিলোঁ।

 মা, যেতিয়া প্ৰতি মাহে দেউতাই কৰ্মস্থানৰ পৰা ঘৰ চলাবলৈ পঠিওৱা টকা আনিবলৈ নগাঁও চহৰত থকা বেংকলৈ যায়, সেইদিনা আমাক ঘৰত কোনে পায়, আৰু গোটেই ঘৰটোত আমাৰ হাঁহি-স্ফুৰ্তি, চিঞৰত বিয়াঘৰ হোৱাদি হৈ থাকে। মাক ৰাস্তাত আগবঢ়াই থ’বলৈ গৈ তিনিআলিৰ পৰা আইমণিক লগত লৈ আহোঁ তাইৰ মাকক সুধি। লগতে লৈ আহোঁ সৰুমণিকো। ঘৰ আহি পায়ে বাকচৰ পৰা মাৰ নতুন চাদৰ মেখেলা উলিয়াই গোটেই কেইজনীয়ে পিন্ধি লওঁ। মই কিন্তু মা ঘৰত নথকা দিনত খেলাৰ লগতে সদায় এটা বেলেগ সুযোগৰ অপেক্ষাতহে থাকোঁ।

 মাৰ কাপোৰ থোৱা টিঙৰ বাকচটোত দুখন কিতাপ কাপোৰৰ মাজত জাপি ভৰাই থোৱা আছিল। মোৰ উৎসুক কণমানি মনটো মায়ে যেতিয়া বাকচটো খোলে, তেতিয়া মোৰ চকুত পৰা নীলা ৰঙৰ বেটুপাতৰ কিতাপখনে অধিক আকৰ্ষণ কৰিছিল।

 মাক যেতিয়া সুধিছিলোঁ— কিতাপখনত কি লিখা আছে? মই পঢ়িম।

 মায়ে কৈছিল— সেইখন বাহিৰা কিতাপ, এতিয়া নপঢ়ে। মই মাক আকৌ খুঁচৰি খুঁচৰি সুধিছিলোঁ— কি বাহিৰা কিতাপ? তাততো আমাৰ কিতাপত থকাৰ দৰে অ-আ-ক-খ আখৰেৰে বাক্য সজা আছে? মায়ে নম্ৰভাৱে বুজাই দিছিল—হয় তহঁতে পঢ়াৰ দৰে আখৰ আছে। কিন্তু এইখন কিতাপ ডাঙৰ মানুহেহে পঢ়ে।

 মনতে ভাবিছিলোঁ— কি ডাঙৰ মানুহে পঢ়া কিতাপ?

 ডাঙৰ মানুহে পঢ়া কিতাপ এই ভাবটোৱে মোৰ মন-মগজুত অহৰহ খুন্দিয়াই থাকিছিল। সেয়ে, মা ক'ৰবালৈ গ'লে মোৰ খেলাতকৈ ডাঙৰ কাম হ'ল— মাৰ বাকচ খুলি বাহিৰা কিতাপখনৰ মাজত কি লিখা আছে পঢ়ি চোৱা।

 দৌৰাদৌৰিকৈ সিহঁতে কাপোৰ উলিয়াই পিন্ধাত লাগে আৰু মই কিতাপকেইখন কোনখিনিত আছে খোঁচৰো।

[ ৪৪ ]  আচৰিত কথা, কিতাপ দুখন হাতত তুলি লোৱাৰ লগে লগে সৰ্বশৰীৰ থকথককৈ কঁপিব ধৰিলে। মাৰ সাৱধান বাণী কৰ্ণকুহৰত কম্পন কৰিব ধৰিলে —’বাহিৰা কিতাপ পঢ়িব নাপায়। নপঢ়িবি। ভয়তে মোৰ ঘামি জামি অৱস্থা নোহোৱা হ'ল। জাপি-কুচি আকৌ মায়ে থোৱা ভাঁজে ভাঁজে থৈ দিলোঁ। পঢ়া নহ'ল।

 কেইদিনমান যোৱাৰ পিছত মনটো আকৌ উচুপিচাই থাকে। কি বা আছে কিতাপখনত! এবাৰ পঢ়িবলৈ পোৱা হ'লে। এইবাৰ পঢ়িমেই....পঢ়িম।

 বেটুপাতটো গাঢ় নীলা। কিতাপখনৰ নাম ‘শানিত নখ’। আনখনৰ নাম ‘অনল বাসনা। জিজ্ঞাসু মনটোৰে লোভ সামৰিব নোৱাৰি মাজে সময়ে বেটুপাতটোতে হাত ফুৰাই থাকোঁ, কাপোৰ বিচৰাৰ ছলেৰে।

 এদিন পঢ়িমেই!!!

 মা আজি যাব! মই পঢ়িম।

 আকৌ, সেই একে পুনৰাবৃত্তি। জাপি থৈ দিওঁ।

 কাবাডী-কাবাডী-কাবাডী...

 ৰমেনৰ উশাহটো বহু দীঘল আছিল। সি এটা উশাহতে গোটেইকেইটাকে চুই মাৰি থৈ আহিব পাৰিছিল। তাৰ এটাই লক্ষ্য আছিল মোক প্ৰথমে চুই মাৰি লোৱা। মই মৰিলে সিহঁতৰ ফৈদটো জিকি যাব। আমি দুয়োটা সদায় দুটা ফৈদত হৈছিলোঁ। সি সদায় মোৰ প্ৰতিদ্বন্দ্বী আছিল। দুয়োটা খেলত পাকৈত আছিলোঁ। সি মোতকৈ শাৰীৰিকভাৱে অধিক শক্তিশালী আছিল। মই শাৰীৰিকভাৱে অধিক দুৰ্বল আছিলোঁ যদিও মানসিকভাৱে সৰুৰে পৰা শক্তিশালী আছিলোঁ। খেলত মোক হৰুৱাটো তাৰ কাৰণেও কঠিন আছিল।     এই অজীৰ্ণ শৈশৱৰ অনুপম স্মৃতিবোৰ আজিও শেলুৱৈধৰা হৃদয়ত জীপাল হৈ আছে। যদিও শৈশৱৰ সোণালী দিনবোৰ আজি মোৰ অতীত। মই বৰ্তমান সেই অপূৰ্ব মোহনীয় স্মৃতিৰ লগত ওমলো ক্ষণিক। [ ৪৫ ]

(আঠ)

 ১৯৮১ চনৰ ১৯ জুনত মোৰ জন্ম। জন্মৰ পিছৰ পৰা ১৯৯৫ চনৰ ২২ ফেব্ৰুৱাৰীলৈকে অন্য ল'ৰা-ছোৱালীৰ দৰে এটা স্বাভাৱিক জীৱনেই মই পাৰ কৰি আহিছিলোঁ।

 ২৩ ফেব্ৰুৱাৰীৰ দিনা উমান নিদিয়াকৈ আগমন ঘটিছিল মোৰ জীৱনৰ অভিশপ্ত দিনটো। এখন অঘোষিত যুদ্ধৰ প্ৰতিযোগিতাত, প্ৰতিযোগী হ’বলৈ আহ্বান জনাইছিল নিয়তিয়ে।

 এবাৰো মোৰ, ইচ্ছা-অনিচ্ছাৰ কথা নোসোধাকৈ পিন্ধাই দিছিল যুদ্ধৰ এযোৰ নতুন পোছাক। যিযোৰ পোছাকত নাছিল বুটা বছা ধুনীয়া মোৰ অতি প্ৰিয় ৰঙৰ 'ৰঙা’ ফুল!

 হয়। মই এটা নতুন জীৱন আঁকোৱালি লৈ এখন অন্তহীন যুদ্ধত নামিছিলোঁ.....

 ১৯৯৫ চনত দশম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিলোঁ। সেই বছৰৰ ২৩ ফেব্ৰুৱাৰীত মোৰ জীৱনলৈ নামি আহিছিল কাল অমানিশা। জীৱনে পিন্ধিছিল সুখ, হাঁহি, আনন্দৰ বিপৰীতে, দুখ-যন্ত্ৰণাৰে দীঘবাণি কৰা এযোৰ কাঁইটীয়া পোছাক। জীৱনৰ সৈতে নিহিত হৈছিল কিছুমান অনাকাংক্ষিত বিষণ্ণতা, পীড়া আৰু এক অপৰিসীম শূন্যতা।

 ‘মৃত্যু’ হৈছিল এখন হৃদয়ৰ।

 —মা, মই কাইলৈ পৰীক্ষা দিবলৈ যাব নোৱাৰিম। গাটো বহু বেয়া লাগিছে।

 ২২ ফেব্ৰুৱাৰী তাৰিখে বা আৰু মই স্কুলৰ পৰা হিন্দী প্ৰথম বৰ্ষৰ পৰীক্ষাটো দিবলৈ ফুলগুৰি হাইস্কুললৈ গৈছিলোঁ। সেইদিনাখন অসম বন্ধ থকাৰ বাবে গাড়ী চলা নাছিল। আমাৰ ঘৰ কুঁজাৰবড়িৰ পৰা ফুলগুৰিলৈ দূৰত্ব ছয় কিলোমিটাৰ।

 খোজকাঢ়ি গৈছিলোঁ। পৰীক্ষা দি আকৌ খোজকাঢ়িয়ে ঘৰ পোৱাৰ পিছত গাতো বেয়া লগাৰ বাবে একো নাখাই শুই থাকিলোঁ।

 পিছদিনাখনো পৰীক্ষা আছিল। মোৰ তীব্ৰ জ্বৰ উঠাত পৰীক্ষা দিবলৈ নাযাওঁ বুলি ক'লোঁ।

 মায়ে কৈছিল— দেউতাৰে চাইকেলেৰে থৈ আহিবগৈ। দি আহ পৰীক্ষাতো।

 সেই সময়ত দেউতা মাঘৰ বিহুৰ ছুটীত আহি ঘৰতে আছিল। মোৰ শৰীৰে টানিব নোৱৰাত সেইদিনা পৰীক্ষা দিবলৈ নগ'লোঁ।

[ ৪৬ ]  লাহে লাহে সন্ধিয়া নামি আহিল। মই ভৰি ধুব গৈ পিছফালৰ দমকলৰ পৰা ঘৰৰ ভিতৰলৈ আহিবলৈ শক্তি নোহোৱা হ'ল। মাক মাতি মোক ভিতৰলৈ ধৰি লৈ আহিবলৈ ক'লোঁ। মায়ে মোক ধৰি ধৰি আনি বিছনাত শুৱাই দিলে।

 ক্ৰমশঃ মোৰ ভৰি দুখন জঠৰ হৈ পৰিল। প্ৰস্ৰাব বন্ধ হৈ গ'ল। দেউতাৰ বৰমাক, আমাৰ আশী বছৰীয়া আইতাই হাতত লাখুটি ডাল লৈ আহি নিশা টুলখনতে বহি মোক কৈ থাকিল- ‘অকণমান প্ৰস্ৰাৱ কৰি দে পেটটো ভাল পাবি। মা আৰু বায়ে বিছনাৰ কাষতে পাত্ৰ এটা পাৰি দি থিয় কৰাই প্ৰস্ৰাৱ কৰিব দিলে।

 নাই প্ৰস্ৰাৱ নহয়। ভৰি দুখনৰ আঁঠু দুটা থিয় হৈ নাথাকে, বেঁকা হৈ যায়।

 কি হ’ল অকস্মাত?

 পুৱা ওচৰৰ হাস্পতালৰ ডাক্তৰজনক মাতি আনিলে। ডাক্তৰে কেথেটাৰেৰে প্ৰস্ৰাৱ বাহিৰ কৰিলে। লগতে মোক সোনকালে গুৱাহাটীৰ ‘ইষ্টিটিউট অব নিউৰ'লজিকেল ছায়েঞ্চ’লৈ যাব ক’লে। গাড়ী এখন ভাড়া কৰি মোক লৈ গ'ল গুৱাহাটীলৈ। ঘৰত বেছি টকা নথকাত আমাক সেই সময়ত টিউশ্যন লৈ থকা ঘৰুৱা শিক্ষকজনে পাঁচ হাজাৰ টকা ক'ৰবাৰ পৰা আনি আমাৰ লগত যাবলৈ ওলাল।

 হাস্পতাল পোৱাৰ পিছত ডাক্তৰে মাক ক'লে— “আপোনালোকৰ ছোৱালীক আৰু দহ মিনিট যদি পলম হ’লহেঁতেন আমি বচাব নোৱাৰিলোঁ হয়।

 তেতিয়ালৈকে মোৰ শৰীৰটো ভৰিৰ ফালৰ পৰা জঠৰ হৈ হৈ বুকু পাইছিলহি।

 ২৫ ফেব্ৰুৱাৰী৷ পুৱা সাৰ পাই চকু মেলি দেখোঁ মই থকা হাস্পতালৰ কোঠাটোৰ সন্মুখৰ ঠাইখিনি ৰ'দৰ পোহৰে উজলাই তুলিছে। তাৰ বিপৰীতে ডাক্তৰে আহি মোক জনালে- মোৰ জীৱনত পুৱাৰ পোহৰৰ বিপৰীতে আন্ধাৰে আৱৰিছে। খোজবিহীন এটা অবাঞ্ছিত , অদাহ্য জীৱনৰ প্ৰথম পুৱাতে অনুভৱ কৰিলোঁ।

 ‘শিল’ হৈ পৰিছিলোঁ।

 জীৱনৰ আৰম্ভণিতে সাঁজ লাগিল। নিয়তিৰ নিৰ্মম পৰিহাসত বিধ্বস্ত হৈ পৰিল অৰুণিম জীৱন। নিস্পৃহ অনুভৱৰ অস্থিৰতাই হৃদয়খন ৰুকিছিল।

 সেই অমংগলীয়া দিনটোৱে কাঢ়ি নিলে মই দেখা সপোন, মোৰ মুখৰ হাঁহি, মোৰ স্কুলৰ কিতাপ।

 ভবা নাছিলোঁ ভৰ-দুপৰ নহওঁতেই এনেদৰে বেলি মাৰ যাব বুলি।

 ভবা নাছিলোঁ জীৱনলৈ এনেদৰে “দুখ’ নামি আহিব পাৰে বুলি।

 আগদিনালৈকে দৌৰি ফুৰা ভৰি দুখন এনেদৰে জঠৰ হৈ যাব পাৰে বুলি।

 পিছদিনাখন হাস্পতালৰ ফিজিঅ' থে’ৰাপিষ্টজনে আহি মোৰ উদাসীন [ ৪৭ ] চকুযোৰলৈ চাই ক'লে— সুপ্ৰভাত। তুমি জানানে? জীৱন বিচিত্ৰ। ক'ত, কেতিয়া, কি হয় কোনেও ক'ব নোৱাৰে। জীৱনে দিয়াখিনিকো উপহাস কৰি চলিব নোৱাৰোঁ। তোমাক সান্ত্বনাৰ নামত এটা শব্দও ক’বলৈ মোৰ নাই। সময়ত বুজিবা।

 মই মৌন হৈ তেওঁৰ প্ৰেৰণাদায়ক শব্দবোৰ শুনি গৈ আছোঁ আৰু তেওঁ মোক ব্যায়াম কৰাই আছে।

 ব্যায়াম কৰাই তেওঁ গুচি গ'ল— মোৰ মন-মগজুত আগতে কেতিয়াও স্পৰ্শ নকৰা কিছুমান শব্দ কৈ।

 ছয় মাৰ্চ। হাস্পতালৰ পৰা ঘৰলৈ উভতিলোঁ। লগত লৈ আহিলোঁ যন্ত্ৰণাদগ্ধ এখন হৃদয়। নিয়তিয়ে জীৱনৰ সোণালী সপোনবোৰ মষিমূৰ কৰা দুচকু। অচল দুভৰি।

 ঘৰত আহি জানিলোঁ দেউতাই মোক গুৱাহাটীৰ হাস্পতালত থৈ ঘৰলৈ ঘূৰি আহোঁতে বাটত দেউতাহঁতৰ গাড়ীখনৰ দুৰ্ঘটনা হোৱাত দেউতাৰ সোঁহাতৰ বাহুটো খহি গ'ল আৰু সোঁহাতৰ তলুৱাখন কাটি পাঁচটা চিলাই পৰিছে। দুখৰ উপৰি দুখ।

 দেউতা দুৰ্ঘটনাত পতিত হোৱাৰ পিছত এবাৰ হাস্পতাললৈ গৈছিল, ডাক্তৰক হাতখন দেখুওৱাবলৈ। কিন্তু দেউতাৰ কথা জানি আকৌ বেছিকৈ দুখ পাম বুলি মোক দেখা নকৰাকৈ ঘৰলৈ ঘূৰি আহিছিল।

 মোৰ জীৱনৰ সৈতে নিহিত হৈছিল কিছুমান তিতা ভৱিষ্যতৰ শংকা। পুৱাতে আন্ধাৰ দেখিলোঁ। শৰীৰটো নিজে লৰচৰ কৰিব নোৱাৰোঁ, আনে কাপোৰ পিন্ধাই দিয়ে এক সীমাবদ্ধ যন্ত্ৰণাগধুৰ আৰু শ্বাসৰুদ্ধকৰ এৰাই চলিব নোৱৰা জীৱন। মই কন্দা নাছিলোঁ।

 কিন্তু মাৰ চকুৰে ধাৰাসাৰে চকুপানী বৈ থকা দেখিছিলোঁ। দেউতা, বা, মালা, বাবুৰ মুখবোৰ বিষণ্ণতাৰ প্ৰলেপে ছানি ধৰিছিল। চৌপাশে আগুৰি ধৰিছিল এক অনিশ্চয়তাৰ গভীৰ অমানিশাই।

 মোক লৈ গ'ল এখন স্বপ্নহীন, জীৱন বিমুখ দেশলৈ য'ত মই এই ভৰপূৰ পৃথিৱীখনৰ প্ৰতিটো সৌন্দৰ্যৰ পৰা আঁতৰি আহি এটা কোঠাত বন্দী জীৱন সাৱটি ল’বলৈ বাধ্য হ'লোঁ। বিছনাখনতে খোৱা, শোৱা, শৌচ-প্ৰস্ৰাৱ কৰা সকলোখিনি কৰিব লগাত পৰিল। টান পাইছিলোঁ। সৰুৰে পৰাই মই চাফা, পৰিষ্কাৰ-পৰিচ্ছন্নতা ভাল পাইছিলোঁ। আৰু এতিয়া?

 গভীৰ নিশা নিস্তব্ধতাৰ ফাঁকে ফাঁকে হাতত সাৰে ভৰিত সাৰে আন্ধাৰৰ চিতাত ডুবি থকা হৃদয়খনে উচুপি উচুপি কান্দিছিল। নিজকে অসহায় অনুভৱ কৰিছিলোঁ। [ ৪৮ ] প্ৰতিটো বস্তুৰ বাবে আনক ক'ব লগা হয়। মা, বা, মালাহঁতে মোৰ আলপৈচান পৰিব লগা হ'ল। নিথৰ দেহৰ যন্ত্ৰণাই কোবাইছিল উৱলি যোৱা ফটা হৃদয়খন। মই চকুপানী চকুতে শুকাব দিছিলোঁ। নিজকে দৃঢ় কৰিছিলোঁ চকুৰ পানীৰে কেতিয়াও ঘৰখনত বিষণ্ণতাৰ পৰিৱেশ নানো। চকুৰ পানীয়ে কেতিয়াও মোক দুৰ্বল কৰিব নোৱাৰে।

 হয়তো শুকাই যোৱা মৰুভূমি যেন বুকুখনেও মোক দৃঢ় কৰি তুলিছিল এই সংগ্ৰামত যুঁজিবৰ বাবে। গভীৰ নিশাৰ নিস্তব্ধতাত মই প্ৰতিটো পুৱাৰ সন্মুখীন হ'বলৈ সাহস গোটাইছিলোঁ। বা-হঁত স্কুললৈ যোৱাৰ সময়ত মনটো দুখত ভাগি পৰিছিল যদিও প্ৰকাশ কৰা নাছিলোঁ। মাথোঁ হৃদয়ৰ নীৰৱ কোঠাত নিগৰিছিল তপত হুমুনিয়াহ।

 বা-হঁত স্কুললৈ যোৱাৰ পিছত মায়ে মোক ঘৰতে পঢ়িব দিছিল। কাৰণ, তেতিয়া মোৰ মাতটো অলপ বহি গৈছিল৷ ইমান ভালকৈ শব্দবোৰ উচ্চাৰণ কৰিব নোৱাৰোঁ। বহু যত্ন কৰিছিল মোৰ মাতটো একেবাৰে নাইকিয়া হৈ নাযাবৰ বাবে।

 মানসিকভাৱে মই ভাগি পৰা নাছিলোঁ। এই দুৰ্জয় জীৱন সংগ্ৰামত যুঁজ দিবলৈ ঘৰখনৰ প্ৰতিজন সদস্যই মোক সাহস দিছিল। তেওঁলোকৰ অতুলনীয় মৰমে মোক চকুলো টুকিবৰ বাবে বাধা দিছিল।

 জীৱন মানে সংগ্ৰাম। এই সংগ্ৰামত যুঁজ দিবলৈ মই নিজকে দৃঢ় কৰিলোঁ। কোঠাবন্দী জীৱনটোতে সজাই ল'লোঁ এখন নতুন পৃথিৱী। যত মুক্ত আকাশৰ তলত মই এতিয়া পাখি মেলি দৌৰি নুফুৰোঁ। এতিয়া মই লুকা-ভাকু’, ‘হৌ-গুদু’, ‘কাবাডী’, ‘ৰেডি’, ‘ৰজাই হুকুম দিছে’ নেখেলোঁ।

 এতিয়া মই খেলোঁ— আমি থকা কোঠাটোৰ মাটিত পাৰি দিয়া পাটীখনত বহি লুডু, পাঁচটা সৰু সৰু শিলগুটিৰে খেলা' চেংগুটি, দহটা শিলগুটিৰে খেলা দহগুটীয়া, তামোলৰ সৰু সৰু কলিৰে মাটিত আঁচ টানি দহটা ঘৰ বনাই গুটি ভৰাই ‘খলিগুটি’ খেলোঁ।

 এমাহ পাৰ হোৱাৰ পিছত মই থকা বিছনাখনৰ লগতে দুফালে দুডাল বাঁহ পুতি দীঘলকৈ এডাল বাঁহৰ ডাং বান্ধি দিছিল। আৰু এডাল মাজতে ডাং বান্ধি দিছিল যিডালত হাতেৰে ধৰি মই বহি থাকোঁ, ভৰি দুখন ওলমাই ওপৰত বান্ধি দিয়া ডাংডালত দুয়োখন হাতেৰে ধৰি থিয় হওঁ। ভৰি দুখনত শক্তি নথকাৰ বাবে থিয় হ’লে আঁঠু দুটাত মায়ে হেঁচা মাৰি ধৰি থাকে। বা আৰু মালাই কঁকালত ধৰি থাকে মই পৰি যাব নোৱৰাকৈ।

 সদায় এতিয়া সিহঁতৰ এটাই কাম, মোৰ কঁকালৰ পৰা হেৰাই যোৱা শক্তি [ ৪৯ ] ঘূৰাই অনা। স্কুলৰ পৰা আহি মোক থিয় কৰোৱা। মোৰ খোজবিহীন জীৱনলৈ আকৌ খোজ ঘূৰাই অনা।

  তাৰ মাজে মাজে আমি কেইটাই টুকুৰা কাগজত লিখি লোৱা ‘চোৰ-পুলিচ’ খেলোঁ। চাৰিখন-চাৰিখন কাগজত ৰাম-সীতা লিখি মিলোৱা খেলোঁ।

 দুখৰ মাজতো আমি কেইটাই হাঁহো।

 মোৰ ভৰিৰ শক্তি ঘূৰাই আনিবলৈ ব্যায়াম কৰিব লাগিব বুলি ডাক্তৰে কৈ পঠাইছিল। ব্যায়ামৰ বাহিৰে একো উপায় নাই বুলি কৈছিল। কেতিয়া শক্তি ঘূৰি আহিব তাৰো নিশ্চয়তা নাই।

 মায়ে মোক ব্যায়াম কৰাবলৈ নতুন নতুন কৌশল অৱলম্বন কৰিলে। মাৰ কাপোৰ চিলাই কৰা ভৰি মেচিনটোৰ ফিতাডাল খুলি মেচিনটোৰ ভৰি থোৱা ঠাইখিনিত মোৰ লৰচৰ কৰিব নোৱৰা ভৰি দুখন তুলি দি কাষত থকা মেচিনৰ ফিতা লগাই ঘূৰোৱা ৰিংটোৰ ফিতাডাল আঁতৰাই ৰিংটো হাতেৰে মোক ঘূৰাই থাকিব দিয়ে। তেনেকৈয়ে হাতেৰে ৰিংটো ঘূৰাই থাকিলে মোৰ ভৰি দুখন ওপৰ-তল হয়। সেয়াও এটা ব্যায়াম। মোৰ ভৰিলৈ শক্তি ঘূৰাই অনাৰ।

 দুৰ্ভাগ্য। সকলো প্ৰকাৰৰ ব্যায়ামেই বিফল হয় মোৰ জীৱনলৈ খোজ ঘূৰাই আনিবলৈ। [ ৫০ ]

(ন)

 এটা মাথোঁ শব্দ— 'জীৱন'। জীবন কি? জীৱনৰ গূঢ়াৰ্থ কি? সুখ, আনন্দ, ধন-ঐশ্বৰ্যৰে পৰিপূৰ্ণতায়েই জীৱন! নে দুখ, যন্ত্ৰণা, হতাশা, বিষাদ, দৰিদ্ৰতাই পিষ্ট কৰা জীৱন। নে দুখ-সুখ, প্ৰাপ্তি-অপ্ৰাপ্তি, হৰ্ষ-বিষাদৰ যোগাত্মক মায়াৰ মাজত আবদ্ধ মায়াবৃত্ত জীৱন।

 চৈধ্য বছৰ বয়সত জীৱনৰ সংজ্ঞা বিচাৰি এটা সঠিক সংজ্ঞাত উপনীত হোৱাটো, জোনাক নিশা ফৰকাল আকাশত কণমানি শিশু এটাই আকাশৰ অগণন তৰা গণি‌ শেষ কৰি দিম বুলি কোৱা কথাৰ দৰে। হাবাথুৰি খাইছিলোঁ এটা সঠিক উত্তৰহীন প্ৰশ্নৰ মুখামুখি হৈ।

.....

 জীৱনৰ বৈচিত্ৰ্যক জুমি চাবলৈ কৰ্ণকুহৰত কম্পন কৰিলেহি এটা সুমিষ্ট কণ্ঠ। তেওঁৰ কণ্ঠৰে নিগৰিছিল এটা এটাকৈ হিন্দী চিনেমাৰ গীত। তেওঁৰ স্মৃতি শক্তিও আছিল প্ৰখৰ। ওঁঠত মিচিকিয়া হাঁহিটো সানি দ্বিধাহীনভাৱে গাই গৈছিল এটাৰ পিছত এটা কলি। কিন্তু, গান গাই শুনাইছিল বিনিময়ত। গান গাই শুনোৱাৰ বিনিময়ত তেওঁ লৈছিল এধানমান ‘চাধা’ ‘চাধা’ হাতৰ তলুৱাত চূণ দি মোহাৰি মোহাৰি খোৱা খৈনি। তেওঁ চাধা এধানমানৰ কাৰণে অনৰ্গল গান গাইছিল আৰু মই স্বচক্ষে প্ৰত্যক্ষ কৰিছিলোঁ অমানুষিক কিছু দৃশ্য।

 মানুহজনৰ বয়স আনুমানিক ২৬-২৭ বছৰমান হ’ব।কেতিয়াবা উদং গাৰে গামোচা এখন পিন্ধি নাইবা কেতিয়াবা উৱলি যোৱা জলহু ছাৰ্ট এটা, ফটা গামোচা এখনেৰে পথে পথে গান গাই গৈ থাকিছিল। তেওঁৰ পিছে পিছে যায় এচাম চেঙেলীয়া ল’ৰা। সিহঁতৰ আনন্দত কিৰীলি পৰা চিঞৰ আৰু ওঁঠৰ সুহুৰিয়ে বুজাই দিয়ে কোনফালে গান গাই গাই মানুহজন আহিছে।

 এটাৰ পিছত এটা গান গাই, মানুহজনে চেঙেলীয়াকেইটাৰ আগত হাত পাতে পথৰ মাজত বহি।

 সিহঁতৰ ভাষ্য আছিল– গা, আৰু গা, ভালকে গা। নহ'লে নিদিওঁ চাধা।

 মনটো সেমেকাই ডোকাতুৰ চাৱনিয়ে আকৌ গাই যায় গান...

 হাতখন আগবঢ়ায়। চাধা। চাধা। চূণ। কোনোবাই চোলাৰ জেপ্‌ খুঁচৰি খুঁচৰি উলিয়াই শুকান গছৰ পাত গুৰি কৰি চাধা হিচাপে দিয়ে। কোনোৱে শুকান ফুলৰ [ ৫১ ] পাত, ৰঙালাও, জাতিলাউৰ পাত চাধা হিচাপে দিয়ে। কোনোটোৱে দিয়ে গছৰ পাতত চৰায়ে কৰি থোৱা বিষ্ঠা। বগা, বগা চূণৰ নিচিনা থেপ্থে‌পীয়া চৰাই বিষ্ঠাখিনি আনি মানুহজনৰ তলুৱাত সানি দিয়ে।

 বহুদিন ভোকে-লঘোনে থকা মানুহ এজনে আগত কেইবাদিনো দুৰ্গন্ধত মলঙী থকা ভাত কেইটাকে গৰম ভাত বুলি হেঁপাহে হুতাহে খোৱাৰ দৰে মানুহজনেও শুকান গছৰ পাতখিনি আৰু চৰাইৰ বিষ্ঠাখিনি চুণ বুলি ভাবি আনন্দতে বাওঁহাতৰ তলুৱাত বিষ্ঠা আৰু শুকান গছৰ পাত লৈ সোঁহাতৰ বুঢ়া আঙুলিটোৰে মোহাৰি মোহাৰি হাঁহি হাঁহি ওঁঠৰ ভিতৰত সুমুৱাই থয়।

 মানুহজনক চাধা খাব দিয়া বিবেকহীন ল’ৰাকেইটাৰ আনন্দৰ সীমা নোহোৱা হয়। সিহঁতে পাহৰি যায় সিহঁতে কি কৰিছে, কাক কৰিছে।

 মানুহজন আছিল অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত। শুনামতে তেওঁ পঢ়া-শুনাত প্ৰখৰ আছিল। সৰুৰে পৰা তেনেকুৱা নাছিল। বিশ-একৈশ মান বয়স উত্তীৰ্ণ হোৱাৰ পিছত তেওঁক নিয়তিয়ে এনে এটা কৰুণ জীৱন দিলে। যিটো জীৱনক লৈ কতজনে কতধৰণে উপহাস কৰে –‘পাগল, ঐ পাগল, ঐ অমুক পাগল।’ সুস্থ মগজুৰ মানুহ কিছুমানেও অসুস্থ মগজুৰ মানুহজনৰ নামৰ লগত ‘পাগল’ শব্দটো লগাই দিয়ে।

 তেওঁ কিন্তু এইটো অনুভৱ কৰিব নোৱাৰিছিল, ‘পাগল’ শব্দটো তেওঁৰ নামৰ লগত কিয় লগাই দিয়া হৈছে?

 তেওঁৰ নামৰ লগত ‘পাগল’ শব্দটো সংযোগ কৰি সুকীয়া সোৱাদ লৈছিল মাথোঁ সুস্থ মগজুৰ কিছুমান অমানুষিক ব্যক্তিয়ে।

 মোৰ অপৈণত মন-মগজুৱে তীব্ৰ যন্ত্ৰণাত ছটফটাইছিল। মানুহে মানুহক কি বৰ্বৰ ব্যৱহাৰ কৰিব পাৰে।

 হৃদয়বিদাৰক আছিল দৃশ্যাংশ। সেই বয়সলৈকে অনুধাৱন কৰিব পৰা হৈছিলোঁ যে বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত মানুহেই জীৱ শ্ৰেষ্ঠ। জীৱ শ্ৰেষ্ঠ কিছু আত্মবিলুপ্ত ব্যক্তিয়েহে যে এনে কৰ্ম কৰিব পাৰে, সেই বয়সতে সেইটো উপলব্ধি কৰিছিলোঁ। গভীৰভাৱে ভাবিছিলোঁ মানুহভেদে মানুহৰ ব্যক্তিত্ব।

 আৰু জীৱন।

 সেই যে আমাৰ গাঁৱৰ মাজেৰে যোৱা পথটোৰে এছ কে বি এল মধ্য ইংৰাজী বিদ্যালয়লৈ যাওঁতে দেখা, বুকুত মেখেলাৰে মেঠনি বান্ধি চুটি চুলিৰে হাতত শিলগুটি লৈ বাটে বাটে মুখেৰে ভোৰভোৰাই যোৱা মানুহজনী।

 শুনামতে, মানুহজনীয়ে ‘কেৰাচিন তেল’ পিয়ে। মানসিকভাৱে বিকাৰগ্ৰস্ত। আমি স্কুললৈ গ’লে মানুহগৰাকীক প্ৰায়ে বাটত লগ পাওঁ। মলিয়ন মেখেলা এখন

বুকুত মেঠনি বান্ধি ক’ৰবালৈ গৈ থাকে।

[ ৫২ ]  গন্তব্যস্থান নাই তেওঁৰ। মাথোঁ গৈ থাকে। গৈ থাকে।

 বাটত মানুহে ‘কেৰাচিন তেল খাইটি’ বুলি জোকালে অগ্নিশৰ্মা হৈ মানুহলৈ শিলগুটি দলি মাৰি দিয়ে।

 তেওঁ কিন্তু ইমান মানসিকভাৱে বিকাৰগ্ৰস্ত নাছিল যে তেওঁক ‘কেৰাচিন তেল খাইটি’, ‘পাগলী’ বুলি জোকালে তেওঁৰ বিবেকে অলপকৈ কৈছিল— তেওঁক জোকাইছে। তাই পাগলী বুলি।

 মোৰ লগত একেটা শ্ৰেণীতে পঢ়া ছোৱালী এজনীৰ সম্পৰ্কীয় আছিল।

 কোনো কোনোৱে তাইক স্কুললৈ গৈ কয় —‘ঐ তোৰ সম্পৰ্কীয় পাগলীজনীক আজি বাটত পাইছিলোঁ।’

 তাই মুখেৰে একো নামাতি মনে মনে থাকে।

 কি ভাবিছিল চাগৈ তাই?

 তাইৰ ...!

 —এতিয়া মই কি ভাবিছোঁ!! হয়, মই এতিয়া ভাবিছোঁ। তেওঁলোকৰ দৰে মোৰ নামটোৰ লগতো এতিয়া শব্দ এটা সংযোগ হ’ব নেকি?

 ‘পংগু’

 উস্, বুকুখনে ভাৰ ল’ব নোৱৰা নামহীন এক জীয়া যন্ত্ৰণা কঢ়িয়াইছিল।

 অবিৰাম দুখ, বেদনাত ঘঁহনি খাই থকা বুকুখনৰ স্পন্দন অধিক তীব্ৰভাৱে ধপ্‌ধপাবলৈ ধৰিলে।

 ...ইয়াতকৈ আৰু কিবা লাগেনে দুখী হ’বলৈ? সপোন ভঙা দুচকু, আশ্বাসহীন উশাহ... ইয়াতকৈ আৰু লাগিছিলেনে বুকুত যন্ত্ৰণা বঢ়াবলৈ? প্ৰাণৰ আকুল আৱেগৰ স্বতঃস্ফূৰ্ত প্ৰকাশ নহৈছিল যদিও আৱেগত বাকৰুদ্ধ হৈ পৰিছিলোঁ।

••••••

 ‘আজি তোক ধুনীয়া লাগিছে।’

 সেইদিনাখন মই গাঢ় কলপতীয়া এযোৰ ধুনীয়া পোছাক পিন্ধিছিলোঁ। মোক দুখে সাৱটি লোৱা জীৱনটোৰ তেতিয়া তিনি মাহ হৈছিল। মা, মই আৰু খুৰা এজন গুৱাহাটীলৈ যাব ওলাইছোঁ চেকআপৰ বাবে।

 সঁচাকৈ, ধুনীয়া লাগিছে মোৰ নিজকে।

 সৰুৰে পৰা মাৰ ওচৰত মোৰ সদায় এটা আক্ষেপ থাকিছিল। মই বগা নহয়। ধুনীয়া নহয়। এই বগা নোহোৱা, ধুনীয়া নোহোৱা ভাৱটোৱে মোক বহু অসুখী কৰি [ ৫৩ ] ৰাখিছিল। বা আৰু মালা মোতকৈ বেছি ধুনীয়া, বগা বুলি মাক সদায় কৈফিয়ৎ দি থাকিছিলোঁ।

 আজি জানো কিয়? মোক নিজকে ধুনীয়া ধুনীয়া লাগিছে। মোৰ লাহী দেহত কাপোৰ সাজে ধুনীয়াকৈ শুৱাইছে।

 আমি সেইবাৰ পাব্লিক গাড়ীত গুৱাহাটীলৈ যাবলৈ ওলালোঁ। মোক তিনিচুকীয়া ৰিক্সাখনৰ পৰা খুৰাই ডাংকোলা কৰি নি গাড়ীৰ আসনত বহুৱাই দিলে। গাড়ী চলিল।

 সেইদিনা গাড়ীত বহি যাওঁতে নিজকে এজনী সুস্থ ছোৱালীৰ দৰে লাগিছিল। যেন, পৃথিৱীৰ সমস্ত নান্দনিক সৌন্দৰ্যই মোক উষ্ণ আলিংগন কৰিছে। গাড়ীখনে এৰি যোৱা সেউজীয়া গছ-বননি, উদং পথাৰ, পক্ষীৰ কলকলনি সিঁচৰতি সূৰ্যৰ কিৰণে স্বাগতম জনাইছে। ব্যস্ত জীৱনৰ যান্ত্ৰিকতা জীৱনে মোক ভাবুক কৰি তুলিছিল। কোনোবা এখন দোকানত বজাই থকা ড০ ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটিৰ কলিটিয়ে বুকুত শিহৰণ তুলিছিল।

 পখীৰাজ ঘোঁৰা খট খট খটকে দৌৰা...

 আকাশখন নেদেখাৰ দুখত, সপোন ধ্বংস হোৱাৰ দুখত, জোনাকবোৰ চুব নোৱৰাৰ দুখত পৃথিৱীৰ আটাইতকৈ অসুখী ‘মই’জনী সেইদিনাখন একাৰ্থত ‘সুখী’জনীলৈ ৰূপান্তৰিত হৈছিলোঁ। বিষণ্ণ মনটোৰ সমাধিত খন্তেকলৈ ফুলিছিল বিভিন্ন ৰঙীন ফুল। ব’হাগত, সেউজীয়া পোছাক পিন্ধি থকা গছপাতবোৰে হালধীয়া ৰং সানি খহি পৰি গছ জোপাক লঠঙা কৰি কুঁহিপাতলৈ ঠাই এৰি দিয়াৰ দৰে। মোৰ জীৱনটোৱে নতুনকৈ পিন্ধি লোৱা দুখ, যন্ত্ৰণা, বিষাদ, বেদনাবোৰেও খন্তেকৰ কাৰণে মোৰ পৰা আঁতৰি গৈ প্ৰকৃতিৰ মোহনীয় সৌন্দৰ্যৰ লগত একাত্ম হ’বলৈ দিলে।

 তৃষ্ণাত মনটোৱে পান কৰিছিল এক প্ৰশান্তিৰ নিজৰা। গাড়ীৰ খোলা খিৰিকীখনেৰে ফিৰ্ফিৰীয়া বতাহৰ লগত সোমাই অহা কণ কণ বৰষুণৰ টোপালবোৰেও মোক স্পৰ্শ কৰিছিল।

 ৰ’দ-বৰষুণৰ মিশ্ৰিত প্ৰাকৃতিক সৌন্দৰ্যই আহ্লাদিত কৰি তুলিছিল মোক।আহা, সেয়া যেন জীৱনৰ এক অনন্য সুখময় সময়!

 মায়ে জাগীৰোডত কিনি দিয়া আমৰ জুচৰ সোৱাদো আছিল পৰিতৃপ্তিদায়ক।

 ...গন্তব্যস্থান হাস্পতাল পোৱাৰ পিছত ডাক্তৰে মোৰ দেহ পৰীক্ষা কৰি চাই ক’লে— ‘ব্যায়াম কৰিব। ব্যায়ামৰ বাহিৰে বিকল্প চিকিৎসা আৰু নাই ক’তো। আগৰ দৰে খোজকাঢ়িব পৰা জীৱন ঘূৰাই পাবই যে তাৰো নিশ্চয়তা নাই।’ প্ৰস্ৰাৱ কৰিবৰ বাবে সংযোগ কৰি থোৱা কেথেটাৰডাল স্থানীয় ডাক্তৰ এজনক কৈ খুলি দিব দিলে।

 আমি ঘূৰি আহিলোঁ ঘৰলৈ এবোজা তিক্ত বেদনা বুকুত বান্ধি।
[ ৫৪ ]

(দহ)

 আৰম্ভ হৈছিল আন এক দুৰ্বিসহ সংগ্ৰাম। গুৱাহাটীৰ পৰা ঘূৰি অহাৰ পিছত ডাক্তৰে পৰামৰ্শ দি পঠিওৱা মতে ডিমৌ চাৰিআলিস্থিত হাস্পতালৰ ডাক্তৰজনক মাতি আনি কেথেটাৰডাল খুলি দিয়া হ’ল।

 অলপ সময়ৰ পিছত মই প্ৰস্ৰাৱ লগাৰ অনুভৱ নকৰাকৈয়ে প্ৰস্ৰাৱ বাহিৰ হৈ গ’ল।

 কি হৈছে মোৰ?

 কিয় গম নাপালোঁ মই প্ৰস্ৰাৱ লগাৰ কথাটো?

 হতভম্ব হলো মই।

 মায়ে ক’লে—‘খোজ কাঢ়িব নোৱৰাৰ লগতে মই প্ৰস্ৰাৱ-পায়খানা লাগিলেও গম নাপাম।’

 মাৰ মুখত এনে ভয়ংকৰ দুখৰ কথা শুনি মই নিশ্চুপ হৈ পৰিছিলোঁ। ভাৱিব উৱাদিহ পোৱা নাছিলোঁ। কেনেকৈ থাকিম জীয়াই?

 সৰ্বশৰীৰ নিৰুত্তাপ হৈ শিল হৈ পৰিছিল। কোনোদিনে বাঞ্ছা নকৰা এটা দুৰ্বিষসহ পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ।

 ভিতৰি ভিতৰি দুখৰ শিপাই মন-মগজু অৱশ কৰি তুলিলে।

 অনাকাংক্ষিত জীৱনটো এতিয়া কেনেদৰে আগবঢ়াই নিম?

 অজস্ৰ প্ৰশ্ন আহি ধূপ খালে। ওৰেটো জীৱনৰ যন্ত্ৰণা হাড়ে-হিমজুৱে উপলব্ধি কৰিছিলোঁ খন্তেকতে।

 আন্ধাৰৰ বুকুত নিমজ্জিত হৈছিল ভৱিষ্যত।

 সীমাহীন দুঃচিন্তাই হতাশ কৰি তুলিছিল।

 অলপ সময়ৰ পিছত প্ৰস্ৰাৱ বাহিৰ হ’ব ধৰিলে।

 কি কৰিম এতিয়া?

 গোটেই পিন্ধা কাপোেৰ, বিছনা কাপোৰ লেতেৰা হৈ যায়। মায়ে ভাবি চাই বিছনাখনৰ ওপৰত এখন পলিথিন পাৰি দিলে। তাৰ ওপৰত এখন কাপোৰ পাৰি দি মোক বহুৱাই দিলে।

 সেই দিনটোৱে মোক একেবাৰে মূক কৰি দিলে। মই সেইদিনাৰ পৰা আগতে যিমান কম কথা কৈছিলোঁ, তাতকৈ অধিক কম কথা ক'বলৈ ল’লোঁ। [ ৫৫ ]  প্ৰয়োজনত ক’বলগীয়াকেইটা কওঁ। উত্তৰ দিবলগীয়াকেইটাহে দিওঁ।

 ক’বলৈ গ'লে শৰীৰৰ নিম্ন অংশ জঠৰ হৈ যোৱাৰ দৰে মুখৰ শব্দবোৰো জঠৰ হৈ পৰিল।

 মই এতিয়া, মাৰ লগত বা-হঁত স্কুললৈ যোৱাৰ পিছত মাটিত পাটী পাৰি বহি চেংগুটি, কচুঠাৰিৰ টুকুৰাৰে খেলা ‘ঢাল’, তামোলৰ কলিৰে খেলা ‘খলি’, ‘লুডু নেখেলোঁ।

 এতিয়া, মই মাথোঁ জীৱিত ‘মৰাশ’ এটাৰ দৰে বিছনাত পৰি থাকোঁ।

 আত্মীয়-কুটুমে মোৰ জীৱনত অকস্মাতে নিয়তিয়ে কুঠাৰৰ ঘাপ মৰা দুখত দুখী হৈ খবৰ লোৱাৰ সোঁত বলিল।

 যিমানেই মানুহে মোৰ খবৰ ল’বলৈ আহিল, সিমানেই ‘দ’ হৈ গৈ থাকিল মোৰ বুকুৰ ‘দুখ’ৰ খাৱৈটো।

 ধাৰাবাহিকভাৱে মায়ে খবৰ ল’বলৈ অহা মানুহৰ আগত মোৰ আকস্মিক ভয়ংকৰ দুখৰ জীৱনৰ একেটা অধ্যায়েই দিনটোত দহ বাৰমান ক’ব লগীয়াত পৰিল।

 মোৰ সন্মুখত মায়ে চকুলো টুকি টুকি যেতিয়া হৃদয়বিদাৰক অধ্যায় দোহাৰিছিল, মোৰ সহ্যৰ সীমা পাৰ হৈ গৈছিল।

 মায়ে মোক লৈ এক বুজাব নোৱৰা সীমাহীন দুখ পাইছে। মাৰ চকু-মুখৰ ভাষাতে ফুটি উঠিছিল। —চিঞৰি চিঞৰি কান্দিবৰ মন গৈছিল।

 দৌৰি পলাই যাবলৈ মন গৈছিল, তেনে এক শোকাকুল পৰিৱেশৰ পৰা ৷

 মই হাৰিছিলোঁ নিয়তিৰ ওচৰত। ইচ্ছা কৰিও মাক ক’ব পৰা নাছিলোঁ।

 মই ইচ্ছা কৰিও ক’ব পৰা নাছিলোঁ— ‘মা নাকান্দিব বুলি।’ মই আপোনাৰ চকুত চকুলো চাব নোৱাৰোঁ বুলি ক’ব খুজিও থমকি ৰৈছিলোঁ।

 শব্দহীন হুমুনিয়াহত মাথোঁ অদৃশ্যজনক কাকূতি কৰিছিলোঁ। মোক এই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিবলৈ।

 প্ৰত্যেক মানুহৰে জীৱনত মৃত্যু চিৰসত্য।

 কিন্তু!

 মই ইমান কম বয়সতে যে মৃত্যু বিচাৰিছোঁ।

 মৰ্মাহত মোৰ বেদনাবোৰ, সহিব নোৱৰা যন্ত্ৰণাবোৰ, ঘৰখনক দিয়া যন্ত্ৰণাবোৰৰ উমৈহতীয়া কিছুমান চিন্তাই বাধ্য কৰিছিল মোক ভাবিবলৈ।

 খবৰ ল’বলৈ অহা বহু শুভাকাংক্ষীয়ে চকুলো টুকিছিল মোক চাই চাই। বহুজনে মাক উপদেশ দিছিল বিভিন্ন ধৰণে।

[ ৫৬ ]  কোনোজনে সান্তনা দিছিল— ভাল হৈ যাম বুলি। কোনোজনে কৈছিল— ‘বেজ’ বা ‘আই'ৰ ওচৰত চোৱা-চিতা কৰিবলৈ। কোনোজনে কৈছিল — ‘ভাগ্যৰ লিখন কোনেও খণ্ডাব নোৱাৰে’ বুলি। অন্ধবিশ্বাসত বিশ্বাসীসকলে কৈছিল— ‘পূৰ্বজন্মৰ পাপৰ ফল মই এই জন্মত ভুগিছোঁ।’ প্ৰত্যেকজনৰে মনৰ ভাব প্ৰকাশ কৰাৰ শব্দভংগী পৃথক পৃথক আছিল। কোনোজনে ক’লে— মই সৰুৰে পৰা অহংকাৰী, গতিকে ভগৱানে এসেকা দিবৰ বাবে এনেকুৱা কৰিলে। মই আছিলোঁ তেওঁলোকৰ আলোচনাৰ ‘বিষয়’।

 সময় বাগৰি গৈ আছে। মোৰো জীৱনত এটা এটাকৈ নতুন নতুন সমস্যাই বাহ লৈছে। এতিয়া মই তলপেট কৰি শুই থাকোঁ— ডাঠ পলিথিনৰ ওপৰত কাপোৰ পাৰি দিয়া বিছনাত।

 এদিন শুই থাকোঁতে এগৰাকী মানুহে আহি মাক কোৱা শুনিলোঁ— তাইৰ হেনো কিবা বৰ ডাঙৰ বেয়া বেমাৰ এটা হৈছে? তাইৰ ওচৰলৈ গ’লে বেমাৰটো তাইৰ গাৰ পৰা সোঁচৰি আনৰ গালৈ আহিব বোলে। কিনো বেমাৰ হৈছে তাইৰ, নাযাওঁ দেই তাইৰ ওচৰলৈ। ভয় লাগে পায়, আমাৰো হৈ যাব পাৰে।’

 মায়ে, মানুহগৰাকীক বাহিৰৰ বাৰাণ্ডাতে বহিব দিলে আৰু সুধিলে— কোনেনো মোৰ বিষয়ে এনেকৈ কৈছে?

 তেওঁ যিগৰাকী মানুহৰ নাম ল’লে, পেছাত তেওঁ এগৰাকী নাৰ্ছ আছিল। তেওঁ যে এনেকুৱা এটা কথা মোৰ অসুখটোৰ বিষয়ে ক’ব পাৰিছে, তাকে ভাবি মা আচৰিত হ’ল।

 মায়ে মানুহগৰাকীক একো নক’লে। বিদায় দি আহি মোৰ ওচৰত ৰ’লহি।

 মা কোঠাটোলৈ সোমাই অহাৰ আগতে মই চকু দুটা মুদি টোপনি যোৱাৰ ভাও ধৰি আছিলোঁ। মই জানিছিলোঁ — মা আহি মই সাৰে আছোঁনে, টোপনি গৈ আছোঁ গম ল’ব। মায়ে মানুহগৰাকীয়ে মোৰ বিষয়ে কোৱা শব্দকেইটা মই শুনিলে বেছিকৈ আঘাত পাম বুলি জানি মই সাৰে আছোঁনে গম ল’লে।

 যদিও মই শুই থকাৰ ভাও ধৰি আছিলোঁ, দুখত মোৰ দেহ-মন এনেদৰে পিষ্ট হৈছিল ভাষাৰে-শব্দৰে বুজাবলৈ মই অপাৰগ।

 মানুহগৰাকীৰ কথাকেইটা শুনাৰ পিছৰ পৰা মই সতৰ্ক হ’লোঁ। নিজকে ক’লোঁ- আজিৰ পৰা মই কাকো হাতেৰে স্পৰ্শ নকৰোঁ। নিজে খোৱা বস্তু আনক খাব নিদিওঁ। কাঁহী, বাটি, গিলাচ, কাপ বেলেগ কৰি ল’ম। মই খোৱা কোনো পাত্ৰতে আনক খাবলৈ নিদিওঁ।

[ ৫৭ ]

 কথাকেইটা মনতে আওৰাই থাকোঁতে তীব্ৰ যন্ত্ৰণাত মানসিকভাৱে দেই-পুৰি মৰিছিলোঁ।

 মই যেতিয়া মোৰ নিজৰ এটা পাত্ৰতহে আহাৰ খাম বুলি জেদ ধৰিছিলোঁ, মায়ে অনুমান কৰিলে— মানুহগৰাকীয়ে কোৱা কথাখিনি মই শুনিলোঁ। সেয়ে সকলো বস্তু বেলেগকৈ ব্যৱহাৰ কৰিম বুলি কৈছোঁ।

 মায়ে মোক বুজাইছিল মানুহজনীয়ে কোৱা কথাটো সঁচা নহয়। মই দুখ পাব নালাগে। বাচন বেলেগকৈ ল’ব নালাগে।

 মই কিন্তু মাৰ কথা মনা নাছিলোঁ। কাপ, বাটিৰ পৰা সকলো বস্তু বেলেগ কৰি লৈছিলোঁ।

 ঈশ্বৰক মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ—

 ঈশ্বৰ, মোকেই যে এই দুখ-যন্ত্ৰণাৰে ভৰা জীৱনটো দিলে, তাৰ কাৰণে ধন্যবাদ। মই ঘৰখনৰ প্ৰতিজন সদস্যকে বহু ভাল পাওঁ। সিহঁতৰ যদি আজি মোৰ দৰে অসুখটো হ’লহেঁতেন, সিহঁতেও বহু কষ্ট পালেহেঁতেন আৰু মই সিহঁতৰ দুখ-কষ্ট দেখি সহ্য কৰিব নোৱাৰিলোঁ হেঁতেন।

 জনা–নজনা হোৱাৰ পৰা সদায় গধূলি চোতালৰ আগত থকা গোসাঁইঘৰটোত চাকি-ধূপ জ্বলাই প্ৰাৰ্থনা কৰিছিলোঁ ঈশ্বৰক ঘৰৰ সকলোকে কুশলে ৰাখিবলৈ। ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনিলে। ঘৰৰ আন কাকোকে এই সহ্যাতীত শোকাগ্নি নিদি মোকে দিলে।

 মই এতিয়া মাৰ লগত একেখন বিছনাত শুব নোৱৰা হ’লোঁ। প্ৰস্ৰাৱ হৈ থাকে বাবে অকলে শুবলৈ ল’লোঁ। মায়ে মোৰ কাষতে এখন সৰু বিছনা পাৰি ৰাতি শোৱে। মই থকা কোঠাটোত দুখন বিছনা পাৰি থ’ব নোৱাৰে, গতিকে দিনত বিছনাখন উঠাই থয়।

 গোটেই ৰাতি উজাগৰে থাকোঁ। টোপনি নাহে। মাৰ হাতখন ধৰি শুই থাকোঁ লেখহীন ভাবনাৰ মাজত ডুবি। মায়ে যদিও বেলেগকৈ শুইছিল, মোৰ ভয় লগাৰ কাৰণে একেবাৰে মোৰ বিছনাৰ কাষত মাৰ বিছনাখন পাৰি লৈছিল যাতে মই মাৰ হাতখনত ধৰি টোপনি যাব পাৰোঁ।

 সৰুৰে পৰা মই মাৰ বাহিৰে আন কাৰো লগত নুশুইছিলোঁ। আমাৰ ডাঙৰ বিছনাখনত মা, আমি চাৰিটা একেলগে শুইছিলোঁ। মই মাহঁতৰ লগত শাৰীপাতি শোৱা নাছিলোঁ। মাৰ ভৰি দুখনৰ ওচৰত মূৰটো থৈ হাতেৰে ভৰি তলৰ অংশ মুঠি

মাৰি ধৰি শুলেহে মোৰ টোপনি আহিছিল।

[ ৫৮ ]  সৰুতে এবাৰ মাৰ সম্পৰ্কীয় বায়েক এজনীৰ ঘৰত বছৰেকীয়া পৰীক্ষা দি বা আৰু মই কেইদিনমান থাকিবলৈ গৈছিলোঁ। জেঠাইগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে তেওঁলোকৰ ঘৰত আমাক থাকিবৰ বাবে লৈ গৈছিলহি। তেতিয়া আমি পঞ্চম শ্ৰেণীত পঢ়োঁ। জেঠাইৰ লগত যাবলৈ মই ভালকৈ ওলালোঁ। তাত গৈ নাকান্দো, ঘৰলৈ আহোঁ, আহোঁ কৰি নাথাকো, ভালকৈ থাকিম বুলি কথা দি গ'লোঁ।

 কিন্তু কথা দিয়ামতে মই কথা নাৰাখিলোঁ। প্ৰথম দিনাই ৰাতি বিছনাখনত শুবলৈ উঠি কন্দা আৰম্ভ কৰিলোঁ। মই এইখন বিছনাত নোশোওঁ। ঘৰলৈ যাওঁ। মোক থৈ আহক। তাল-ফাল লগাই চিঞৰি চিঞৰি কান্দিব ধৰিলোঁ।

 জেঠাইগৰাকীয়ে মৰমেৰে বুজাব ধৰিলে – ‘হ’ব দে নাকান্দিবি। ভাল কাপোেৰ এখন পাৰি দিম। ইয়াতে আজি শুই থাক। মই কালিলৈ থৈ আহিম ঘৰত।’

 মই নহ’ব বুলি বিছনাৰ ওপৰত বহি কান্দি কান্দি ৰাতি পুৱাই দিলোঁ।

 পুৱা জেঠাইক ক'লোঁ- মোক ঘৰত থৈ আহক। মই নাথাকো। মাক লাগে।

 তেতিয়া পথাৰৰ ধান চপোৱাৰ দিন আছিল। জেঠাইগৰাকীয়ে আনৰ ঘৰত ধান কটাৰ কাম কৰে। তেওঁ মোক বুজাব ধৰিলে – ‘আজি তোক ঘৰত থ’বগৈ নোৱাৰিম। মানুহ এঘৰত ধান কাটি দিম বুলি কথা দিছোঁ। যদি ধান কাটিবলৈ নাযাওঁ তেন্তে তেওঁ ঘৰত আহি গালি দিব।’

 জেঠাইৰ কথা শুনি সেইদিনা থাকিম বুলি ক'লোঁ। জেঠাইৰ ল'ৰা দুটা আৰু ছোৱালী এজনী। ছোৱালীজনী মোতকৈ পাঁচ বছৰমান ডাঙৰ। এটা ল'ৰা মোৰ সমনীয়া আৰু এটা মোতকৈ সৰু। সিহঁতকেইটাক মাকে দায়িত্ব দিলে। - দিনটো মোক নকন্দোৱাকৈ খেলাই থাকিব। সিহঁতকেইটায়ো চোতালৰ আগত থকা দুজোপা তামোল গছত গৰুৰ পঘা বান্ধি তাৰ ওপৰত বস্তা দি ‘ঝুলনা’ বনাই মোক জেঠাই নহালৈকে ঝুলাই থাকিল।

 জেঠাইদুপৰীয়া খৰখেদাকৈ পথাৰৰ পৰা আহি আমাক ছাগলীৰ গাখীৰ উতলাই খাবলৈ দিলে চৌকাৰ কাষতে পীৰাত বহুৱাই।

 মই প্ৰথমবাৰ ছাগলীৰ গাখীৰ পিবলৈ মুখৰ ওচৰলৈ নিওঁতেই কিবা অচিনাকি গোন্ধ এটা নাকত লাগিল। মই গাখীৰখিনি পিব নোৱাৰি মাটিতে থৈ চোতাললৈ দৌৰ মাৰিলোঁ। জেঠাইহঁতৰ ঘৰতে ছাগলী পুহিছিল। ছাগলীৰ মল-মূত্ৰৰ গোন্ধত অপৰিষ্কাৰ পৰিৱেশত সিহঁতৰ ঘৰত থকাটো মোৰ কাৰণে বহু অশান্তিদায়ক হৈ পৰিছিল।

 দিনটো পাৰ হ’ল। ৰাতি কি কৰিম এতিয়া। জেঠায়ে আকৌ কয়।— আজি [ ৫৯ ] শুই থাক কালিলৈ থৈ আহিম। মোৰ কোমল মনটোৱে পিছদিনা মাক লগ পাম বুলি ভাবি ভাবি টোপনি যাওঁ।

 পুৱা হোৱাৰ পিছত জেঠায়ে আকৌ কয়— আজিও যাব নোৱাৰিম। থাক দে। কালিলৈ থৈ আহিম।

 নহ’ব, মোক এতিয়াই থৈ আহিব লাগিব বুলি মই কান্দিবলৈ ধৰিলোঁ—

 জেঠায়ে খঙতে ক’লে— ‘কি ভাল এজনী ডিঙিৰ হাৰমাল চপাই ল’লোঁ মই। ধানো কাটিব লাগে। তাইক থ’বলৈ যাবও লাগে। বায়েকজনীৰ চাচোন একো আপত্তিয়ে নাই। তাইৰহে খোৱাত আপত্তি, থকাত আপত্তি, সকলো ফালে আপত্তি। ডাঙৰ ‘গলগ্ৰহ’ এটা গোটাই ল’লোঁ— এই ধান কটাৰ দিনত।

 মই বহি বহি কান্দিয়ে আছিলোঁ।

 জেঠায়ে এইবাৰ মোক ফুচুলাবলৈ ধৰিলে—আজি আমাৰ চাৰিআলিত ‘চাৰ্কাছ’ আহিব। আবেলিৰ পৰা দেখুৱাব। তই ইহঁতকেইটাৰ লগত চাবলৈ যাবি দে। তাত হাতী, ঘোঁৰা আদি জন্তুৱে কিবা কিবি কৰিব, মানুহে যাদু দেখুৱাব, চাই ভাল পাবি। নাকান্দিবি দে এতিয়া। খেলি থাক এতিয়া, আবেলি চাৰ্কাছ চাবলৈ যাবি।

 মই লগে লগে কন্দা বন্ধ কৰি চকুপানী মচি মিচিকিয়াই হাঁহিলোঁ আৰু মুখেৰে উচ্চাৰণ কৰিলোঁ - ‘যাদু’!

 আমিকেইটা আবেলি সময়ত ‘যাদু’ চাবলৈ গ’লোঁ। প্ৰথমবাৰৰ কাৰণে স্বচক্ষে যাদু দেখিলোঁ। হাতী লৈ যাদু দেখুৱাইছে, এডাল ৰছীৰ ওপৰেদি চাইকেল চলাই গৈছে, মুখৰ ভিতৰৰ পৰা ৰঙা-ক’লা দীঘল দীঘল ৰিবন উলিয়াই দিছে।

 কি চমৎকাৰ দৃশ্য! স্ফূৰ্তিত মোৰ আনন্দৰ সীমা নোহোৱা হ’ল। তাতকৈ আৰু বেছি ভাল লাগিছিল বাঁহৰ খাপ খাপকৈ ওখকৈ বনোৱা বাঁহৰ আসন ‘গেলাৰিত’ বহি চাবলৈ পাই। ওপৰত বহি তলৰ মানুহখিনিক চাই বহু মজা লাগিছিল।

 ৰাতি শোৱাৰ সময়ত আকৌ একেই কান্দোন। ঘৰত যাওঁ, ঘৰত যাওঁ। জেঠায়ে -কালিলৈ থৈ আহিম। এনেদৰে ফুচুলাই, কন্দুৱাই মোক এসপ্তাহ ৰাখিলে।

 ক’বলৈ গ’লে জেঠাই মোক লৈ উপায়হীন হৈছিল।

 আনৰ ঘৰত দিনটোৰ কাৰণে কাম কৰে, গতিকে তেওঁ গৰাকীৰ ওচৰত বাধ্য আছিল। আৰু তেওঁ যদি গৰাকীৰ ঘৰত কাম নকৰে, ঘৰত থকা তেওঁৰ ল’ৰা- ছোৱালীকেইটাৰ পেটত খুদকণ এটাও নপৰে। ঘৰত থকা ল’ৰা-ছোৱালীকেইটাক খুৱাবৰ বাবে জেঠাই প্ৰতিদিনে মানুহৰ ঘৰত কাম কৰিবলগীয়াত পৰিছিল। সেই বয়সতে দৰিদ্ৰৰ জুই দেখিছিলোঁ জেঠাইৰ ঘৰত। উপলব্ধি কৰিছিলোঁ ভোকাতুৰ [ ৬০ ] পেট। কম বয়সৰ উপলব্ধিয়ে মোক জেঠাইৰ দুখ বুজাতকৈ মাক যে মোৰ বেছি প্ৰয়োজন, তাত বেছি গুৰুত্ব দিছিলোঁ।

 এসপ্তাহৰ শেষত জেঠায়ে আমাক ঘৰত থৈ গ’লহি।

 মাৰ ভৰি দুখন এৰি মই প্ৰথমবাৰৰ কাৰণে আনৰ লগত এসপ্তাহ শুই আহিছোঁ, যিজনী ছোৱালীয়ে এদিনো মাৰ পৰা আঁতৰি নাথাকিছিলোঁ।

........

 আৰু এতিয়া।

 মাৰ ভৰি দুখনৰ পৰা বিচ্ছেদ হৈ হাতত ধৰি টোপনি যাবলৈ চেষ্টা কৰিবলগা হৈছে। বিনিদ্ৰা চকুযোৰে টোপনিৰ বিপৰীতে নীৰৱে চকুলো টুকি গাৰুৰ গিলিপ তিয়াইছোঁ। বুকুৱে হাহাকাৰ কৰিছিল জয়ালনিশা। মায়ে উমান পায় বুলি উচুপনিও হেঁচি ৰাখিবলগীয়াত পৰিছিল।

 অসহনীয় সময়...

 পুৱা নিত্য কৰ্মখিনিত মা ব্যস্ত হৈ পৰে। মোক আলপৈচান ধৰাৰ লগতে বাহঁত স্কুললৈ যাবৰ কাৰণে ভাত ৰন্ধা, মোৰ খবৰ ল’বলৈ অহা মানুহক শুশ্ৰুষা কৰা৷ চকুলো টুকি টুকি মোৰ ‘আঁউসী’ জীৱনৰ অধ্যায় দোহাৰে। সকলোখিনি যন্ত্ৰৰ দৰে কৰি গৈছিল।

 মাজে মাজে মোলৈ চাই হুমুনিয়াহ কাঢ়ি কৈছিল— ‘তাইৰ দুখ-যন্ত্ৰণাখিনি মই চকুৰে চাই থকাৰ বাহিৰে একো কৰিব পৰা নাই। দহ মাহ দহদিন গৰ্ভত ৰাখি জন্ম দিয়াৰ পিছত এতিয়া লওঁ বুলিও তাইৰ শৰীৰ মনৰ কষ্টখিনি ল'ব নোৱাৰোঁ, ইচ্ছা থাকিও। মাথোঁ তাইক চকুৰ আগত বিছনাত থৈ চাই আছোঁ।’

 মাৰ মুখৰ বাক্যকেইটাই মোৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিছিল।

 কিয় মই আটাইতকৈ ভালপোৱা মানুহগৰাকীক দুখ দিছোঁ। যদিও মই জানিছিলোঁ, মই নিজে মাক দুখ দিয়া নাই, তথাপি মাৰ দুখৰ উৎস ময়েইতো।

 মই মোৰ নিজৰ শাৰীৰিক-মানসিক যন্ত্ৰণাতকৈ মায়ে ‘মাক’ হিচাপে যিমান যন্ত্ৰণা পাইছিল, তাক বেছিকৈ অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ। মাৰ বিৱৰ্ণ মুখখনে মোক বেছি মানসিক কষ্ট দিছিল।

 মই বিমোৰত পৰিছিলোঁ।

 মাক সান্ত্বনা দিম,

 নে মই নিজে সান্ত্বনা ল’ম?

[ ৬১ ]  সেই সময়খিনিত মোৰ মনৰ মাজত উমি উমি খং উঠিছিল।

 মনতে ভাবিছিলোঁ— মানুহবিলাকে যদি মোৰ খবৰ ল’বলৈ নাহে, তেতিয়াতো মায়ে মোৰ কথাবোৰ দোহাৰি থাকিব নালাগিব আৰু মাৰ বুকুত হোৱা ঘা টুকুৰা বাৰে বাৰে ঘঁহনি খাই অধিক যন্ত্ৰণাকাতৰ নহ’লহেঁতেন।

 খন্তেকৰ পিছতে আকৌ ভাবিছিলোঁ। তেওঁলোকৰ এখন এখন অন্তৰ আছে বাবেইতো আমাৰ দুখৰ খবৰ ল’বলৈ আহিছে।

 মই বাৰু কিয় বেয়া পাইছোঁ?

 মোৰ নিজকে তেতিয়া স্বাৰ্থপৰ স্বাৰ্থপৰ ভাব হৈছিল। [ ৬২ ]

(এঘাৰ)

 গতিশীলতাই জীৱন, স্থবিৰতাই মৃত্যু। যিহেতু মোৰ খোজহে স্থবিৰ হৈছিল, জীৱন নহয়। সেয়ে জীৱনে গতি কৰিছিল দিশহাৰা পথেৰে। মনটো গতি কৰিছিল শৈশৱৰ এৰি অহা মধুময় স্মৃতিবোৰৰ মাজলৈ সমস্ত যাতনাক একাষৰীয়াকৈ থৈ। মই এতিয়া খন্তেকৰ কাৰণে অতীতৰ অৱক্ষয়ী স্মৃতিৰ লগত একাত্ম হওঁ। মোৰ ভাল লগা প্ৰতিটো উৎসৱ, প্ৰতিটো দিন স্মৰণ কৰোঁ। উৎসৱ বুলিলে প্ৰতিটো উৎসৱতে মই আনন্দিত হওঁ। প্ৰতিটো উৎসৱে সুকীয়া সুকীয়াভাৱে মন পুলকিত কৰে।

 মোৰ আটাইতকৈ ভাল লগা উৎসৱ– ব’হাগ বিহু, মাঘৰ বিহু আৰু ভয়লগা উৎসৱ ফাকুৱা, দীপাৱলী। ব’হাগ বিহুটো মোৰ অতিকৈ আপোন আৰু সোণোৱালী স্মৃতিৰ মেট্‌মৰা ভঁৰাল। কুলি-কেতেকীৰ সুৱদী সুৰীয়া মাতে দুপৰীয়াৰ নিৰ্জনতা ভাঙি প্ৰতিটো বছৰৰ প্ৰতিটো ব’হাগে আশা-আকাংক্ষাৰ আৰু হেঁপাহৰ মিঠা সোৱাদ কঢ়িয়াই আনে ন-ৰূপত। ব’হাগৰ ৰঙে চুই যায় আটাইৰে মন-প্ৰাণ আৰু হৃদয়। সুখানুভূতিৰে ভৰি পৰে প্ৰতিটো পল-অনুপল। ৰামধেনুবৰণীয়া সপোনে ঘৰ সাজে মনৰ মণিকোঠাত, পংকিলময় জীৱনটোত ব’হাগত ৰং সানে। ব’হাগে পলাশ, শিমলুৰ ৰঙা ৰঙে সুশোভিত কৰে প্ৰকৃতিক।

 সেউজময় পৃথিৱীখনত আমিও সেইকেইদিন অধিক সেউজ হৈ পৰোঁ। মোৰো মন আকাশে-বতাহে বসন্তই ছটিওৱা নানাৰঙী ছবিৰে ৰঙীন হৈ থাকে।

 সঁচাই জীৱন বৰ অনুপম। অনুপম প্ৰতিটো ঋতুৰ সুকীয়া সুকীয়া সৌন্দৰ্য। মই অতিকে ভাল পাওঁ আৰু উপভোগ কৰোঁ প্ৰতিটো ঋতুৰ সুকীয়া সুকীয়া সৌন্দৰ্যৰ প্ৰতিটো মুহূৰ্ত।

 ব্যস্ততাই দিনবোৰ চুটি কৰি দিছিল, আমাৰ ব’হাগ বিহুৰ আগমুহূৰ্তৰ দিনবোৰ। জনা হোৱাৰ পৰাই বিহুৰ পোন্ধৰ-বিশ দিনৰ আগৰপৰাই আমাৰ গাত তৎ নোহোৱা হৈ থাকিছিল। স্কুলৰপৰা ঘৰলৈ আহোঁতেই বাটত লগৰ কেইজনীৰ লগত কথা পাতি আহোঁ। কোন তাৰিখৰ পৰা ৰিহাৰ্চেল কৰিম। কোনে কোনে এইবাৰ একেলগে বিহু হুঁচৰি গাম। ক’ত ৰিহাৰ্চেল কৰিম। কি কি ৰঙৰ কাপোৰ পিন্ধিম। কাক কাক এইবাৰ আমাৰ লগত বিহু নাচিব নিদিওঁ। সমস্ত কথা বাটত আলোচনা কৰি শেষ কৰোঁ।

[ ৬৩ ]  পিছ দিনা আকৌ আৰম্ভ কৰোঁ আলোচনা। তাৰে মাজৰ এজনীয়ে কোনোবা এজনীৰ লগত কাজিয়া লাগি মাত-বোল নকৰে, গতিকে এজনীয়ে আমাৰ লগত বিহু নাচিলে সিজনীয়ে নাযাওঁ বুলি আপত্তি কৰে। আকৌ সিহঁত দুজনীৰ মাজত থকা মনোমালিন্য আঁতৰ কৰি দুয়োজনীক একেলগে নাচিবলৈ মান্তি কৰা, এই সকলোবোৰ স্কুলৰপৰা ঘৰলৈ আহোঁতে বাটতে আমাৰ মাজত সমাধান হৈছিল।

 নিৰ্ধাৰিত দিনত আমি ঠিক কৰি থোৱা গাঁৱৰ এল পি স্কুলখনৰ শিক্ষকৰ জিৰণি কোঠাটোতে বিহুৰ ৰিহাৰ্চেল আৰম্ভ কৰোঁ। তেতিয়া স্কুলঘৰটোৰ শিক্ষকৰ জিৰণি কোঠাটোৰ দুৱাৰ-খিৰিকী লগোৱা নাছিল। শিক্ষকসকলে সেই কোঠাটো জিৰণি কোঠা হিচাপে ব্যৱহাৰ কৰা নাছিল। নতুনকৈ সাজি থকা কেৱল ইটা বালিৰে দেৱালকেইখন গাঁথি থৈছিল। আমি স্কুলৰ সেই জিৰণি কোঠাটোকে ৰিহাৰ্চেলৰ কাৰণে উপযোগী বুলি ভাবি তাতে ৰিহাৰ্চেল কৰোঁ।

 ‘অ’ই, তই কিয় মুখেৰে চিঞৰি চিঞৰি নাগাৱ, আমিয়ে চিঞৰিব লাগে? তই মাত্ৰ হাত চাপৰি বজাই থাক। হুঁচৰি গাবলৈ দিলেও নাগাৱ। বোবা হৈ থাক। চাবোন’ সুমুৱাই থৱ নেকি মুখত? তোক পইচা ভগাওঁতে কমাই দিম ৰ। তেতিয়াহে মজা পাবি?’ মোক কৈছিল ধেমালিতে লগৰ কেইজনীয়ে। জাহ্নৱী, শেৱালী, স্নেহা, মৰমী, সৰুমণি, বা, মালা, আৰু মই একেলগে বিহু হুঁচৰি গাইছিলোঁ। বেছিকৈ ছোৱালী হ’লে বিহু নাচি পোৱা টকাকেইটা গাইপতি ভগাওঁতে কমকৈ ভাগত পৰিব বুলি বেছিকে ছোৱালীও নলৈছিলোঁ।

 বিহুৰ ৰিহাৰ্চেল কৰোঁতেও কিমান যে কাজিয়া হোৱা নাছিল। কাজিয়াৰ কোবত কোনোবাজনীয়ে নাগাওঁ বুলি ভেম কৰি থিয় হৈ থাকিছিল। তাইৰ ভেম ভাঙোতে ভাঙোতে সেইদিনাৰ ৰিহাৰ্চেলেই নহৈছিল।

 ৰিহাৰ্চেল শেষ কৰি আকৌ স্কুলৰ ফিল্ডত চোৱা-চুই, কাবাডী, হৌ-গুডু, ৰেডী খেলবোৰ খেলা। কাৰ বাৰীত কি আছে, কি পকিছে, বাৰীয়ে বাৰীয়ে পিট্‌পিটাই ফুৰা। সকলোখিনি বিহু ৰিহাৰ্চেল কৰিবলৈ যাওঁতেই সম্পূৰ্ণ কৰি অহা হৈছিল।

 জাহ্নৱীহঁতৰ কৰ্জা এজোপা আছিল। ৰিহাৰ্চেল আৰম্ভ হোৱাৰপৰা তাইক ফুচুলাই থাকিছিল এটা এটা কৰ্জা দিবলৈ। তাই এবাৰ দিম বুলি কয়, এবাৰ নিদিওঁ বুলি কয়। দিম বুলি ক’লে আনন্দতে তাইক সাৱটি ধৰে আৰু নিদিওঁ বুলি ক’লে ঠেলা মাৰি দিয়ে লগৰকেইজনীয়ে।

 মই যিহেতু টেঙা নাখাওঁৱেই। কাকো খোচামতি কৰিবও নাই। কাকো ফুচুলাই থাকিবও নাই। মাত্ৰ সিহঁতৰ লগত থাকোঁ, সিহঁতৰ কাজিয়াৰ সাক্ষী হৈ, বিনিময়ৰ সাক্ষী হৈ।

[ ৬৪ ]  স্নেহাহঁতৰ আগফালে এজোপা বিলম্বী টেঙা আছিল। তাই আকৌ বিলম্বী দিওঁতে আনৰ লগত বিনিময় প্ৰথা প্ৰয়োগ কৰে। কোনজনীয়ে বিলম্বীৰ বিনিময়ত কি দিব? প্ৰত্যেকজনীয়ে ঘৰত কি বস্তু আছে দিব পৰা। তাইক দিবৰ কাৰণে প্ৰতিশ্ৰুতি দিয়ে আৰু বিলম্বীটো খায় মোৰ বাহিৰে।

 কি যে অপাৰ আনন্দ ফুটি উঠে সিহঁতৰ মুখাবয়বত। সাঁজ লাগো লাগো হওঁতে আমি দৌৰি দৌৰি ঘৰলৈ ওভতো।

 ঘৰ পোৱাৰ পিছত আমাৰ সদায় এটা কাম থাকে। হাত-ভৰি ধুই এইবাৰ আমি চাৰিওটা ৰাস্তালৈ ওলাই যাওঁ মাছ আনিবলৈ। আমাৰ গাঁৱৰ আৰম্ভণিৰ মানুহ ঘৰত এজন মুছলমান সম্প্ৰদায়ৰ মানুহ আছিল। তেওঁৰ নাম সূৰুয। আমিকেইটাই সূৰুয ককা বুলি সম্বোধন কৰি মাতো। তেওঁ আমাক অকৃত্ৰিম মৰম কৰিছিল। ককাৰ মৰমত জাতি-ভেদ নাছিল। আমিও ককা মুছলমান সম্প্ৰদায় বুলি তেওঁক বেলেগ দৃষ্টিৰে চোৱা নাছিলোঁ। ককাই আমাৰ ডিমৌ বিলখনত মাছ ধৰে আৰু গাঁৱত মাছ বিক্ৰী কৰে। আমাৰ কাৰণে ককাই মাছ বিক্ৰী কৰিব যোৱাৰ আগতে সদায় কেইটামান মাছ বেলেগ কৰি থৈ যায়। আমিকেইটাই গধূলি মাছকেইটা লৈ আহোঁগৈ। আমি ককাৰ পৰা মাছ এনেয়ে অনা নাছিলোঁ। টকা দি আনিছিলোঁ। কিন্তু সদায় মাছৰ টকাও নিদিছিলোঁ। প্ৰতিদিনে কিমান মাছ দিয়ে, তাৰ হিচাপ ককাই মনত ৰাখি যায়। আৰু মায়ে মাহৰ প্ৰথমতে, দেউতাই পঠিওৱা টকা পোৱাৰ লগে লগে মাছৰ যিমান টকা হয় দি দিয়ে। অৱশ্যে কেতিয়াবা যদি ককাই মাছ নাপায় তেন্তে নিদিয়ে। নাইবা একেবাৰে কম পালে গাইপতি এটাকৈ পাঁচটা মাছ দি টকা নালাগে, এনেয়ে দিছোঁ বুলি কয়।

 এদিনাখনৰ কথা। আমিকেইটা মাছ আনিবলৈ যাওঁতে আমাৰ লগত সৰুমণিও গৈছিল। ককা থকা ঘৰটোৰ ওচৰত এটা প্ৰকাণ্ড পুখুৰী আছে। বাৰিষাৰ দিন, পুখুৰীটো পানীৰে উপচি আছিল। ককাৰ কোঠাটো পুখুৰীটোৰ গাতে লগা। বাৰিষা দিন হোৱাৰ বাবে পুখুৰীটোৰ পাৰবিলাকত জংঘলে আৱৰি আছিল। আমিকেইটাই পুখুৰীপাৰত মাছ চাই ঘূৰি ফুৰোঁতেই কেনেবাকৈ মোৰ ভৰি পিছল খাই পুখুৰীটোলৈ সোমাই যাব ধৰিলোঁ। মই খপ্জপকৈ ভয়তে চিঞৰি পুখুৰীৰ পাৰৰ তামোল গছত বগাই থকা দীঘল দীঘল লতাবোৰ হাতেৰে খামুচি ধৰিলোঁ। মোৰ চিঞৰত বাহঁতে গম পালে। মই পানীত ডুবিছোঁ। সিহঁতে মোক দেখি ওপৰলৈ তুলিব ধৰে মানে মোৰ বুকুলৈকে পানী হৈ গ'ল। তেতিয়া ককাও কোঠাত নাছিল। সিহঁতকেইজনীয়ে মোক হাতত, চুলিত ধৰি ওপৰলৈ টানি উঠালে। কথমপি মই সেইদিনা ভৰা পুখুৰীত ডুবি নমৰিলোঁ। [ ৬৫ ]  আজি মই শোকৰ পুখুৰীত ডুবি থাকি ভাবোঁ মই যদি সেইদিনাই ভৰা পুখুৰীটোত ডুব গৈ মৰিলোঁহেঁতেন। আজিতো মই এই শোকৰ পুখুৰীটোত ডুবি থাকিব নালাগিল হেঁতেন!

 –আজি উৰুকা, কাইলৈ বিহু। আজি ৰিহাৰ্চেল নাই। আজিৰ কাম হ’ল— জেতুকা পিচি হাতৰ তলুৱা, নখত লগোৱা। বিহু নাচিবলৈ কোনযোৰ কাপোৰ পিন্ধিম, তাৰ ঠিক্ ঠাক্ কৰা।

 মাৰ তিনিখন মুগাৰ মেখেলা আছিল। চাদৰ আছিল দুখন। এখন ৰঙাপাৰি দিয়া আৰু এখন নীলা-বগা ঘৰ ঘৰ পৰা। তেতিয়াৰ সময়ত মাৰ সামৰণ কাপোৰ বুলিবলৈ সিমানেই আছিল আৰু বগা, ৰঙা, ক’লা ৰঙৰ তিনিটা ব্লাউজ। আমিকেইজনীয়ে এতিয়া ভাগ কৰোঁ। কোনজনীয়ে কোনখন পিন্ধিম? মোৰ ভাল লাগিছিল মোৰ প্ৰিয় ৰং ৰঙা ফুলৰ আঁঠুলৈকে বুটা বছা মুগাৰ মেখেলাখন আৰু ৰঙাপাৰি দিয়া চাদৰখন আৰু ৰঙা ব্লাউজটো। সেইকেইটা গোটাই থৈ এতিয়া জেতুকা পিচি হাতৰ তলুৱা ৰঙা কৰা কাম।

 আমাৰ ঘৰত তেতিয়া জেতুকা গছ নাছিল। কাৰ ঘৰৰ পৰা আনিম এতিয়া। জেতুকা খুজিব গ’লে যদি গালি পাৰে। কিয় বা জেতুকা খুজিবলৈ গ’লে গালি পাৰে আজিও নুবুজিলোঁ। গালি খায়ো আমি কুটুৰি কুটুৰি জেতুকাৰ পাত আনোঁ। জেতুকা খোজোঁতে, গালি খাওঁতে মনটো যিমানে ক’লা পৰি গৈছিল, হাতত জেতুকাৰ ৰং ধৰোঁতে সিমানে মনটো ৰঙীন হৈ পৰিছিল।

 সেই সময়ত হাতৰ জেতুকাৰ ৰং কেইদিনমানলৈকে থাকি আঁতৰি গৈছিল যদিও, জেতুকা খোজোঁতে মনত ক’লা পৰা দাগ আজিকোপতি বিৰাজমান হৈ আছে।

 কুমলীয়া কলিজাত তিক্ত বাক্যবাণে থকা-সৰকা কৰিছিল। আমি তেতিয়া কন্দা নাছিলোঁ বা তেওঁলোকক বেয়া পোৱাও নাছিলোঁ। কাৰণ গালি দিলেও আমাক তেওঁলোকে জেতুকাৰ পাত দিছিল। সেয়ে বহুত।

 দুটা কাম শেষ হ’ল। তিনি নম্বৰ কামটো হ’ল বিহুৰ দিনা তগৰ ফুলৰ মালা গঁথা কাম। কপৌ ফুলৰ অভাৱ, গতিকে আমি বিহুৰ দিনা তগৰ ফুল গোটাই মালা গাঁথিছিলোঁ পুৱাই।

 পুৱাই গোসাঁইঘৰত প্ৰাৰ্থনা কৰাৰ পিছত প্ৰসাদ খায়েই আমাৰ আৰম্ভ হয় কাপোৰ পিন্ধাৰ উৎপাত। আমাক কাপোৰ পিন্ধাই দিছিল অজন্তা বা আৰু ৰুবী বায়ে।

[ ৬৬ ]  দুখৰ কথা, মোৰ অসুখৰ কেইবছৰমানৰ পিছত ৰুবী বা কিবা এটা অসুখত অকস্মাৎ ইহসংসাৰ এৰি গুচি গ'ল খুব কম বয়সতে। ৰুবী বা আমাৰ স্কুললৈ যোৱাৰ লগ আছিল। আমি পঞ্চম শ্ৰেণীত পঢ়োঁতে ৰুবী বা সপ্তম শ্ৰেণীত পঢ়িছিল আৰু নতুন স্কুলখনলৈ প্ৰথমে আমাক লৈ যায়। কোনটো শ্ৰেণীকোঠাত বহিব লাগিব দেখুৱাই দিয়ে। ৰুবী বাক মোৰ অত্যন্ত ভাল লাগিছিল। তাই ধুনীয়াও আছিল। ওঁঠত লিপষ্টিক লগালে তাইক খুব ধুনীয়া লাগিছিল। মায়ে সেই বয়সত আমাক ওঁঠত লিপষ্টিক লগাব নিদিয়ে, গতিকে তাইৰ ওঁঠখনকে চাই মই মুগ্ধ হৈছিলোঁ। মোৰ অসুখৰ পিছত তাই মোক সংগ দিছিল বহু সময়। মোৰ কাষতে বগা টুলখনত সদায় বহি থাকেহি। তাইৰ ভাল লগা কিছুমান কথা কৈছিল মোক। কিন্তু যিদিনা তাই এই সংসাৰৰ পৰা কাকো আগজাননী নিদিয়াকৈ গুচি গ’ল, মই বহু আঘাত পাইছিলোঁ। তাইৰ উজ্জ্বল চকুযুৰিয়ে আমনি কৰে আজিও। তাই মোৰ বাবে আজিও মচিব নোৱৰা এটা অধ্যায় হৈ আছে বুকুৰ মাজত।

 -মোৰ চুলিখিনি কঁকাললৈকে পৰা দীঘল, চিধা হোৱা গতিকে খোপাটো মোৰ দেখিবলৈ ধুনীয়া হৈছিল। ধুনীয়া খোপাটোত বগা তগৰ ফুলৰ মালাডালে আৰু অধিক ধুনীয়া কৰি তুলিছিল। কপালত সেন্দুৰ-তেল মিহলোৱা ৰঙা সূৰ্যটোৰ দৰে ডগমগাই থকা এটা ৰঙা ফোঁট। ওঁঠত সেইদিনা হেঁপাহেৰে লগাওঁ ৰঙা লিপষ্টিক। মোৰ পছন্দৰ চাদৰ-মেখেলা, মনটো ভৰি পৰিছিল, আটাইকেইটা মোৰ ভাল লগা আশাপূৰ্ণ বস্ত্ৰ পৰিধান কৰাত।

 অ’ই কেই টকা দিছে?

 এক টকা।

 ইস্, ইমানকৈ বিহু নাচিবলৈ দি। এক টকাহে দিলে?

 জানিছিলোৱে। এক টকাতকৈ বেছি নিদিয়ে।

 তাইক কৈছিলোৱে। আৰু নানাচো। এইজনীয়েহে নামানিলে। হ’ব দে আৰু এটা বিহু নাচি দেখুৱাওঁ।

 পালি এতিয়া মজা। ইমান সময় নাচিলো, এটকাহে দিলে।

 এইবাৰৰ পৰা দুটাৰ ওপৰত কাৰো ঘৰত বিহু নানাচো, এটা হুঁচৰি, এটা বিহু। বচ।

 কিমান যে চুপতা-চুপতি। সীমা-সংখ্যা নাই।

 অ’ই, এইবাৰ মই বঁটা দাঙিম। তই প্ৰতিবাৰে মানুহৰ ঘৰত বঁটা দাঙি টকা মোনাত থ’ৱ। এইবাৰ মই ল’ম। তই নুচুবি।

. [ ৬৭ ]  হ’ব দে, হ’ব দে। তয়ে ল’বি। একেবাৰে। তাই টকাকেইটা ল'লেহে যেন এটকাটো দুটকা হৈ যাব। বৰ বেছি কৰ।

 সন্ধিয়া হোৱাৰ লগে লগে আমিও নচা বন্ধ কৰি আমাৰ ঘৰলৈ আহোঁ। আমাৰ ঘৰতে সেইদিনাখন কিমান টকা উঠিল হিচাপ কৰি টকাকেইটা মাৰ হাতত সিহঁতে জমা দিয়ে। চাউল কিমান হ’ল টেমাৰে জুখি মোনা এটাত ভৰাই থৈ সিহঁত যায়গৈ। পিছদিনা কিমান সময়ত ক’ত লগ হ’ব কৈ যায়।

 পিছদিনাখন য’ৰ পৰা বিহু গোৱা বন্ধ কৰিছিলোঁ, তাৰ পৰাই আৰম্ভ কৰি গোটেই গাঁওখন শেষ কৰোঁ। বিহু নাচি পোৱা চাউলখিনি জোখ কৰি মাৰ তাত বেচি দিওঁ। চাউল বেচি পোৱা টকা আৰু নগদ টকা মুঠ কৰি গাইপতি মায়ে ভগাই দিয়ে। নিজৰ ভাগৰ টকাকেইটা হাতত পৰাৰ লগে লগে গুণা-গঁথাত লাগি যাওঁ। টকাকেইটা কি কৰিম, কি নকৰিম।

 বছৰ বাগৰাৰ লগে লগে আমিও ডাঙৰ হৈ আহিলোঁ। এতিয়া বা, মই মানসীয়ে গাঁৱৰ ডেকা ল’ৰাবিলাকৰ লগত বিহু গাঁৱতে মাৰো। ব'হাগ বিহু আহিলে এতিয়া আমি ৰাস্তাত বিহু নাচৰ কথা আলোচনা নকৰোঁ।

 মাঘ বিহু। ভৰা পথাৰৰ বুকু উদং কৰি ভঁৰালৰ বুকুত সোণালী ধান ভৰোৱা বতৰ। পথৰুৱাৰ বছৰটোৰ কষ্টোপাৰ্জনৰ ফল প্ৰাপ্তিৰ সময়। হাঁহি হাঁহি দাৱনিয়ে কাটি নিয়া ধান। ককাইটিয়ে ধানৰ ভাৰ কঢ়িওৱা সময়। সমগ্ৰ পৃথিৱীয়ে ‘ফৰকাল’ হোৱাৰ সময়।

 মোৰো মনটো মাঘ বিহু অহাৰ আগে আগে আনন্দত ফৰকাল হৈ থাকিছিল। উৎফুল্ল হৈ আছিল পৰিৱেশ। মোৰ আনন্দৰ কাৰণো আছিল সুকীয়া। দেউতা প্ৰতিটো মাঘৰ বিহুত ঘৰলৈ আহে। দেউতা আহিলে ঘৰখনৰ পৰিৱেশটোৱেই সলনি হৈ যায়। দেউতা সেনাবাহিনীত চাকৰি কৰিছিল, গতিকে ঘৰলৈ আহোঁতে তেওঁ সেনাবাহিনীৰ পোছাকযোৰ পিন্ধি আহিছিল। দেউতা দেখাত ওখ, শকত, হৃষ্ট-পুষ্ট আছিল। সেনাবাহিনীৰ পোছাকযোৰ পিন্ধি আহিলে আমাৰ কণমানি বয়সৰ কুমলীয়া মনকেইটা ভয়তে টিপখাই থাকিছিল। সেইটো আছিল আমাৰ কাৰণে দুখৰ কথা। তাৰ বিপৰীতে দেউতা আহিলে দুখতকৈ সুখৰ আনন্দ আছিল বহু উচ্চ। দেউতাই আমালৈ অনা ‘নতুন’ কাপোৰৰ সুখৰ অনুভূতি। প্ৰতিটো বছৰৰ প্ৰতিটো মাঘৰ বিহুত আহিলে নতুন কাপোৰ আনে আৰু আমি বছৰত এবাৰেই নতুন কাপোৰ পাওঁ। সেয়ে মাঘৰ বিহুটো আমাৰ বাবে বৰ্ণিল আনন্দৰ দিন। দেউতা ঘৰত উপস্থিত হোৱাৰ লগে লগে এটি চিনাকি গোন্ধে আমাৰ নাক চুই যায়। পাৰাপাৰহীন হেঁপাহেৰে বাট [ ৬৮ ] চাই থাকোঁ। কেতিয়া কাপোৰ ভৰাই অনা ভি আই পিটো খুলিব? কেতিয়া আমাৰ অপেক্ষাৰত দুচকুৱে নিজৰ নিজৰ পোছাক দেখিবলৈ পাম? অধীৰ অপেক্ষা আবেগ। এটা সময়ত অপেক্ষাৰ অন্ত পেলাই দেউতাই ভি আই পিটো খুলি আমাৰ নিজৰ নিজৰ কাপোৰ হাতে হাতে দিয়ে। যদি পছন্দ হ’ল আনন্দৰ সীমা নাই, আৰু যদি নহয় বেদনাৰ সীমা নাই।

 মাঘৰ বিহুটো আৰু এটা কাৰণত মোৰ ভাল লাগিছিল। এই বিহুটোত মই আৰু মালাই বছৰটোৰ কাৰণে কাপ-প্লেট আৰু গিলাচ গোটাওঁ। আমাৰ গাঁৱৰ পৰা পাৰ হৈ এখন গাঁও আছিল। সেই গাঁওখনৰ পৰম্পৰা অনুসৰি প্ৰত্যেক বছৰে মাঘৰ বিহুৰ পিছদিনাৰ পৰা তিনিদিনীয়া খেল পাতিছিল। আমাৰ গাঁৱৰ পৰা জাহ্নবী, শেৱালী, স্নেহা, মৰমী, সৰুমণি, বা, মালা আৰু মই তাত খেলিবলৈ যাওঁ।

 মই আৰু মালাই তাত খেলিব দিয়া প্ৰতিটো খেলতে অংশগ্ৰহণ কৰোঁ। তাই ‘খ’শাখাত অংশগ্ৰহণ কৰে। মই ‘ক’শাখাত কৰোঁ। তাই আৰু মই প্ৰত্যেকটো খেলতে প্ৰথম নাইবা দ্বিতীয় পুৰস্কাৰটো ৰাখোঁ। খেলৰ অন্তিম দিনা আমি দুয়োজনীয়ে সগৌৰৱে পুৰস্কাৰ পোৱা কাপ-প্লেট, গিলাচ আনি মাক দিওঁ। সেই দিনটো এটা বিৰল সুখানুভূতিৰ দিন।

 মোৰ ভয়লগা উৎসৱটো আছিল— ‘ফাকুৱা’। ৰঙৰ উৎসৱ ফাকুৱা। এই উৎসৱত সকলোৰে মন ৰঙেৰে ৰঙীন হয়। কিন্তু মোৰ মনতো ৰঙৰ বিপৰীতে ভয়ে বাহ লয়। ভয়ৰ এটা কাৰণো আছিল বাবুৰ কাৰণে। সি মোতকৈ তিনি বছৰ সৰু। মই তাক বহু মৰম কৰিছিলোঁ। তাক ‘ফাকুৱা’ লগালে ভয়ত কান্দে বুলি মোৰ লগে লগে লৈ ফুৰিছিলোঁ।

 পোহৰৰ উৎসৱ দীপাৱলীলৈকো ভয় লাগিছিল। ফটকা ফুটিলে হাত-ভৰিত জুই লাগি পুৰিব বুলি দীপাৱলীলৈ মোৰ অতিপাত ভয় লাগিছিল। ভয় লাগিলেও মই উৎসৱবোৰৰ প্ৰতিটো মুহূৰ্তই প্ৰাণভৰি উপভোগ কৰিছিলোঁ।

 যদিও আজি সেই মধুময় দিনবোৰ মোৰ কাৰণে জীৱনৰ এৰি অহা সোঁৱৰণীৰ পৃষ্ঠা, তথাপি মোক এতিয়া কোঠাবন্দী জীৱনত সুখৰ স্বাদ দিয়ে, এই সোঁৱৰণীৰ পৃষ্ঠাৰ অম্লান মুহূৰ্তবোৰে।

[ ৬৯ ]

(বাৰ)

 ছমাহ পাৰ হ’ল। মোৰ জীৱনশৈলীও স্বকীয় গতিৰে যাত্ৰা কৰি আছে। দিন গৈ ৰাতি আহে। ৰাতি পাৰ হৈ দিন আহে। দিনৰ পোহৰত মই এযোৰ সুখী হোৱা পোছাক পিন্ধি সকলোৰে আগত অভিনয় কৰোঁ। ৰাতি হোৱাৰ লগে লগে অভিনয়ৰ পোছাকযোৰ খুলি মই অকলে নিজৰ লগত একত্ব হওঁ।

 ওহোঁ। অকলে ক’লে ভুল হ'ব।

 ৰাতি মোৰ লগত থাকে তপত উশাহৰ চূড়ান্ত যন্ত্ৰণা। এক অন্তঃসাৰশূন্য আশা। সপোন ভঙা দুচকু। মৌন সুখৰ ৰক্তাক্ত এখন হৃদয়। এক অৰ্থত ক’বলৈ হ’লে- শূন্য ভৱিষ্যৎ আৰু বিধ্বস্ত জীৱন।

 ‘বৌ, তাই আৰু বেছিদিন জীয়াই নাথাকিব বোলে, গুৱাহাটীৰ পৰা ডাক্তৰে খবৰ দিছে। তাইৰ বেমাৰটো এটা বেয়া বেমাৰ। সেয়ে তাই বেছিদিন জীয়াই নাথাকিব।’

 মাৰ বাৰু কেনেকুৱা লাগিছিল? খুৰাজনে মাৰ সন্মুখত মোৰ মৃত্যুৰ কথাষাৰ কওঁতে মায়ে বাৰু কিমান কান্দিছিল?

 মোকচোন মায়ে, মোৰ মৃত্যুৰ আগজাননীৰ খবৰ ঘুণাক্ষৰেও উমান পাবলৈ নিদিলে।

 মায়েচোন মোক প্ৰতিদিনে সুস্থ কৰি তুলিবলৈ আপ্ৰাণ চেষ্টাহে কৰিছিল।

 দুভৰিৰ শক্তি ঘূৰাই আনিবলৈ সূৰুয ককাই টুকটুকীৰ পৰা আনি দিয়া কুকুৰা পোৱালি ঘৰতে পুহি মোক কুকুৰাৰ জোল কৰি খুৱাইছিল। কোনো কোনো মানুহে যেতিয়া আপত্তি কৰিছিল – হিন্দু ধৰ্মৰ মানুহে কুকুৰা পুহিব নাপায়, এনে অধৰ্ম কাম কৰিছে বুলি টান কথা শুনাইছিল। দৃঢ়মনা মায়েচোন তেওঁলোকৰ কথা নুশুনি মোক কুকুৰা পুহি জোল বনাই খুৱাই আছিল। ডিমৌ বিলৰ পৰা কুচিয়া ধৰা মানুহৰ পৰা কুচিয়া কিনি আনি খুৱাইছিল।

 কি বিস্ময়যুক্ত দৃশ্য আছিল। প্ৰথম দিনা কুচিয়া কেইডাল আনি দেখুৱাওঁতেই মোৰ ভয়ত বুকু ধপ ধপাবলৈ ধৰিছিল।

 ক’লা দীঘল। প্ৰথমে খাবলৈ অমান্তি হৈছিলোঁ। পিছলৈ মোৰ খাবলৈ ভাল লগা হ'ল।

 এতিয়া মই এখন নতুন পৃথিৱীত বাস কৰিবলৈ ল’লোঁ। মই সৰুৰে পৰাই ছবি [ ৭০ ] আঁকি ভাল পাইছিলোঁ। মায়ে আনি দিয়া কাগজ, পেঞ্চিল লৈ এতিয়া মনৰ ভাৱ প্ৰকাশ কৰি যিকোনো ছবি আঁকি থাকোঁ।

 ছবি আঁকি ভাল পোৱাৰ লগতে মোৰ ছবিৰ লগত এটা এৰাব নোৱৰা দুখৰ জীয়া অনুভৱ মিহলি হৈ আছে।

.........

 মই তেতিয়া ষষ্ঠ শ্ৰেণীত। তেতিয়া আমি পঢ়া এছ. কে. বি. এল. স্কুলখনৰ প্ৰতিটো দেওবাৰে ছবি অঁকা শিকোৱা ক্লাছ এটা কৰিছিল। কোনোবা সস্থা এটাই মাহত দহ টকাকৈ মাচুল লৈ ছবি অঁকা শিকাইছিল। মই মাক আহি ছবি অঁকা শিকাৰ আগ্ৰহৰ কথা ক’লোঁ আৰু দহ টকাকৈ দিব লাগিব বুলিও ক’লোঁ।

 ‘দুখ’ৰ কথা। মায়ে সেই সময়ত মোক মাহে দহ টকা দিব নোৱাৰিম বুলি ক’লে। হয়তো মায়ে মই ছবি অঁকা শিকাটো গুৰুত্বসহকাৰে লোৱা নাছিল।

 মই তেতিয়া প্ৰতিটো দেওবাৰে ছবি অঁকালৈ যাবলৈ নাপাই অত্যন্ত মানসিক আঘাত পাইছিলোঁ। যি আজিও মোৰ অন্তৰত ‘জীয়া দুখ’ হৈ আছে।

 মাৰ ওপৰত ছবি অঁকা শিকিবলৈ নিদিয়া ‘অভিমান’ আজিও মোৰ শেষ হোৱা নাই।

 যাহওক, মই নিজস্ব প্ৰকাশভংগীৰে ভুলে-শুদ্ধই ৰং তুলিকাত ভাৱ প্ৰকাশ কৰিবলৈ ল’লোঁ।

 স্কুলত পঢ়োঁতেও মই মোৰ লগৰ ছোৱালীবোৰক ছবি আঁকি দিছিলোঁ। মোৰ ভাল লাগিছিল সিহঁতৰ বহীবিলাকত ধুনীয়া ধুনীয়া ফুল,চৰাই আঁকি দি আৰু ভাল লাগিছিল সিহঁতে কোৱা প্ৰেৰণাদায়ক শব্দবোৰ শুনি।

 ‘তোৰ হাতখনে যিয়ে আঁকে, তাকে ভাল হয়।’

 ‘তই ডাঙৰ হৈ বহু ভাল ছবি আঁকিব পাৰিবি। বিজ্ঞানৰ ছবিবিলাকো মই সিহঁতক আঁকি দিছিলোঁ। গৌৰীয়ে কৈছিল - ছবি আঁকিব জনা মানুহৰ হাতৰ আখৰ বহু ভাল হয়।

 মই কৈছিলোঁ – ছবি অঁকা মানুহৰ হাতৰ আখৰ বেয়াও হ’ব পাৰে। চা, মোৰ হাতৰ আখৰ কিমান বেয়া। দ্বিতীয়, তৃতীয় শ্ৰেণীত পঢ়া ল'ৰা-ছোৱালীৰ হাতৰ আখৰেই মোতকৈ বহু উন্নত।

 সঁচাকৈ মোৰ হাতৰ আখৰ একেবাৰে বেয়া। হাতৰ আখৰ বেয়া হোৱাটো মোৰ এটা ডাঙৰ দুখ। হীনমন্যতাত ভোগো নিজৰ হাতৰ আখৰক লৈ।

[ ৭১ ]  আমাৰ নতুনকৈ লোৱা মাটিখিনিত সজা ঘৰটোৰ, সন্মুখৰ খোঁটালীটোত এখন কাঠৰ বেৰ আছিল। বাঁহৰ খুটাত ঘপঘপকৈ বহল বহল কাঠৰ তক্তাত গজাল মাৰি এখন বেৰ বনোৱা আছিল। বেৰখনৰ গাতে এখন সৰু বিছনা। য'ত আমিকেইটাই একেলগে ৰাতি কিতাপ পঢ়োঁ।

 অ’, আমি পঢ়োঁ বুলি ক’লে ভুল হ’ব। মই নপঢ়োঁ। মই গধূলি সিহঁতকেইটাই পঢ়া সময়ত শুই থাকোঁ।

 সিহঁতৰ পঢ়ি শেষ হোৱাৰ পিছত ভাত খাবৰ হ'লে মোক উঠাই দিয়ে, ভাত। খাবলৈ। ভাত খাই উঠি সিহঁতে যেতিয়া শোৱে, মই তেতিয়া পঢ়িবলৈ আৰম্ভ কৰোঁ। মোৰ পঢ়া শেষ হলে, কাকো নজনোৱাকৈ মাৰ ভৰি দুখন সাৱটি ভৰি পথানত শুই থাকোঁ।

 পুৱা মই কাঠৰ বেৰখনৰ কাষত থকা বিছনাখনত পঢ়োঁ। পঢ়াৰ লগতে মায়ে ধৰা পেলাব নোৱৰাকৈ মনে মনে কাঠৰ বেৰখনত ছবি আঁকি থাকোঁ। অলপ অলপকৈ মাৰ আগত ধৰা নপৰাকৈ এদিন এটা ভাটৌ চৰাই আঁকি শেষ কৰিলোঁ। মাক কুতুৰি কুতুৰি এটা ৰঙৰ পেকেট আনি ল'লোঁ।

 প্ৰথম প্ৰথম মোৰ হাতত ৰঙৰ পেকেটটো পৰাত আনন্দৰ সীমা নোহোৱা হ’ল। যেন এটা প্ৰতীক্ষাৰ অন্ত পৰিল। মই অতি হেঁপাহ আৰু আনন্দেৰে ভাটৌ চৰাইটোৰ ছবিত ৰং দিলোঁ ধুনীয়াকৈ।

 মই যে ভাটৌটো আঁকিছোঁ সেই সময়ত আমাৰ ঘৰলৈ অহা কোনো মানুহে বিশ্বাস কৰা নাছিল।

 কোনোজনে ভেকাহি মাৰি কৈছিল— থ থ তাই ইমান ধুনীয়াকৈ আঁকিব নোৱাৰে। ক’ৰবাৰ পৰা কাটি আনি লগাই দিছে। ক’ত শিকিলে তাই?

 মোৰ মনটো সেমেকি গৈছিল। লগতে দুখ, অভিমান, খঙত মনৰ মাজত ধুমুহাৰ সৃষ্টি হৈছিল।

 কৈ দিবৰ মন গৈছিল – কি, মই ছবি আঁকিব নোৱাৰোঁ নেকি? নিশিকাকৈয়ো জানো ছবি আঁকিব নোৱাৰে?’ মই নিশিকাকৈয়ো জনা-নজনাকৈ ছবি আঁকিব পাৰিছোঁ।

 এদিন ভাটৌ চৰাইটোৰ ওপৰত এটা ‘কোদো বৰল’ আহি পৰিল। মই কোদোটোক তই কিয় মোৰ ভাটৌত পৰিবি বুলি সোঁহাতৰ তলুৱাৰ ফালে নহয়, ওপৰৰ ফালে ‘কোদো’টোৰ গাত হাতেৰে মাৰি দিলো জোৰত। সি লগে লগে মোৰ হাতত বৰ বিষাল হুলডালেৰে ফুটাই দি উৰি গ'লগৈ। তাৰ হুলৰ বিষত মোৰ অৱস্থা কাহিল হৈ পৰিল। মায়ে কিবা লগাই দি মোৰ বিষ ভাল কৰিলে। এতিয়া, আমাৰ [ ৭২ ] কাঠৰ বেৰৰ ঘৰটো নাই। কোদোৰ বিষাে নাই। থাকি গ’ল কোদোৱে হাতত বিন্ধি ক’লা পেলাই থৈ যােৱা দাগটো। চিৰস্থায়ী কৰি ভাটৌটো অঁকা চিন হিচাপে।

 ছবি অঁকাৰ লগতে মই এতিয়া তলপেট কৰি হাতৰ কিলাকুটি দুটাত ভেজা দি প্ৰস্ৰাৱত শুই শুই কাপােৰত ফুল তােলাে হাতেৰে। মা, বা, মালাক এযােৰ এযােৰ চাদৰ-মেখেলাত হাতেৰে ফুল তুলি দিছোঁ। মই কাগজৰ ঘৰ বনাওঁ, কুঁহিলাৰে পাৰ চৰাই বনাই পেলনীয়া কাপােৰ কিনি অনা বাকচত জিলমিলিয়া কাগজ লাগাই সজাই থােৱা বস্তু বনাওঁ। নতুন বছৰৰ কাৰণে ‘গ্রীটিংছ’ কার্ড বনাওঁ। কেতিয়াবা বনাই থােৱা বস্তু কাৰােবাক ‘উপহাৰ’ হিচাপেও দিওঁ।

 সময় পাখিলগা কাঁড়ৰ গতিৰে আগবাঢ়ি গৈ আছিল। ময়াে মােৰ দুখ-বেদনা, হতাশা, যন্ত্রণাৰে পৰিপূর্ণ জীৱনটো পাখিলগা কাঁড়ৰ পিছত বান্ধি দি গতি কৰিছিলোঁ বৰ্তমানৰ দিনটো অতীত কৰি।

 এদিনাখন মায়ে আমাৰ ভঙা ৰেডিঅ’টোৰ ধূলি-মাকতি জাৰি-জোঁকাৰি আনি মােৰ হাতত দিলেহি।

 এইটো ল’ । বেটাৰী তিনিটা আনি দিম বাজেনে নাবাজে চাই ভাল হ’লে বজাব পাৰিবি। মােৰ হাতত ভগা ৰেডিঅ’টো দিয়াত মনত এনেকুৱা এটা অনুভৱ হৈছিল— মায়ে যেন মােক নতুন ৰেডিঅ’ এটাহে হাতত সুখ হিচাপে উপহাৰ দিছে।

 পুৰণা ভগা ৰেডিঅ’টোকে মই বেটাৰী লগাই বজাব ধৰিলোঁ।

 দুঃখিত। ৰেডিঅ’টো নাবাজে, বেয়া।

 মােৰ মনটো মৰহি গ’ল লগে লগে।

 মনটো ভাল লাগিবৰ কাৰণে মায়ে ৰেডিঅ’টো দিলে। তাকো বেয়া।

 মায়ে মােৰ মনটো বুজিব পাৰি ভাল কৰি আনি দিব বুলি ক'লে।

 কথা দিয়া মতে মায়ে গাঁৱৰ খুৰা এজনৰ হতুৱাই ৰেডিঅ'টো ভাল কৰি আনি দিলে।

 ভাল হােৱাত হ’ল। কিন্তু এটা খুঁত থাকি গ’ল। ৰেডিঅ’টোৰ পিছফালে ঢাকনিখন খুলি ৰেডিঅ’টোৰ ভিতৰৰ যন্ত্ৰ-পাতিৰ সৰু নট এটা হাতৰ আঙুলি এটাৰে হেঁচি ধৰি থাকিলেহে ৰেডিঅ’টো বাজি থাকে। আঙুলিটো আঁতৰাই আনিলে বন্ধ হৈ যায়।

 মই, ৰেডিঅ’টোৰ নটটো আঙুলিৰে হেঁচি থাকি, তেতিয়া সদায়-পুৱা সু-প্রভাত, বন্দনা, ন বজাত চিত্ৰগীত, দুপৰীয়া কল্পতৰু লগতে মােৰ ভাল লগা অনুষ্ঠান কেইটামানাে শুনো। গীতকেইটা শুনি থাকোঁতে ৰেডিঅ’টোৰ নটটো আঙুলিৰে যে [ ৭৩ ] পঞ্চলিছ মিনিট একেৰাহে হেচি ধৰি আছিলোঁ, পাহৰিয়ে যাওঁ। গীত বন্ধ হ'লেহে অনুভৱ কৰোঁ যে একেৰাহে আঙুলিটোৰে নটটো হেচি ধৰাৰ কাৰণে আঙুলিটো বিষত টনটননি ধৰিছে।

 গীত শুনাৰ অভ্যাস মােৰ শৈশৱতে হৈছিল, আমাৰ ৰেডিঅ’টো তেতিয়া ভাল আছিল। তেতিয়া আমি ৰেডিঅ’ লগাব নাজানিছিলোঁ আৰু ৰেডিঅ’ত গােৱা গীত কিছুমানৰ অৰ্থ বুজি পােৱা নাছিলোঁ। তথাপিও মায়ে যেতিয়া ৰেডিঅ’টো বজায়, ৰেডিঅ’ত গােৱা কেইটামান বাছকবনীয়া গীত মােৰ খু-উ-ব ভাল লাগিছিল।

 “জীৱনটো হ’ল অসাৰ, প্রয়ােজন নাই, তথাপিও আছোঁ মই জীয়াই, শূন্য পিয়লা হৈ”

 “মৰ আঁউসী ৰাতি ফেচাঁই কুৰুলিয়াই”

 “চিচা হাে য়া দিল হে আখিৰ তুত যাতা হে”

 “অ’ সাথিৰে তেৰে বিনা ভি কিয়া জীনা”

 এনে ধৰণৰ সেই সময়ত অর্থ বুজি নােপােৱা গীতকেইটামান শুনিবলৈ মাৰ লগত নিশা দহ-এঘাৰ বজালৈকে উজাগৰে থাকিছিলোঁ।

 তেতিয়া বুজি নাপাই শুনা গীতকেইটা, এতিয়া মই অর্থ বুজি পাই শুনোঁ।

 সেই গতিকে আঙুলিৰ কষ্ট অনুভৱ নকৰাকৈ গীতৰ মিঠা মিঠা শব্দবােৰে মন অভিভূত কৰা অনুভূতি অনুভৱ কৰোঁ খন্তেকৰ বাবে।

 সেই সময়ছােৱাত মই এটা নতুন ৰেডিঅ’ৰ খুউব প্রয়ােজনবোেধ কৰিছিলোঁ। মই মাক মুখ খুলি কোনােদিনে কোৱা নাছিলোঁ। মােক এটা ৰেডিঅ’ লাগে বুলি। তেতিয়া ক’বলৈকো মায়ে জোৰা টাপলি মাৰি ঘৰখনৰ চাউল কিনা, খৰি কিনা, বা- হঁতৰ স্কুলৰ টিউশ্যন খৰচ যেনেদৰে পৰিচালনা কৰিছিল, তেনে এক জ্বলন্ত সমস্যাত মাক মই কেনেকৈ কওঁ এটা নতুন ৰেডিঅ'ৰ কথা ?

 ক’বলৈ গ’লে দেউতাই ঘৰৰ খৰচৰ কাৰণে পঠোৱা সিংহভাগ টকা মােক আৰােগ্য কৰিবলৈ মায়ে খৰচ কৰিছিল।

 তাৰ উপৰি মাহৰ শেষত ঘৰ চলিবলৈ টকাৰ অভাৱ হ’লে আনৰ ঘৰত ধাৰ কৰিব লগাত পৰিছিল । সেই সময়ত অনুভৱ কৰিছিলোঁ। মােক এটা নতুন ৰেডিঅ’

কিনি আনি দিব নােৱৰাত মায়ে অসীম মনােকষ্টত ভুগিছিল। [ ৭৪ ]

(তেৰ)

 মই এতিয়া নতুনকৈ কবিতা পঢ়িবলৈ লৈছোঁ। কাৰোবাৰ কলমেৰে নিগৰা কবিতা।

 কোনোটো কবিতা মোৰ কাৰণে দুৰ্বোধ্য, কোনোটো বোধগম্য। মোৰ নতুন বহীখনত এতিয়া প্ৰতিটো সপ্তাহত এটা দুটা কবিতাই ঠাই লয়। পিছৰ সপ্তাহত কেতিয়াবা ঘৰতে এখন কাগজত লিখি আনি পঢ়ি শুনায়।

 বিস্ময়ান্বিত হৈছিলোঁ। ইমান নতুন নতুন শব্দ আছেনে? মইচোন স্কুলত পঢ়া দিনত সচৰাচৰ ব্যৱহৃত কিছুমান শব্দহে কিতাপত পঢ়িব পাৰিছিলোঁ।

 সম্বোধন ধৰি কোনোদিনে মতা নাছিলোঁ। খং উঠিলে তই খং নুঠিলে তুমি আৰু আপুনি বুলি মাতোঁ।

 এদিনাখন ক'লে—–তই মোক কোনো এক নিৰ্দিষ্ট সম্বোধনেৰে আজিলৈকে মতা নাই! আজিৰ পৰা তই মোক ‘তই’ বুলি মাতিবি।

 সেইদিনাৰ পৰা তুমি, আপুনি শেষ কৰি তই বুলি নিৰ্দিষ্টকৈ মাতিবলৈ ল'লোঁ। নামটো সৌৰভ। মোৰ বান্ধৱী নন্দিনীৰ দাদাক। খুব কম কথা কয়। আমাৰ সম্পৰ্ক আছিল বন্ধুত্বৰ। মই হাইস্কুললৈ যাব পৰা দিনত নন্দিনীৰ ঘৰলৈ যাওঁতে দাদাকে মাত দিছিল। ভালনে? আহিলা?

 ময়ো চুটি প্ৰশ্ন, চুটি উত্তৰ দিওঁ-- ভালেই, আহিলোঁ।

 সেই সৌৰভে লিখা কবিতাই পঢ়িছিলোঁ।

 প্ৰথম দিনা আমাৰ ঘৰলৈ আহিছিল মই পঢ়া হাইস্কুলখনৰ শিক্ষক যতীন ছাৰৰ লগত, মোৰ অসুখৰ খবৰ ল’বলৈ।

 কেইদিমানৰ পিছত আকৌ আহিল। এনেদৰে এদিন-দুদিন আমাৰ ঘৰলৈ আহোঁতে আহেঁতে ঘৰৰ প্ৰত্যেকজন সদস্যৰে সৌৰভক ভাল লগা হ'ল। মই প্ৰতিটো পল প্ৰস্ৰাৱত তিতি থকা কাপোৰত শুই থকা গতিকে সি আহিলে প্ৰস্ৰাৱৰ গোন্ধ পায় বুলি বৰ অস্বস্তিত ভুগিছিলোঁ।

 এডালৰ পিছত এডাল ধূপ জ্বলাইছিলোঁ। মোক যে লেতেৰাকৈ ৰাখিছিল, তেনে নহয়। মাহঁতে মোক বহু পৰিষ্কাৰ কৰি ৰাখিছিল।

[ ৭৫ ]  সি মোক এখন নতুন পৃথিৱীৰ লগত পৰিচয় কৰাই দিলে। কিতাপৰ পৃথিৱী। সপ্তাহত এখনকৈ উপন্যাস আনি দিয়ে। নগাঁও পুথিভঁড়াল নাইবা কাৰোবাৰ পৰা খুজি।

 প্ৰথম প্ৰথম যেতিয়া “অসীমত যাৰ হেৰাল সীমা” কিতাপখন আনি হাতত তুলি দিছিল, বুকুখন ধপ্ধপাব ধৰিলে। চকুৰ আগত ভাঁহি উঠিল মাৰ বাকচত কাপোৰৰ জাপত থকা “অনল বাসনা” আৰু “শাণিত নখ” কিতাপ দুখন। সৌৰভক ক’লো--- মায়েচোন কৈছিল সৰুতে বাহিৰা কিতাপ পঢ়িব নাপায়। ডাঙৰ হৈ পঢ়িব লাগে। পোন্ধৰ বছৰ বয়সতে মই ডাঙৰ হ’লোনে বাহিৰা কিতাপ পঢ়িবলৈ ? মায়ে দেখিলে গালি পাৰিব। মই নপঢ়োঁ। বাহিৰা কিতাপ ডাঙৰ মানুহেহে পঢ়ে। মই এতিয়া বয়সত ইমান ডাঙৰ হোৱা নাই বাহিৰা কিতাপ পঢ়িবলৈ।

 সি ক'লে, মই যি কিতাপ আনি দিম বাহিৰা হলেও তই এই বয়সতে পঢ়িব পাৰিবি। নিয়মীয়াভাৱে মই এতিয়া কিতাপৰ পৃথিৱীত বাস কৰোঁ। কিতাপৰ পৃথিৱীখনৰ মাজতে জীৱনৰ গৃঢ়তা উপলব্ধি কৰিবলৈ শিকিলোঁ।

 উপলব্ধি কৰিছিলোঁ— কিতাপ যে মোৰ আটাইতকৈ আপোন বন্ধু, যি যন্ত্ৰণাদায়ক জীৱনৰ পৰা পৃথক এখন জগতৰ মাজত মোৰ মন-মগজু ডুবাই ৰাখিব পাৰিছে।

 দিন-ৰাতি মই ব্যস্ত এতিয়া কিতাপৰ প্ৰতিটো চৰিত্ৰৰ লগত। কিতাপৰ কোনোটো চৰিত্ৰই মোৰ দুচকু সেমেকাই তুলিছিল, কোনোটো চৰিত্ৰই মনৰ মাজত ক্ৰোধৰ সৃষ্টি কৰিছিল। কোনোটোত আকৌ নিজকে সেই উপন্যাসখনৰ নায়িকা যেন লাগিছিল। কেতবোৰ বেজেৰুৱা শব্দই বুকু দহিছিল। কোনোটো চৰিত্ৰৰ ৰূঢ় বাস্তৱৰ বৈচিত্ৰ্যময় ছবিয়ে হৃদয়ত হাহাকাৰ কৰিছিল। কোনোবাখন কিতাপৰ বৰ্ণিল প্ৰাকৃতিক সৌন্দৰ্যৰাশিৰ অপূৰ্ব সমাহাৰ দুচকুত ভাঁহি উঠিছিল চাক্ষুষ দৃশ্যৰ দৰে।

 বহুজন লিখকৰ লিখনীৰ দ্বাৰা সমাজৰ মনস্তাত্ত্বিক বিশ্লেষণ, দৰিদ্ৰতাৰ জ্বলন্ত ছবি, আধুনিকতাৰ ধামখুমীয়াত জনজীৱনৰ উটি-ভাঁহি যোৱা জীৱন সংগ্ৰামৰ পৰিণতি জিলিকি উঠিছিল। ধনিক শ্ৰেণীৰ শোষণত কোঙা হৈ পৰা বিধ্বস্ত একোখন ঘৰ, একোটা পৰিয়াল ডেই পুৰি যোৱা জীৱনৰ প্ৰতিচ্ছবি ফুটি উঠিছিল মোৰ দুচকুৰ আগত। দুখ-দুৰ্গতিয়ে ধৰাশায়ী কৰি পেলোৱা জীৱনৰো জীয়াই থকাৰ হাবিয়াসত অবিৰত সংগ্ৰাম কৰাৰ স্বতঃস্ফূৰ্ত ছবি দাঙি ধৰে জীৱন্তৰূপত।

[ ৭৬ ]  প্ৰথম কিতাপখন পঢ়িছিলোঁ কাঞ্চন বৰুৱাৰ “অসীমত যাৰ হেৰাল সীমা”। কিতাপখনৰ চম্পা চৰিত্ৰটোৱে মোক এনে এক বুজাব নোৱৰা ৰোমান্টিক সুখানুভূতি অনুভৱ কৰালে, কেইদিনমানলৈ মনটো কঁহুৱা ফুলৰ দৰে উৰি আছিল প্ৰতিক্ষণ। অনুৰাধা শৰ্মা পূজাৰীৰ “চাহেব পুৰা বৰষুণ” ৰ মূল চৰিত্ৰ বৰ্ষাৰ ত্যাগ, ধৈৰ্য্য, সহৃদয়তাই স্পৰ্শ কৰিছিল মোৰ মন। “নাহৰৰ নিৰিবিলি ছাঁ” ৰ ভাস্বতীৰ মুখৰ সংলাপবোৰে হোষ্টেলত থকা প্ৰতিজনী ছোৱালীৰ জীৱনৰ প্ৰতিটো ঘটনাৰ স্বচ্ছ ছবিৰ লগত পৰিচয় কৰি দিছিল। “কাঞ্চন” উপন্যাসখনৰ মূল চৰিত্ৰ কাঞ্চনৰ জীৱনৰ চৰম কাৰুণ্যতা ফুটাই তুলিছিল লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে কলমেৰে। হোমেন বৰগোহাঞিৰ “প্ৰজ্ঞাৰ সাধনা” কিতাপখনত উল্লেখ কৰা জীৱন-যাপনৰ মন্ত্ৰ পঢ়িছিলোঁ। মানৱ জীৱনৰ সাৰ্থকতা যে জীৱন সংগ্ৰামত যুঁজি জয়ী হোৱা, তাক উপলব্ধি কৰিছিলোঁ। বৰগোহাঞি দেৱৰ তত্ত্বগধুৰ মনৰ কথা পঢ়ি সেই বয়সত।

 সেই সময়ত কিতাপ পঢ়ি যোৱাৰ লগে লগে এখন বহীত যি কেইখন কিতাপ মোৰ পঢ়ি ভাল লাগিছিল, নামকেইটা লিখি থৈছিলোঁ। কিতাপৰ তালিকাখনৰ লগত মই এটা আশাও গুঁঠি গৈছিলোঁ। মই এদিন মোৰ ভাল লগা, অন্তৰ চুই যোৱা কিতাপবোৰ কিনিম। কিন্তু, মই যি আশা গুঁঠিছো সেইটো জানো এদিন পূৰণ হ'ব?

 পুথিভঁৰালৰ?

 মই কিতাপৰ ভোকাতুৰ হৈ পৰিছিলোঁ। কিন্তু মই সকলো কিতাপৰ প্ৰতি ভোকাতুৰ নাছিলোঁ। মোৰ মন-প্ৰাণ-মগজুক পুষ্টিকৰ আহাৰ দিব পৰা কিতাপ পঢ়ি ভাল পাইছিলোঁ। পঞ্চাশ, ষাঠি পৃষ্ঠাৰ কিতাপ এখন পঢ়ি শেষ কৰিবলৈ মই বহুদিন পাৰ কৰিছিলোঁ। এইটো নহয় যে মই দুই-এদিনতে কিতাপখন পঢ়ি শেষ কৰিব নোৱাৰোঁ। মই এই কাৰণেহে কিতাপখন লেহেমীয়া গতিৰে পঢ়িছিলোঁ, যদি কিতাপখন পঢ়ি সোনকালে শেষ হৈ যায় মই আকৌ সংগীবিহীন হৈ পৰিম।

 সৌৰভে বা এই সপ্তাহত কিতাপ আনে কি নানে? মই লুকাই চুৰকৈ এটা দুটা শব্দ গাঁথনি কৰি কবিতা ঠিক নহয়, মনৰ ভাব বগা কাগজৰ বুকুত নীল চিয়াঁহীৰে লিখিবলৈ লৈছিলোঁ। চেষ্টা কৰিছিলোঁ শব্দৰ গাঁথনিৰে মোৰ মনৰ মাজত উকমুকাই থকা ভাববোৰ বাহিৰলৈ উলিয়াই আনিবলৈ।

 মোৰ লেখাবোৰ কাকো দেখুওৱা নাছিলোঁ। আনকি কাকো কোৱাও নাছিলোঁ। কেৱল মনৰ কথাবোৰ লিখি থৈছিলোঁ।

[ ৭৭ ]

(চৈধ্য)

 ডেৰ বছৰ পাৰ হ'ল। ডাক্তৰৰ ভৱিষ্যদ্বাণী ‘সমাগত মৃত্যু’ বিফল কৰি মোৰ জীৱনে শতগুণ যন্ত্ৰণাক মেৰিয়াই লক্ষ্যভ্ৰষ্ট পথেদি গতি কৰিছিল অন্তহীন দিগন্তলৈ।

 মৃত্যুৱেও চাগে ভাৱিছিল মোৰ শাস্তিৰ ‘আয়ুস’ অন্ত পৰা নাই।

 দেউতাই এটা ক’লা-বগা টি ভি কিনি আনিলে দিল্লীৰ পৰা। দেউতা দিল্লীত আছিল। মা আৰু দেউতাই ভাবিছিল মোৰ ভগ্ন হৃদয়ত মনোৰঞ্জক সামগ্ৰী এটা গোটাই দিলে অন্ততঃ অলপ সময়ৰ কাৰণে মনটো ভাল লাগিব।

 কিন্তু দেউতা, মায়ে যি ভাবি মোৰ কাৰণে টি. ভিটো আনিলে, সেই ভাবে মোক সুখী কৰাৰ বিপৰীতে খুব কম বয়সৰ পৰা কোমল কলিজাত গাপ খাই থকা ঘা এটুকুৰাহে খুঁচৰি দি পুৰণি বিষ এটাৰ উক দিয়ালে।

 ‘মহাভাৰত’ ধাৰাবাহিকখন টি. ভিত দি আছিল। প্ৰতি দেওবাৰে পুৱা ন বজাৰ পৰা এক ঘন্টা। আমাৰ গাঁৱত তেতিয়া মাত্ৰ চাৰিটা টি. ভি. আছিল। আশী ঘৰ মানুহৰ ভিতৰত।

 মই খুব কমকৈ টি ভি চাব গৈছিলোঁ। মানুহৰ ঘৰলৈ গৈ বেয়া পোৱা স্বভাৱটোৰ কাৰণে মই টি ভি চাবলৈ নগৈছিলোঁ।

 এদিন ‘মহাভাৰত’ত বিশেষ এখন যুদ্ধৰ খণ্ড আছিল। এসপ্তাহৰ পৰা ভাল খণ্ড বুলি শুনি সেইদিনা ময়ো গলোঁ মালা, বা, সোণমণি আৰু জাহ্নৱীৰ লগত।

 সেইদিনা টি. ভি. চাবলৈ গৈ কিবা কাৰণত মোৰ বুকুত এটুকুৰা নুশুকোৱা ‘ঘা’ লাগিল! যি কোনো দিনে নুশুকাব।

 দেউতাই যি ভাবি টি. ভিটো আনি দিলে, টি. ভিটোৱে মোক অকণো মনৰ খোৰাক দিব নোৱাৰিলে।

 তথাপি চলি থাকিল মোৰ চকুৰ সন্মুখত। আমাৰ নতুন টি. ভিটোত প্ৰতিটো অনুষ্ঠান চাই বাছি বাছি কেইটামান অনুষ্ঠান নিৰ্ধাৰণ কৰি লৈছিলোঁ। তেতিয়া টি ভিৰ চেনেল আছিল এটা। ডি. ডি. ৱান। সেই চেনেলটোতে সোমবাৰে নিশা ন বাজি ত্ৰিশ মিনিটত এখন হিন্দী চিৰিয়েল দিয়ে “আলিফ লেইলা”, দহ বজাত দিয়ে

[ ৮০ ] “আজনবী”। সোমবাৰৰ দিনা এই দুখন চিৰিয়েল চাবৰ বাবে ঘৰৰ ওচৰৰ দাদা এজন, খুৰা আৰু ভাইটি দুটা আহে।

 টি ভিত চিৰিয়েল কেইখন চোৱাৰ আগতে সদায় চুপতা চুপতি লগা হয়। চুপতা-চুপতিও আছিল ধেমেলীয়া।

 টি. ভিটো মই থকা কোঠাটোতে থোৱা হৈছিল। মই থকা কোঠাটো সৰু হোৱাৰ বাবে মোৰ বিছনাখন, টি. ভি. টেবুলখন আৰু এখন বহা চকী আছিল। ক’বলৈ গ’লে তেতিয়ালৈ আমাৰ ঘৰত এখনেই চকী আছিল। সেই চকীখনতে ছিৰিয়েল আৰম্ভ হোৱাৰ আগতে কোনে প্ৰথমে আহি বহিব পাৰে, চকীখেলৰ দৰে প্ৰতিযোগিতা হৈছিল।

 কেতিয়াবা যদি খুৰা আগতে আহি বহি থাকে, দাদাজনে আহি কয় এইখন মোৰ চকী। মই সদায় ইয়াতে বহোঁ। উঠ, মই বহিম।

 খুৰাই কয়, মই আগতেই বহি আছোঁহি।

 টি. ভিটো অনাৰ পিছত শুকুৰবাৰ আৰু শনিবাৰে বাহঁতৰ লগত প্ৰায়ে মোৰ চুপতা-চুপতি হৈছিল। প্ৰতিটো শুকুৰবাৰ শনিবাৰে হিন্দী চিনেমা টি.ভিত দিছিল। সিহঁতে ভাল চিনেমা থকা দিনা চাব বিচাৰে আৰু মই সিহঁতক চোৱাত সদায় আপত্তি কৰোঁ। সিহঁতে যেতিয়া মই অমান্তি হলেও চিনেমা চায়, তেতিয়া মই ৰাতি কান্দিবলৈ আৰম্ভ কৰোঁ।

 মই সিহঁতক ৰাতি টি. ভি. চাবলৈ নিদিয়াৰ কাৰণো সৰু নাছিল। মোৰ ভৰি দুখন খোজবিহীন হোৱাৰ দিনাৰ পৰাই কঁকালৰ নিম্ন অংশ জুইত সুমুৱাই থোৱাৰ দৰে পুৰি থাকে। ব্যাখ্যাতীত। মই টোপনি গ'লেহে সেই জুইৰ পোৰণিৰ অসহনীয় যন্ত্ৰণাৰ পৰা মুক্তি পাওঁ। টোপনিও মোৰ খুব কমকৈ হয় আৰু যদি টোপনি গলে কোনোবাই সাৰ পোৱাই দিয়ে তেতিয়াতো পোৰণি দুগুন বাঢ়ি যায়।

 সেই গতিকে মই সিহঁতক ভৰিৰ পোৰণিৰ দুৰ্বহ যন্ত্ৰণাৰ পৰা খন্তেক সময় পৰিত্ৰাণ পাবলৈ ৰাতি টি, ভি, চাবলৈ নিদিওঁ।

 সিহঁতকেইটাই যেতিয়া মোৰ কান্দোন দেখি টি. ভি. বন্ধ কৰি বেজাৰমনে শুই থাকে, মোৰ নিজকে অপৰাধী আৰু স্বাৰ্থপৰৰ দৰে লাগিছিল।

[ ৮১ ]  - ‘জুলী’ আজিৰ পৰা তোৰ নাম জুলী দিছোঁ। মই আজিৰ পৰা তোক জুলী বুলি মাতিম।

 মোৰ নতুন নামকৰণ কৰিছিল সৌৰভে– জুলী। ইয়াৰ আগলৈকে সি মোক একো নাম দি মতা নাছিল। জুলী নামটো কেৱল তাৰ মাজতে সীমাবদ্ধ থকা নাছিল। লাহে লাহে বা আৰু মালায়ো মাতিবলৈ ল'লে। সিহঁত দুজনীৰ মুখৰ পৰা বাগৰি বাগৰি এতিয়া মোৰ স্থায়ী নাম হৈ পৰিল জুলী।

 সৌৰভে মোক এতিয়া ক্ৰিকেট খেল শিকাবলৈ লৈছে। যিদিনাখন ভাৰতৰ ক্ৰিকেট খেল টি. ভিট দিয়ে, সি পুৱাৰ পৰা দিনটোৰ কাৰণে খেল আৰম্ভ হোৱাৰ আগে আগে মোৰ ওচৰ পায়হি। দুয়োটাই ব্যস্ত সেইদিনা, সি শিকোৱাত ব্যস্ত আৰু মই বুজি নাপাই বাৰে বাৰে সুধি সুধি শিকাত ব্যস্ত। প্ৰথমতে সি ক্ৰিকেটাৰ কেইজনৰ নামৰ লগত পৰিচয় কৰাই দিলে। তাৰ পিছত ফ’ৰ, ছিক্স, আউট, ন’ বল, ৱাইড বল কোনটোক কয় বুজালে।

 খেলৰ মাজতে তাক বাহিৰৰ কোঠাত বহিব দি মই প্ৰস্ৰাৱৰ কাপোৰখন সলাই লওঁ।

 এদিনাখন এগৰাকী মহিলা মোৰ কোঠালৈ সোমাই আহি ধূপ জ্বলাই থোৱা দেখি কৈছিল বেমাৰী মানুহ থকা কোঠাত ধূপ-ধূনা জ্বলালে গোন্ধ নোলায়। মই ধূপৰ গোন্ধ পোৱাই নাই।

 মানুহগৰাকীৰ কথাকেইটাই মোৰ মনটোত বহু দুখ দিলে।

 ক’বলৈ মন গৈছিল, ধূপে জানো ঘৰ চাই সুগন্ধি বিলায়। আৰু ক’বলৈ মন গৈছিল, মোক কিয় বেমাৰী বুলি কয়? মই ‘বেমাৰী’ শব্দটো বেয়া পাওঁ।

 আৰু পাওঁ ‘বেচেৰী’ শব্দটো।

 খবৰ ল’বলৈ অহা প্ৰত্যেকজন নহ’লেও কোনোজনে মোক যেতিয়া কয়, ‘বেচেৰী’ এনেকৈয়ে বিছনাত পৰি আছে। আধা মৰা, আধা জীয়া হৈ, ভগৱানে ইফালো নকৰে সিফালো নকৰে, পাপৰ ফল ভুগিছে। যমৰ যাতনা ভুগিছে ‘বেচেৰী’য়ে।

 মোৰ মুখ ফুটাই ক'বলৈ মন গৈছিল - মোক ‘বেচেৰী' বুলি নক’ব। মই বেয়া পাওঁ, ‘বেচেৰী’ শব্দটোৰে মোক পুতৌ নকৰিব।

 কিন্তু, ক’ব পৰা নাছিলোঁ। [ ৮২ ]  কিয় ক’ব পৰা নাছিলোঁ মই ?

 এনেকৈও মানুহে মানুহক অন্তৰত, মুখৰ বিষাক্ত বাক্যৰ ‘শেলে’ থকা সৰকা কৰিব পাৰেনে ?

 যদি কাৰোবাক সান্ত্বনাৰ এষাৰ কথা ক’ব নোৱাৰে, তেনেহলে কাৰোবাক আঘাত কৰি কথা কোৱাৰ অধিকাৰো জানো তেওঁৰ থাকে?

 অধিকাৰ থাকে জানে৷ চকুত চকুলো দিয়াৰ?

 মই ক্ৰিকেট খেল চাবলৈ শিকিলোঁ। আমি খেল চাওঁ এতিয়া কেইবাজনেও। ক্ৰিকেট খেলৰ খেলুৱৈ ৰাহুল দ্ৰাবিড় আৰু সৌৰভ গাংগুলীক মোৰ ভাল লাগে।তেওঁলোক দুজন ফিল্ডত থাকিলে মোৰ খেল চাই ভাল লাগে। আউট হৈ গলে মনটোত বেজাৰ লাগে। আৰু যে খেলৰ অন্তিম সময়কণত উৎকণ্ঠাত বুকু ধপধপাই থাকে। ভাৰত জিকিবনে, নিজিকে? জিকাৰ দিনা আমাৰ আটাইকেইটাৰ আনন্দৰ সীমা নোহোৱা হৈ থাকে আৰু হৰাৰ দিনাখন মনবোৰ সেমেকি থাকে।

 ক্ৰিকেট খেল শিকোৱাৰ লগতে এদিন সৌৰভে মোক ক’লে— তোক মই ‘দবা’ খেল শিকাম।

 মই হ’ব দে, শিকিম বুলি ক’লোঁ, কিন্তু দবা ক’ত পাম?

 সি ক’লে— মই এখন তোলৈ দবা কিনি আনিম। এদিনাখন আবেলি আহোঁতে মোলৈ এখন দবা কিনি লৈ আহিল। ক’লা-বগা ঘপ ঘপ পৰা ঘপত ৰজা,মন্ত্ৰী, হাতী, ঘোঁৰা, নাও, পিল ৰ সৈতে খেলখন খেলে। মই বৰ আমোদ পাইছিলোঁ খেলখন খেলি। যদিও প্ৰত্যেক বাৰতে তাৰ ওচৰত হাৰিছিলোঁ। মই হাৰি হাৰিও খেল শিকিবলৈ এৰা নাছিলোঁ। দবা খেল খেলিবলৈ শিকিছিলোঁ যদিও সম্পূৰ্ণকৈ খেলখন মোৰ শিকা আজিও নহ'ল।

[ ৮৩ ]

(পােন্ধৰ)

 এয়াইনে দুখৰ পৰিসীমা ?

 নে আৰু আছে ?

 আছে যদি কিমান ?

 শৰীৰৰ এটা জীয়া অংশ জুয়ে পুৰি পেলায় আৰু পুৰি থাকোঁতেও উমান পােৱা নাযায়।

 কি আচৰিত ?

 হয়। মােৰ শৰীৰৰ জীয়া অংশ এটা জুয়ে পুৰি থাকোঁতেও মই উমান পােৱা নাছিলোঁ।

 শীতৰ দিন। বহু ঠাণ্ডা। হাড় কঁপােৱা জ্বাৰত শৰীৰটোত অলপ তাপ দিবৰ কাৰণে, মায়ে একুৰা জুই ধৰিছিল কোঠাটোতে চৰিয়া এটাত।

 মােক বিছনাতে বহুৱাই দি ভৰি দুখন বিছনাৰ পৰা তললৈ ওলমাই দিছে। ভৰি দুখনত অলপ তাপ দিবলৈ মায়ে মােক তেনেকৈ বহুৱাই থৈ আন এটা কোঠালৈ গ'ল। অলপ সময় পিছত ঘূৰি আহি মােলৈ চাই চিঞৰি উঠিল।

 পুৰিলে.. অ’ পুৰিলে।

 মায়ে, যেতিয়া হাতেৰে মােৰ বাওঁভৰিখন দাঙি ধৰে, তেতিয়াহে দেখিলোঁ, বাওঁভৰিখনৰ আঁঠুৰ তলৰখিনি পুৰি মঙহ সিজি গৈছে।

 মা, লগে লগে চিঞৰি চিঞৰি কন্দাত লাগিল ভৰিখন চাই চাই।

 বা, মালা, বাবুৱেও আহি মােৰ ভৰিখন দেখি কন্দা আৰম্ভ কৰিলে।

 -মই বাৰু কিয় কন্দা নাছিলোঁ ?

 -ভৰিৰ পােৰাখিনিৰ ‘উমান’ নােপােৱাৰ কাৰণে কন্দা নাছিলোঁ নেকি ?

 -নে মই একেবাৰে শিল হৈ পৰিছিলোঁ ?

 সঁচাকৈ মই কন্দা নাছিলোঁ। নিজৰ শৰীৰটো জীয়াই জীয়াই পুৰি থাকোঁতেই দুখ পােৱা নাছিলোঁ। আৰু কান্দিমনাে কিয়? [ ৮৪ ]  দুখ পামনো কিয়?

 দুখ জানো এতিয়া মোৰ কাৰণে নতুন কিবা এক অনুভৱ!

 সি চোন মোৰ সহচৰ। তাক এৰি মই এতিয়া এখন্তেকো থাকিব নোৱৰা হ’লোঁ। উশাহৰ লগত সি লৈছোঁ মই দুখক আৰু দুখে মোক সি লৈছে নিশাহৰ লগত।

 এতিয়া মই মাঘৰ বিহুত দেউতা আহিলে উৎকণ্ঠাৰে নতুন পিন্ধা কাপোৰ আনিব বুলি বাট চাব নালাগে। অভিমানো কৰিব নালাগে কাপোৰ পছন্দ হোৱা নাই বুলি।

 এতিয়া মায়ে মোক কাপোৰ আনি দিয়ে।

 মোক এতিয়া গোটেই শৰীৰটোৰ কাৰণে কাপোৰ নালাগে? কঁকালৰ ওপৰখিনিৰ কাৰণে কাপোৰৰ টপ্ হ’লেই হ’ল। কঁকালৰ তলৰ অংশ ডাঠ প্লাষ্টিকেৰে ঢকা থাকে। তাৰ ওপৰত এখন দীঘল কাপোৰ কঁকালৰ পৰা ভৰিলৈকে।

 অন্তৰ্দাহ, অস্বস্তিত ভুগিছিলোঁ যেতিয়া মাৰ অনুপস্থিতিত বা, মালাই মোৰ মল-মূত্ৰ পৰিষ্কাৰ কৰিবলগীয়াত পৰিছিল।

 মা কেতিয়াবা বিশেষ কামত ঘৰৰ পৰা বাহিৰলৈ যাবলগীয়া হোৱাত যদি কাপোৰ তিতি চপচপীয়া হৈ প্ৰস্ৰাৱে গোটেই গাতে ডোঙা পাতি যায়, সিহঁত দুয়োজনীয়ে তিতা কাপোৰখিনি সলাই শুকান কাপোৰ পাৰি দিছিল। ঘিণ ভাব নকৰাকৈ পায়খানা পৰিষ্কাৰ কৰি দিছিল। মোক অনুভৱ কৰিব নিদিছিল যে, সিহঁতে মোৰ লেতেৰাখিনি পেলাই বেয়া পাইছে বা ঘৃণা কৰিছে।

 সিহঁতক মই ‘ঘৃণা’ কৰিছ নেকি বুলি সুধিলে উত্তৰত ‘কিয় কৰিম’ বুলি কয়। তই আমাৰ হয়। কিয় ঘৃণা কৰিম? দুই-তিনি দিনৰ মূৰে মূৰে চুলি ধুৱাই দিয়ে। বিছনাৰ ওচৰত চৰিয়া এটা পাৰি ধুৱাই দিয়ে। এমাহ-দুমাহৰ অন্তৰত মোক পিছফালৰ দমকলৰ পাৰত এখন চকীত বহুৱাই দি গা ধুৱাই দিছিল। সেইদিনা ঘৰৰ সকলোৰে মুখবিলাক শোকত তিতি থাকে। চকু চলচলীয়া হৈ থাকে। দুজনীয়ে গাত ধৰি দাঙে। এজনীয়ে ভৰি দুখন দাঙে।

 দাঙি নিওঁতে বিছনাৰ পৰাই তেজ বৈ মঙহ এৰাই গৈ থাকে। গোটেই বাটটোতে তেজে ভোঙা বান্ধে। মায়ে তেজ মচি নিয়ে। সিহঁতে মোক খৰধৰকৈ গৈ [ ৮৫ ] গা ধুৱাই দিয়ে। ভৰিৰ আঙুলিৰ নখবোৰ গা ধোঁৱাৰ আগতে এৰাই পানীৰ লগত উটি যায়। তেজ মঙহ আৰু পানী মিশ্ৰিত এখন নৈ বৈ যায় তামোলৰ বাৰীখনলৈ।

 গা ধুৱাই আনি এইবাৰ উশাহটো ঘূৰাই অনাৰ কাম। বেছি সময় বহি থাকিলে উশাহ ল’ব নোৱৰা হৈ যাওঁ। উশাহটো চুটি হৈ যায়। সিহঁত কেইজনী ‘তৎপৰ’ হৈ পৰে। পিঠিখন হেঁচি হেঁচি, বুকুত হাতেৰে মালিচ কৰি উশাহটো ঘূৰাই অনাত।

 মা, আকৌ মোৰ নিম্ন অংশ পলিথিনৰ মাজত সযত্নে ভৰাই থোৱাত ব্যস্ত হয়।

 কি হোৱা নাছিল মোৰ জীৱনত?

 পৰিষ্কাৰকৈ ৰাখিছিল প্ৰতিদিনে মোক। যতনাই দিছিল প্ৰয়োজনীয় বস্তু বিনা প্ৰতিবাদে। মৰম দিছিল অধিক। মোৰ লগতে মোৰ কোঠাত প্ৰতি সাঁজ খাইছিল। মোক এৰি সিহঁতে এক পলো বেলেগত থকা নাছিল। দুখ পাইছিল মোক এৰি কাৰোবাৰ ঘৰত বিয়া-সবাহ খাবলৈ। দুখ পাইছিল মোক এৰি বিহু, দীপাৱলী, পূজা, উৎসৱ উপভোগ কৰিবলৈ।

 আৰু যে ক’ত দুখ সিহঁতে মোৰ কাৰণে নলৈছিল। কিছুমানৰ উমান হয়তো ময়ো পোৱা নাছিলোঁ। কতজনে সিহঁতক মই মৰিলোনে জীয়াই আছোঁ বুলি কৰা প্ৰশ্নত সিহঁতৰ মনে আঘাত পাইছিল।

 উত্তৰত মই মৰা নাই বুলি জনাই দিছিল।

 ২০০০ চনৰ জানুৱাৰী মাহত বাৰ বিয়াৰ দিন ঠিক হ’ল।

 বিষাদ মিহলি বিয়াৰ আয়োজন। মিহলি হ’ল তাত মোৰ বাৰ ঠুনুকা মন, আমাৰ পৰা বিচ্ছেদৰ বাবে হাহাকাৰ নিশ্চুপ তাইৰ মুখৰ ভাষা। উদাসীন দুচকু। আৰু কি কি হোৱা নাছিল তাইৰ মনত!

 তাৰ মাজতে মোক এলোপেথিক, হোমিওপেথিক ঔষধেৰে আৰোগ্য কৰি তোলাৰ আপ্ৰাণ প্ৰচেষ্টা। কাৰো মনত আনন্দ-ফুৰ্তি নাই। সকলো দায়বদ্ধ দায়িত্বৰ।

 বিয়াৰ দিন কাষ চাপিল।

 মায়ে এদিন মোৰ কাষত বহি ক’লে— তোক এটা কথা কওঁ। তই ৰাখিবি।

 মই কলোঁ— হ’ব ৰাখিম।

 মাই ক’লে-- জ্যোতিৰ বিয়াৰ দিনা তই নাকান্দিবি। মই কিয় বুলি সুধিবলৈ [ ৮৬ ] নাপাওঁতেই মায়ে ক’লে- তই কান্দিলে তাই বেছিকৈ কান্দিব। সেই গতিকে নাকান্দিবি।

 বিয়াৰ দিনা কান্দি কান্দি বাৰ চকু উখহি গৈছে। তাইক সেইদিনা কইনা কইনা লগা নাছিল। তাইৰ ধুনীয়া মুখখন দেখিবলৈ ইমান বেয়া লাগিছিল যে বৰ্ণনা কৰিব নোৱাৰি।

 তাইৰ দুখৰ অনুভৱ মই সেইদিনা গভীৰভাৱে ল’ব পৰা নাছিলোঁ। কাৰণ তেনে এটা মুহূৰ্তত ঘৰ এৰি যাব লগা মোৰ জীৱনত অহা নাছিল অনুভৱ কৰিব পৰাকৈ।

 মই কন্দা নাই। বুকুত শোকে খুন্দা মাৰি ধৰিছে। যিজনী বাৰ লগত প্ৰতিটো পল জনা নোহোৱাৰ পৰাই হাতত হাত ধৰি ফুৰিবলৈ গৈছিলোঁ, একেটা শ্ৰেণীতে একেলগে বহিছিলোঁ, শিক্ষকে কেতিয়াবা পঢ়া নোৱৰাত বাক মাৰিব বিচৰাত মাৰকেইটা নিজৰ হাতত ল’ব বিচাৰিছিলোঁ, সেইজনী বা চিৰদিনৰ কাৰণে আনৰ ঘৰত থাকিব লাগিব। কি অসহনীয়!

.....

 মাক-দেউতাকে, পৰিয়ালে পছন্দ কৰা উপযুক্ত বুলি ভবাজনৰ লগত বিয়াত বহিব লাগে। কেতিয়াবা এনেকুৱা বিবাহো হৈ যায়, দৰা-কইনাৰ সন্মতি নাথাকে যদিও অগ্ৰজসকলৰ কথা ৰাখি বিবাহ বান্ধোনত আবদ্ধ হ’ব লাগে। হৃদয়ৰ এডুখৰি ক’লা পেলায়।

 এখন ঘৰত মাকৰ চাদৰৰ আঁচলৰ উমত ডাঙৰ হোৱা, দায়িত্ব কি জনা নোহোৱা বস্তু বুজা-নুবুজা জনীয়েও বিয়াৰ পিছত এঘৰত সমূহীয়া দায়িত্ব ল’ব লগা হয়। পত্নী, বোৱাৰী, বৌ, জাঁ, বৰমা, খুৰী সম্পূৰ্ণ সম্বন্ধ সূচাৰুৰূপে পালন কৰিব লাগে।

 ‘মা’ – এগৰাকী ছোৱালীৰ বিয়াৰ পিছত এটা সম্বন্ধ। পৰিয়ালৰ বংশ বৃদ্ধিত এগৰাকী ছোৱালীয়ে বিয়া হোৱাৰ পিছত বোৱাৰী হৈ সন্তান জন্ম দিয়াৰ পিছত। সন্তানৰ লগত হোৱা সম্বন্ধৰ নাম ‘মা’। পৃথিৱীৰ ভিতৰত এই পৱিত্ৰ শব্দটোতকৈ ঊধৰ্বত আৰু কোনো শব্দ নাই।

 কিন্তু! এই শব্দটোৰ কাৰণে কোনোবাজনীৰ মনত কেতিয়াবা এনেদৰে আঘাত [ ৮৭ ] হানি দিয়ে। হয়তো এই আঘাতৰ ‘বিষ’ নোপোৱাজনে উপলব্ধি কৰিব নোৱাৰিব। যি গৰাকীয়ে বিয়াৰ পিছত সন্তান জন্ম দিব নোৱাৰি ‘মা’ শব্দটোৰ অধিকাৰী হ’ব নোৱাৰে, সেইগৰাকীয়ে মা শব্দৰ বিপৰীতে ‘বাঁজী’ নাম ল’ব লাগে।

 সমাজে তেওঁক ‘বাঁজী’ বুলি পৰিচয় কৰাই দিয়ে, সমাজৰ লেই-লেই, চেই-চেইৰ পাত্ৰী হয়। কোনোজনী অভাগী হয়তো স্বামী গৃহৰ পৰাও খেদা খাবলগীয়াত পৰে। কোনোজনীয়ে হয়তো এই নিন্দা অসহনীয় হৈ আত্মহত্যাৰ পথ বাছি ল’বলগা হয়।

 কিন্তু বিচাৰ্যৰ কথা— এগৰাকী মহিলাৰ ক্ষেত্ৰতহে এনে হয় কিয়?

 যদি পুৰুষজনৰ দোষৰ পৰিণামত মহিলাগৰাকী মা হ’ব নোৱাৰে, তেনেহ’লে কিয় পুৰুষজনক ‘বঁজা’ বুলি নকয়। মোৰ উপলব্ধিৰ এটা প্ৰশ্ন হ’ল— মহিলাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাথাকিলে কি তেওঁ জীৱনটোৰ কোনো মূল্য নাই?

 সমাজৰ বহু মহিলাই এনে বোৱাৰীক মানসিক নিৰ্যাতন চলায়। তেওঁ মহিলা হৈয়ো আন এগৰাকীৰ দুখ-দুৰ্দশা উপলব্ধি কৰিব নোৱাৰে। যৌতুকৰ কাৰণে বলিৰ পঠা হয় কোনোজনী। কোনোজন পুৰুষে মহিলাক বিয়া পতাৰ পিছত সন্তান জন্ম দিয়া যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। অধিক সন্তান জন্ম দি সন্তানৰ ভোকৰ ভাতকেইটা যোগাৰ কৰি দিব নোৱৰা, পেটৰ ভোক পেটতে মাৰ যোৱা পিতৃয়ে কিমানটা সন্তানৰ পিতৃ হৈছে, তাক লৈ গৌৰৱ কৰে। ইয়াতো থাকে ল’ৰা সন্তান জন্ম দিয়া আৰু ছোৱালী সন্তান জন্ম দিয়াৰ পাৰ্থক্য।

 কোনোজনে আকৌ বিবাহৰ পিছৰ পৰা ৰাগীয়াল বস্তু সেৱন কৰি পত্নীৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ দৃশ্য হৃদয়বিদাৰক। অসহনীয় হিয়া ঢাকুৰি কন্দা কান্দোন আৰু শৰীৰৰ লজ্জা ঢাকি ৰখা কাপোৰৰ আৱৰণ ফালি ছিৰাছিৰ কৰা অবৰ্ণনীয় দৃশ্যবোৰ মানৱ সভ্যতাৰ কালিমা।

 অপৈণত বয়সতে বিয়াৰ পিছত গৰ্ভৱতী হোৱা কোনোজনীয়ে প্ৰসৱৰ সময়তে মৃত্যুমুখত পৰা কথাও দুখ ভৰা। অভিজ্ঞতাইহে যে জ্ঞান দিয়ে, তেনে কথা নহয়।চাক্ষুস দৃশ্য নহ’লেও কাৰোবাৰ জীৱনৰ জীৱন্ত কাহিনী ভুক্তভোগীৰ মুখে শুনিলেও জীৱন্ত এক প্ৰতিচ্ছবি হৈ ফুটি উঠে।

[ ৮৮ ]

(ষোল)

 অসহনীয় ভৰিৰ পোৰণিৰ পৰা অলপ সময় নিস্তাৰ পাই নিদ্ৰা ৰ কোলাত প্ৰশান্তিৰে টোপনি যাবৰ কাৰণে মই এমাহমান উপায়ান্তৰ নেদেখি আপাকাপ পানী মিহলাই নামমাত্ৰ এলক’হ’লৰ সহায় লৈছিলোঁ মাৰ সন্মতি অবিহনে। মাৰ অন্তৰত প্ৰহাৰ কৰি নিজে প্ৰশান্তি লৈছিলোঁ। আত্মকেন্দ্ৰিক হৈ পৰিছিলোঁ। নিজৰ পৰা নিজে পলায়ন কৰিবলৈ চেষ্টা কৰিছিলোঁ।

 চেষ্টা কৰিছিলোঁ মাক বুজাবলৈ নিশব্দে- মই বাধ্য।

 দপদপীয়া জুইকুৰাৰ পীড়াৰ পৰা বিন্দুমাত্ৰ পৰিত্ৰাণ বিচাৰি যে ভুল পথৰ আশ্ৰয় লৈছোঁ, তাকে বুজাব বিচাৰিছিলোঁ।

 ভৰিৰ দহনতকৈ সেই মুহূৰ্তত অন্তৰ্দহনত মই বেছিকৈ দহি মৰিছিলোঁ।

 ছাইলৈ পৰিণত হৈছিলোঁ।

 সময়ে বিমৰ্ষ কৰা জীৱনৰ ওচৰত পৰাস্ত হৈছিলোঁ।

 পৰাস্ত হৈছিল মোৰ ‘বিবেক’।

 শৰবিদ্ধ হৈছিল মাৰ ‘অন্তৰখন’।

 নিজকে প্ৰশ্ন কৰিছিলোঁ -

 আঃস মোৰ জীৱনৰ পীড়াৰ শেষ সীমা বা ক’ত?

 কেতিয়া অন্ত হ’ব অসহনীয় পোৰণি?

 শেষত এলক’হলেও মোৰ চকুত টোপনি আনিব নোৱৰা হ’ল।

 ৰথৰ চকৰিৰ দৰে জীৱনে গতি কৰি থাকিল। মায়ে মোক সুস্থ অৱস্থালৈ আনিবৰ কাৰণে পাঁচ বছৰেও নিয়তিৰ ওচৰত, হাৰ নামানি চিকিৎসা কৰিয়ে থাকিল।

 এইবাৰ সৌৰভে এজন চিকিৎসকৰ খবৰ এটা দিলেহি।

 ‘খুৰী, জুলী এইবাৰ ভাল হ’ব। মই এজন ডাক্তৰৰ খবৰ লৈ আহিছোঁ। আপুনি ওলাব। মই আৰু আপুনি গৈ ডাক্তৰজনক লগ ধৰিম।’ [ ৮৯ ]  ঠিক কৰা দিনত মা আৰু সৌৰভ ডাক্তৰজনৰ ওচৰলৈ গ’ল।

 মা যেতিয়া ডাক্তৰৰ ওচৰৰ পৰা চিন্তাকুল মনে উভতি আহি মোক ক’লে-- বহু ব্যয়বহুল চিকিৎসা। সপ্তাহত তিনিহাজাৰকৈ টকা দিব লাগিব। এমাহ খাব লাগিব। এমাহত বাৰ হাজাৰ টকা লাগিব। ক’ত পাম ইমান টকা? দেউতাৰে মাহতহে তিনিহাজাৰ টকা দিয়ে ঘৰ চলাবলৈ। এতিয়া সপ্তাহত তিনিহাজাৰ টকা। ভাবিয়ে উৱাদিহ পোৱা নাই। ডাক্তৰে কৈছে-- তই ভাল হবিয়ে বোলে।

 মই তোক ভাল কৰিমেই যিকোনো উপায়ে। লাগিলে কাৰোবাৰ ঘৰত ধাৰলৈ টকাৰ কাৰণে হাত পাতিম। তথাপিও তোক মই এনেকৈ দুখ-যন্ত্ৰণা লৈ শুই থকাটো চাই থাকিব নোৱাৰোঁ। তোক মই বুজাব নোৱাৰোঁ কিমান দুখৰ বোজা বুকুত বান্ধি জীয়াই আছোঁ। একো কৰিয়ে ভাল কৰিব পৰা নাই।

 ‘হেঁচা’ মাৰি ধৰিছিল বুকুৰ শোকটোৱে। হেঁচি হেঁচি ওলাই আহিব ধৰিছিল চকুৰ লোতক। এজনীৰ দুখে গোটেই ঘৰখনকে নিপীড়ন শোকত জৰ্জৰ কৰিছে। তাপিত হৈছিল মোৰ মন।

 খুৰী, প্ৰথম সপ্তাহৰ তিনিহাজাৰ টকা ময়ে দিম দিয়ক।

 ক’ত পাবি তই।

 হ’ব দিয়ক। কৰ’বাৰ পৰা যোগাৰ কৰি আনিম। পিছত আপুনি টকা গোট খালে দি দিব।

 তেতিয়ালৈ সৌৰভৰ কোনো কৰ্মসংস্থাপন হোৱা নাছিল। পঢ়ি আছিল। প্ৰথম সপ্তাহৰ ঔষধখিনি আনি কেনেকৈ খাব লাগে বুজাই দিলে— দিনত এটাকৈ ক’লা-বগা পাউডাৰৰ গুৰিৰ পুৰিয়া একাপ পানীৰ লগত মিহলি কৰি খাব লাগে। কেপচুল দিনত এটাকৈ খাব লাগে।

 প্ৰথমদিনা তাৰ উপস্থিতিতে খাব ল’লোঁ।

 অতি হেঁপাহেৰে মায়ে ঔষধখিনি পানীৰ লগত মিহলি কৰি কাপটো আনি মোৰ হাতত দিলে।

 ভেকেটা ভেকেট গোন্ধ। মুখৰ ওচৰলৈ নিব নোৱাৰি।

 মা, পিব নোৱাৰিম মই। [ ৯০ ]  নাই। নহ’ব। পিবই লাগিব। ভাল হবি তই। মাৰ আশাত চেঁচাপানী নাঢালি মই পিবলৈ ধৰিলোঁ।

 প্ৰথমবাৰ অলপ মুখত দিয়ে হোলোকা-হোলোকে বমি কৰি দিলোঁ।

 কেনেকুৱা এইসোপা। মই নাখাওঁ মা, নাখাওঁ। মায়ে ক’লে- একো নহয় দে। সহ্য কৰি খা। তই ভাল হ’লে মই সুখী হ’ম? তই মোক সুখী কৰিবলৈ খা।

 কাপটো তুলি লৈছিলো’ হাতত আকৌ।

 শোহা মাৰিলোঁ নাই। নোৱাৰোঁ। মই পেলাই দিম মা।

 এইবাৰ মায়ে কাপটো হাতত ল’লে, মালাই হাত দুখনত ধৰি গাত জোৰত সাবটি ধৰি থাকিল৷ মায়ে মুখখন খুলি মুখত ঢালি দিলে ঔষধখিনি আৰু জোৰত ওঁঠ দুখন হেঁচি ধৰিলে। নিষিক্ত ঔষধখিনি বাহিৰলৈ উলিয়াই পেলাব নোৱৰাকৈ। অলপ সময় ধৰি থকাৰ পিছত ঔষধখিনি পেটলৈ যোৱাত মোক এৰি দিলে।

 পেট পোৱাৰ পিছত মোৰ গোটেই শৰীৰটো বিজুলীৰ চক্ দিয়াৰ দৰে ছটফটাব ধৰিলে। মূৰটো লৰাই থাকিলোঁ। চিঞৰি চিঞৰি কান্দিলোঁ। ভয় খাইছিলোঁ অত্যন্ত।

 মাহঁতেও যে ভয় খোৱা নাছিল তেনে নহয়। সিহঁতেও ভয় খাইছিল অতিশয়। মোৰ দশা দেখি দুখ পাইছিল অতীৱ।

 এটা সময়ত গাৰুটোত মূৰটো জোঁকাৰি জোঁকাৰি, কান্দি কান্দি টোপনি গ’লোঁ।

 কিমান সময় যে টোপনিৰ কোলাত প্ৰশান্তিৰে শুইছিলোঁ ঠিক নাই।

 ৰাতি ভাত খাবলৈ উঠাই দিয়াত, ভাত খাই কেপচুল এটা খাই আকৌ শুই পৰিছিলোঁ।

 এনেদৰে মই মোৰ শৰীৰটোৰ ওপৰত প্ৰতিদিনে ভয়ংকৰ যন্ত্ৰণা দি ঔষধ খাই থাকিলোঁ।

 কেতিয়াবা মালাই মোক হেঁচি ধৰি থাকে আৰু মায়ে খুৱাই দিয়ে, যেতিয়া তাই মোক বশ কৰিব নোৱোৰে। মায়ে দুগুণ জোৰত হেঁচি লৰচৰ কৰিব নোৱৰাকৈ ধৰি থাকে মালাই খুৱাই দিয়ে। সিহঁত কেইজনীয়ে যেতিয়া মোক খুৱাই থাকে, [ ৯১ ] তেতিয়া সিহঁতৰো দুখত ‘অন্তৰ’ ফাটি যায়। উপায়হীন সিহঁতো। খুৱাবই লাগিব। মোক ভাল কৰিবই সিহঁতে।

 এনেদৰে হৃদয় ক’লা পৰা যন্ত্ৰণাই তিনি সপ্তাহ পিষ্ট কৰি থকাৰ পিছত-

 এদিন গুৱাহাটীৰ পৰা আমাৰ সম্পৰ্কীয় দাদা এজনৰ লগত বন্ধু এজনো আহিল। গাড়ীত আহি থাকোঁতে লগত অহা মানুহজনক সম্পৰ্কীয় দাদা জনে মোৰ কথা কোৱাত এবাৰ মোক লগ পাই যাব বিচাৰিলে।

 লগত অহা মানুহজনে চিনা-পৰিচয় হোৱাৰ পিছত মই কি ঔষধ বৰ্তমান খাই আছোঁ বুলি সুধিলে। মায়ে মই খাই থকা ঔষধকেইটা মানুহজনৰ হাতত তুলি দিলে।

 মানুহজনে কেপচুল কেইটা হাতত লৈ বৰকৈ চিঞৰি ক’লে— এয়া কেপচুল কোনে খাব দিছে? এয়া ‘ড্ৰাগছ’ খোৱা মানুহে খাই। এয়া খাওঁতে খাওঁতে তাই ‘পাগলী’ হৈ যাব। চুলি সৰি যাব। কি মাৰাত্মক ঔষধ খুৱাই আছে!

 সেইদিনাৰ পৰা মোৰ ঔষধ খোৱা বন্ধ কৰা হ’ল। মোক যমৰ যাতনাৰ পৰা পৰিত্ৰাণ দিলে মানুহজনে আহি।

 তেতিয়ালৈকে মোৰ চুলি সৰি তালু ওলাই গৈছিল। চুলি আঁচুৰিলে মূৰৰ পৰা দীঘল চুলিখিনি একোছা একোছা কৈ খহি আহি আহি টকলা হৈ গৈছিলোঁ। কেইডালমানহে চুলি মূৰত লাগি আছিল।

[ ৯২ ]

(সোতৰ)

 নিশা আন্ধাৰ যিমান গভীৰ হয়। পুৱাৰ পোহৰ সিমানে কাষ চাপি আহে।

 হয়তো, সেয়ে মোৰ গভীৰ আন্ধাৰে ছানি ধৰা জীবনটোত পুৱাৰ ফেঁহু-জালি পোহৰে ভুমুকি মাৰিছিল।

 ২০০২ চনৰ শেষৰ ফালে আমাৰ সম্পৰ্কীয় ছোৱালী এজনী আহিছিল আমাৰ ঘৰত কেইদিনমান থকাকৈ। মনত এটা ভয় ভয় ভাব লৈ।

 তেতিয়ালৈকে মই যন্ত্ৰণাৰ বোজা কঢ়িয়াই জীৱনৰ বাট বোলা জীৱনৰ সাত বছৰত ভৰি দিছিলোঁ।

 অপ্ৰস্তুত মুখত এটা ভয় ভাব লৈ মই থকা কোঠাটোলৈ সোমাই আহিল। তাইক মই ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে এখন বিয়াত শেষবাৰ লগ পাইছিলোঁ। সেই বিয়াখনৰ পিছৰ পৰা মই তাইক দেখা পোৱা নাই আৰু তায়ো মোক লগ পোৱা নাছিল।

 কিন্তু তাই মোক জানিছিল আনৰ মুখে মুখে।

 মালাৰ লগত তাই মই থকা কোঠাটোলৈ চুচুক-চামাককৈ সোমাই আহিল। তাই এতিয়া এজনী গাভৰু ছোৱালী।

 তাইৰ লগত কথা পাতি মই মোৰ সংগী কিতাপৰ লগত আকৌ ব্যস্ত হলোঁ। তেতিয়া মই আন মানুহৰ লগত কমকৈ আৰু কিতাপৰ লগত বেছিকৈ কথা পাতোঁ।

 লাহে লাহে অলপ অলপকৈ কথা পাতোঁতে পাতোঁতে তাইক মোৰ ভাল লগা হ’ল।

 এদিন তাই, মই আৰু মালাই কথা পাতি থাকোঁতে তাই ক’লে— জান জুলী বা, মই যেতিয়া তহঁতৰ ঘৰলৈ অহাৰ কথা কওঁ, তেতিয়া মোৰ তোৰ কথা ভাবি বৰ ভয় লাগিছিল। মই যদি আহি তহঁতৰ ঘৰত থাকো তেনেহ’লে তই থকা ঘৰটোতেতো থাকিব লাগিব। সকলোৱে কৈ থকা শুনিছিলোঁ— তই হেনো নাহাঁহ, কাকো নামাত। খুব কম কথা পাত। লেতেৰা বেয়া পাৱ। তোৰ বোলে মুখখন অনবৰতে গোমোঠা [ ৯৩ ] হৈ থাকে। অনবৰতে কিতাপ পঢ়ি থাক আৰু বহুত কিবা কিবি তোৰ বিষয়ে শুনিছিলোঁ ।

 তই কোৱা প্ৰতিটো কথাই সচাঁ। মোৰ বিষয়ে তোক যিখিনি কৈছে, প্রতিটো সঁচা৷ সকলোৱে মোৰ বিষয়ে একেই মন্তব্য দিয়ে। নিদিবনো কিয় ? মোৰ অসুখ হোৱাৰ পৰা অকলে থাকি ভাল পাওঁ। বাৰু ক’চোন-- এতিয়া মোক লগ পোৱাৰ পিছত কেনেকুৱা লাগিছে তোৰ ?

 ভাল লাগিছে। শুনি অহা প্রতিটো কথাই সঁচা যদিও তোৰ লগত মোৰ থাকি ভাল লাগিছে। ভয় ভাবটো নাই এতিয়া। প্রথমে কিন্তু বা, ই.. মা.. ন ভয় লাগিছিল।

 কেইদিনমান তাই আমাৰ ঘৰত থকাৰ পিছত তাইৰ ভনীয়েক আৰু সিহঁতৰ গাঁৱৰ ল’ৰা এজন আহিছিল তাইক ঘৰলৈ নিবলৈ।

 তাইক নিবলৈ অহা পল্লৱদাই মাৰ পৰা মোৰ অৱস্থাটোৰ কথা জনাৰ পিছত কেতিয়াও নুশুনা, শুনিবলৈ প্ৰতিপল অপেক্ষা কৰি থকা এষাৰ কথা ক’লে।

 জুলীক যদি ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজ (চি.এ.চি) হাস্পতাললৈ এবাৰ লৈ যায়, তাই হয়তো অলপ আৰোগ্য হ’ব। - পল্লৱদাৰ কথাকেইটা শুনি এনে লাগিছিল যে তৃষ্ণাৰ্ত মৰুভূমিৰ মাজত পানীৰ হ্ৰদ এটা আছে বুলি খবৰ দিছে। নিশ্চয়কৈ সৃষ্টি হৈছিল- মহা শূন্যতাৰ বুকুত আশাৰ একাঁজলি পোহৰ। ভাৰাক্ৰান্ত মনটোক হাত বাউল দি মাতিছিল এটা কেতিয়াও নভবা সময়ে। মৃত্যুক্ষণ গণি থকা দুচকু উজ্জ্বল হৈ পৰিছিল। উজ্জ্বল হৈ পৰিছিল মাৰ শেঁতা পৰা মুখখন জোনাক নিশাৰ জোনজনীৰ দৰে। আনন্দই চুমিছিল দেউতা, বা, মালা, বাবুৰ মনবোৰ। তাইক অসমৰ বাহিৰলৈ নিলেও ভাল নহ’ব, তাইৰ মৃত্যু আসন্ন৷ - ডাক্তৰে কোৱা বাক্যশাৰী প্রতিধ্বনি হৈ বাজিছিল আমাৰ প্রত্যেকৰে হৃদয়ত।

 চকুলোৰে উপচি পৰিছিল মাৰ দুচকু আৰু চকুলোৰ লগত উজলিছিল চকুৰ মণি।

 মায়ে পল্লৱদাক অনুৰোধ কৰিলে- এবাৰ যদি তেওঁ ভেলোৰৰ হাস্পতালখনলৈ আমাৰ লগত যায়। মোক এই জীৱনৰ পৰা মুক্তি পোৱাত অকণমান দয়া কৰি সহায় কৰে, তেতিয়া তেওঁৰ ওচৰত চিৰ ঋণী হৈ থাকিব।

 যিহেতু আমাৰ কোনেও সেই ঠাইলৈ যোৱা নাছিল সেইপৰ্যন্ত।

 পল্লৱদাই কথা দিলে। তেওঁ আমাক মাত্ৰ হাস্পতালখনত নি ডাক্তৰৰ লগত [ ৯৪ ] চিনাকি কৰি দি থৈ আহিব। বেছি দিন নাথাকে।

 মায়ে ক’লে- ‘সেইকণ উপকাৰ কৰিলেও হ’ব মোৰ ছোৱালীৰ ওপৰত।’

 আশা, চিন্তা, উখল-মাখল। ঘৰত মালা, বাবুৰ লগত কোন থাকিব? ইমান হাজাৰ টকা ক’ত পাব? প্ৰস্ৰাৱ গৈ থাকে, কেনেকৈ তিনিদিন ৰেলগাড়ীত নিব? ভৰিৰ ঘাবিলাকৰ সৈতে কি কৰিব? অলেখ চিন্তা-দুশ্চিন্তাত প্ৰতিটো পল ব্যস্ত হৈ থাকিবলগীয়াত পৰিল মোৰ আৰোগ্যৰ যাত্ৰাৰ লগত।

 এদিন ‘টিকট’ কাটিলে ৰে’লগাড়ীৰ।

 ক্ৰমশঃ শুকাই যোৱা হৃদয় জগতত আশাই সঁজাল ধৰিব ধৰিলে। কোনেও উমান নোপোৱাকৈ সাজি থকা নিজৰ মৃতদেহ সৎকাৰৰ চিতাখন সজা বন্ধ কৰিলোঁ। এতিয়া ক্ষণ গণিলো ভেলোৰলৈ যাবৰ কাৰণে।

 মনে মনে ভাবিলোঁ— ভৰিৰ অন্তহীন পোৰণিৰ পীড়াৰ পৰা পৰিত্ৰাণ পাম৷ অহৰহ প্ৰস্ৰাৱত পৰি থকাৰ পৰা মুক্তি পাম।

 নিস্তাৰ পাব মায়ে, সদায় প্ৰস্ৰাৱৰ দুৰ্গন্ধ লৈ কাপোৰ ধুই থকাৰ পৰা।

 ইয়াৰ আগতেও বহুবাৰ মায়ে দেউতাক মোক এবাৰ দেউতাৰ কৰ্মস্থান দিল্লীলৈ নি ডাক্তৰ দেখুৱাই আনিবৰ কাৰণে কৈছিল।

 দেউতাই কিন্তু কথাটো সিমান গুৰুত্বসহকাৰে লোৱা নাছিল। দেউতাৰ ভাব মই ভাল কেতিয়াও নহওঁ। দৰাচলতে দেউতাই তেনেকৈ ভবাৰো কাৰণ এটা দৰ্শাইছিল। দেউতাৰ কৰ্মস্থানৰ ওচৰত এঘৰত এজন মানুহে সদায় ‘হুইলচেয়াৰ’ত বহি থাকে। দেউতাৰ যুক্তি মতে— ‘দিল্লীত যদি মোৰ নিচিনা খোজ কাঢ়িব নোৱৰা মানুহ ভাল কৰিব পাৰেই, তেনেহ’লে কিয় মানুহজনে খোজ কাঢ়িব পৰা নাই।’ কিন্তু দেউতাৰ যুক্তি ভুল আছিল। পিছত জানিব পাৰিছিলোঁ। মোক যদি অসুখ হোৱাৰ এক বছৰ, দুই বছৰৰ পিছতত লৈ গ’ল হেঁতেন। তেন্তে মই হেনো পূৰ্ণ সুস্থ নহ’লেও, অ’ত-ত’ত ধৰি অলপকৈ খোজ কাঢ়িব পাৰিলোঁহেঁতেন। কিন্তু চাৰি বছৰমানৰ পিছত এবাৰ দেউতাই মোক চিকিৎসাৰ কাৰণে নিবৰ বাবে চিন্তা কৰিছিল যদিও ঘৰত বাহঁতৰ লগত কোন থাকিব সেই অসুবিধাবশতঃ মোক নিয়া নহ’ল। মাৰ বায়েক কুঞ্জ জেঠাই থাকিম বুলি কৈছিল যদিও আমাৰ যোৱাটো নহ’ল।

 আমি সাজু হ’লোঁ। ২০০৩ চনৰ ১৫ ফেব্ৰুৱাৰীত ভেলোৰলৈ যাবলৈ। ঘৰত থাকিব মালা, বা আৰু দুই বছৰীয়া ভাগিন চ’না।

 দেউতাই কৰ্মস্থানৰ লগৰ মানুহৰ পৰা অলপ টকা সুতত ল’লে। দৰ্খাস্ত দিলে কৰ্মস্থানৰ অফিচত মোৰ চিকিৎসাৰ কাৰণে অলপ সহায় কৰিব লাগে বুলি। মায়ে কাৰোবাক [ ৯৫ ] কাৰোবাক টকা ঋণলৈ খুজিলে। কোনোজন হৃদয়ৱানে মাক টকা ঋণলৈ দি ডাঙৰ উপকাৰ কৰিলে। কোনোজন হৃদয়হীনে টকা থাকিও ঋণলৈ নিদি বিমুখ কৰি পঠালে।

 আমি ভেলোৰলৈ যাবলৈ ওলোৱা গতিকে ভেলোৰৰ পৰা ঘৰৰ লগত যোগাযোগ কৰিবৰ বাবে এটা টেলিফোন সংযোগ কৰা হ’ল।

 ভেলোৰলৈ যাবলৈ মাজত মাত্ৰ এটা দিন। সকলো যো-জা হৈ গৈছে।

 ভৰ দুপৰীয়া বাৰ মান বজাত ফোনটো বাজি উঠিল।

 ফোনটো মোৰ কাষতে থাকে।

 মায়ে ফোনটো ৰিচিভ কৰি হুক্ হুকাই কান্দি উঠিল।

 মই মাক কি হৈছে, কিয় কান্দিছে সুধিলোঁ।

 মায়ে হুক্ হুকাই কান্দিয়ে ক’লে— আমাৰ লগত ভেলোৰলৈ যাবলৈ ওলোৱা পল্লৱ আমাৰ লগত নাযায়।

 কথাষাৰ শুনি মোৰ মূৰৰ ওপৰত আকাশখন ভাগি পৰা যেন লাগিল। নিঃশব্দে বৈ আহিল চকুলো।

 লগে লগে মায়ে কান্দোন বন্ধ কৰি ক’লে— মই এতিয়াই গুৱাহাটীলৈ যাওঁ। তাক হাতে-ভৰিয়ে ধৰিম আমাৰ লগত যাবলৈ। কালিৰ দিনটো থাকি পৰহিলৈ যোৱাৰ দিন।

 ফেব্ৰুৱাৰী মাহ। দিন সিমানো দীঘল নহয়। তথাপি, মা ততাতৈয়াকৈ যাবলৈ ওলাল।

 মা গৈ গুৱাহাটীৰ ঘৰ পায় মানে নিশা সাত বাজিল। মা পল্লৱদাৰ ঘৰলৈ গ’ল।

 মায়ে পল্লৱদাৰ মাক-দেউতাকক ক’লে— তেওঁলোকৰ ল'ৰাক আমাৰ লগত এসপ্তাহৰ কাৰণে যাবলৈ অনুমতি দিয়ে যেন।

 পল্লৱদাৰ মাক-দেউতাকে আমাৰ লগত তেওঁলোকৰ ল’ৰাক যাবলৈ অনুমতি দি আমাৰ ওপৰত এটা ডাঙৰ উপকাৰ কৰিলে। যাৰ কাৰণে মায়ে তেওঁলোকৰ ওচৰত চিৰঋণী বুলি কৈ গুচি আহিল।

 কেনেকৈ ‘অনুভূতিৰ’ৰ লগত খেলিব পাৰে?

 সেয়ে সৰ্বকথিত এশাৰী বাক্য আছে-- ‘মানুহক জনাটোৰ সমান কঠিন কাম নাই।’

 যা হওক, আমি যাবলৈ সাজু হ’লোঁ ভেলোৰলৈ। যিদিনা যাম সেইদিনা পুৱা স্থানীয় ডাক্তৰজনে আহি মোক প্ৰস্ৰাৱ কৰিবৰ কাৰণে কেথেটাৰডাল সংযোগ কৰি দিলেহি।

 মালাই কলেজৰপৰা আহি বা আৰু মাৰ লগত আঁঠুৰ ভৰিৰ ঘাবিলাক বেণ্ডেজ কাপোৰেৰে মেৰিয়াই মেৰিয়াই ঢাকি-বান্ধি দিলে। [ ৯৬ ]  আঠ বছৰৰ মূৰত মোক ধুনীয়া এটা ‘লংপেন্ট’ পিন্ধাই দিলে।

 গধূলি ছয় বজাত মা, দেউতা, মই আৰু ট্ৰেইনত উঠাই দিবলৈ ওলোৱা সৌৰভ, বাবু, গাড়ী চলাই যোৱা দাদাজনৰ সৈতে গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ।

 ষ্টেচন পোৱাৰ পিছত মোক ষ্ট্ৰেচাৰত তুলি নি ষ্টেচনৰ অপেক্ষাৰত কোঠাত এখন কাঠৰ দীঘল টেবুলত শুৱাই দিলে।

 ডাক্তৰজনে গুৱাহাটীলৈ যোৱাৰ আগতে সংযোগ কৰি দিয়া কেথেৰেটডাল ভালদৰে সংযোগ নোহোৱা বাবে গোটেই ৰাস্তাত প্ৰস্ৰাৱ বাহিৰ হৈ গৈছিল।

 আকৌ আগৰ পদ্ধতিতে কাপোৰ পাৰি দি শুৱাই থ’লে।

 আমি গৈ ষ্টেচন পোৱাৰ আগতেই মামাৰ ল’ৰা নৱ আৰু দুজনমান তাৰ লগৰ ল’ৰা আহি উপস্থিত হৈছিলহি।

 কিন্তু আহি উপস্থিত হোৱা নাছিল আমাৰ লগত ভেলোৰলৈ যোৱা পল্লৱদা।

 আমি সকলো চিন্তিত হ’লোঁ। যদি তেওঁ আহি নাপায় কি হ’ব? যদি নাযায় কি হ’ব? অলেখ ভাবনাত শংকিত হৈ থাকিল মনবোৰ। নিশা বাৰ বাজোঁ বাজোঁ হৈছে, একো গম-গতিয়েই নাই।

 কি হ’ব? যদি নাহে?

 ঘড়ীৰ কাঁটা যিমান বেগেৰে পুৱাৰ ফালে আগবাঢ়িছিল, আমাৰ বুকুৰ ধপধপনি তাতোকৈ বেছি বেগত ধপ্‌ধপাইছিল।

 প্ৰতি ছেকেণ্ড এক দিন যেন লাগিছিল।

 কোনোবাটোৱে কৈছিল— ‘নাহে আৰু।’

 কোনোবাটোৱে কৈছে- ‘আহিব ৰ।’

 কোনোবাটোৱে কৈছে— ‘তাৰ ঘৰলৈ যাওঁ। লৈ আহোঁগৈ।’

 তাত উপস্থিত থকা প্ৰত্যেকজনৰ মন শংকাৰে ভৰি পৰিছিল।

 আহিবনে? আহিবনে?

 শেষত, পল্লৱদা আহিল।

 এটা শংকিত অপেক্ষাৰ অন্ত পৰিল... [ ৯৭ ]

(ওঠৰ)

 পুৱা ছয় বাজিছে! সেন্দুৰীয়া বেলিটোৱে ফেঁহুজাল ফালি ধৰাক চুমিছে। সময়ৰ হাতত ধৰি আগবাঢ়ি অহা মানুহবোৰ ক্ৰমে টিকটৰ অনুসাৰে নিৰ্ধাৰিত দবাবোৰ ভৰাই পেলাইছে। মোক তলৰ ছিটটোত তলপেট কৰি কঁকালৰ নিম্ন অংশ ডাঠ কম্বল এখনৰ ওপৰত, বিছনা চাদৰ এখন পাৰি শুৱাই দিছে প্ৰস্ৰাৱ নিগৰি থকা কাৰণে।

 মোক ঠিক-ঠাক কৰি এইবাৰ মাহঁতে বস্তু ঠিক কৰাত লাগিল।

 আমাৰ ঘৰলৈ অহা পল্লৱদাই, তেওঁৰ বন্ধুজনৰ লগত মোক চিনাকি কৰি দিলে— ‘এইজন, ল’ৰা আমাৰ লগত যাব।’

 নামটো ‘উৎপল।’

 মই তেওঁক প্ৰথম পৰিচয়ৰ নমস্কাৰ জনাবলৈও সেই সময়ত শাৰীৰিক- মানসিকভাৱে প্ৰস্তুত নাছিলোঁ।

 ৰেলগাড়ীখনে দীঘলীয়া উকি এটা মাৰি ঝক্‌ ঝক্ কৰি ধীৰ গতিৰে আগবাঢ়িছে।

 মই চাই পঠিয়াইছোঁ খোলা খিৰিকীৰ সন্মুখলৈ....

 ক্ৰমান্বয়ে, ৰেলগাড়ীখনে ষ্টেচন এৰি লক্ষ্য অভিমুখে যাত্ৰা কৰিলে। ঊৰ্ধ্ব শ্বাসে ৰে’লগাড়ীখনে এৰি গ’ল ডাঙৰ ওখ অট্টালিকা, ব্যস্ত পথ, বস্তি এলেকা...।

 বস্তি এলেকা পোৱাৰ লগে লগে ৰেলগাড়ীখন খন্তেক থমকিল। মই খিৰিকীৰে ভুমুকি মাৰি চালোঁ।

 শোৱাপাটী এৰি এঙামূৰি ভাঙিছে কোনোজনে। কোনোবাটোৱে সেই পুৱাতে জাবৰৰ দ’ম খুঁচৰি আছে। বুকুত মেঠনি মাৰি তিৰোতা কেইজনমানে লেতেৰা পানীৰে গা ধুই আছে, উলংগ কণমানি দুটামানে ৰাতি ভোকত কলমলাই থকা পেটৰ ক্ষুধা মাৰিবলৈ, কাগজত কেইটুকুৰামান খাদ্য লৈ থপিয়াথপি কৰি আছে। একেখিনিতে অপৰিষ্কাৰ গা ধোৱা পানী, পায়খানা ঘৰ, বাচন ধোৱা, খোৱা খাদ্য সকলো কৰ্মথলী। এফালে মাকে এটা সদ্যজাত কেঁচুৱাক বুকুৰ স্তন পিয়াই আছে, আনফালে এখন হাতে এটাৰ পায়খানাৰ লেতেৰা ধুৱাই আছে।

 অৰ্ধউলংগ কেইটামান ল’ৰাই হাতত ডাঙৰ পলিথিনৰ মোনা লৈ জাবৰৰ দ’মবোৰ খুঁচৰি খুঁচৰি আনৰ পেলনীয়া সামগ্ৰীবোৰৰ পৰা সিহঁতৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বাছি বাছি ভৰাইছে। [ ৯৮ ]  দাৰিদ্ৰ্যৰ ভয়ানক ছবি। মই যাত্ৰাৰ আৰম্ভণিতে সন্মুখীন হ’লোঁ।

 হৃদয়বিদাৰক আছিল দৃশ্যাংশ। স্বামীৰ মাৰ খাবলৈ পিঠি পাতি দিয়া মহিলাগৰাকীৰ হাড়ে-ছালে লগা শৰীৰৰ কায়টো দেখি। আউলি-বাউলি চুলিৰে বুকুৰ মাজত কেঁচুৱাটো সজোৰে আঁকোৱালি লৈ ‘মৰিলোঁ ঔ মৰিলোঁ ঔ’ সেই ব্ৰহ্মমুহূৰ্ততে তাল ফাল লগাই চিঞৰিছে।

 কি ভুল কৰিছিল মহিলাগৰাকীয়ে?

 কোনোবাই অট্টালিকা সাজি ৰাজভোগ কৰি জীৱন পাৰ কৰিছে। কোনোবাই আকৌ এসাঁজ ভাতৰ কাৰণে ৰাজভোগ কৰাজনৰ ওচৰত হাত পাতিছে।

 আৰু সেই শিশুকেইটা ?

 কোনোবাই খাই পেলাই দিয়া ‘পেপ্‌ছি, থাম্পশ্বাপ’ৰ বটলকেইটাৰ সাঁফৰ খুলি ওলোটা কৰি কৰি মুখত ভৰাই তলিত থকাখিনিকে টকলিয়াই টকলিয়াই সোৱাদ লৈছে।

 ডাঠ কাগজ, পলিথিনেৰে ঘৰৰ বেৰবোৰ ঢকা। ৰাতি আকাশৰ তৰা গণিব পৰা ঘৰৰ মূধচ।

 কি... জীৱন

 দাৰিদ্ৰ্যই চেপি-খুন্দি কোঙা কৰা ব্ৰহ্ম আকাল জীৱন?

 নে কি? চৰকাৰে ঢুকি নোপোৱা আঁচনিৰ জীৱন?

 নে উচ্ছেদত ঘৰ-বাৰী ভাঙি দিনতে এন্ধাৰ কৰা জীৱন?

 ৰে’লগাড়ীখনে আকৌ ঝক্‌ ঝক্‌ কৰি গতি কৰিলে উদং পথাৰখনক এৰি। ৰে’ললাইনৰ ওচৰত ওখ-চাপৰ বিৰিখবোৰক পিছলৈ এৰি।

 কিন্তু মেঘবোৰ? আকাশখনেহে ৰে’লগাড়ীখনক এৰিব খোজা নাই।ৰে’লগাড়ীখনৰ লগে লগে গৈ আছে বতাহৰ বেগত। অনায়াসে।

 চাহ। চাহ।

 পুৱাৰ ঘৰৰ চাহকাপ দিবলৈ আহিছে। ৰে’লগাড়ীত গৰম চাহৰ কেট্‌লি, চাহৰ কাপ লৈ চাহ বিক্ৰী কৰা ল’ৰাজন। কোনোবাই চাহকাপ কিনি নিজৰ পুৱাৰ প্রয়োজন পূৰণ কৰাৰ লগতে, চাহ বিক্ৰী কৰা ল’ৰাজনকো আৰ্থিকভাৱে সহায় কৰি মন তৃপ্ত কৰিছে। কোনোজনে ঘৰৰ পৰা পুৱাৰ কাৰণে লৈ অহা চাহ পিবলৈ লৈছে।

 মোৰ দৃষ্টি খোলা খিৰিকীৰ সুবৃহৎ পথাৰ, নীলা আকাশৰ মাজত ডুব গৈছে। উত্তাল বতাহে ৰে’লগাড়ীৰ গতিৰ লগত ফেৰ মাৰিছে।

 কোঠাবন্দী জীৱনৰ পৰা জীৱনে এক নতুন সোৱাদ বিচাৰি পাইছে। পথাৰৰ [ ৯৯ ] দাঁতি, নৈৰ পাৰ, বিৰিখৰ সৌন্দৰ্যই দুচকু উজলাই তুলিছে। কমোৱা তুলা হৈ মন উৰি গৈ পৰিছে ওখ বিৰিখৰ চৰাই হৈ। পখিলা হৈ পাখি মেলি উৰিছোঁ মই। বুকুৰ খোৰোঙত কুঁচি-মুচি শুই থকা দুখবোৰেও খন্তেকলৈ অনিৰ্বচনীয় সেই জীয়া সুখৰ স্বাদ লৈছে। সঁজাত বন্দী বিহংগিনীক মুক্ত কৰি দিয়াৰ দৰে মোকো কাঁইটীয়া জীৱনে মুক্ত কৰি দিছিল অতি কম সময়ৰ কাৰণে।

 আঃ কি সুন্দৰ প্ৰকৃতিৰ সৌন্দৰ্য!

 “মানুহে মানুহৰ বাবে

 যদিহে অকণো নাভাবে

 অকণি সহানুভূতিৰে

 ভাবিব কোনেনো কোৱা সমনীয়া..."

 চঁক খাই উঠিলোঁ।

 কোনে ইমান সুন্দৰ কণ্ঠৰে ৰে’লগাড়ীৰ দবাত গীত গাইছে?

 খিৰিকীৰ পৰা মুখ ঘূৰাই ৰে’লগাড়ীৰ দবাৰ ভিতৰলৈ চালোঁ।

 এখন কাঠৰ চাৰিচুকীয়া টেবুলৰ নিচিনা চাপৰ, চাৰিওফালে চাৰিটা চকৰি লগোৱা এখন তক্তাপ’চত বহি এক ধ্যানে গীত গাই আছে।

 ভালদৰে মানুহজনক নিৰীক্ষণ কৰি দেখিলোঁ-আঁঠুৰ অলপ ওপৰৰ ভাগৰপৰা ভৰি দুখনৰ তলৰ অংশ নাই।

 হৃদয় ‘মোচৰি’ যোৱা দৃশ্য!

 গীত শেষ কৰি সোঁহাতখন আগবঢ়াই দিছে। বিনাদ্বিধাই। তেওঁ গীত গাই শুনোৱাৰ প্ৰাপ্য বিচাৰি। এ.. যা... যা। ইমান বেয়াকৈ গান গাইছে। বেসুৰীয়াকৈ। তাতে তাক ‘পইচা’ লাগে। ভাগ। ভাগ।

 দাদা। এক টকা দিলেও হ’ব।

 নাই নাই। এক টকা ক’ৰ পৰা আহে? হা...

 ‘এইটো লওক। কিবা এটা কিনি খাব। আপোনাৰ কণ্ঠটো বহুত ভাল। গীত গাই থাকিব।’

 এজন হৃদয়বান ব্যক্তিৰ উক্তি। কোঠাটোৰ ভিতৰতে পৃথক পৃথক ৰূপৰ মানুহক প্ৰত্যক্ষ কৰিলোঁ।

 একেই ৰঙা ৰক্তৰ মানুহে মানুহক কিমান বেয়াকৈ আঘাত দিব পাৰে?

 আৰু ৰক্তৰ সম্পৰ্ক নথকাজনে মানৱতাৰে কিমান ধুনীয়াকৈ এজনক উৎসাহ দিব পাৰে? [ ১০০ ]  খন্তেকলৈ মই ভাবুক হৈ পৰিলেঁ৷।

 যদি কেতিয়াবা মোৰো!

 জীৱনে ক’ত, কেতিয়া, কোন সমস্যাৰ সন্মুখীন কৰাই কোনেও ক’ব নোৱাৰে।

 বাইদেউ, মই হাৰ আনিছোঁ। ল’ব নেকি?

 নাই। নালাগে দিয়া। বেয়া নাপাবা। মাৰ উত্তৰ। মণিহাৰী বেপাৰীজনক।

 মই ৰে’লগাড়ীত পায়খানা হয় বুলি খোৱাটোৱে বন্ধ কৰি দিছিলোঁ।

 ক্ৰমান্বয়ে বেলি লহিয়াইছিল। ঘৰমুখী পক্ষীয়ে বাহলৈ উৰা মাৰিছে। পথৰুৱাই গাই দামুৰি ঘৰলৈ নিছে। দিনৰ ব্যস্ত পৃথিৱী লাহে লাহে ক্ষান্ত হ’বলৈ ধৰিছে।

 মোৰ মনটো অতীতলৈ গতি কৰিছে। কিমান দিনৰ বিৰতিৰ পিছত বেলি ডুবাৰ দৃশ্য স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছোঁ? সেন্দুৰীয়া এটা বৃহৎ ফোঁট হৈ কমলাৰঙী পশ্চিম আকাশৰ বুকুত ডুব গৈছে বেলিটো।

 অপৰূপ! অপৰূপ!

 মাৰ বাধ্যত নিশাৰ ভাত সাঁজ খালোঁ। তেতিয়ালৈকে মই কাৰো লগত কথা পতা নাই। আৰু পাতিবলৈও একো কথাই নাছিল। মই কথা পাতিছিলোঁ বহুত দিনৰ পৰা বিচ্ছেদ হৈ থকা প্ৰকৃতিৰ শোভাৰ লগত। মোৰ পৰা হেৰাই যোৱা শৈশৱৰ পথাৰখনৰ লগত। মোৰ অতি প্ৰিয় সুবিশাল, সু-উচ্চ নীলা আকাশখনৰ লগত।

 সকলো নিদ্ৰা দেৱীৰ কোলাত দিনৰ এলাহ-আমনিৰ ভাগৰ মাৰিবলৈ বিছনা পৰাত লাগিল।

 মায়ে মোক ঠিক-ঠাক কৰি শুবলৈ দি কাষৰ তলৰ ছিটটোতে নিজেও শুলে।

 মই এইবাৰ খোলা খিৰিকীৰে নিশাৰ নৈসৰ্গিক শোভা উপভোগ কৰাত লাগিলোঁ ৰে’লগাড়ী দৌৰিছে। দূৰৈৰ ঢিমিক-ঢামাককৈ জিলিকি থকা চাকিৰ পোহৰবোৰক পিছ পেলাই। প্ৰতিযোগিতাত নামিছে জোনাক নিশাৰ জোনজনীৰ লগত। কোনে বেগাই দৌৰিব পাৰে। সমানে দৌৰিছে দুয়ো। কোনেও কাকো দুখ দিব নিবিচাৰে। লগ এৰিব নোৱাৰে। ময়ো গৈ আছোঁ। তেওঁলোকৰ লগত। এটা জোনাকে পোহৰাই তোলা মন লৈ।

 নিঃপালি দিলে কোঠাটোৱে। সকলোৰে নাকৰ উশাহ-নিশাহৰ মৃদু শব্দৰ বাহিৰে একো সাৰ-সূৰ নাই। মই মাথোন মোৰ নিশাৰ সংগী জোনজনীৰ লগত এটা অমৃতোপম সময় উপভোগ কৰিছোঁ।

 পিছদিনা পুৱা যিটোলৈ ভয় কৰিছিলোঁ৷ সেইটোৱেই হ’ল। বিছনাৰ কাপোৰখন আঁৰ কৰি বান্ধি দি মায়ে মোক পৰিষ্কাৰ কৰি দিলে। মনটো সেমেকিল। উপায় নাই। [ ১০১ ]  দুটা কণমানি শিশু। এটা ল’ৰা, এজনী ছােৱালী। হাতত ধৰাধৰিকৈ গীত গাই সােমাই আহিছে । কোমল মুখ দুখনে স্পষ্টকৈ শব্দ উচ্চাৰণ কৰি যিমান পাৰে সিমানে টেঁটুফালি গাই গৈছে—

“পৰদেশী পৰদেশী যানা নেহি
মােঝে চ’ৰ কে, মাঝে চ’ৰ কে।”

 মনটো ভৰি গ’ল সিহঁতৰ কণ্ঠ শুনি। জানিবৰ মন গ’ল, সিহঁতে ইয়াত যে গীত গাই ফুৰিছে মাক-দেউতাক নাই নেকি? সিহঁতে নপঢ়ে নেকি?

 মাক ক’লাে— সিহঁতক সােধকচোন। সিহঁতৰ মাক-দেউতাক আছেনে ?

 উজ্জ্বল চকুকেইটাৰে ধুনীয়া মুখৰ মৰমলগা ছয়-সাত বছৰীয়া ছােৱালীজনীয়ে টপৰাই হিন্দীতে ক’লে— মা, বাবা নাই। আমি বস্তিত থাকোঁ। তাতে এজন মানুহে আমাৰ দুটাক ৰাখে। পুৱা ষ্টেচনত থৈ যায়হি। ইখনৰ পিছত সিখন ৰে’লত উঠি টকা গােটাই নি মানুহজনক দিওঁ। ৰাতি আমাক খাবলৈ দিয়ে।

 মাক সুধিবলৈ ক’লাে— সিহঁতে হেৰাই যাব বুলি ভয় নকৰে নেকি?

 উত্তৰত ক’লে— নকৰে। সদায় আহি আহি ভয় নাইকিয়া হৈ গৈছে। চলি যায়। ভয় নাই।

 বুকুখন খোঁচ মাৰি ধৰিছিল। তাইৰ ওঁঠৰ শব্দকেইটা শুনি।

 হায় জীৱন।

 কাষৰ ৰে’লগাড়ীৰ দবাটোৰ পৰা গির্জনি মৰা হাঁহি ওফৰি আহি ল’ৰা- ছােৱালীকেইটা আৰু আমাৰ কাণত পৰিল।

 তেওঁলােকেই সুখী। তেওঁলােকৰ পৃথিৱীখন সুকীয়া সােৱাদেৰে ভৰা। য’ত দুখ, যন্ত্রণা, সপােন ভঙা দুচকু, দৰিদ্ৰতাই চিলাই পেলােৱা ওঁঠ, ভোকাতুৰ পেটৰ পীড়াৰ অনুভৱৰ স্থান নাই। আছে মাথােন সুখ-সন্তোষ।

 নিশাৰ নির্জনতা ভাঙি ৰেলগাড়ীখনে উকি মাৰিছে। সৰু-ডাঙৰ ষ্টেচনবােৰত ক্ষন্তেক সময়ৰ কাৰণে ৰে’লগাড়ী থমকিছে।

 উঠাই উঠিছে-নমাই নামিছে।

 আকৌ, উকি মাৰি গন্তব্যস্থানলৈ ৰেলগাড়ীখনে চেঁকুৰিছে।

 আজিৰ সৈতে দুৰাতি হ’ল। এক বিন্দুও চকুযোৰে আৰাম লােৱা নাই।ল’বলৈও বিচৰা নাই। উজাগৰে থাকিয়ে ভাল লাগিছে।

 ব...হু....ত!

 নিজৰ লগত দীঘলীয়াকৈ কথা পাতিব পাৰিছোঁ। কথা পাতিছোঁ মােৰ ভাল

সংগী জোনজনীৰ লগত...৷ [ ১০২ ]

(ঊনৈশ)

 নির্ধাৰিত সময়সূচীতকৈ পলম কৰি ৰে’লগাড়ীখনে তিনি দিন দুৰাতিৰ এক দীঘলীয়া যাত্রাৰ অন্ত পেলাই গন্তব্যস্থান ভেলোৰৰ কাটপতি ষ্টেচন পোৱালেহি। ৰে’লগাড়ীখন সেই ষ্টেচনটোত মাত্র তিনি মিনিট সময় ৰখায়। আকৌ গুচি যাব। সেই তিনি মিনিটত মােকো নমাব লাগিব আৰু বস্তু-বাহানিও।

 সম্পূর্ণ মৌনতাৰে বুলি ক’লেও ভুল হ’ব। মই মন ভৰা কেইটামান অপূর্ব মুহূৰ্তৰ লগত একাত্ম হৈ পাৰ কৰিলোঁ।

 তিনিদিনে একেৰাহে প্ৰস্ৰাৱ কৰি অহা কম্বলখন, বিছনা চাদৰখন টোপােলা এটা কৰি বেয়া ঠাই এটুকুৰাত পেলাবৰ কাৰণে আছুতীয়াকৈ ল’লে।

 ৰেলগাড়ীখন থমকিল। মােক পল্লৱদাই দাংকোলা কৰি নি মায়ে দৌৰি গৈ প্লেটফৰ্মৰ পকাত পাৰি দিয়া বিছনা চাদৰখনৰ ওপৰত শুৱাই দিলে।

 ৰেলগাড়ী গ’ল। এইবাৰ এখন যুদ্ধৰ আৰম্ভণি হ’ল। ক’লা কোট পিন্ধি ৰে’লবিভাগৰ কৰ্মীজনে আহি টিকট বিচাৰিলে।

 আমি যিটো ভয় ভাবলৈ ষ্টেচনত নামিছিলোঁ তাকে হ’ল।

 আমাৰ টিকট অনুযায়ী এজন মানুহৰ বয়সৰ মিল নাই। মােৰ ভাইটি বাবু আমাৰ লগত যােৱাৰ কথা আছিল। কিন্তু তাৰ বিপৰীতে উৎপলদাক নিবলগীয়া হ’ল। বাবুৰ ঊনৈছ বছৰৰ ঠাইত যেতিয়া ত্রিছ বছৰীয়া গৈছে, তাৰ ৰে’ল বিভাগৰ কর্মীজনে আমাক যাবলৈ নিদিয়া হ’ল। বহু কিবাকিবি কৈ জৰিমনা ভৰাৰ পিছত আমাক যাবলৈ দিলে।

 এখন টেক্সি ভাড়াত আনি মােক উঠাই লৈ আটাইকেইজন এখন হােটেলত উপস্থিত হ’লোঁ।

 হােটেলৰ দুটা কোঠা ভাড়াত লােৱা হ’ল।

 পল্লৱদাই মােক দাঙি নি বিছনাত শুৱাই দি লগে লগে মােৰ ভৰিৰ বেণ্ডেজ খুলি, তিনিদিনে গেলেপা খাই থকা ‘ঘা’ কেইটুকুৰাত ড্রেছিং কৰি ঘাত দিয়া পাউডাৰ লগাই দিয়ে। তেওঁ ড্রেছিং কৰা কামটো জানিছিল। আমি হােটেলত থকা [ ১০৩ ] প্রত্যেক দিনা পল্লৱদাই ড্রেছিং কৰিছিল। আৰু গৰম পানীৰে মােৰ ভৰিৰ আঙুলি, নখবিলাক সদায় গধূলি সময়ত পৰিষ্কাৰ কৰি দিছিল।

 প্রস্রাৱত ভৰি দুখন প্রতি পল পৰি থকা গতিকে নখবিলাক চুলেই খহি আহিছিল। সেই খহি অহা নখবােৰেই এৰাই নােযােৱাকৈ সযত্নে পৰিষ্কাৰ কৰিছিল। তেওঁ মােক অকণাে ‘ঘিণ’ কৰা নাছিল। এজনী সম্পর্ক নলগা ছােৱালীক যেনেদৰে পৰিচর্যা কৰিছিল। তেওঁক কৃতজ্ঞতা জনাবলৈ মােৰ ভাষা নাছিল। ভাবিছিলাে— মানুহৰ অন্তৰত মানুহৰ প্রতি আন্তৰিকতা শেষ হৈ যােৱা নাই।

 মই পল্লৱদাৰ লগতাে খুব কম কথা পাতিছিলোঁ। মােৰ লগত প্ৰতিতাে মুহূর্ত থাকি যেনেদৰে দায়িত্ব পালন কৰিছিল, সেই সময়ত তেওঁক ভগৱানে আমাৰ কাৰণে ‘দেৱদূত’ পঠিয়াই দিয়া যেন লাগিছিল।

 পিছদিনা আমি নির্ধাৰিত সময়ত চি.এম.চি ৰ ডাক্তৰক দেখুৱাবলৈ ওলালোঁ। হাস্পতালখনৰ কাষৰ হােটেল এখনতে আমি থকাৰ ব্যৱস্থা কৰিছিল, গতিকে এখন ৰিক্সা ভাড়া কৰি পল্লৱ দাদাই মােক দাঙি নি ৰিক্সাত বহুৱাই দিলে। তাৰ পিছত তেওঁ মােক পৰি নােযােৱাকৈ ধৰি লৈ গ’ল।

 অকণমান বাটতে মােৰ পেট পকাই যােৱাৰ পিছত মূৰ ঘূৰাই বমি আহিবৰ উপক্ৰম হৈছিল আৰু বমি হৈ গৈছিল।

 হাস্পতাল পােৱাত মােক চকী এখনত বহুৱাই দিলে। পল্লৱদাই মােক দাংকোলা কৰি লৈ গৈছিল। তেওঁৰ গােটেই কাপােৰ কানি মােৰ প্রস্রাৱেৰে তিতি গৈছিল।

 কোনাে ভ্ৰূক্ষেপ নাই। কোনাে ঘিণ ভাব নাই। ডাক্তৰৰ ওচৰলৈ মাত্র মা আৰু দাদা লৰালৰিকৈ গৈছে। লগত যােৱা উৎপল দাদাক মােৰ কাষত থৈ।

 মােৰ অৱস্থা একেবাৰে বেয়াৰ ফালে ঢাল খাইছে। হােলােকা-হােলােকে বমি কৰিছোঁ। উৎপলদাই নিজৰ হাত দুখন মােৰ মুখৰ ওচৰত পাতি দিছে। বমিখিনি পকাত নপৰিবলৈ। দুহাতেৰে বমিখিনি নি আঁতৰত থকা ডাষ্টবিনত পেলাই দিছে।এনেদৰে মই হােলােকা হােলােকে বমি কৰি থাকিলোঁ আৰু উৎপলদাই হাত পাতি পাতি পেলাই থাকিল।

 যন্ত্রণা গধুৰ সময়। উশাহ নাইকিয়া হৈ যাবৰ উপক্রম হয়। কি ভয়ানক দৃশ্য। বুকু কঁপি যােৱা। [ ১০৪ ]  এটা সময়ত ডাক্তৰে মাতিলে। মােক লৈ গ’ল। ডাক্তৰে চাই পিছদিনা এম আৰ আই আৰু লগতে বিভিন্ন টেষ্ট কৰিবলৈ দিলে।

 ৰূমলৈ অহাৰ পিছত মােক ঠিক ঠাক কৰি সদায় গধূলি দুয়ােজন দাদা ফুৰিবলৈ ওলাই যায়।

 তেওঁলােকে তাত থকা আটাইকেইদিন মােলৈ খােৱা বস্তু আনিছিল। তেওঁলােকক মা-দেউতাই ক’তাে খৰচ কৰিব দিয়া নাছিল। সকলােখিনি মা-দেউতাই কৰিছিল কিন্তু তেওঁলােকে সদায় তেওঁলােকৰ টকাৰে মােলৈ গধূলি খােৱা বস্তু আনিছিল। তেওঁলােকৰ আন্তৰিকতা আৰু সহৃদয়তা দেখি মােৰ ভাল লাগিছিল। প্রত্যেক দিনাই যাবৰ সময়ত মােক সুধিছিল,

 কি খাবা ?

 মই প্রত্যেক দিনাই উত্তৰ দিছিলোঁ নাখাওঁ আৰু প্রত্যেক দিনাই আনি দিছিল, বিভিন্ন খােৱা বস্তু। পল্লৱদাৰ আগতেই চি.এম.চিৰ ডাক্তৰ এজনৰ লগত চিনাকি গতিকে আমাৰ তাত একো অসুবিধা হােৱা নাছিল। মা আৰু দাদাই সকলাে কৰিছিল। উৎপল দাদা প্রথমবাৰৰ কাৰণে গৈছিল, গতিকে তেওঁ মাত্র মােৰ লগতে প্রতি সময়ত থাকিব লাগিছিল হাস্পতালৰ কামখিনি কৰোঁতে।

 এম আৰ আই কৰিলে, অন্যান্য পৰীক্ষাও কৰিলে মােৰ শৰীৰৰ। গুচি আহিলোঁ আকৌ ৰূমলৈ।

 এনেদৰে বমি, প্রস্রাৱ কৰি কৰি তিনিদিনে অহা যােৱা কৰাৰ পিছত চাৰি নম্বৰৰ দিনা ডাক্তৰে ৰিপৰ্ট চাই ক’লে যে, এম আৰ আই-ত ধৰা পৰিছে যে মােৰ কঁকালৰ ৰাজহাড়ডাল ক’ৰবাত কষ্টপাই স্নায়ু থেঁতেলা খাই গৈছে। কষ্ট পােৱাৰ পিছত লাহে লাহে থেঁতেলা খােৱা ঠাইখিনি শুকাই গৈ গৈ, শেষত সম্পূর্ণ শুকাই যােৱাত একেবাৰে খােজ কাঢ়িব নােৱৰা হ’লোঁ। ডাক্তৰে আৰু ক’লে, মােক যদি অসুখৰ এক দুই বছৰৰ ভিতৰত চি.এম.চিলৈ আনিলে হেঁতেন, মােক অস্ত্রোপচাৰ কৰি ভাল কৰিব পাৰিলে হয়। এতিয়া বহু দেৰি হ’ল।

 মাহঁতে ডাক্তৰক সুধিলে, বিকল্প ব্যৱস্থা আছেনে কিবা ?

 ‘চেষ্টা কৰিব লাগিব।’

 ডাক্তৰৰ কথাকেইটাই মােক আকৌ শৈশৱৰ চাইকেলখনলৈ টানি নিলে। [ ১০৫ ] পেডেল ঢুকি নােপােৱা দিনৰে পৰা চাইকেল শিকি কিমান বাৰ পৰি কিমান কষ্ট পাইছিলোঁ, হিচাপ নাই। কিজানি তেতিয়াই মােৰ শৰীৰটোত ঘুণে ধৰিলে আৰু ঘুণে বিন্ধি বিন্ধি নষ্ট কৰি একেবাৰে নিঃশেষ কৰি পেলালে।

 মাৰ প্ৰয়ােজনীয় প্রায়খিনি কামেই মই কৰি দিছিলোঁ। চাইকেল চলাব জনা হােৱাৰ পৰা এক কিলােমিটাৰ দূৰত থকা ডিমৌ চাৰিআলিৰ ধান বনা মিলত দিগন্ত আৰু মই মাহটোৰ কাৰণে ধান বানি আনাে। মােৰ ডিমৌ চাৰিআলিটোৰ মাজেৰে ধানৰ বস্তা থেলি নিবলৈ লাজ লাগে, গতিকে মই ডিমৌ এম. ভি. স্কুলৰ কাষতে পথত ৰৈ থাকোঁ। ধানৰ বস্তা চাইকেলখন লৈ দিগন্তই প্রথমে তাৰ চাইকেলখন ধানৰ সৈতে মিলত থৈ আহি, মােৰ চাইকেলখন লৈ যায়। যদি কেতিয়াবা দিগন্ত মােৰ লগত নাযায়, তেতিয়া মই পুৱাই গৈ ধান খুন্দা ঘৰৰ মানুহ নুঠোতেই ধানৰ বস্তা লৈ বহি থাকোঁ।

 কি যে দিন আছিল? সিহঁতৰ ছােৱালীকেইজনীক দেখি মােৰ অলপকৈ লাজ লাগিছিল। সিহঁতে বাৰু মােৰ কথা স্কুলত কৈ দিব নেকি ?

 মতা ল’ৰাৰ নিচিনাকৈ ধান বানিবলৈ আহিছে বুলি ?

 এহ ক’লেও ক’ব দে। মই বানিবলৈ নাহিলে কোনে বানি নিব আমাৰ ধান ?

 ডিমৌ চাৰিআলিত ধান বনা, বজাৰ কৰা, ঘৰত খৰি ফলা, ধান জৰা, চাউল জৰা সকলাে কামেই কৰিছিলোঁ, অসুখ হােৱাৰ আগত চৈধ্য বছৰ বয়সলৈকে।

.......

 আমাক চি.এম.চি ৰে এখন অলপ দূৰৈত থকা, ব্যায়াম কৰা বিভাগ এটালৈ পিছদিনা আবেলি হাস্পতালৰ গাড়ীৰে লৈ গ’ল।

 আমি এটা নতুন পৰিবেশত ভৰি দিলোঁ। শুভ্র কাপােৰ পৰা ষ্টেছাৰ এখনত মােক হাস্পতালৰ কৰ্মীকেইজনে তুলি নি এখন শুভ্র কাপােৰ পৰা বিছনাত শুৱাই দিলে। লগে লগে তৎপৰ হ’ল হাস্পতালৰ নাৰ্ছসকল মােৰ প্রাথমিক কামবিলাক কৰিবলৈ।

 কোনােবা এগৰাকী নাছে আহি ক’লে— ইয়াত এটা অসমৰ পৰিয়াল আহি আছে।

 কোনােবা এগৰাকীয়ে আহি ঘৰ ক’ত, কি হৈছে সুধিলে।

 নানানটা প্ৰশ্নৰ উত্তৰ দিবলগীয়াত পৰিছিল মাৰ। [ ১০৬ ]  হাস্পতালৰ কাষতে ‘লজ্’ এটাৰ কোঠা এটা ভাড়াত ল’লে। হাস্পতালত মোৰ লগত মাত্র মাকহে থাকিবলৈ দিব। খােৱা বােৱা নিজৰ। সেই গতিকে ভাড়া কোঠাটো ঠিক-ঠাক কৰি তাতে দাদা দুজন থাকিবলৈ ল’লে।

 পিছদিনা। পুৱা সাত বজাত।

 মােক লৈ গৈছে ষ্টেছাৰখনত তুলি এটা কোঠালৈ। আচহুৱা লাগিছিল। বিভিন্ন অৱয়বৰ মানুহ দেখি। কোনােজন অচিনাকিয়ে গুড্ মর্ণিং জনাইছে। কোনােবাজন ৰােগীৰ গৰাকীয়ে সেমেকা চকুৰে সম্ভাষণ জনাইছে।

 মই, মা আৰু দাদা দুজন ৰৈ আছোঁ এটা কোঠাত।

 এজন মানুহে আহি মােক সুধিলে— মােৰ নামটো কি ?

 মই উত্তৰ নিদিলোঁ। মােৰ হৈ পল্লৱদাই মােৰ নামটো ক’লে। ক’ৰপৰা আহিছোঁ সুধিলে। এইবাৰাে পল্লৱদাই উত্তৰ দিলে।

 তৃতীয়বাৰ আৰু কিবা এটা সুধিলে। সেইবাৰাে দাদাই উত্তৰ দিলে।

 এইবাৰ তেওঁ খঙতে হিন্দীতে ক’লে—

 কি কথা ? ছােৱালীজনীয়ে কথা ক’ব নােৱাৰে নেকি ? তাইক মই সুধি আছোঁ আৰু আপুনি উত্তৰ দি আছে। তাইক ক’বলৈ দিয়ক। তাই বােবা নেকি ?

 পল্লৱদাই লগে লগে ক’লে— তাই বােবা নহয়। তাই মাত্র কথা নকয়। খুৱ কম কথা কয়। সেই কাৰণে ময়েই কৈছোঁ।

 মই মানুহজনে ডাঙৰকৈ ধম্‌কি দি কোৱা কথাকেইটাত, ফেকুৰি, ফেকুৰি কান্দিব ধৰিলোঁ।

 মানুহজনে এইবাৰ নম্রভাৱে ক’লে—মােৰ নাম শ্বৰীফ। মই এওঁৰ ‘কেছ’ টো লৈছোঁ। এতিয়া যদি এওঁ কথাই নকয় মুখেৰে, কি হ’ব ? ডাক্তৰৰ আগত কোনে ক’ব এতিয়া৷ মই টপৰাই হিন্দীতে ক’লোঁ— আপুনিয়ে মােৰ হৈ কথাখিনি ক’ব।

 তেওঁ হাঁহি ক’লে। হ’ব দিয়া।

 শ্বৰীফ ছাৰ, ফিজিঅ’ থেৰাপিষ্ট আছিল।

 আমি ডাক্তৰৰ সন্মুখত উপস্থিত হ’লোঁ।

 ডাক্তৰে সুধিলে—মােৰ নাম কি ? কি হৈছে ? সকলাে..। [ ১০৭ ]  মই তলমূৰ কৰি আছোঁ। চকুপানী বৈ আছে।

 শ্বৰীফ ছাৰে ক’লে— তাইৰ হৈ মই কাগজত থকাখিনি ক’ম।

 শ্বৰীফ ছাৰে মােৰ বিষয়ে কাগজত লিখা থকাখিনি কৈ দিলে। মােকো বিদায় দিলে ডাক্তৰে ৰূমলৈ যাবলৈ।

 মই ঘৰৰ পৰা যিটো আশা লৈ চি.এম.চি লৈ গৈছিলােঁ, সেই দীর্ঘদিনীয়া সাত বছৰীয়া আশাটো পূর্ণ হ’ল। হৰহৰ কৈ একেৰাহে প্ৰস্ৰাৱ নিগৰি থকাৰ পৰা পৰিত্ৰাণ পালোঁ মই। কেথেৰেটাৰডাল ভালদৰে সংযোগ কৰি দিয়াত, প্রস্রাৱত তিতি থকাৰ পৰা সকাহ পালোঁ।

 কেনেকুৱা লাগিছিল মােৰ মনটো !

 কিমান সুখী হৈছিলোঁ মই !

  সাতবছৰীয়া শােকৰ পৰা মুক্তি পায় !

 পিছদিনা, মােক এটা সৰু কোঠাত নি আল্ট্ৰাছাউণ্ড কৰিবলৈ ওলাল।

 আল্টাছাউণ্ড কৰা ডাক্তৰজনে, আল্ট্ৰাছাউণ্ড কৰাৰ আগতে মােৰ গালত উঠা অকণমানি ফোঁহা এটা, এইটো কি উঠিছে বুলি নখেৰে ভাঙি দিলে। তাৰ পিছত, আল্ট্ৰাছাউণ্ড কৰি ক’লে— মােৰ ‘বসন্ত’ ওলাইছে।

 ডাক্তৰ-নাৰ্ছৰ এইবাৰ মােকলৈ আকৌ এক বেলেগ ধৰণৰ তৎপৰ লাগিল।

 মাহঁতক ডাক্তৰে ক’লে— মােক হাস্পতালৰ আন পেচেন্টৰ লগত ৰাখিব নােৱাৰে। তেওঁলােকৰ গালৈ ‘বসন্ত’ ৰােগ সোঁচৰিব পাৰে গতিকে হাস্পতালৰ আছুতীয়া কোঠা আছে। তাতে মই ভাল নােহােৱালৈকে থাকিব লাগিব। তাৰ পিছত শুকালে, ভাল হ’লে আহিবলৈ ক’লে।

 মাহঁতে ডাক্তৰক ক’লে— মােক মাহঁতে ভাড়ালৈ লােৱা কোঠাটোলৈকে লৈ যাব।

 ‘বসন্ত’ ওলাই আমাৰ মনত আকৌ এটা দুখে কোব মাৰিলে।

 ষ্ট্ৰেছাৰখনত তুলি মােক ভাড়াৰ কোঠাটো পােৱাৰ পিছত, মােক দাংকোলা কৰি নি বিছনাত শুৱাই দিওঁতেই, বিছনাৰ কাঠত মােৰ কঁকালটো লাগি দুখ পাই পুৰণা ঘা এটাৰ পৰা হৰ্-হৰ্‌কৈ তেজ বৈ আহিল।

 কি হ’ব এতিয়া ?

 আকৌ এটা ঘা বাঢ়িল ! [ ১০৮ ]  ‘বসন্ত’ৰ চিকিৎসাত লাগিল এইবাৰ।

 নিমপাত ছিঙি আনি কোঠাটোত থ’লে। ফোঁহাবোৰ খজুৱতি ধৰিলে নিমপাতৰ ঠাৰিৰে লাহে লাহে পাতবিলাক গাত বুলাই দিছিল।

 কি কি কৰা নাছিল মােক প্রশান্তি দিবলৈ দাদাদুজন আৰু মায়ে ?

 দেউতাই আমাক তাতে থৈ গুচি গ’ল।

 ডাক্তৰে এখন কাগজ লিখি দিছিল। মােৰ চিকিৎসাৰ খৰচ কিমান হ’ব। সেইখন নি দেউতাৰ অফিচত জমা দিলে অফিচৰ পৰা মােৰ চিকিৎসাৰ খৰচ খিনি দিব।

 দেউতাহঁতৰ সেনাবাহিনীৰ চাকৰিত নিয়ম আছিল–চাকৰি কৰাজনৰ পত্নী, ল’ৰা-ছােৱালী, মাক-দেউতাকৰ অসুখ হ’লে চিকিৎসাৰ খৰচখিনি চৰকাৰে বহন কৰে। মােৰ কাৰণেও চিকিৎসাৰ টকা আনিবলৈ দেউতা গ’ল দিল্লীলৈ।

 মােৰ চিকিৎসাৰ খৰচ আছিল অত্যধিক।

 এটা সৰু কোঠা। এখন বিছনা। দাদা দুজনে পকাত শােৱে। পকাতে বহি খায়।

 মােক লজৰ কোঠাত থাকোঁতেই পল্লৱদাই বহু যত্ন কৰি, আনে বহুৱাই দিলে অলপ সময় বহি থাকিব পৰা কৰিলে।

 মাৰ মনত সীমাহীন আনন্দ উজলিছিল। পৰিতৃপ্তিৰ এটা হাঁহি ফুটি উঠিছিল ওঁঠত।

 মায়ে দাদা দুজনক ক’লে—এটা ‘কেমেৰা’ কিনি আনি মােক এখন ফটো তুলি বা, মালা, বাবুক দেখুৱাবলৈ পঠিয়াই দিব লাগে। [ ১০৯ ]

(বিশ)

 সুবৃহৎ চৌহদ। গাঢ় সেউজীয়া আৱৰণৰ সুউচ্চ নিম গছ। এক শীতল পৰিবেশ। নাই হাই-উৰুমি। দুখন লােহাৰ গেট দুয়ােকাষে। সন্মুখত গাড়ী অহা-যােৱা কৰা ঘাইপথটো পুৱাৰ কোমল ৰ’দৰ জিলিঙনিয়ে চুমিছে ধৰিত্ৰীক। সান্নিধ্য দিছে এক কুহুমীয়া উত্তাপৰ !

 কামিনী-কুসুম, খৰিকাজাঁই ফুলৰ মালা গাঁথি দীঘলকৈ ওলােমাই খােপাত বান্ধি অহা তামিল মহিলাসকলৰ মালাৰ পৰা চৌদিশে বিয়পি পৰা ফুলৰ সুবাসে পুৱাই মনটো এক অনাবিল আনন্দত পুলকিত কৰি তােলে। ষ্ট্ৰেছাৰখনত উঠি দ্বিতীয় গেটখনত সদায় ছয় বাজি ত্রিছ মিনিটত ৰৈ থাকোঁ। উপভােগ কৰোঁ এটা প্রশান্তিৰ পুৱা। সাত বজাৰ লগে লগে পি.টি.ত উপস্থিত হ’ব লাগে। পি.টি. হ’ল হাত আৰু ভৰিৰ ব্যায়াম। অ. টি. হ’ল কেৱল হাত ব্যায়াম।

 আমাৰ দৈনন্দিন কার্যসূচীখন এতিয়া নতুন। প্রণালীবদ্ধভাৱে আমি আমাৰ সময়খিনি মিলাব লাগে। মা আৰু মই এতিয়া হাস্পতালত থাকোঁ। পুৱা সাত বজাৰ পৰা দহ বজালৈ পি.টি. | দহ বজাৰ পৰা দহটা ত্রিছ বজাৰ ভিতৰত ঘা ড্রেছিং কৰা আৰু কিবা এটা পাতলকৈ খাই লােৱা৷ চাৰে দহ বজাৰ পৰা চাৰে বাৰ বজালৈ অ.টি.৷ চাৰে বাৰ বজাৰ পৰা দুই বজালৈ জিৰণি। দুই বজাৰ পৰা আকৌ পি.টি. থাকে। সপ্তাহত এদিন ছবি অঁকা, এদিন খেলা, এদিন সকলাে ৰােগীক একগােট কৰি কথােপকথন অনুষ্ঠান। এদিন ডাক্তৰৰ সৈতে কিমানখিনি আৰােগ্য হ’ল আলােচনাচক্র। দেওবাৰৰ দিনটো বিশ্রাম।

 মাৰ কাৰণে আটাইতকৈ কষ্টকৰ সময় আছিল দহ বজাৰ পৰা চাৰে দহ বজাৰ ভিতৰৰ সময়খিনি। সেই সময়খিনিতে মােক ড্রেছিং কৰিবলৈ নিব লাগে পি.টি. ৰ পৰা পােনে পােনে। তাত আকৌ মােৰ নিচিনাই ঘা হােৱা, ড্রেছিং কৰিবলৈ ৰৈ থকা দীঘলীয়া শাৰী। কেতিয়া মােৰ পাল পৰিব, অপেক্ষাৰত দুচকু। তাৰ পিছত, মায়ে দৌৰা-দৌৰিকৈ গৈ পুৱাৰ চাহকাপৰ লগত বিস্কুট দুখন খাই অহা পেটৰ পােৰণি মাৰিবৰ কাৰণে খােৱাৰ যােগাৰ কৰা। কেতিয়াবা আকৌ খােৱা হ’লে চাৰে দহ বাজি যায়। অ’.টি. ত কিয় দেৰি হ’ল কর্কশ প্রশ্নৰ ভয়ে ভয়ে উত্তৰ দিয়া। মায়ে প্রায়ে কর্কশ শব্দ শুনিলেও মােক কিবা এটা খুৱাইহে নিছিল। [ ১১০ ]  মই থকা হাস্পতালৰ কোঠাটোত পাঁচখন বিছনা। চাৰিখন একেলগে দীঘলীয়াকৈ শাৰীপতা, এখন আছুতীয়াকৈ পৰা। আছুতীয়াকৈ পৰা বিছনাখন মােৰ সন্মুখত এখন খিৰিকী। আধা পর্দা লগােৱা, সেউজীয়া ৰঙৰ। বিছনাৰ কাষতে এটা সৰু-সুৰা বস্তু থ’ব পৰা আলমাৰি। বিছনাৰ লগতে সেউজীয়া ৰঙৰ দীঘল পর্দা এখন। গােটেই পৰ্দাখন টানি ল’লে বাহিৰৰ মানুহক দেখা পােৱা নাযায়। মােৰ পর্দাখন মই কোঠাটোত থকা সময়খিনিত টনা হৈ থাকে। পর্দাখন টানি লােৱাৰ পিছত এটা প্রশান্তিৰ সময় কটোৱা কোঠালৈ ৰূপান্তৰ হয়।

 প্রথম দিনাখন, নিশা মই এটা মর্মান্তিক আঘাত পাইছিলোঁ মাক লৈ। মা যেতিয়া কম্বল এখনৰ ওপৰত বিছনা চাদৰখন পাৰি মােৰ বিছনাৰ কাষতে পকাত শুবলৈ লৈছিল – মই মাক আৰু কিমান দুখ-কষ্ট দিম বুলি মর্মান্তিক আঘাত পাইছিলোঁ। এটা অপৰাধবােধে হেঁচা মাৰি ধৰিছিল। ওলাই আহিছিল তপত হুমুনিয়াহ। সৰ্‌সৰ্‌কৈ চকুলাে বৈ আহিছিল।

 কিমান দুখ দিম মাক !

 পুৱা সাত বজাত পি.টি.ত উপস্থিত আমি। প্রত্যেকজনে নিজে ষ্ট্ৰেছাৰ চলাই গৈ নির্দিষ্ট ঠাইত ৰ’ব লাগে। পি.টি.ৰ শ্বৰীফ ছাৰৰ লগত মােৰ এক নতুন সম্পর্ক গঢ়ি উঠিছিল। ছাৰ-পেচেণ্টৰ নির্মল বন্ধু! ছাৰে যিহেতু মােৰ কেছটো লৈছে, সেয়ে পুৱাৰ সময়খিনি মােৰ শ্বৰীফ ছাৰৰ লগতে সুন্দৰকৈ পাৰ হয়।

 সাত বজাত আৰম্ভ হয় পুশ্ব-আপ। পঞ্চাছ বাৰকৈ কাউণ্ট কৰি, পাঁচ মিনিট জিৰণি দি আকৌ কাউণ্ট কৰি চাৰি বাৰত দুশ পুশ্ব-আপ শেষ কৰে। তেনেদৰে স্পাইনেল কডো পঞ্চাছ বাৰকৈ কাউণ্ট কৰি দুশবাৰ সম্পন্ন কৰিব লাগে। পুশ্ব-আপ আৰু স্পাইনেল কড কাউণ্ট কৰে স্বৰীফ ছাৰে নাইবা মহেন্দ্র আন্নাই। মহেন্দ্র আন্না হ’ল—পি.টি.ৰ সকলাে ৰােগীক সহায় কৰা এজন ভদ্র, নম্র, হাঁহিমুখীয়া ব্যক্তি। তেওঁৰ উপস্থিতিয়ে সকলােৰে মুখত হাঁহি বিৰিঙায়। শ্বৰীফ ছাৰে মােৰ এটা নাম কাঢ়ি মাতে - ‘জ্বালামুখী’! ছাৰ মুছলমান সম্প্রদায়ৰ লোক আছিল। গহীন মুখৰ, কম কথা কোৱা।

 ছাৰৰ মতে, মই নাহাঁহো। প্ৰতিটো সময়ত ভাবুক হৈ থাকোঁ। আগ্নেয়গিৰি বিস্ফোৰণ হ’বলৈ ধৰাৰ দৰে থাকোঁ। কাকো নামাতাে৷ সেয়ে ‘জ্বালামুখী’ নাম দিছিল আৰু জোকাইছিল – ‘জ্বালামুখী জ্বলাকে ৰাখ কৰ দেগি।’ কিন্তু ছাৰৰ কাৰণে মই আছিলাে আন পেচেপ্টতকৈ এক বিশেষ পেচেণ্ট, যিজনীয়ে সকলাে কথা মুকলিমূৰীয়াকৈ পাতিব পাৰোঁ। দুখ লাগিলে ছাৰৰ আগত মনৰ কথা কৈ কান্দিব [ ১১১ ] পাৰোঁ। চুপতা-চুপতি লাগিব পাৰোঁ আৰু কেতিয়াবা নীৰৱে মােৰ ক’বলগীয়াখিনিও ক’ব পাৰোঁ।

 মই পুশ্ব-আপ কৰিলে একেৰাহে কৰি থাকিব নােৱাৰোঁ, গতিকে মহেন্দ্র আন্নাই কাউণ্ট কৰি মােৰ আগেদি পাৰ হৈ গ’লেই, মই পুশ্ব-আপ নকৰি ৰৈ থাকোঁ আকৌ কোঠাটোৰ সিমূৰ পাই ঘুৰোঁতেই আন্নাই ধৰিব নােৱৰাকৈ পুশ্ব-আপ কৰাত লাগোঁ।

 কিন্তু কি হ'ব ?

 শ্বৰীফ ছাৰে যিখিনি মই নকৰাকৈ ৰৈ আছিলোঁ, তেওঁ সেইখিনি অকলে অকলে মােক শাস্তি দিবলৈ পুশ্ব-আপ কৰায়। কেতিয়াবা কেতিয়াবা আকৌ কয়— ‘কিয় নকৰাকৈ আছা, নাপায়।’ মই কওঁ—বহুত ভাগৰ লাগে আৰু কষ্ট। দীঘলকৈ চ’ৰি বুলি কৈ সেইদিনা শাস্তিৰ পৰা মুক্তি লওঁ। ছাৰে মাত্র স্মিত হাঁহিৰে কৈ যায়—‘দেখ লুংগী বাদ মে।’

 তাৰ পিছত, ডাম-বেল উঠোৱা। বৰ কষ্টকৰ। তিনি কে জি, পাঁচ কে জি, সাত কে জি। প্রথমে তিনি কে জি দাঙিব দিয়ে। এখন হাতেৰে এবাৰত বিশবাৰকৈ, পাঁচবাৰ দাঙিব লাগে। দুয়ােখন হাত মিলি দুশবাৰ। উস্ ইমান কষ্টকৰ। নােৱাৰোঁ আৰু দাঙিব। শেষৰ ফালে হাত ওপৰলৈ দাঙিব নােৱৰা হ’লে ছাৰক কওঁ।

 কৰিব লাগিবই। মই অলপ ধৰি দিম। ছাৰৰ সহায়ত দহ-বাৰ বাৰমান মাৰি সামৰি থওঁ।

 মােৰ বাওঁহাতখন একেবাৰে দুর্বল আছিল। সেইখন হাতেৰে মই চাহৰ কাপটো দাঙি চাহ পিব নােৱাৰিছিলোঁ। সেই হাতখনৰ এটা বিশেষ ট্রিটমেণ্ট লৈছিল শ্বৰীফ ছাৰে৷ কাৰেণ্টৰ মেচিন এটাৰে বাওঁ হাতখনৰ সৰু গাঁঠিটোৰ ওপৰত গােল বস্তু এটা ঘূৰাই থাকে। সেই সময়খিনিত ছাৰ আৰু মই এটা বিশেষ কোঠাত থাকোঁ। মই সেই সময়খিনিত ছাৰক বিভিন্ন কথা কওঁ আৰু ছাৰেও মােক বিভিন্ন কথা কয়। ছাৰে মােৰ জীৱনৰ পাৰ হৈ যােৱা অধ্যায়বােৰ একাণপতীয়াকৈ শুনিব বিচাৰে।

 এদিন ছাৰক সুধিলোঁ — ‘মই এটা কথা কম, আপুনি খং কৰিব নেকি?’

 সােধা খং নকৰোঁ দিয়া— ছাৰে ক’লে।

 মই ক’লোঁ – ইয়াত যদি মই মৰি যাব বিচাৰোঁ, তেনেহ’লে মােক মানুহ মৰা বিষাক্ত ইন্‌জেকশন দি মাৰি দিবনে? আপুনি বাৰু অনুগ্রহ কৰি বিষাক্ত ইন্‌জেকশ্বনটো আনি মােৰ গাত পুশ্ব কৰি মােক এই যন্ত্রণাভৰা জীৱনৰ পৰা মুক্তি দিব নেকি?

 ছাৰৰ খং উঠা নাছিল। চল্‌চলীয়া হৈ পৰা চকুযোৰেৰে মােৰ মূৰত হাতটো থৈ কৈছিল—“মানুহক মানুহে এনেকৈ মাৰিব নােৱাৰে। তুমি কিয় মৰাৰ কথা ভাবি থাকা? অলপকৈ হ’লেও তুমি ভাল হ’বা। তুমি ভাল ছােৱালী।’ [ ১১২ ]  ছাৰৰ কথাকেইটাৰ উত্তৰত উচুপি উচুপি কৈছিলোঁ —‘মোৰ জীয়াই থকাৰ ইচ্ছা নাই। মোৰ এই যন্ত্ৰণাক্লিষ্ট জীৱনটো লৈ লৈ আমনি লাগিছে। মই ভাগৰি পৰিছোঁ। মোক মৃত্যু লাগে। অনুগ্ৰহ কৰি, মোক মৃত্যু দিয়ক।’

 এটা হৃদয়বিদাৰক শ্বাসৰুদ্ধ পৰিৱেশে ছানি ধৰিছিল কোঠাটো।

 আজি গ্ৰুপত যাবানে নোযোৱা? পৰিৱেশ সলাবলৈ ছাৰে ক’লে।

 নাই, নাযাওঁ।

 আজিও পলাবা নেকি?

 পলাম।

 কোনটো গেটেৰে পলাবা?

 পানীৰ পুল থকা ফালেদি।

 যদি ধৰা পৰা?

 নপৰোঁ, আপুনি সিটো গেটত থাকিব। মই গৈ সাউৎকৰে ৰূম পাই যাম আৰু যদি অ’.টি.ৰ ছাৰ মেডামহঁতে সোধে, মই কিয় যোৱা নাই। কৈ দিব কিবা এটা।

 “গ্ৰুপ” নামৰ এটা অনুষ্ঠান থাকে প্ৰতি বুধবাৰে। এই অনুষ্ঠানটোত হাস্পতালখনত থকা প্ৰত্যেকজন পেচেণ্টক পি.টি.ৰ ডাঙৰ কোঠাটোত একগোট কৰি প্ৰত্যেকৰে মনৰ ভাব আদান-প্ৰদান কৰে। অসুখৰ আগৰ অৱস্থা আৰু অসুখৰ পাছৰ অৱস্থা, আন ব্যক্তি, ঘৰৰ পৰা পোৱা মৰম, ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে৷

 সুখ-দুখ, আশা-নিৰাশা, এলাগী জীৱন, সপোন ভঙা জীৱনৰ দস্তাবেজ, দৰিদ্ৰতাই কোঙা কৰা জীৱনত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে ৰোগশয্যা, সোণালী জীৱনৰ আঁউসীৰ ঘোপমৰা আন্ধাৰে অধিকাৰ কৰা জীৱনৰ ওপৰত, এখন দুখৰ ‘ভৰ’ সহিব নোৱৰা আলোচনা চক্ৰ। চকুৰ পানীৰে ওপচা এটা স্পন্দনহীন কোঠা। গেলেপা খাই থকা দুখবোৰ খুঁচৰি খুঁচৰি উলিয়াই বাহিৰ কৰা নিৰ্দয় সময়।

 এক-দুই ঘণ্টা অবৰ্ণনীয় পৰিৱেশৰ সমাপ্তিত চাহ নাইবা পেপ্‌‌ছি খাবলৈ দিয়ে। সেই অনুষ্ঠানটোত সকলো পেচেণ্টৰ লগত ছাৰ, মেডাম, পেচেণ্টৰ গৰাকী উপস্থিত থাকে। মই, এই অন্তৰ আঁকুহি বখলা-বখল কৰা অনুষ্ঠানটোৰ পৰাই প্ৰতিটো সপ্তাহৰ বুধবাৰে পলাওঁ। বেয়া পাওঁ তাত উপস্থিত থাকিবলৈ। মোৰ কথা কৈ বেয়া পোৱা স্বভাৱটোৰ কাৰণেই মই সদায় পলাওঁ তাৰ পৰা। যদিও কেতিয়াবা পলাব নোৱাৰি ধৰা পৰি বাধ্যত উপস্থিত থাকিব লাগে, শ্বৰীফ ছাৰক মনে মনে কওঁ— মই আজি কথা ক’ব নোৱাৰিম বুলি ক’ব আপুনি। ছাৰে মিচিকিয়াই হাঁহি দিয়ে। ছাৰে বুজি পায় [ ১১৩ ] মােৰ অসহনীয়তা। তাত উপস্থিত থকা প্ৰায়খিনিয়ে মােৰ ব্যক্তিত্বৰ লগত পৰিচয় হৈ গৈছিল কম-বেছি পৰিমাণে। মই কথা নকওঁ। মৌনতাই মােৰ সংগী।

 এদিনাখনৰ কথা, তেতিয়ালৈকে মই দুটা সপ্তাহৰ বুধবাৰত পলাইছোঁ। এটা সপ্তাহৰ বুধবাৰত উপস্থিত আছোঁ সম্পূর্ণ মৌনতাৰে। যিদিনাৰ কথা ক’বলৈ ওলাইছোঁ সেইদিনা পলাবলৈ বিচাৰোঁতেই আগতেই মােৰ কাৰণে যাব নােৱৰাকৈ পাতি থােৱা ফান্দত পৰিলোঁ।

 ঘূৰণীয়াকৈ ষ্ট্ৰেছাৰত পি.টি.ৰ ডাঙৰ কোঠাটোত সকলাে পেচেণ্ট উপস্থিত। মােক বন্দী কৰি অনা চিকাৰৰ দৰে উপস্থিত কৰি অ.’টি.ৰ যুবৰ্ট ছাৰ, বিমল ছাৰ আৰু সংগীতা মেডামে ক’লে - আজি যদি এওঁ কথা নকয়, তেনেহ’লে ইয়াত উপস্থিত থকা কোনােৱে চাহ খাব নােৱাৰিব। যদি এওঁৰ অন্তৰে সকলােকে চাহ খােৱাৰ পৰা বঞ্চিত হােৱাটো নিবিচাৰে, তেনেহ’লে আজি কথা ক’ব লাগিব। উপায়হীন হৈ পৰিলোঁ। মােৰ কাৰণে যদি এটা অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হ’বলগীয়া হয়, মই নিজকেচোন ক্ষমা কৰিব নােৱাৰিম – কি কৰা যায় ?

 আলােচনা আৰম্ভ হ'ল। তাতে অসমৰ বৰপেটাৰ অজয় নামৰ এজন লৰা পেচেণ্ট হৈ আছিল। তেওঁৰ আকৌ গাড়ীৰ পৰা ধানৰ বস্তা নমাওঁতে কিবা স্বৰূপত ধানৰ বস্তাৰ তলত পৰি কঁকালৰ নিম্ন অংশ অসাৰ হৈ পৰিল। দৰিদ্ৰ পৰিয়াল। যেনেতেনে পেটৰ ভাতমুঠি যােগাৰ কৰি খাই আছিল। তাক নিয়তিয়ে দিলে এখন সাঁতুৰিব নােৱৰা মহাসাগৰত পেলাই।

 সেইদিনা, তেওঁ মনৰ কথা ক’ব বিচাৰিলে। আধা হিন্দী আধা অসমীয়াত কৈ গ’ল, তেওঁৰ দুৰ্ঘটনাৰ আগৰ আৰু পিছৰছােৱা দুর্দশাগ্রস্ত জীৱনৰ কথা। তেওঁক দুখ-হতাশাই এনেদৰে আৱৰি ধৰিছিল কথাখিনি কৈ শেষ কৰি হুক্‌হুকাই কান্দি দিলে। তেতিয়া মই তেওঁক মাত দিলোঁ, দাদা নাকান্দিব। মানুহৰ জীৱনটোৱে সংগ্রাম, ঘাত-প্রতিঘাত আছে, সুখ-দুখ আছে। দুখে কাকো আগজাননী দি নাহে। আপুনি যিকেইটা কথা কৈ দুখ কৰিছে, সেইকেইটা দুখ কৰিবলগীয়া কথা যদিও সেইকেইটা দুখক লৈ সিমান বিচলিত নহ’ব। সময় গতিশীল। গতিশীল সময়ে মানুহক ব্যস্ত কৰি তুলিছে। আজি আপােনাৰ লগৰ বন্ধু আহি খবৰ নলয় বা খবৰ ল’বলৈ সময় নাই। কোনােজন আপােনাৰ আত্মীয়ৰৰ আজি খবৰ ল’বলৈ সময় নাই। টকা-পইচা দিব লাগে বুলি আপােনাক মাত এষাৰ নিদিয়ে। আপুনি ঋণ পৰিশােধ কৰিব নােৱাৰিব বুলি ঋণলৈ টকা নিদিয়ে। দিব বিচাৰিলেও মাটি এডােখৰ তেওঁৰ নামত লিখি দিব লাগে নহ’লে সুদত টকা নিদিয়ে। সেইটো বৰ্তমানৰ প্রচলিত প্রথা। কোনােৱে কাকো [ ১১৪ ] বিনা কাৰণত সহায় নকৰে। মই এইটো নকওঁ যে, একেবাৰে গোটেই পৃথিৱীখনত অমানুহেৰে ভৰি পৰিছে। আপুনিয়ে ক’লেচোন—আপােনাৰ লগৰ পাণদোকানীজনে আপুনি ইয়ালৈ আহিবলৈ ওলাওঁতে পাঁচশ টকা হাতত দি কৈছিল—ঋণ পৰিশােধ কৰিব নালাগে। সেয়া জানাে মহান অন্তৰৰ মানুহ নহয়? আৰু যে কৈছে— গাখীৰ বিক্ৰী কৰি ঘৰ চলােৱা মানুহজন। গাখীৰ বিক্ৰী কৰি পােৱা টকা কেইটামান বাটত কিবা কিনি খাবি বুলি কোৱা শব্দকেইটাত কিমান আন্তৰিকতা আছে, এইটো দুখৰ কথা হয়। আপােনাৰ তেজ-মঙহৰ, গাতে গা লগা, ঘৰৰ চাকৰিয়াল দাদাজনে টকা-পইচা দি সহায় কৰিব লাগে বুলি সৌ সিদিনালৈকে মাত-বােল দি থকাজনে আজি আপােনাৰ দুর্ঘটনাৰ এই সময়ত কেৰাহিকৈয়াে নােচোৱা হ’ল। তাতে আপুনি নিজকে এলাগী বুলি ভাবিছে কিয় ? আপােনাৰ লগতচোন আপােনাৰ ভায়েক আহিছে। আপােনাক যিমান পাৰে পৰিচৰ্যা কৰিছে আৰু আপুনিতো কেলিপাৰ পিন্ধি অলপ অলপ খােজ কাঢ়িব পৰা হৈছে। ভাল হ’ব দিয়ক আপুনি। দুখ নকৰিব।

 নিজৰ বুকুত জ্বলি থকা দপ্‌দপীয়া জুইকুৰাৰ তাপ আনৰ গাত লাগিব নিদিয়াকৈ মই তেওঁক সান্ত্বনা দিয়াৰ আশাৰে কথাখিনি কৈ গ’লোঁ। আপুনি একেবাৰে নাভাবিব যে, মানুহৰ মাজত মানুহ হিচাপে যিখিনি গুণ থাকিব লাগে, সকলােৰে নিঃশেষ হৈ গৈছে। কি কৰিব? মানুহৰ মন পৰিৱৰ্তন হ’বলৈ উশাহটো লােৱাৰ সময়কণৰো প্রয়ােজন নাই।

 কিছু মানুহৰ আন্তৰিকতা, মহানুভৱতা নিঃশেষ হৈছে যদিও বহুসংখ্যক মানুহৰ অন্তৰত আজিও মানৱতা জীয়াই আছে বাবেইতাে পৃথিৱীখন সুন্দৰ হৈ আছে। ‘মানুহ জীৱশ্রেষ্ঠ’ বুলি কোৱা বাক্যশাৰী জীয়াই আছে। [ ১১৫ ]

(একৈশ)

 মনটোক মনাব পৰা নাই। সদায় ভাবাে। আজি তাইৰ হাতখন এবাৰ চুই যাম। সাহস গােটাব নােৱাৰোঁ। পিছদিনাখন আকৌ তাইক চাই ভাবোঁ, আজি তাইৰ গালখন চুই চাম— কিমান কোমল ? সেইদিনাও সাহস গোটাব নােৱাৰোঁ। এনেদৰে দিন পাৰ হৈ ৰাতি আহে, মনৰ আশা মনতে মাৰ যায়।

 কিন্তু! বুকু ডাঠ কৰি মাতটোকে দি যাওঁ।

 পাপৰি।

 তাই মুখখনৰ লগতে ওঁঠটো বেঁকা কৰি ফুলাম হাঁহি এটা মাৰি, মােলৈ মূৰ ঘূৰাই চাব নােৱাৰিলেও জোৰ কৰি চাবলৈ যত্ন কৰে।

 তাইৰ ফুলাম নিষ্পাপ হাঁহিটোৱে উত্তৰ দিয়ে মােকো যে তাই মাতিব বিচাৰে। তাইৰ হাঁহিটো কিমান মৰমলগা। মই শব্দৰে বৰ্ণনা কৰিব নােৱাৰিম। তাইক দেখাসকলেহে অনুভৱ কৰিব পাৰিব। মােৰ চকুৰ আগতে এক ঘণ্টাৰ অন্তৰে অন্তৰে তাই কাপােৰ সলায়।

 আজিকালি তাইক চাই থাকিবৰ কাৰণে মই মােৰ বিছনাৰ কাষৰ দীঘল পর্দাখন অলপকৈ আঁতৰাই থওঁ। তাইৰ হেনাে নতুন নতুন ফ্রক পিন্ধাত বহুত চখ। ৰঙা- নীলা-বগা ৰঙৰ ফুলাম ফ্ৰকবােৰে তাইক অধিক ধুনীয়া কৰি তােলে। মৰমলগা পাপৰি।

 এদিন মনটোত সাহস গােটাই তাইৰ হাতখন চুই চালোঁ। কোমল কোমল। আন এদিন সাহস গােটাই তাইৰ গালখন চুই চালোঁ। ফুলৰ পাহিৰ দৰে সুকোমল। কিন্তু! সেই সুকোমল ফুলৰ পাহিতে যে কিমান বিষাক্ত যন্ত্রণাৰ কাঁইটে বিন্ধি থাকে, ভাবি মােৰ বুকু কঁপি উঠে। উশাহ লােৱাত কষ্ট অনুভৱ কৰোঁ, হাহাকাৰ কৰি উঠে মনটো৷ তাইৰ গাৰ পৰা পীড়াৰ কাঁইটবিলাক মই যদি আঁজুৰি আঁজুৰি দলিয়াই পেলাব পাৰিলোঁ হয়।

 হায়! মই নিৰুপায়। অদৃশ্যজনক বাৰে বাৰে প্রশ্ন কৰোঁ। তুমি যদি এই সংসাৰত প্রত্যেকৰ দেহত থিতাপি লৈ আছ, তেনেহ’লে তুমিও বাৰু কষ্ট পােৱানে? আৰু যদি তুমি আমাৰ দেহত নাথাকি দূৰৰ পৰাই চাই থাকা, তেনেহ’লে তােমাৰ অন্তৰে দুখ নাপায় নেকি? [ ১১৬ ]  মই যেতিয়া পি.টি. লৈ যাওঁ, তাই তেতিয়া অ.টি.ত যায়। আমাৰ কোঠাটোৰ মােৰ বিছনাখনৰ বাহিৰে আন চাৰিখন বিছনাৰ প্ৰথমখনতে পাপৰি থাকে। পুৱাই দেখোঁ মাকে পাপৰিক মুখ ধুৱাই দিয়ে। ধুনীয়া ফুটুকা-ফুটুকী ফ্রক পিন্ধাই দিয়ে, মুখেৰে বঙলাত কথা কৈ কৈ। তেওঁলােক বঙালী সম্প্রদায়ৰ আছিল। দেউতাকে পুৱাৰ ব্রেকফাষ্ট লৈ আহি হাঁহিমুখে তাইক গুড্ মর্ণিং কয়। তাই শুনা-নুশুনা মাতটোৰে দেউতাকলৈ চাই বেঁকা হাঁহিটোৰে গুড্ মর্ণিং বুলি কয়।

 পাপৰিৰ দেউতাকে মােকো লগতে মাতষাৰ দিয়ে। গুড্ মর্ণিং। ভাল আছ’?

 ময়াে মূৰ দুপিয়াই গুড্ মর্ণিং বুলি কওঁ।

 মই বঙলা ভাষা বুজি পাওঁ অলপ অলপ, ক’ব নােৱাৰোঁ।

 দিন গৈ ৰাতি আহিছে, ৰাতিৰ আন্ধাৰক গিলি পােহৰে বিৰাজ কৰিছে ধৰিত্ৰীত। পাপৰিৰ মাকে পাপৰিক দাংকোলা কৰিলৈ কান্দি কান্দি কোঠালৈ বেগাবেগিকৈ আহিছে। তাইক বিছনাখনত শুৱাই দি ৰাউচি জুৰি কান্দিব ধৰিলে। মানুহগৰাকীৰ শুকান কৰুণ মুখখনত চকুপানীৰে বাৰিষাৰ ভেটা ভাঙি অহা বানৰ দৰে হৈছে।

 মােৰ বুজিবৰ বাকী নাথাকিল। আজি শুকুৰবাৰ ‘ৰাউণ্ড’ আছিল। ডাক্তৰে চাগৈ, মানুহগৰাকীৰ মূৰৰ ওপৰৰ আকাশখন খহি পৰাকৈ কিবা এটা ক’লে। যিটোৱে মানুহগৰাকীক শােকত বিধ্বস্ত কৰি তুলিছে।

 ‘ৰাউণ্ড’ হ’ল— শুকুৰবাৰে ডাক্তৰে সপ্তাহটোত কিমান আৰােগ্য হ’ল,তাৰ পর্যবেক্ষণ কৰে। যদি কোনােবা পেচেণ্টক ডিচার্জ দিবলগীয়া সময় হয়, ডিচার্জ দিয়ে। সকলােখিনি কথা এই ৰাউণ্ডতে আলােচনা হয়।

 এজনী মাকৰ জীয়েকক আৰােগ্য কৰিব নােৱৰাৰ দুখ দেখি মই স্তম্ভিত হ’লোঁঁ। ছােৱালীজনী অলপ ভাল হ’ব বুলি যি আশা বুকুত বান্ধি ডাক্তৰৰ ওচৰলৈ আহিছিল, সিওঁ আজি শেষ হ’ল।

 শান্ত্বনাৰ নামত মাত এষাৰ দিবলৈ সাহস গােটাব নােৱাৰিলোঁ। আমাৰ পাঁচজনীয়া বিছনাযুক্ত কোঠাটো কাঁহ পৰি জীণ গ’ল, কেৱল পাপৰিৰ মাকৰ হিয়াভঙা কান্দোনৰ বাহিৰে কোঠাটোত আমি দহ বাৰজন এটা এটা জড় পদাৰ্থৰ দৰে ৰৈ আছোঁ। কোনেও কাৰো চকুলৈ চাব পৰা নাই। প্রত্যেকজনী মাকে জীয়েকহঁতক সুস্থ কৰি তুলিৰ নােৱৰা জীয়া দপ্‌দপীয়া জুইকুৰা বুকুতে লৈ ৰৈ আছে, চাদৰৰ আঁচলেৰে নিঃশব্দে বৈ অহা চকুলাে মচি মচি।

 মই হাস্পতালত ভর্তি হােৱাৰ কেইদিনমানৰ পিছত পি.টি.ৰ পৰা আহি এক নম্বৰ বিছনাখনত বাৰ-তেৰ বছৰীয়া ক্ষীণ-মীন মৰমলগা ছােৱালী এজনী শুই থকা দেখি মনটো উচ্‌পিচাই উঠিছিল তাইৰ বিষয়ে জানিবলৈ। [ ১১৭ ]  ইমান কম বয়সৰ মৰমলগা জনীৰ কি হৈছে? কিয় তাই হাস্পতালৰ ‘আলহী’ হ’ব লগা হ’ল ? নানানটা প্রশ্ন মনত উদয় হ’ল। ভাল নালাগে ঘপহকৰে মাক-দেউতাকক ছােৱালীজনীৰ বিষয়ে সুধিবলৈ। তাতে মই বঙলাও ক’ব নাজানাে। প্রথমদিনাই মাৰ লগত চিনাকি হৈছিল ছােৱালীজনীৰ মাকে। মােৰ মায়ে অসমীয়া, বঙলা, হিন্দী তিনিওটা ভাষাতে কথা পাতিব পাৰিছিল। তাইক জনাৰ হেঁপাহ দমাই ৰাখিব নােৱাৰি মাক ক’লোঁ—‘ছােৱালীজনীৰ বিষয়ে মােৰ খুউব জানিবৰ মন গৈছে। আপুনি তাইৰ মাকক পৰিৱেশ চাই তাইৰ কি হৈছে, জানি আহি মােক জনাবচোন। মই তাইৰ বিষয়ে জানিব বিচাৰোঁ।’

 মায়ে সুবিধা চাই মাকৰ মনত আঘাত নিদিয়াকৈ ছােৱালীজনীৰ বিষয়ে সুধিলে। ছােৱালীজনীৰ মাকেও মােৰ বিষয়ে মাৰ পৰা জানিব বিচাৰিলে। মায়ে মােৰ কথাখিনিও সংক্ষিপ্তে কৈ আহিল।

 নামটো পাপৰি। মাক-দেউতাকৰ একমাত্ৰ ছােৱালী। জন্মৰপৰাই তাই দুর্বল আছিল যদিও স্কুললৈ অহা-যােৱা কৰিব পাৰিছিল। টিউশ্যনলৈ গৈছিল সেই দুর্বল দেহাৰে। মাক-দেউতাকৰ বিয়াৰ বাৰ বছৰৰ মূৰত হেনাে ঘৰখনত তাইৰ ফুলাম হাঁহি, কলকলনিত এক অনির্বচনীয় পৰিৱেশে বিৰাজ কৰিছিল। উজলি উঠিছিল মাক-দেউতাকৰ চকু। তাইক লৈ মাকহঁতৰ আশা, সপােনৰ সীমা নাই।

 ক্রমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ শৰীৰ একেবাৰে দুৰ্বল হৈ পৰিল। পখিলা খেদা ভৰি দুখনে দৌৰি পখিলা ধৰিব নােৱৰা হ’ল। অলপ খােজ কাঢ়িলে ভাগৰি পৰে। স্কুলত থৈ আহে, লৈ আহে। সাত-আঠ বছৰ বয়সলৈকে শীর্ণকায় শৰীৰটোৰে অ’ত-ত’ত পৰি শৈশৱৰ মধুৰ মুহূর্তবােৰ পাৰ কৰিছিল। নাছিল তাইৰ হেনাে দুখ পােৱালৈ আক্ষেপ। মাত্র ওমলিছিল তাই। স্মৃতিৰ মণিকোঠাত সৰু-বৰ মিঠা অনুভুতিবােৰে ভৰাই তুলিছিল।

 আঠ বছৰ বয়সত তাই এবাৰ বিল্ডিঙৰ ছিৰিৰে তললৈ নামি আহোঁতে ভৰিত শক্তি নাপাই পৰি গ’ল। তেতিয়াই তাইৰ ৰাজহাড়ডালত কষ্ট পালে। লাহে লাহে তাই আগতকৈ বেছি দুর্বল হৈ আহিল। বিভিন্নজন ডাক্তৰৰ পৰামৰ্শ ল’লে। নাই তাই অধিক বেয়াৰ ফালেহে ঢাল খালে। তেতিয়ালৈকে তাই মুখেৰে কথাখিনি ভালদৰে ক’ব পাৰিছিল। এদিনাখন, তাই মনৰ জোৰত মাক-দেউতাক ওচৰত নাথাকোঁতে ওপৰৰ পৰা তলৰ কোঠালৈ ছিৰিৰে নামি আহোঁতেই আকৌ পৰি গ’ল। হুৱাদুৱা লাগিল। তাইক হাস্পতাললৈ নিলো ডাক্তৰে পৰীক্ষা কৰি ক’লে—ডিঙিৰ পিছফালৰ হাড়ডালত তীব্রভাৱে কষ্ট পাইছে। মুখখন বেঁকা হৈ গ’ল। ডিঙিটো পােনাই থাকিব [ ১১৮ ] নোৱাৰি হালি যায়। হাত-ভৰি লৰাব নোৱাৰে। মাতটো একেবাৰে সৰু হৈ অস্পষ্ট হ’ল। সম্পূৰ্ণৰূপে তাই আঁকোৱালি ল’লে এটা ভয়ংকৰ যন্ত্ৰণাৰে মেৰিয়াই ধৰা জীৱন।

 দেউতাকজনো অলপ অসুখীয়া। তেওঁ কথাবোৰ স্পষ্টকৈ মুখেৰে ক’ব নোৱাৰে, আগতে ভাল আছিল। দুবছৰমানৰ আগতে এটা অসুখ হৈ মাতটো অস্পষ্ট হ’ল। খোজবোৰ থৰক-বৰক। মুৰটো অলপকৈ লৰাই থাকে। তেওঁ কৰ্মত এজন উচ্চ পদত থকা চৰকাৰী বিষয়া। অৱস্থাসম্পন্ন পৰিয়াল। অত্যধিক মৰমেৰে জীয়েকৰ লগত সময় পাৰ কৰে। জীয়েকৰ লগত থকা প্ৰতিটো সময়তে তাইক বিশ্ব ব্ৰহ্মাণ্ডৰ কথা কৈ থাকে। ক্ৰিকেট খেলত কোন জিকিল, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কি ক’লে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সেইদিনাৰ ভাষণত কি ক’লে— সমস্ত কথা।

 তাইৰো স্মৃতিশক্তি ইমান প্ৰখৰ আছিল যে দেউতাকে যি যি কৈ যায় এবাৰতে মনত ৰাখি থয়। পিছত ডাক্তৰ আহিলে তাইক সোধা প্ৰশ্নবোৰৰ উত্তৰ সঠিককৈ দিয়ে। ডাক্তৰসকলেও তাইৰ মনত আনন্দ দিবলৈ পাপৰি কোৱাচোন ‘অমুক দেশৰ ৰাষ্ট্ৰপতি কোন? অমুক দেশৰ ৰাজধানী কি?’বিভিন্ন প্ৰশ্ন সোধে। তাইক প্ৰশ্ন সোধাটো ডাক্তৰসকলৰ চিকিৎসাৰ ভিতৰত নাছিল। তাইক অকণমান সুখী কৰিবলৈহে ডাক্তৰসকলে প্ৰশ্ন সুধিছিল আৰু অধিক সুখী হৈছিল, তাই সঠিক উত্তৰ দি।

 মাকৰ কান্দোন অলপ থমকিল। মাহঁতেও নিজৰ নিজৰ কৰ্মত ব্যস্ত হ’ব ধৰিলে। ময়ো পৰ্দাখন টানি, নিজৰ লগত নীৰৱে অলপ কথা পাতিব ধৰিলোঁ।

 আবেলি সময়, বেলি ডুবিছে পশ্চিমত। এই সময়খিনিত আমি আজিকালি আগফালৰ নিমগছৰ তলত থাকোঁ। ভাল লাগে নিমপাতৰ শীতল বতাহ। প্ৰশান্তি পাওঁ, দিনত ব্যায়াম কৰি ভাগৰুৱা শৰীৰটোক অলপ সময় আৰাম দি।

 আজি বাবু আহি পাব দেউতাৰ লগত। মনটো আৱেগিক হৈ আছে। প্ৰায় এমাহৰ মূৰত তাক লগ পাম। সি বা কি কি খবৰ লৈ আহে? দি, মালা, চ’নাই বা কি কৈ পঠিয়াইছে?

 জ্যোতি বাক মই আৰু মালাই ‘দি’ বুলি মাতোঁ। কেতিয়া আহি পাব...?

 অপেক্ষাৰ অন্ত পেলাই বাবু আহি পালে মোৰ ওচৰত। কঢ়িয়াই লৈ আনিছে, এটা চিঠিৰ টোপোলা। সি মোৰ হাতত ‘চিঠি’ৰ টোপোলাটো দিয়াৰ পিছত মই তাত উপস্থিত থকা ভানু ভেয়া, মানু, বিজয় আৰু নিভা ভাৱীৰ লগত পৰিচয় কৰি দিলো। ভানু ভেয়াই হিন্দীতে বাবুক প্ৰথমে সুধিলে তোমাৰ বাৰ কি পৰিবৰ্তন হোৱা দেখিছা এই মুহূৰ্ত্তত? বাবুয়ে ক’লে- ‘বায়ে কথা কৈছে।’ [ ১১৯ ]

(বাইশ)

 “ঐ জুলী,

 তােৰ চাগৈ ভালেই। আমাৰ ভাল নহয়। কাৰণ, তই নাই। আমাৰ ভাল হ’বলৈ, তই আহিব লাগিব। মা আৰু তই নহ’লে একো নাই, খালী খালী লাগে। যিমান পাৰ সােনকালে আহিবি। এই জুলী, তােৰ আমালৈ মনত পৰেনে? আমি যিমান বাৰ উশাহ লওঁ সিমান বাৰ তহঁতলৈ মনত পৰে। তই সুস্থ হৈ অহাৰ প্রতীক্ষাত...

দি আৰু মালা।”

 এখন আবেগ মিহলি, অধীৰ প্রতীক্ষা, অতৃপ্ত মৰম আৰু আশাৰে ভৰা চিঠি। আঃ! এতিয়াই যেন চৰাই হৈ উৰি যাম, সিহঁতৰ কাষলৈ। হেঁপাহ পলুৱাই কথা পাতিম। কৈ ওৰে নপৰিব, মােক কৰা নতুন নতুন চিকিৎসা পদ্ধতিৰ কথা। আৰু যে কিমান কথা কম। হয়তাে এৰি অহা জীৱনত যিমান কথা কোৱা নাছিলোঁ, গােটেইখিনি কৈ কৈ অন্ত কৰিম।

 সঁচাকৈ, কোনােবা এটা বস্তু সহজে পাই থাকিলে সেই বস্তুটোৰ মূল্য কিমান অনুভৱ কৰা নাযায়। যেতিয়া বস্তুটো নােপােৱা হৈ যায় তেতিয়াহে তাৰ মূল্য উপলব্ধি কৰিব পৰা যায়। দুষ্প্রাপ্যৰ মূল্য অধিক।

 নিশাটো ভাড়াৰ ৰূমত থাকি পুৱা ছয় বজাত বাবু আহি আমাৰ ওচৰত উপস্থিত হ’লহি। চাহ লৈ আহিছে। আজিৰ পৰা মনটো উৰুঙা উৰুঙা নালাগে আৰু৷ মােৰ মনটো কিমান ভাল লাগিছে বাৰু ? গেটতে মা, মই আৰু বাবুৱে পুৱাৰ চাহকাপ খালোঁ। আজিৰ পৰা সি মােক পি.টি., অ.টি.-লৈ যাব। সাত বজাৰ লগে লগে আমি পি.টি.ত উপস্থিত হ’লোঁ। পি.টি.ৰ মহেন্দ্র আন্না আৰু শ্বৰীফ ছাৰৰ লগত বাবুক পৰিচয় কৰাই দিলোঁ।

 আজিকালি পিটিত মােক পুশ্ব-আপ, স্পাইন-কর্ড, ডাম-বেল, স্প্রিং টনাৰ লগতে টিল্ট্ টেবুলত কঁকাল, ভৰি দুখন ৰছীৰে আতি আতি বান্ধি পােন কৰিবৰ চেষ্টা কৰিছে। [ ১২০ ]  আঠ বছৰে একেৰাহে তলপেট কৰি একেটা ভাঁজতে শুই থকা গতিকে, কঁকাল ভৰি সকলাে ভাঁজ হৈ গ’ল। সেই বেঁকা ভঁজবােৰ পােন কৰিবলৈ এতিয়া নতুন পদ্ধতি প্রয়ােগ কৰিছে।

 অসহনীয় যন্ত্রণা। হৰ্-হৰ্‌কৈ চকুপানী বৈ থাকে। অলপ সময় টিল্ট টেবুলত থিয় কৰাই দিয়াৰ লগে লগে মূৰটো আচন্দ্রাই কৰে। এটা বস্তু দুটা দুটা দেখাে। বমি বমি ভাব আহে। শ্বৰীফ ছাৰে ধেমালি কৰি কৰি প্রতি মিনিটতে সুধি থাকেহি— মুঝে এক দেখা য়া দো দেখা। ভৰিৰ ব্যায়ামতাে আছেই। শ্বৰীফ ছাৰে কষ্ট নােপােৱাকৈ ভৰিৰ ব্যায়ামখিনি বহুত কোমলকৈ কৰে। ডাক্তৰে এম.আৰ.আই. চাই কৈছে, আঠ বছৰত মােৰ ভৰিৰ হাড়, মজ্জাবােৰ শুকাই বিস্কুটৰ দৰে হৈ গ’ল। অলপ কষ্ট পালেই ভাগি যাব। ঠুনুকা হৈ পৰিল কঁকালৰ নিম্ন অংশ। সেয়ে বল প্রয়ােগ কৰিলে ভাগি যাব সহজে।

 বহুদিনৰ অন্তৰত বাবুৱে ঘৰৰ পৰা লৈ যােৱা মােৰ পছন্দৰ হিন্দীৰ নতুন আন্দাজ চিনেমা খনৰ গীত এটা লগাই দিলে পি.টি.ৰ টেপ্ ৰেকৰ্ডাৰটোত। মনটোৱে পাখি মেলি বা আৰু মালাৰ ওচৰ পালেহি।

 আমাৰ ঘৰত মায়ে এজনী গৰু পুহিছিল। চি.এম.চি. লৈ যােৱাৰ আগতে। গৰুজনীয়ে এটা দমৰা পােৱালি জন্ম দিয়াৰ পিছত দিনে দুই লিটাৰমান গাখীৰ দিয়ে। মায়ে সদায় গাখীৰখিনি খীৰাই আনি মােৰ ওচৰত বহি হুমুনিয়াহ কাঢ়ি কাঢ়ি গাখীৰ চেকি চেকি কৈ থাকে— আজি অকণমান খাবি দে! একো নহয়। পায়খানা হ’লে, মই পৰিষ্কাৰ কৰি দিম। তই গাখীৰ অকণ নাখালে মােৰ মনটোৱে বহুত দুখ পায়। চাচোন ইমানখিনি গাখীৰৰ অকণমানো তােক খুৱাব নােৱাৰোঁ যেতিয়া টকাৰ অভাৱত এপােৱা গাখীৰ আনৰ পৰা স্কুল যােৱাৰ আগতে, দুকাপ চাহলৈ গাখীৰ ৰাখি সেই অকণ অকণ গাখীৰকে দিওঁ, তাকে এলাহ কৰি হ’লেও খাইছিলি। আজি এলাহৰ লগতে তই তােৰ পেটটোকো মাৰি পেলাইছ। প্রস্রাৱ-পায়খানা হয় বুলি একোকে নাখাৱ৷

 গৰুজনীয়ে জন্ম দিয়া দমৰা পােৱালিটো ডাঙৰ কৰি বেছি দি পােৱা টকাকেইটা আমি এটা আনৰ পৰা পুৰণা গান শুনা টেপ কিনি আনিছিলোঁ। এতিয়া আমাৰ কাম [ ১২১ ] হ’ল পঁচিশ টকা গোট খালে এটা কেছেট কিনা। যেতিয়াই টকা গোট খাই তেতিয়াই আমাৰ ভাল লগা কেছেট কিনি আনিছিলোঁ।

 মায়ে আকৌ মোৰ ভাল লগা কেছেট কিনি আনি দিছিল মই বিচৰাৰ এমাহ-দুমাহৰ মূৰত। সঁচাকৈ, মায়ে মই যিটোকে বিচাৰিছিলোঁ, টকাৰ অভাৱত পলমকৈ হ’লেও পূৰণ কৰিছিল। চাৰু গোহাঁইৰ ‘জোন জ্বলে কপালত’ কেছেটখন ক’ত ক’ত বিচাৰি কিমান দিনৰ অন্তত মোৰ হাতত তুলি দিছিলহি।

......

 বাবুৱে টেপটোত মোৰ প্ৰিয় গানকেইটা লগাই দিওঁতে মোৰ যিমান আনন্দ লাগিছিল, সিমান খং উঠিছিল তাত উপস্থিত থকা তামিল পেচেন্টসকলৰ। তেওঁলোকে মোক গালি পাৰিব ধৰিলে তেওঁলোকৰ ভাষাতে। বাবু আৰু মই যদিও তেওঁলোকৰ ভাষা বুজি নাপাওঁ, তেওঁলোকৰ মুখৰ ভাব-ভংগীতে বুজি পাইছিলোঁ কিমান যে মোক বেয়াকৈ কৈছে।

 তেওঁলোকে হিন্দী বুজি নাপায়, গতিকে হিন্দী গান নুশুনে। তামিল গান শুনিব। ময়ো নামানো। মই তামিল বুজি নাপাওঁ হিন্দী গানহে শুনিম। শ্বৰীফ ছাৰ হ’ল ইয়াৰ মধ্যস্থতাত মকামিলা কৰাজন। তেওঁ মোকো দুখ দিব নিবিচাৰে, তেওঁলোককো বুজাব নোৱাৰে। কি কৰিব উপায়হীন হৈ টেপটোৰ সৈতে মোক কাষৰ কোঠাটোত নি ব্যায়াম কৰাই থাকে। কোনোবা দিনা টেপটো বেয়া বুলি কয়। কোনোবা দিনা সিহঁতক সান্ত্বনা দিবলৈ অলপ সময় তামিল গান লগাই দিয়ে, মই সিটো কোঠাত ব্যায়াম কৰি থাকোঁ। কিন্তু, মই প্ৰায়ে গালি শুনি শুনি গান শুনো।

 সিহঁতৰ গালিতকৈ মোৰ গানকেইটা শুনাটো বেছি প্ৰয়োজন। কাৰণ, গানকেইটাৰ লগত বা মালাৰ লগত কটোৱা সময়ৰ স্মৃতি জড়িত হৈ আছে। মায়ে ডেৰ মাহৰ মূৰত আজি শান্তিৰে দহ বজাত খোৱা বস্তু বনাই আনিছে। নহ’লে এজনী মানুহে ড্ৰেচিং কৰোৱা, খোৱা বস্তু বনাই অনা আধাঘন্টাত সম্পূৰ্ণ কৰাটো কঠিন আছিল।

 অ’টিত আজিকালি মোক নিজে নিজে বিছনাখনত বহিবলৈ শিকাইছে। কেনেকৈ বাগৰ সলাই হাতখন ঘূৰাই হাতত ভেঁজা দি বহিব লাগে। কেনেকৈ শুলে ইকাতি- সিকাতি হ’ব লাগে। কেনেকৈ সময়ে সময়ে বহি থাকিলে পুশ্ব-আপ কৰিব লাগে শিকাই দিছে।

[ ১২২ ]  বাবুক ছাৰহঁতে মোক কেনেকৈ ঘূৰাই হেঁচুকি মাৰি দিলে বহিব শিকাই দিছে। সি মোক এতিয়া অ’টিৰ সকলোখিনি কৰে, পিটিৰো ডামবেল অনা, স্প্ৰিং আনি দিয়া সকলোখিনি কৰে।

 বাবু এতিয়া পি.টি, অ’টিৰ ছাৰ মেডামহঁতৰ ভাল মৰমৰ বন্ধু হৈ পৰিছে। অ’টিৰ ব্যায়ামখিনি শেষ হ’লে তাত সদায় খেলিব দিয়ে। খেলাৰ সামগ্ৰী আছে দবা, লুডু, কেৰম, পাজোল সজা, বল আদি বিভিন্ন খেল। অনিশ কেৰালাৰ ল’ৰা। পুৱা সদায় কপালত বগা ফোঁট এটা লৈ, ওঁঠত লাগি থকা হাঁহিটোৰে গুড মৰ্ণিং কয়হি গেটৰ ওচৰত। বয়সত মোতকৈ এক-দুই বছৰমান ডাঙৰ হ’ব।

 পাৰ হৈছিল তেনেদৰে দুই-তিনি দিন। চতুৰ্থ দিনা মোৰ কাষলৈ আহি ইংৰাজীতে মোৰ নামটো সুধিলে। ঘৰ ক’ত সুধিলে। উত্তৰ দিলোঁ। গ’লগৈ। এনেদৰে মা,বাবুকো মাতোঁতে মাতোঁতে আমাৰ মাজত এক মানৱীয় সম্পৰ্ক গঢ় লৈ উঠিল। অনিশে হিন্দী বুজি নাপায়। ইংৰাজী কয়। মই ইংৰাজী ক’ব নাজানো। সি কোৱাকেইটা বুজি পাওঁ অলপ অলপ। মই তাক সমবয়সীয়া হোৱা গতিকে নাম কাঢ়ি মাতোঁ।

 মই তাক হিন্দী শিকাবলৈ ল’লোঁ। সদায় আবেলি আমি নিমগছৰ তলত থাকি ভাষা শিকো। সি মোক কেৰালা ভাষা শিকায়। মই তাক অসমীয়া, হিন্দী শিকাওঁ। সি হিন্দী অলপ অলপ শিকিলে। মইহে কেৰালা ভাষা শিকিব নোৱাৰিলোঁ। একেবাৰে শিশুসুলভ মনৰ ল’ৰা। কোনো কলুষিতা নাই অন্তৰত। আছে মাথোন অসীম আন্তৰিকতা।

 বাবু আৰু মই সদায় জোকাওঁ তাক ‘অনিশ ষ্ট্ৰং টী’।

 কি কয়--- ন’ ন’।

 তাৰ মানে অনিশে কাঢ়া চাহ নিপিয়ে। আমি আকৌ গাখীৰ দি চাহ পিলে কাঢ়াকৈ পিওঁ। এদিন অনিশক কাঢ়া গাখীৰৰ চাহ পিবলৈ দিলোঁ। সি এঢোক পি আৰু নিপিওঁ বুলি ক’লে। আমি নেৰো, সম্পূৰ্ণ খাব লাগিব। নহলে নামাতো বুলি ক’লোঁ। সি উপায় নাপাই কাঢ়া চাহকে পি দিলে ঢোক ঢোক কৰি। সেইদিনাৰ পৰা আমি তাক ষ্ট্ৰং টী বুলি ক'লেই ন’ ন’ বুলি কয়। সঁচাকৈ বহু ভাল লাগিছিল তাত কৰা ধেমালিবোৰ। দুখৰ ভৰতে আমি হাঁহিছিলোঁ যন্ত্ৰণাৰ চেপাতো আমি আনন্দ [ ১২৩ ] কৰিছিলোঁ খন্তেক সময়। অনিশৰ দেউতাকে খোজ কাঢ়িব নোৱাৰে। নাৰিকল গছৰ পৰা পৰি কঁকালৰ হাড়ডাল ভাগি গ’ল। দেউতাকৰ চিকিৎসাৰ কাৰণে হাস্পতালত আছেহি। সি এটা জোতা বনোৱা ফেক্টৰীত কাম কৰে।

 আমাৰ পাঁচজনীয়া বিছনাযুক্ত কোঠাত এতিয়া প্ৰথমখন বিছনালৈ তপস্বী নামৰ এগৰাকী পঁচপন্ন বছৰীয়া মহিলা আহিছে। তেওঁৰ লগত আহিছে আশী বছৰীয়া বৃদ্ধ দেউতাক আৰু এগৰাকী সহায়িকা পঞ্চাছ বছৰীয়া মানৰ। মুখেৰে কথা ক’ব নোৱাৰে। বাওঁহাতখনে অনবৰতে মুখৰ পৰা ওলোৱা থুখিনি আঁজুৰি আঁজুৰি পেলাই থাকে। গোল গোল চকুকেইটাই ট’ ট’ কৈ চাই থাকে। আঁঠুলৈকে পৰা এটা ফ্ৰক পিন্ধাই থয়। বহুত শকত। সম্পূৰ্ণকৈ নহ’লেও অলপকৈ মগজুৱে কাম নকৰে৷ বুজি নোপোৱাও নহয়, বুজি পায় অলপকৈ।

 দেউতাকক দূৰত দেখিলে এটা বিকট চিঞৰ মাৰে, মানে আহ মোৰ ওচৰলৈ। ক’ত গৈছিলি। মানুহগৰাকী বিবাহৰ পিছত সকলো ঠিক-ঠাকে চলিছিল। বছৰ বাগৰাৰ লগে লগে মানুহগৰাকীক সন্তান জন্ম দিব নোৱৰাৰ দোষত অমানুষিক শাৰীৰিক-মানসিক অত্যাচাৰ চলাবলৈ ল’লে শিক্ষিত চাকৰিয়াল স্বামীয়ে। বেত্ৰাঘাত, অভব্য শব্দৰে থকা-সৰকা কৰিলে হৃদয়। নিৰ্যাতন চলিল প্ৰতি প্ৰহৰ। স্বামীৰ ঘৰ এৰি আহিব নোৱাৰে। সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী। আহিলেও দেইতাকৰ ঘৰত থাকিব কাৰ লগত। উলিয়াই দিয়া ছোৱালী ককায়েক-ভায়েকহঁতে সাবটি নল’লে কি হ’ব। মাক নাই, দেউতাক আছে। গতিশীল সময়ৰ লগে লগে নিৰ্যাতনৰ তাপমাত্ৰা বাঢ়ি গৈ থাকিল। অৱশেষত মানসিক-শাৰীৰিকভাবে সম্পূৰ্ণৰূপে পাশৱিক অত্যাচাৰেৰে বিধস্ত কৰি দেউতাকৰ চোতালত পেলাই থৈ গ’লহি। তেতিয়াহে দেউতাকে গম পালে জীয়েকৰ জীৱনৰ দিনলিপি। যমৰ যাতনা অত্যাচাৰ। ততাতৈয়াকৈ ডাক্তৰৰ ওচৰলৈ নিলে। মানসিক-শাৰীৰিক ভাৱে সম্পূৰ্ণ কোঙা হৈ পৰিল। কোনো এটা বস্তুও হাতেৰে খামুচি ধৰিলে সাধ্য নাই সহজে এৰুৱাই আনিবলৈ। বহুত সময় যুঁজি যুঁজিহে আঁতৰাই আনিব পাৰে।

 কি যে জীৱন। দেউতাকেই প্ৰস্ৰাৱ পায়খানা পৰিষ্কৰ কৰে। হাঁহিটো ধুনীয়া।

কোনোৱাই যদি দেউতাক নথকা সময়ত জোকাবলৈ বাবা আহিছে বুলি কয় তেওঁৰ [ ১২৪ ] হাঁহিটো আপোনাআপুনি ওঁঠত বিৰিঙে। আৰু যদি অহা নেদেখে মনটো সেমেকাই বহি থাকে। তেওঁৰ খং উঠাবলৈ বাবু, বিজয়, ভানু ভেয়াই যদি ছাতিটো লৈ যায় তেওঁ চিঞৰাত লাগে। ইমান বুজি পায় যে তেওঁলোকৰ বস্তু আনে লৈ গৈছে। দেউতাক অহাৰ লগে লগে কোনকেইজনে ছাতি লুকুৱাইছে আঙুলিৰে দেখুৱাই দিয়ে। দুই-তিনি মাহ একেলগে থকাৰ কাৰণে সকলো পেচেন্ট আৰু আত্মীয়ৰ লগত আপোনতাৰ ভাৱ গঢ়ি উঠিছিল। ইজনে সিজনৰ দুখৰ ভাৰখন বব নোৱাৰিলেও দুখত এষাৰ মাত দিয়ে, নিজৰ নিজৰ বুকুত এবোজা শোক বান্ধি। [ ১২৫ ]

(তেইশ)

 অনুৰোধৰ ওপৰত অনুৰোধ কৰি হতাশ হৈ পৰিছোঁ৷ হাস্পতালত ভৰ্তি হোৱাৰ দিনৰে পৰা সদায় ভাবি থাকোঁ-- আজি খাব দিয়া ঔষধে মোৰ দুভৰিৰ অহৰ্নিশে জ্বলি থকা দপদপীয়া জুইকুৰা নুমুৱাব!

 নাই, এদিন-দুদিন পাৰ হৈ হৈ তিনিমাহ সম্পূৰ্ণ হ’বৰ হ’লহি, একবিন্দুও কমা নাই। ডাক্তক সুধিলে কয়— হ’ব, হ’ব। সেইদিনা ডাক্তৰে হ’বৰ অন্ত পেলাই নহ’ব বুলি এটা মাৰাত্মক ৰায় শুনালে— তোমাৰ ভৰিৰ পোৰণিৰ অন্ত নহ’ব যেতিয়ালৈকে তোমাৰ উশাহ শৰীৰত থাকিব। তোমাৰ ভৰিৰ পোৰণিৰ কোনো ট্ৰিটমেন্ট নাই। ৰাজহাড়ডাল থেতেলা খাই যোৱা গতিকে মূৰৰ পৰা ভৰিলৈ তেজ চলাচল কৰিব নোৱাৰে। কঁকালৰ নিম্ন অংশৰ মাজতে তেজ চলাচল হৈ থাকে। সেয়ে ভৰিৰ সিৰাবোৰ পুৰি থাকে। আজিলৈকে এই পোৰণি প্ৰশমন কৰিব পৰা ঔষধ ওলোৱা নাই। উপায় নাই, শৰীৰত উশাহ থকালৈকে পোৰণিও উশাহৰ লগতে থাকিব।

 আদালতৰ ন্যায়াধীশে যাৱজ্জীৱন কাৰাবাস দিয়া ৰায়দানৰ দৰে ডাক্তৰজনেও মোক মোৰ জীৱনটোৱেও অসহিষ্ণু পীড়া যাৱজ্জীৱনৰ কাৰণে ল’ব লাগিব বুলি শিলৰ খুঁটি মাৰি এটা ভয়ংকৰ ৰায় শুনাই গ’ল। স্তম্ভিত হৈ পৰিলোঁ। আঠ বছৰে উশাহৰ লগত গাঁথি লোৱা পোৰণিৰ পৰা পৰিত্ৰাণ পোৱাৰ যি আশা বুকুত বান্ধি আহিছিলোঁ, খন্তেকতে ভস্ম হৈ গ’ল।

 ডাক্তৰৰ বাক্যশাৰীয়ে অন্তৰত আঘাতৰ মাত্ৰা দুগুণে বঢ়াই তুলিলে। গোট মাৰি বৰফলৈ ৰূপান্তৰ হ’ল চকুলো। মূক হৈ পৰিলোঁ মই। জীৱনজোৰা পোৰণিৰ কাৰাবাস। হায় মোৰ জীৱন। দলিৱাওঁ বুলিও দলিয়াই পেলাব নোৱাৰো। পাহৰি থাকিবলৈও যিয়ে পুৰি থাকিয়ে উমান দি থাকে। ‘স্থবিৰ’ যদিও আমি তোৰ শৰীৰৰ এটা এৰাব নোৱৰা অংশ হৈ আছোঁ।

 মাৰ মাতত প্ৰকৃতিস্থ হ’লোঁ। ডাক্তৰনীয়ে তোক মাতিছে। বেজি দিব। মোক এইকেইদিন বহু কষ্টকৰ বেজি এটা দি আছে। ভৰিৰ হাড়ত। ভৰি দুখনৰ হাড়বিলাক [ ১২৬ ] ভাঁজ কৰিবও নোৱাৰি। বহলকৈ মেলি দিব নোৱাৰি, টান। সেয়ে সপ্তাহত দুটা কাৰেন্টৰ সহায়ত বহুত দীঘল বেজি এটা ভৰিৰ হাড়ত ভৰাই দি ঔষধ পুশ্ব কৰি দিয়ে। ধপধপাই থাকে ভৰি দুখন। ‘দুখ’ পোৱাৰ সিমান উমান নাপাওঁ যদিও অলপকৈ পাওঁ। বেজিটো দেখিলেই বুকু কঁপি উঠে। ই...মা...ন ডাঙৰ বেজি মোৰ গাত ভৰাই দিব?

 শনিবাৰে ড্ৰয়িং ক্লাছ থাকে। দুই বজাত। মোৰ ভাললগা এটা ক্লাছ। তাতে এজন লাইব্ৰেৰিয়ান আছে। কোনোবাই কিতাপ পঢ়িলে আনিব পাৰে। চহী কৰি আনিব লাগে। পঢ়া হলে জমা দিব লাগে। ছবি অঁকা শিকাবলৈ অহা ছাৰজনৰ নাম আছিল সুৰেশ। চছমাযোৰৰ সৈতে এখন প্ৰাণোচ্ছল মুখ। ওঁঠত স্মিত হাঁহি। সৰ্বশৰীৰৰ এটা অংগও লৰচৰ কৰিব নোৱাৰে।

 শকত, প্ৰথম দিনাই দেখি হতভম্ভ হৈছিলোঁ। ডিঙিটো পোনাই ৰাখিব নোৱৰে, হালি যায়। সৰ্বশৰীৰৰ কাষে কাষে ডাঙৰ ডাঙৰ গাৰু দি মাজত বহাই দিছে পি. টিৰ বহল বিছনাখনত, দুজনে হুইলচেয়াৰৰ পৰা দাঙি আনি। স্পষ্টকৈ সুন্দৰ কথা পাতিব জানে। উৎসাহে ভৰাই দিয়ে প্ৰতিজনৰ মন-প্ৰাণ। বহীখন সঠিক ঠাইত দি কলমটো সোঁহাতৰ আঙুলি দুটাৰ মাজত ভৰাই দিলে আঁকি যায় সুন্দৰ ছবি। আশ্চৰ্যান্বিত হৈছিলোঁ, কেনেকৈ থাকে বাৰু এটাও অংগ লৰাব নোৱৰাকৈ? নাই আক্ষেপ, নাই উদাসীনতাৰ চাপ।

 মই তাত গ্লাচ পেইন্টিং শিকিব ল’লোঁ। মায়ে কিনি আনি দিয়া কাপোৰত ফুল তুলি ৰুমাল বনাই দিলোঁ। ৰংতুলিকাৰে বিভিন্ন ছবি আঁকিলোঁ। গ্ৰিটিংছ কাৰ্ড বনাই বেচিবলৈ দিলোঁ। সামৰ্থ্য অনুযায়ী পৰাখিনি কৰিলোঁ। মই কাগজৰ ঘৰ সাজো, গতিকে এটা কাগজৰ ঘৰ সাজি তেওঁলোকৰ তাত মোৰ উপস্থিতিৰ এটা চিন দিব লাগে। মই সময় বহু লাগিব বুলি কোৱাত কাগজ, কেঁচী, আঠা যোগাৰ দি ৰূমত থকা আজৰি সময়ত বনাবলৈ দিলে।

 তাই উচুপিছে। তাইৰ উচুপনিয়ে মোৰ হৃদয়ৰ আথাউনিত স্পৰ্শ কৰিছে। মাক এজনীৰ সন্তানৰ পৰা বিচ্ছেদ হোৱাৰ উচুপনি। বুকুৰ আমঠুৰ চিৰদিনৰ কাৰণে এক পলকো দেখিবলৈ নোপোৱাৰ যন্ত্ৰণা।

[ ১২৭ ]  নামটো শ্যামলী, বঙালী সম্প্ৰদায়ৰ। ধুনীয়া মুখখনিৰে সৰল বাৰ্তালাপৰ এগৰাকী পঁচিছ বছৰীয়ামান শিৰত সেন্দুৰ নল’লে বোৱাৰী বুলি ক’ব নোৱৰা ছোৱালী। মাক দেউতাকৰ একমাত্ৰ ছোৱালী। এবছৰীয়া সন্তান এটিৰ মাতৃ শ্যামলী। উদাসীনতাই লেপি থকা দুচকু। হাস্পতালৰ সমূহীয়া ফোনটো বাজিলে মাকৰ ফালে কৰুণকৈ চায়। কিজানি স্বামীৰ ঘৰৰ পৰা কোনোবাই খবৰ ল’বলৈ ফোন কৰিছেই! কণমানিটো কেনে আছে জনাব নেকি? শ্যামলীয়ে খোজ কাঢ়িব নোৱাৰে।

 নাই? তাইলৈ কোনোদিনে স্বামীৰ ঘৰৰ পৰা ফোন নাহে। দেউতাকেহে আজি আহি দুঃসংবাদটো দিলে। তাইক হেনো ল’ৰাটো নিদিয়ে। স্বামীৰ ঘৰে ৰাখিব।

 সেই দুঃসংবাদৰ হিয়া ৰুকি ৰুকি ওলাই অহা উচুপনিয়ে মোৰ কৰ্ণকুহৰত স্পৰ্শ কৰি কলিজাত স্পৰ্শ কৰিছেহি। কি দুখত বাৰু শ্যামলীয়ে দুমহলীয়া বিল্ডিঙৰ পৰা জঁপিয়াইছিল?

 আজি অ’টিত দেখি অহা বিৰহখিনিক পাহৰিব পৰা নাই। আকৌ এটা দুখে চুলে অন্তৰখন। আক্ষেপতে গাই যায়—

 “মেৰা জীৱন কোৰা কাগজ

 কোৰা হী ৰেহ গয়া-।”

 দীঘলকৈ কপালৰ পৰাই শিৰত সেন্দুৰ লয় স্বামীৰ দীৰ্ঘায়ু কামনা কৰি। ফোটটোও লয় আঁতৰৰ পৰাই বেলিটোৰ দৰে ৰঙা হৈ জিলিকি থকাকৈ। কিহৰ প্ৰতীক্ষাত পানীৰ দৰে টকা খৰচ কৰিছে? ‘আশা’ নামৰ দুটা বৰ্ণৰ এটা শব্দৰ কাৰণে? দীঘলীয়াকৈ হুমুনিয়াহ কাঢ়ি কৈ গৈছিল– উলাহে নধৰা হৈ গৈছিল চতুৰ্দিশে।আজি বছৰৰ শেষ দিন। কালিলৈ নতুন বছৰ আৰম্ভ হ’ব। পুৰণা বছৰৰ শেষ দিনটোক আনন্দ-স্ফুৰ্তিৰে বিদায় দিবলৈ যো-জা কৰিছিলোঁ। তেতিয়াই আহিল দুঃসংবাদটো।

 বাইক দুৰ্ঘটনাত সম্পূৰ্ণৰূপে আঘাত পাই ক’মালৈ গ’ল। সকলো আনন্দ উল্লাস খন্তেকতে নিঃশেষ হৈ গ’ল। অন্তহীন আশা লৈ প্ৰতিপল প্ৰতীক্ষাত আছে-সংজ্ঞা ঘূৰাই পাব। ল’ৰা-ছোৱালী দুটাক মুখেৰে মাত দিব। আজি সেয়ে বুকুৰ মাজত অহৰ্নিশে লৈ ফুৰা ল’ৰা-ছোৱালীহালৰ ফটো দেখুৱাই এইটো কোন, সেইটো [ ১২৮ ] কোন সুধি থকা দৃশ্য দেখি মোৰ হৃদয়খন মোচৰ খাই গৈছিল। সংজ্ঞা ঘূৰাই আনিবলৈ অলপ ‘তপত’ পানী গিলাচত ভৰাই ভৰিত লগাই দিওঁতে মানুহজনে অলপকৈ ভৰিখন আঁতৰাই আনোতে দুখ-আনন্দত কেনেকৈ চিঞৰি দিছিল।

 অলপকৈ আকৌ লৰাই দিয়কচোন। আপুনি ভাল হৈ যাব দিয়ক। আমাৰ সিহঁত দুটাই সদায় ফোনত সুধি থাকে। দেউতা কেতিয়া আহিব? আপুনি শুনিছেনে?

 হাঁকুটীৰে কলিজা টানি-আঁজুৰি উলিয়াই আনি মেচী দাৰে ঘপিয়াই ঘপিয়াই টুকুৰা-টুকুৰ কৰা দুখৰ যন্ত্ৰণা। আস... ।

 পি. টিৰ ৰাউণ্ডৰ পিছত ডাক্তৰে “কেলিপাৰ”, জোতা-মোজা কিনি আনিবলৈ দিলে মোৰ কাৰণে। “কেলিপাৰ” হ’ল এবিধ ষ্টিলৰ ফ্ৰেমৰ ভৰিৰ ওপৰৰ অংশৰ পৰা ভৰিৰ পতালৈকে কাৰুকাৰ্য্যৰে সজা জোতাৰ লগত পিন্ধি খোজ কাঢ়িব পৰা কৌশলেৰে সজা সৰঞ্জাম।

 অপাৰ আনন্দ। স্তৰে স্তৰে সুখানুভূতিয়ে স্পৰ্শ কৰিছে। মই আকৌ ‘খোজ’ কাঢ়িম৷ নিজৰ ভৰিৰ জোৰেৰে নহ’লেও ‘কেলিপাৰ’ৰ সহায়ত মই খোজ কাঢ়িম।লেপেটা খাই পৰি থকা বিছনাখন এৰি মই মুকলি আকাশৰ তলত খোজ কাঢ়িম।জোনজনীৰ ওচৰত এতিয়াৰ পৰা অভিমান কৰিব নালাগে। মোৰ কোঠাৰ অকণমানি খিৰিকীখনেৰে অতি কম সময় মোৰ লগত পাৰ কৰা গতিকে।

 এতিয়াৰ পৰা জোনাকৰ দিনত মই তৰাই তিৰবিৰাই থকা আকাশৰ তলত নিশা এপৰলৈকে বহি থাকিম। ক’ত লুকাব জোনজনী? যেনিয়ে যাব, সেই ফালেই মোক লগ পাব। মেঘে বাৰু আঁৰ কৰি ধৰিব নেকি?

 জোতা-মোজা কিনি আনিলে। ‘কেলিপাৰ’ও আহিল। এতিয়া মাজত এটা দিন ব্যায়াম কৰি মঙলবাৰৰ পৰা কেলিপাৰ পিন্ধাই থিয় কৰাব। সোমবাৰ পি.টিৰ পুশ্ব-আপ, স্পাইনেল কৰ্ড, ডাম-বেল স্প্ৰিং টনাৰ পিছত। ভৰিৰ ব্যায়াম কৰিবলৈ সেইদিনা শ্বৰীফ ছাৰৰ লগতে সুন্দৰ ছাৰ আহিল। এওঁ মোৰ বিষয়ে সিমান জনা নাছিল যে ভৰিৰ দুখন জোৰত হেঁচি দিলে ভাঙি যাবও পাৰে। সুন্দৰ ছাৰে জোৰত জোৰত শক্তি প্ৰয়োগ কৰি ভৰি ব্যায়াম কৰি থাকিল। মই এবাৰ ক’লোঁ—- ‘ইমান জোৰত নিদিব। মই দুখ পাইছোঁ।’ ভাঙি যাব। তেওঁ মোৰ কথাষাৰত কাণসাৰ কৰা [ ১২৯ ] নাছিল। বাবু আৰু মাৰ বুকু ধপধপাই আছিল। দুজন মানুহে গাৰ বলে ভৰিখনৰ ওপৰত চাৰিখন হাতেৰে সৰ্বশক্তি প্ৰয়োগ কৰি হেঁচিলে।

 মাৰ মুখৰ পৰা আৰ্তনাদ হৈ ওলাই আহিল--- গ’ল।

 বাবুৰ মুখেৰে স্বতঃস্ফুৰ্তে ফুটি উঠিল --- ভাঙিল।

 মুহূৰ্ততে এক নতুন পৰিস্থিতিৰ উদ্ভব হ’ল। দৌৰা দৌৰি লাগিল। চিঞৰ-বাখৰ লাগিল। ততাতৈয়াকৈ মোক লৈ গ’ল ডাক্তৰৰ কোঠালৈ। আকাশ-বতাহ একাকাৰ হৈ পৰিল মোৰ হিয়া ধাকুৰা কান্দোনত। মা-বাবুৰ চকুলোৰে বাট নেদেখা হ’ল চকুলোৰে। ডাক্তৰৰ তৎপৰতা, নাৰ্ছৰ তৎপৰতা। শ্বৰীফ ছাৰ আৰু সুন্দৰ ছাৰৰ আতংকিত বুকুৰ ধপ্‌ধপনি।

 এক অবাঞ্ছিত পৰিৱেশ। মোৰ চিঞৰত হাস্পতালৰ মানুহবিলাকেও জানিবলৈ উৎসুক হৈ পৰিছে। কি হ’ল এদিনো চকুত চকুপানী নেদেখা ছোৱালীজনীৰ? কিয় কান্দিছে এনেদৰে গগন ফলা চিঞৰত? পৰিৱেশটোৱেই উত্তাল হৈ পৰিছে। ডাক্তৰে পৰীক্ষা কৰি ঘোষণা কৰিলে— বাওঁ ভৰিৰ ডাঙৰ হাড় এডাল ভাঙিছে।

 ‘আশা’ টুকুৰা টুকুৰ হৈ পৰিল। খোজকঢ়াৰ প্ৰতীক্ষা প্ৰতীক্ষা হৈয়েই ৰ’ল। আমাৰ অতদিনৰ দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল চকুৰ পানীত। তৎকালীনভাৱে ভৰি প্লাষ্টাৰ কৰি তিনিমাহৰ বিশ্ৰাম দিলে। ক’তো ওলাই যাব নোৱাৰোঁ। বহিব নোৱাৰোঁ।ইকাতি-সিকাতি হ’ব নোৱাৰোঁ। পাৰ কৰি অহা সাত বছৰ জড়ীভূত জীৱনে পুনৰ সাবটি ল’লে।

 আকৌ এবাৰ আত্মসমৰ্পণ কৰিলোঁ ‘নিয়তি’ৰ ওচৰত। দুখে সহিব পৰা সীমা অতিক্ৰম কৰিলে। মোৰ শান্ত, মৌন, উদাসীনতাই পৰিবেশটোকে পৰিবৰ্তন কৰি পেলালে। ক্ষোভ, হতাশা, যন্ত্ৰণাৰে সংপৃক্ত মুহূৰ্তবোৰত মনক কি বুলি বুজনি দিম। সান্ত্বনাৰ অনুপাতে ‘দুখ’ আহিছিল বহু উৰ্ধ্বত। এটা নতুন সংগ্ৰামপূৰ্ণ সময়ে আহ্বান জনালে আমাক।

 মই খোজকঢ়াৰ ‘আশা’ ত্যাগ কৰিলোঁ। শ্বৰীফ ছাৰে দোষী দোষীভাৱে আহি তেওঁৰ ভুলৰ কাৰণে অনুসূচনা কৰিলে, শিললৈ পৰিণত হোৱা মোৰ মূৰ্তিৰ ওচৰত।ডাক্তৰে অ’ টিৰ ফিজিঅ’থেৰাপিষ্ট বিমল, যুৰ্বত, সংগীতা মেডামক নিৰ্দেশ দিলে-[ ১৩০ ] প্ৰতিদিনে অ’টিত পেছেন্টক কৰিবলগীয়াখিনি কৰি আহি মোৰ লগত খেলিবলৈ। মোৰ আমনিদায়ক যন্ত্ৰণাগধুৰ সময়খিনিত অলপ সময়ৰ কাৰণে ৰসাল কথা কৈ আনন্দমুখৰ কৰিবলৈ।

 তেওঁলোক ব্যৰ্থ হৈছিল মোৰ ‘মৌনতা’ ভাঙিবলৈ। যন্ত্ৰৰ দৰে মই তেওঁলোকৰ

নিৰ্দেশত তাচপাত মিলোৱা খেলত তাচপাতৰ পট্টা এখনৰ পিছত এখন দি থাকোঁ। শ্বৰীফ ছাৰ আৰু আন্নাই সদায় ছুটীৰ পিছত মাত লগাই যায়, মোৰ পৰা কোনো প্ৰত্যুত্তৰ নোপোৱাকৈ। অনিশ আহে উদাস উদাস মনটো লৈ। মা-বাবু থাকে কাঁইটে আঁচুৰি বখলা-বখল কৰি পেলোৱা অন্তৰকেইখনক লুকুৱাই। [ ১৩১ ]

(চৌবিশ)

 থানবান হৈ যোৱা মনটোৱে আকৌ এবাৰ দিশহীন পথেৰে গতি কৰিলে।উশাহৰ দুয়োপাৰত শূন্যতাই গঢ়িছিল পাহাৰ। সহ্যাতীত হৈ পৰিছিল দৈনন্দিন দুখৰ ৰুটিন। সময়ে আকৌ চেপি-খুন্দি মনটোক শুকান কৰিলে। পিন্ধি থকা দুখ-যন্ত্ৰণাৰে দীঘ-বাণি কৰা উৱলি যোৱা পোছাকযোৰত জোৰা-টাপলিৰ চিন বাঢ়িল। সোণ পুৰিলে উজ্জ্বলতা বঢ়াৰ দৰে মোৰ জীৱনৰ দুখবোৰক নিয়তিয়ে পুনঃ পুনঃ পুৰি পুৰি উজ্জ্বল কৰি তুলিছিল।

 ডাৱৰীয়া আবেলি। বাবুৰ মাতত সম্বিৎ ঘূৰি আহিল।

 তোৰ লগত মানুহ এজনে পৰিচয় হব বিচাৰিছে, তই হবিনে?

 হ’ম, যা .....।

 এতিয়াই আহিব।

 হব যা।

 খং-দুখ মিশ্ৰিত মোৰ প্ৰত্যুক্তি।

 এয়া মোৰ বা।

 নমস্কাৰ।

 মোৰ নাম প্ৰবীণ। ঘৰ হায়দৰাবাদত। হাস্পতাললৈ অহাৰ পৰা সদায় খিৰিকীখনেৰে দেখি থাকোঁ। মাতিবলৈ খুব মন যায়। সাহস নহয়। আজি সেয়ে এওঁক ক’লোঁ, এবাৰ চিনাকি কৰি দিব নেকি?

 সন্মানসূচক ধন্যবাদ এটা জনালোঁ। আমি হিন্দীতে কথা পাতিলোঁ।

 পিছদিনা পুৱা, খিৰিকীৰে মোক দেখি হাতখন দাঙি গুড মৰ্ণিং বুলি কৈ গ’ল। তেওঁৰ সম্পৰ্কীয় বায়েক এগৰাকী ভৰ্তি হৈছে হাস্পতালত। গাড়ী চলাই যাওঁতে দুৰ্ঘটনা হৈ খোজ কাঢ়িব নোৱৰা হ’ল। ৰাজহাড়ডাল ভাগিছে। সেয়ে বায়েকৰ লগত আহিছে।

 প্ৰবীণৰ বয়স পঁয়ত্ৰিশ বছৰমান হ’ব। খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ। বিবাহিত। [ ১৩২ ] উচ্চপদস্থ চাকৰিয়াল। এখন উদাৰ অন্তৰৰ। আনৰ দুখত দুখী হ’ব পৰা এটা মন আছে। অকৃত্ৰিমভাৱে নিঃস্বাৰ্থে প্ৰত্যয় দিছে-

 ‘প্ৰয়োজনত কৰিব পৰা সহায়খিনি কৰিম।’

 তেওঁ মোৰ মৌনতা ভঙাত সফল হৈছিল। ময়ো লাহে লাহে সহজ হ’বলৈ ল’লোঁ, নিয়তিৰ ওচৰত পৰাস্ত হৈ। তেওঁ বহু সময় পাৰ কৰে, মোৰ আগত কথা কৈ কৈ। মোৰ উদাসীনতা উৰুৱাই তাৰ ঠাইত হাঁহিৰ এপাহ-দুপাহ ফুল ছটিয়ায়। প্ৰতিক্ষণ সুখেৰে ভৰাই তুলিবলৈ কি কি কৰা নাই মোৰ ভাল লাগিবলৈ, মোৰ অতিকৈ ভাল লগা পুতলা এটা আনি দিছে। এখন বহী আনি দিছে লিখিবলৈ। এটা-দুটা ইংৰাজী শিকায়। কাণত ভৰাই লোৱা হেডফোন দি গান শুনায়। প্ৰথম দেখিছিলোঁ তেনে হেডফোন। অৱস্থাসম্পন্ন প্ৰবীণে মই কেতিয়াও খাই নোপোৱা বিবিধ সুস্বাদু খাদ্য আনি খাবলৈ দিছিল। যেন সমগ্ৰ ভাল লগাখিনি আনি আনি দিব।

 অনিশহঁতক ডিচাৰ্জ দিছে। সিহঁতে যাবলৈ যো-জা কৰিছে। দেউতাকে কেলিপাৰ পিন্ধি খোজ কাঢ়িব পৰা হ’ল। যোৱাৰ আগতে সিহঁতকে কেৰালাৰ নাৰিকলেৰে ৰন্ধা মাংসৰ তৰকাৰি অলপ খাই চাবলৈ দিলে। আমাৰ মায়েও সিহঁতক আমাৰ অসমীয়া সুস্বাদু খাদ্য এবিধ ৰান্ধি খাই চাবলৈ দিলে।

 আজি দেওবাৰ। অনিশহঁত ঘৰলৈ যাব। অ.টি.-পি.টি. বন্ধ। মোৰ কাৰণেতো ভৰি হাড় ভঙাৰ পৰা অ.টি.-পি.টিৰ কথাই নাই। মন গ’লে বাবুৰ লগত কাগজৰ ঘৰটো সাজোঁ মন নগ’লে ভাৱনাৰ সাগৰত ডুবি থাকোঁ। অনিশে চলচলীয়া চকুযুৰিৰে সদায় ওঁঠত সানি থকা হাঁহিটোৰে আমাৰ ওচৰত ৰৈ আছেহি। মাকে আহি, তিনি মাহৰ অন্তত প্ৰথমবাৰৰ কাৰণে মোক তেওঁলোকৰ কেৰালাৰ ভাষাতে যাওঁ বুলি কান্দি কান্দি ক’লে। মাক সাবটি ধৰি বহুত কান্দিলে। মায়েও কান্দিলে। অনিশৰো ডাৱৰ গলি মুষলধাৰে চকুলো বৰষিল। একমাত্ৰ মোৰহে শুকান চকু শুকান হৈ থাকিল। সি প্ৰতিশ্ৰুতি দি গ’ল যোৱাৰ আগতে এবাৰ লগ কৰি যাবহি। মোক উপহাৰ হিচাপে আৰু তাক লগ পোৱাৰ চিন হিচাপে এথোপা ফুল দি গুচি গ’ল।

 আন্ধাৰ-পোহৰে আৱৰা উদাসী নিশাটোৱে মোক কাণে কাণে কৈ গৈছে। তুমি অকলশৰে সাৰে থকা নাই। চোৱাচোন, তোমাৰ খিৰিকীৰে টিউব লাইটৰ পোহৰবোৰ [ ১৩৩ ] কেনেদৰে গছৰ পাতেৰে সৰকি পানীৰ পুলটোত জিলিঙনি তুলিছে! ফিৰফিৰীয়া বতাহছাটিয়ে কেনেকৈ তোমাৰ গাল চুমিছে। তুমি বাৰু এতিয়াও নিসংগ বুলি ভাবি আছা নেকি?

 মোৰ কাৰণে এখন ‘হুইলচেয়াৰ’ অপৰিহাৰ্য হোৱা গতিকে হুইলচেয়াৰ এখন কিনি আনিলে ঘৰত ব্যৱহাৰ কৰিবলৈ। ইয়াৰ আগতেও দেউতাই মোৰ অসুখৰ এবছৰৰ পিছত এখন হুইলচেয়াৰ কৰ্মস্থান দিল্লীৰ পৰা কিনি দিছিল। যিখন মই ব্যৱহাৰ নকৰাকৈ থৈ দিওঁতে দিওঁতে বেয়া হৈ গ’ল। অবশ্যে ব্যৱহাৰ কৰিবলৈকো প্ৰতিপল প্ৰস্ৰাৱ নিগৰি থাকে, গতিকে বহাই হোৱা নাছিল।

 ছিষ্টাৰ অনুগ্ৰহ কৰি খিৰিকীৰ পৰ্দাখন পেলাই দিব নেকি?

 কিয়? কিয় মই দিব লাগে? মাৰ আছে, মাৰক জগাই দে।

 সম্পূৰ্ণৰূপে কৰ্কশ শব্দকেইটাই খন্তেকতে বহুদিনৰ পৰা জমা হৈ থকা বুকুৰ বেজাৰখিনি ঠেলি-হেঁচি চকুলো হৈ বাগৰি আহিল জৰজৰ কৰি। সজোৰে শব্দ কৰি কান্দিব ধৰিলোঁ। ঠাহ খাই থকা দুখবিলাকে সুৰুঙা এটাহে পালে বৰফ পানীলৈ ৰূপান্তৰ হ’বলৈ।

 মায়ে টোপনিৰ পৰা খকামকাকৈ উঠি কি হ’ল, কিয় কান্দিছ বুলি হুৱাদুৱা লগালে। নাৰ্ছগৰাকীয়ে থেৰো-গোঁৰো কৰি ৰৈ থাকিল। মই মাক কান্দি কান্দিয়ে ক’লোঁ। মা, মই ছিষ্টাৰক অনুগ্ৰহ কৰি খিৰিকীখনৰ পৰ্দাখন নমাই দিব কৈছিলোঁ ছিষ্টাৰে মাৰক টোপনিৰপৰা জগাই পৰ্দা নমাব ক বুলি বহুত বেয়াকৈ কৈছে। মই বহুত দুখ পাইছোঁ। মাৰ খং উঠি ছিষ্টাৰক ক’লে, মোৰ ছোৱালীক মই আজিলৈকে এনেকুৱা কোনো কথা কোৱা নাই মাক হৈ, যি নেকি তাই কান্দিবলগীয়াত পৰিছে আৰু আপুনি এই সামান্য কথাটোতে তাইক এই দুপৰ নিশা কান্দিবলৈ বাধ্য কৰিলে। বহুত বেয়া কৰিলে আপুনি।

 কোঠাটোত থকা অন্যসকলেও উঠি আহি নাৰ্ছগৰাকীক আপুনি বেয়া কৰিলে বুলি মন্তব্য দিলে। নাৰ্ছগৰাকীয়ে নিশাৰ বাৰটা বজাৰ ঔষধটো মোক খাবলৈ দি গুচি গ’ল। ময়ো উচুপি উচুপি শুই থাকিলোঁ।

 পিছদিনাখন নাৰ্ছসকলৰ মুখ্য নাৰ্ছগৰাকী আমাৰ ওচৰলৈ আহিল, আগনিশাৰ [ ১৩৪ ] ঘটনাৰ সম্পৰ্কে জানিবলৈ। মায়েও সকলো কথা বিৱৰি কৈ ডাক্তৰক কথাটো জনাম বুলি ক’লে যে মোৰ ছোৱালীক কোনো নাৰ্ছে একো কৰি দিব নালাগে। আজিলৈকে আঠ বছৰে মই তাইৰ প্ৰতিটো কাম কৰি আছোঁ। ইয়াত থকা কেইদিনো মই কৰিম। ঔষধ কি খাব লাগে দেখুৱাই দিব, মই তাইক সঠিক সময়ত খুৱাই দিম।

 মুখ্য নাৰ্ছগৰাকীয়ে ভয় খালে। ডাক্তৰে যদি কথাটো গম পাই যায়। তেনেহ’লে সেই নিশা মোক দুৰ্ব্যৱহাৰ কৰা নাৰ্ছগৰাকীক শাস্তি দিব। সেয়ে তেওঁ নিজে কথা দিলে আগলৈ তেনেধৰণৰ কোনো ঘটনা সংঘটিত নহয় বুলি।

 কেইদিনমানৰ পিছত দুৰ্ব্যৱহাৰ কৰা নাৰ্ছগৰাকী দোষী দোষী ভাবে আহি তেওঁৰ ভুল স্বীকাৰ কৰিলে। মোৰ বেডৰেষ্ট প্ৰক্ৰিয়াটো ভবাতকৈও বহু দীঘলীয়া হৈছিল। মোৰ আমনি লাগিছিল। মই উঠি পৰি লাগিলোঁ। মই ডিচাৰ্জ লৈ ঘৰলৈ যাওঁ। বাকী থকা বে’ডৰেষ্ট ঘৰত কৰিম। কোনো ট্ৰীটমেন্ট নাই। তিনি মাহ সম্পূৰ্ণ হ’লে আকৌ চেক-আপ কৰি হাড়ডাল ভাল হ’লে যদি পাৰে ৰাখিব, নোৱাৰিলে পঠিয়াই দিব।

 ঘৰলৈ অহা অত্যন্ত টানত মোক ডিচাৰ্জ দিবলৈ বাধ্য হল ডাক্তৰ। আমাক এটা নিৰ্দিষ্ট দিন ঠিক কৰি ডিচাৰ্জ তাৰিখ কলে। ঘৰলৈ অহাৰ টিকট কাটিবলৈ বাবু গ’ল। টিকট হ’ল। ডিচাৰ্জ হ'ল।

 মোৰ মনো আনন্দৰে ভৰিল। মই দি, মালাক লগ পাম...।

 কাইলৈ প্ৰবীণহঁতৰ ডিচাৰ্জ হ’ব। তাৰ পাঁচদিনৰ পিছত আমি যাম। অপৰিমেয় সুখে আৱৰি ধৰিছে! ভাবনাৰ লেখ নাই..।

 প্ৰবীণহঁত যাবলৈ ওলোৱাৰ আগদিনাৰ বহীপাত এটাত মোৰ ভৰিৰ তলুৱাখন আঁকি নি এযোৰ পাম-শ্বু আৰু অন্যান্য সামগ্ৰী কিনি উপহাৰ হিচাপে দিলে। প্ৰতিশ্ৰুতি দিলে আমি ডিচাৰ্জ হৈ ঘৰলৈ যোৱাৰ দিনা ৰাস্তাত লগ কৰিব।

 অনিশে শেষবাৰৰ কাৰণে আমাক লগ কৰিবলৈ আহিল, আমি অহাৰ দুদিন আগত। ৰক্তাক্ত হাত আৰু ভৰিৰ আঙুলি ৰক্তাক্ত কৰি। তাৰ হেনো ৰে’লগাড়ি ধৰিবৰ কাৰণে, যিমান সময়ত ষ্টেচনত উপস্থিত হ’ব লাগে সেই সময়খিনিলৈ জোতাৰ ফেক্টৰীত এটা কাম শেষ কৰি দি আহিবলগীয়া আছিল। ফেক্টৰীৰ কাম যদি [ ১৩৫ ] লেহেম গতিত কৰে সি ৰে’লগাড়ী ধৰিব নোৱাৰিব আৰু কাম শেষ কৰি নাহিলে তাক কামৰ পৰা উলিয়াই দিব। সেয়ে খৰখেদা কৰোঁতে তাৰ হাতৰ আঙুলি এটা অলপ ডাঠকৈ মেচিনত সোমাই কটা গৈছে। কাম শেষ কৰি দৌৰি দৌৰি ৰেল ধৰিবলৈ আহোঁতে শিলগুটিত উজুটি খাই সোঁভৰিৰ বুঢ়া আঙুলিৰ নখ এৰাই গৈছে। তথাপি সি আমাক লগ কৰিবলৈ আহিছে হাস্পতালত থাকোঁতে পুৱাই গুডমৰ্নিং বুলি কোৱা মুখৰ হাঁহিটো সানি।

 কিমান আন্তৰিকতা থাকিলে মানুহে মানুহক এনেকৈ হাবাথুৰি খাই লগ পাবলৈ আহিব পাৰে? কিমান?

 এখন গাড়ী ভাৰা কৰি আমি কাঠপতি ষ্টেচন পালোঁ। নিশা বাৰ বাজিছে।এইবাৰ ওভতনিৰ যাত্ৰাটো মোৰ ভাল লাগিল। দুখতকৈ এইবাৰ ‘সুখ’ৰ ভাৰখন বেছি গধুৰ হৈ পৰিছে। গান শুনা টেপটোৱেও মোৰ মনৰ খোৰাক দিব পাৰিছে। চি.এম.চিৰ অধিক পৰিমাণে ভাল লগা ‘অনুভূতি’ কঢ়িয়াই লৈ আহিছোঁ যদিও তাৰ লগত বহুটো বেজাৰ লগা অনুভূতিও জাপ খাই আহিছে।

 মই এতিয়া দুখ বেজাৰখিনিক একাষৰীয়াকৈ থৈ সুখৰ ভাণ্ডাৰটোৰ ভাৰখনহে লগত কঢ়িয়াই লৈ আহিছোঁ। আমি পুৱা ছয় বজাত ৰে’লত উঠিলোঁ। সম্পূৰ্ণ ছঘন্টা পাৰ কৰাৰ পিছত হায়দৰাবাদৰ ষ্টেচন এটাত প্ৰবীণে কথা দিয়া মতে আমাক ৰে’লৰ দবাত লগ ধৰিলেহি।

 প্ৰবীণ বুলি এই কাৰণে কৈছোঁ যে মই তেওঁক ‘তুম’ বুলি সম্বোধন কৰি হিন্দীত কথা পাতোঁ। বয়সৰ লগত আমাৰ সম্পৰ্কৰ কথা আহি পৰা নাছিল। আমাৰ সম্পৰ্ক আছিল নিভাঁজ আন্তৰিকতাৰ।

 প্ৰবীণে লগত লৈ আহিছে তাৰ আঠবছৰীয়া পুতেক আৰু পত্নীৰ লগত সপৰিয়ালে উঠা ফটো এখন, মিঠাইৰ পেকেট এটা, যীশুখ্ৰীষ্টৰ ফটো এখন।

 তিনিঘন্টা সময় আমাৰ লগত পাৰ কৰি মা-দেউতাক সেৱা জনাই এটা ষ্টেচনত নামিব ধৰিলে। প্ৰথমবাৰ তেওঁৰ চকুত বিচ্ছেদৰ চকুলো দেখিলোঁ, নামি গ’ল উদাসীন মন এটাৰে। [ ১৩৬ ]  বাবুৰ বহুত বেয়া লাগিছিল। সি চি.এম.চি.ত প্ৰবীণক লগ পোৱাৰ পিছৰ পৰা দুয়োটাৰে মাজত এটা গভীৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।

 মই এইবাৰো ৰে’লত আহোঁতে তলপেট কৰিয়ে শুই আহিছোঁ। এইবাৰ অৱশ্যে মই প্ৰস্ৰাৱত শুই অহা নাই। ভালকৈ আহিছোঁ। ডাক্তৰে মোক খোজকাঢ়িব পৰা কৰি দিব নোৱাৰিলেও প্ৰস্ৰাৱত পৰি থকাৰ পৰা পৰিত্ৰাণ দিলে। চাৰি ঘন্টাৰ অন্তৰে অন্তৰে কেথেটাৰে প্ৰস্ৰাৱ বাহিৰ কৰোঁ।

 ৰে’লত তলপেট কৰি এইকাৰণে শুই আহিছিলোঁ। তিনিমাহৰ বেডৰেষ্ট শেষ নোহোৱাৰ কাৰণে ভৰিৰ প্লাষ্টাৰ খুলি দিয়া নাছিল। ঘৰত এমাহ বেডৰেষ্ট লৈ প্লাষ্টাৰ খুলিবলৈ ডাক্তৰে নিৰ্দেশ দি পঠাইছে।

 আমি ঘৰমুৱা হৈ আহিছোঁ। গছ-বন, পাহাৰ-ভৈয়াম পিছ পেলায়। এটা সুখৰ

ভাণ্ডাৰ কঢ়িয়াই লৈ...। [ ১৩৭ ]

(পঁছিশ)

 আজি শাওণৰ পূৰ্ণিমা। পৰিপূৰ্ণ মুখখনিৰে জোনজনী অধিককৈ উজলি উঠিছে। তৰাবোৰেও যেন আজিহে নতুনকৈ সখিয়তীৰ মেলা পাতিছে। জোনৰ পোহৰত জিলিকি উঠিছে ধৰিত্ৰীৰ বুকুত শাওণৰ সেউজীয়া আঁচল। ৰিব্-ৰিব্ মলয়া বতাহে গাড়ীখনৰ লগে লগে গতি কৰিছে।

 বতাহতকৈ মোৰ মনটোৱে বাৰু বেছি বেগেৰে গতি কৰিছে নেকি?

 উস! গাড়ীখনে বাৰু কম বেগত গতি কৰিছে নেকি?

 মালাহঁতে মোক লগ পাবলৈ অধীৰ অপেক্ষাত ৰৈ আছেনে?

 নে মইহে সিহঁতক লগ পাবলৈ অধীৰ আগ্ৰহেৰে গৈ আছোঁ?

 কাৰ তীব্ৰতা বেছি বাৰু?

 মোৰ নে সিহঁতৰ?

 আমি ৰে’লগাড়ীৰ পৰা নামি ভাড়া গাড়ীৰে ঘৰলৈ আহি আছোঁ।

 নিশা গভীৰ নহ’লেও দহমান বাজিছে। ৰাজপথবোৰত মানুহৰ আহ-যাহ সেৰেঙা। দুই-এজন দোকানীয়ে দুই-এপইচাৰ আশাত টিপচাকিৰ ঢিমিক্‌-ঢামাক্পো হৰত সেই পৰলৈ দুই-এপদ বস্তু লৈ নতুবা পথৰ দাঁতিত মাটিতে বস্তা পাৰি খাপ পিটি আছে গ্ৰাহকৰ প্ৰতীক্ষাত।

 কোনোজনে ঘৰত এৰি থৈ অহা পোনাকেইটাৰ পেটত আজি খুদকণ এটা পেলাব পাৰিব নে নোৱাৰে সেই প্ৰতীক্ষাত।

 কোনোজনে আকৌ নিজৰ পেটটো পূৰণ কৰিব পৰিবনে নোৱাৰে সেই আশাৰে।

 কোনোজনে ঘোলা চকুযুৰিৰে পৰ দি আছে এটকা-দুটকাৰ প্ৰতীক্ষাত। টিপচাকিৰ অনুজ্জ্বল পোহৰত ভাহি উঠা ঘৰৰ গৃহিণীৰ শুকাই কৰ্কৰীয়া মৰা মুখখনৰ প্ৰতিচ্ছবি চাই। বাৰে বাৰে দুৱাৰৰ শলখা খুলি গৰাকী আহিছেনে নাই জুমি-জুমি চাই আকৌ উদং চৰুটোতে পুনৰ চকু থোৱা কাতৰ চকুযুৰি।

 হায় জীৱন।

 চিপ্‌-চিপকৈ বৰষুণ কিনকিনীয়াইছে। কেতিয়াবা ফৰকাল আকাশতো বৰষুণ কিনকিনায়। তেতিয়াতো নৈসৰ্গিক দৃশ্য অধিক অতুলনীয় হৈ পৰে। জোন, তৰা, বৰষুণৰ জোনাকী মেলা। [ ১৩৮ ]  ছমাহৰ আগতে এৰি যোৱা মোৰ আপোনৰো আপোন ঘৰখন পালোহি। অধীৰ অপেক্ষাৰে ৰৈ থকা জ্যোতি বা, মালা আৰু খুৰা-খুৰীহঁতৰ আতোলতোল আদৰণিত মনটো ভৰি গ’ল।

 মোক বাবুৱে দাংকোলা কৰি আনি সন্মুখৰ বিছনাখনত শুৱাই দিছে। ধুনীয়াকৈ সজাই থৈছে কোঠাটো। বিছনাখনো পৰিপাটিকৈ পাৰি থৈছে। উলাহে নধৰা হৈ পৰিছে পৰিবেশটো। উখল-মাখল লাগিছে প্ৰত্যেকৰে মনবোৰ। মোক চুই চাইছে।

 বা আৰু মালাই তিনিদিনীয়া দূৰণিবটীয়া ৰাস্তা অতিক্ৰম কৰি অহা মোৰ শৰীৰটো পৰিষ্কাৰ কৰাত লাগিছে।

 বহিব দিছে। হাতখন চুই চাইছে। ভৰিখন পিটিকি চাইছে। ঘাবোৰ বিচাৰিছে। উৱলি খহি যোৱা নখবোৰ খহি পৰো পৰো হৈ আছেনে হাতেৰে চুই চুই চাইছে। সৰ্বশৰীৰত হাতেৰে আলফুলাই আলফুলাই মৰম কৰিছে।

 সিহঁত দুজনীয়ে মোক সৰগৰ পৰা কোনোবা পৰী অহা যেনহে পাইছে।আনন্দৰ চকুলো টুকি টুকি ইমানকৈ নিৰীক্ষণ কৰিছে যেন মই এটা ‘সপোন’ হৈ সিহঁতৰ আগত বহি আছো।

 ‘সপোন’ নে ‘দিঠক’ পৰ্যবেক্ষণ কৰিছে।

 অপৰিসীম সুখে গোটেই ঘৰখনকে আৱৰি ধৰিছে। হাঁহি-আনন্দৰ টুকুৰাবোৰ ঘৰটোৰ প্ৰতিটো কোণতে সিঁচৰতি হৈ পৰিছে। আকাশ চুইছেগৈ তৃষ্ণাতুৰ প্ৰাপ্তিয়ে। সোঁত বলিছে প্ৰশ্নৰ উপৰি প্ৰশ্নৰ। এইটো ক’চোন? সেইটো ক’চোন? এইটো কি? সেইটো কি?

 বহুদিনৰ অন্তত ঘৰৰ আটাইকেইটাই একেলগে ভাতসাঁজ খালো। মোক যে সিহঁত দুজনীয়ে কি কি খাবলৈ দিব! কি কি খালে মই সুখী হম! ডাক্তৰে কিবা নাখাবলৈ কৈ পঠাইছে নেকি?

 আবদাৰ ধৰিয়ে তত্ পোৱা নাই।

 এয়াই হৃদয়ৰ বান্ধোন নে?

 হয়, এয়াই হৃদয়ৰ পৰা হৃদয়লৈ বান্ধ খাই থকা শিকলিৰ বান্ধোন।

 এজনীয়ে দুখ পালে আনজনীৰো অন্তৰ দুখে কুটি কুটি খায়।

 ক’চোন, তাৰ হাস্পতালখনৰ তই থকা কোঠাটো কেনেকুৱা?

 তই তামিল ভাষা বুজি পাইছিলিনে?

 অ’ই তাত লগ পোৱা তোৰ লগৰবোৰৰ কথা ক’চোন। তোকতো যিয়ে লগ পাই সিয়ে ভাল পাব পাৰে। ক’চোন কোনে কোনে তোৰ লগত বন্ধুত্ব কৰিলে? [ ১৩৯ ]  ‘ক - ক - বেগে - বেগে - ক।’

 মই এফালৰ পৰা এশ আশী দিনৰ দিনলিপি মাতিবলৈ ধৰিলো...

 কৈ ওৰেই নপৰে। ইটোৰ শেষ নহওঁতেই সিটো আহি যায়। সিটো শেষ নহওঁতেই ইটো আহি ওঁঠত লাগি যায়।

 তাৰ উপৰি সিহঁতৰ উৎকণ্ঠিত মনটোক ঠাণ্ডা কৰিবলৈ মোৰ দীঘলীয়া বাৰ্তালাপে ইটোকো সামৰি আনিছে, সিটোকো সামৰি আনিছে। এবাৰ যদি হাস্পতালৰ পি টিৰ শৰীফ ছাৰৰ কথাত থাকে, সেইটো শেষ নহওঁতেই অনিশ আহি পৰে। অনিশ শেষ নহওঁতেই প্ৰবীণ আহি পৰে। প্ৰবীণ শেষ নহওঁতেই সংগীতা মেডাম আহি যায়।

 ওপৰা-উপৰিকৈ আহি থাকে, ময়ো জঁপিয়াই জঁপিয়াই, থপিয়াই থপিয়াই কৈ থাকোঁ।

 আমি তিনিওজনী বাই-ভনীয়ে কথা পাতি পাতিয়েই ৰাতিটো পাৰ কৰি দিলোঁ।

 চৰাই-চিৰিকটিৰ সৰস মাতে ইংগিত দিলে, ৰাতি পুৱাল। আন্ধাৰ ফালি পোহৰে পদাৰ্পণ কৰিছে। সুখ, হাঁহি, আনন্দ, হেঁপাহ পৰিপূৰ্ণ অমৃতোপম নিশা পাৰ কৰি দুয়োজনী মোৰ কাষৰ পৰা উঠি গ’ল।

 মই আঠ বছৰে থকা কোঠাটো সিহঁতে সলনি কৰি দিলে। অতি প্ৰয়োজনীয় পলিথিনকেইখন, প্ৰস্ৰাৱত পাৰি দিয়া উৱলি যোৱা ফটা কাপোৰবোৰ সিহঁতে পুৰি পেলালে।

 সিহঁত দুজনী দৃঢ় বিশ্বাসী আছিল। হাস্পতালৰ পৰা উভতি আহি সেই প্ৰস্ৰাৱ কৰিবলৈ পাৰি দিয়া ফটা-ছিটা কাপোৰবোৰৰ মোৰ আৰু প্ৰয়োজন নহ’ব। সেয়ে মোৰ আঠ বছৰৰ বিষাদ কালিমাৰ প্ৰতিটো বস্তুৰ চিন সিহঁতে পুৰি পেলালে।

 লেথাৰি নিছিগাকৈ কৈ অন্ত নপৰা কথা তিনিদিনতে সামৰণি মাৰি বা শহুৰৰ ঘৰলৈ গ’লগৈ।

 আমাৰো ঘৰৰ আগৰ দৈনন্দিন ৰুটিনখন সলনি হৈ এখন নতুন ৰুটিনে ঠাই ল’লে।

 মোৰ নতুন কৰণীয়খিনিয়ে ঘৰৰ পৰিৱেশ সলনি কৰিলে। আহ-যাহ হ’ল মোৰ নতুন জীৱনৰ খবৰ ল’বলৈ অহা অতিথিৰ।

 কোনোজনীয়ে আহি দীঘল হুমুনিয়াহ কাঢ়ি ক’লে— ‘আই ঐ দেহি। হওক দে। ঈশ্বৰে যে এইকণকে চকু মেলি চালে।’

 শব্দ প্ৰয়োগ কৰিব জনা কোনোজনে ক'লে— ‘ভাল হ’ল দে। ইমানখিনি আৰোগ্যও বহুত।’ [ ১৪০ ]  বিভিন্নজনৰ ভাব প্ৰকাশ কৰাৰ ভংগীৰে সুকীয়া সুকীয়াকৈ মনৰ খোৰাক দিলে।

 ঘৰৰ এমাহৰ বেড্‌ৰেষ্ট শেষ কৰি প্লাষ্টাৰৰ কঠিন। খোলাটোৰ পৰা প্ৰায় তিনিমাহৰ অন্তত মোৰ ভৰিখন মুকলি হ’ল।

 এতিয়া মই বহিবগৈ পাৰিম মুকলি আকাশৰ তলত, হুইল চেয়াৰখনত। ফুৰিব পাৰিম কোঠাকেইটাত।

 কিন্তু মই ভবামতে বহিব নোৱাৰিলোঁ।

 আমাৰ ঘৰটোৰ মজিয়াখন মাটিৰ হোৱা বাবে ইটো কোঠাৰ পৰা সিটো কোঠালৈ যাবলৈ দুৱাৰৰ পৰা লিনটেনটো পাৰ হ’ব লাগে। চেয়াৰখনেদি পাৰ হ’ব নোৱৰা গতিকে মোক দাঙি নি বহুৱাই দিয়ে।

 প্ৰস্ৰাৱ নিগৰি নথকা গতিকে মই এটা ‘সুখী’ মনৰ গৰাকী হৈ পৰিলোঁ।

 মই মুকলি আকাশৰ তলত বহিবগৈ ল’লোঁ। মালাই কিনি অনা ফুলৰ টাবৰ ফুলবিলাকৰ লগত চিনাকি হ’লোঁ। তাই এতিয়া কলেজৰ পৰা আহি প্ৰতি পল মোৰ লগতে ব্যস্ত থাকে।

 দূৰণিত থাকিও অনিশ, প্ৰবীণে প্ৰায়ে খবৰ লয়। মোৰ খোজৰ আশাত অনিশে কেৰালাৰ পৰা প্ৰতি সপ্তাহে আয়ুৰ্বেদিক ঔষধ পাৰ্চেল কৰি পঠিয়াই থাকে। মই সি পঠিওৱা ঔষধ মুখত নোলোৱা বুলি কৈ তাৰ মনত দুখ দি থাকোঁ।

 এদিন আহি আমাৰ ঘৰত উপস্থিত হ’লহি, ৰে’লগাড়ীৰ দাত মা-বাবুৰ লগত চিনাকি হোৱা তেজপুৰ ৰঙাপাৰাৰ লৰা এজন। নামটো বৰুণ। বৌদ্ধ সম্প্ৰদায়ৰ। বয়সত মোহকৈ তিনিবছৰ মানে ডাঙৰ হব।

 আহিয়ে, মোক ক’লে— ‘মনৰ মাজত থকা খুদুৱনিৰ সঁফুৰাটো খুলিবলৈ আহিছে।মই তোমাক জানিবলৈ ষ্টেচনৰ প্লেটফৰ্মৰ পকাত যেতিয়া তুমি শুই আছিলা, তেতিয়াৰ পৰাই উৎসুক হৈ আছোঁ। কোন এই ছোৱালীজনী? মানুহৰ জোতা, ছেণ্ডেলৰ ধূলি লৈ লৈ পকাত তলপেট কৰি শুই আছে? ভাব হৈছিল তাই উঠি যোৱা দবাটোতে যেন মোৰ ছিটটো থাকে। মই তাইৰ কি হৈছে জানিব পাৰিম।

 ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ—‘হে ভগৱান, মোৰ ছিটটো যেন তুমি সিহঁতৰ লগতে দিয়া।’

 ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে। তুমি উঠা দবাটোতে ময়ো উঠিলোঁ। কিন্তু কি হ’ব? মোৰ লগতহে কথা পাতিবলৈ নাপালোঁ। তুমি কেৱল গান শুনাতহে ব্যস্ত থাকিলা। কাকো নমতাকৈ পাৰ কৰিলা এই ৰে’লযাত্ৰা।

 সম্পৰ্কটো জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি দি আমাৰ ঘৰত এদিন থাকি বৰুণ [ ১৪১ ] গ’লগৈ। আজিও বৰুণ, অনিশ আৰু প্ৰবীণৰ লগত ২০০৩ চনতে বান্ধ খোৱা সম্পৰ্ক অটুট আছে।

 ক্ৰমাগতভাৱে মোৰ আনন্দৰে উপচি পৰা মধুময় দিনবোৰ পাৰ হৈ গৈ আছে। যেন জীৱনত এডালো আঁহ নাই।

 মৃত্যু হৈছিল এক দীৰ্ঘদিনীয়া যন্ত্ৰণাৰ পোখা মেলিছিল সুখে। উদাসীনতাক উৰুৱাই আনন্দই সিঁচিছিল কঠীয়া।

 ছমাহৰ পিছত ডাক্তৰে মাতি পঠিওৱা অনুসৰি চি এম চি যাবলৈ ওলালোঁ।

 এইবাৰ মালাকো আমাৰ লগত ল’লোঁ। যাবলৈ যো-জা আৰম্ভ হ’ল। বাবু, মালা, মা আৰু মোৰ টিকট কটা হ’ল। আমি চি এম চিলৈ যাত্ৰা কৰিলোঁ। আমাৰ লগতে আমাৰ আশাবোৰকো ৰে’লগাড়ীখনে কঢ়িয়াই লৈ গৈ থাকিল।

 এইবাৰৰ ৰেলগাড়ীৰ যাত্ৰা খুউব উৎসৱমুখৰ। মালা মোৰ লগত আছে যেতিয়া আৰু কি লাগে। দুয়োজনীয়ে ৰেলগাড়ীৰ ছিটত বহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ। মানুহৰ জীৱনৰ ওপৰত আলোকপাত কৰিলোঁ। ফুটপাথৰ ওপৰত পৰি থকা শীৰ্ণকায় শৰীৰ, এফালে মাখিয়ে কণী পাৰি ভেনভেনাই থকা মানুহগৰাকীৰ হৃদয় বিদাৰক দৃশ্যৰ কথা দুখেৰে অনুধাৱন কৰিলোঁ।

 জন-জীৱনৰ প্ৰতিখন ছবিয়ে আমাৰ হৃদয়ৰ আথাউনিত স্পৰ্শ কৰি গৈছে। কোনোখন ছবিয়ে যদি ওঁঠত হাঁহি বিৰিঙাইছে, কোনোখনে চকু সেমেকাইছে।

 আমি দুয়োজনীয়ে সকলো সামৰি-সুতৰি এটা আলোকোজ্জ্বল মনেৰে গতি কৰি আছোঁ। বাবুৱে মাজে মাজে আহি ‘এইটো খা সেইটো খা’ কৈ খোৱা বস্তুবোৰৰ যোগান ধৰি আছে।

 দেউতাই ৰে’লগাড়ীত উঠোতে তিনিওটাকে এশ এশ টকা দি ৰে’লগাড়ীত কিবা খাবলৈ কৈছিল। মালা আৰু মই আমাৰ দুয়োজনীৰ দুশ টকাৰে কিবা কিনিম বুলি কৈ দিলোঁ। বাবুৱে তাৰ এশ টকা খোৱাতেই খৰচ কৰিলে। সি নিজেও খালে, আমাকো খুৱালে।

 মা আগৰবাৰৰ দৰে চিন্তাক্লিষ্ট মনেৰে এইবাৰ অহা নাই।

 মোক দেখি মা এতিয়া সুখী।

 মই হাঁহো।

 কথা কওঁ।

 খাবলৈ দিলেও ভাল লগাটো খাওঁ।

 ‘মা সুখী...।’ [ ১৪২ ]

(চাব্বিশ)

 হাস্পতালত এডমিট হ’লো। এইবাৰ আগৰ বিছনাখন মোক দিয়া নাই। কোঠাটো অৱশ্যে আগৰ পাঁচজনীয়াটোৱেই। দীঘলীয়া শাৰীৰ দুই নম্বৰৰ বিছনাখন মোৰ।

 আগতে ছমাহ পাৰ কৰি যোৱা গতিকে এইবাৰ আমাৰ অসুবিধাৰ নামত একো হোৱা নাই।

 ডাক্তৰে পুনৰ পৰীক্ষা কৰি আকৌ অ’.টি. আৰু পি.টি.ৰ আধৰুৱা শাৰীৰিক ব্যায়াম আৰম্ভ কৰিলে। এইবাৰ শ্বৰীফ ছাৰে মোৰ কৰণীয়খিনি লোৱা নাই। আন এজন ৰবাৰ্ট নামৰ খ্ৰীষ্টিয়ান ল’ৰাই লৈছে। মহেন্দ্ৰ আন্না হাঁহিমুখে আছে।

 এইবাৰ অ’টি. আৰু পি.টি লৈ অনা-নিয়া কামখিনি মালাই কৰিছে। মালা মোৰ লগত প্ৰতিটো মুহূৰ্ততে লাগি থাকে। মাৰো এইবাৰ বিশেষ অসুবিধা হোৱা নাই।

 ষ্ট্ৰেচাৰখনতে মোক আকৌ উঠি যাবলৈ দিয়াত মই বেয়া পাইছিলোঁ। ষ্ট্ৰেচাৰখনত উঠি মোৰ ভাল লগা নাছিল। ঘৰত হুইল চেয়াৰখন ব্যৱহাৰ কৰি থকা গতিকে ইয়াত ষ্ট্ৰেচাৰখনত উঠি নিজকে অসুস্থ যেন লাগিছিল।

 মই বিছনাখনত নিজে বহিব পৰা হোৱাৰে পৰা নিজকে সুস্থ বুলি দাবী কৰোঁ যদিও মোৰ উশাহত গাঁঠি লগোৱা শৰীৰৰ আনুষংগিক পীড়াবোৰ অহৰহ লগতে থাকে। মই সিহঁতক মোৰ সুখী মনটোক চুবলৈ প্ৰশ্ৰয় নিদিওঁ। সিহঁতক এলাগী কৰি মই মোৰ জীৱন-যাত্ৰা এটা সেন্দুৰীয়া বাটেৰে আগুৱাই নি আছোঁ।

 গাঢ় সেউজীয়া পৰ্দাখন দাঙি মানুহ এগৰাকীয়ে হিন্দীতে সোধে ‘কাইলৈ কি বাৰ? কাইলৈ কি তাৰিখ?’

 মই দিন আৰু তাৰিখটো কৈ চকু মুদি শুব খোজোঁ।

 পুনৰ পৰ্দাখন দাঙি সোধে - ‘কাইলৈ কি বাৰ? কাইলৈ কি তাৰিখ? মোৰ নামটো কি?’

 মই পুনৰ কওঁ। এনেদৰে সজল চকুযুৰিয়ে চাই চাই মাজৰ পৰ্দাখন দাঙি দহবাৰমান সুধি থাকে।

 নামটো উমা । হায়দৰাবাদৰ। বয়স হ’ব পঞ্চল্লিশমান। চুটি-চাপৰ-শকত। চকুৰ গুৰি ক’লা পৰা। ডাঙৰ ডাঙৰ চকুৰমণিৰে ধুনীয়া হাঁহিৰে এগৰাকী শান্ত-ধীৰ মহিলা। এটা আঠ বছৰীয়া ল’ৰাৰ মাক। [ ১৪৩ ]  যোৱাবাৰ আহোঁতেও তেওঁক দেখিছিলোঁ। কথা বতৰা পতা হোৱা নাছিল। এইবাৰ তেওঁ মোৰ কাষৰ বিছনাখনতে মোৰ সংগী হৈ আছে।

 মোৰ মানুহগৰাকীলৈ বৰ মৰম লাগে। তেওঁৰ হৰিণী চকুযুৰিৰ কৰুণতাই মোৰ অন্তৰত হুলে বিন্ধা দি বিন্ধে।

 তেওঁ যেতিয়া নিশা দহবাৰৰো অধিক মোক— কেইটা বাজিল? কাইলৈ কি বাৰ? মোৰ নামটো কি? —সুধি থাকে, তেওঁ মোৰ টোপনি ভাঙি কিয় অসুবিধা দিয়ে বুলি তেওঁৰ ওপৰত মোৰ তিলমাত্ৰও খং নুঠে৷ মই গোটেই ৰাতি অস্থিৰতাত ভোগোঁ।

 দুখে খুন্দা মাৰি ধৰে তেতিয়া, যেতিয়া নিশাটো মোক সুধি সুধি মুখস্থ কৰি থকাৰ পিছত পুৱা দেউতাকে আহি কি বাৰ বুলি সোধা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তেওঁ কান্দে! সেমেনা-সেমেনি কৰি দোষী দোষী ভাবেৰে মূৰটো তল কৰি দেউতাকে খুৱাই দিয়া ব্ৰেকফাষ্ট খাই থাকে।

 প্ৰথম অ-আ শিকোৱা শিশুৰ দৰে কলম-বহী লৈ দেউতাকে পুৱাই এ বি চি ডি...., ওৱান টু থ্ৰি শিকাই থাকে।

 হয়। তেওঁ পঞ্চল্লিশ বছৰীয়া হ’লেও চাৰি বছৰীয়া শিশু এটিয়ে প্ৰথম অ-আ শিকাৰ দৰে এ বি চি ডি শিকিবলৈ আৰম্ভ কৰিছে।

 নিয়তিয়ে তেওঁক পঞ্চল্লিশ বছৰীয়াৰ পৰা চাৰি বছৰীয়া কৰি পেলালে।

 সম্ভ্ৰান্ত পৰিয়ালৰ। গৃহস্থও উচ্চ পদত কৰ্মস্থ। তেওঁ নিজেও ইঞ্জিনিয়াৰ। এটা সুখী পৰিয়াল। কিন্তু সুখক গচকি দুখে জীৱনত আধিপত্য স্থাপন কৰিবলৈ বেছি সময় লাগে জানো?

 গৃহস্থৰ সৈতে একেলগে কৰ্মস্থলীলৈ ৰাওনা হৈছিল। দুৰ্ভাগ্যবশতঃ গাড়ীৰ দুৰ্ঘটনা হৈ তেওঁ নিজকে সম্পূৰ্ণ পাহৰি গ’ল। নিজৰ পিতৃয়ে বহু চিকিৎসাৰ জৰিয়তে তেখেতক অলপ আৰোগ্য কৰি তুলিছে।

 স্বামীঘৰে ত্যাগ কৰিলে। তেওঁলোকে পঞ্চল্লিশ বছৰীয়া শিশু-আচৰণৰ পত্নীক বোজা হিচাপে গ্ৰহণ নকৰে। পোন্ধৰ বছৰীয়া বৈবাহিক জীৱনৰ মধুৰতাক মষিমূৰ কৰি আদালতৰ জৰিয়তে জীৱনৰ পৰা একেবাৰে চুচি-মাজি উলিয়াই দিছে তেওঁক, তেওঁৰ স্বামীয়ে।

 যিজনে সুস্থ অৱস্থাত প্ৰতিটো ক্ষণতে তেওঁৰ ওচৰত ছাঁ হৈ থাকিম বুলি দৃঢ় প্ৰতিজ্ঞা কৰিছিল, সেইজনে এবাৰো ভাবি নাচালে- কিয় তেওঁ নিজৰ পত্নীক বোজা বুলি ভাবিছে? [ ১৪৪ ]  যদি তেওঁৰ তেনে অৱস্থা হ'লহেঁতেন আৰু পত্নীয়ে বোজা বুলি ভাবি এৰি গুচি আহিলহেঁতেন, তেওঁ কি কৰিলেহেঁতেন তেতিয়া?

 এইবিলাক উত্তৰবিহীন প্ৰশ্ন।

 এইবাৰ আমি হাস্পতালত অসমৰ তেজপুৰৰ মোৰ সমবয়সীয়া ল’ৰা এটাক লগ পালোঁ। আমি এতিয়া সন্ধিয়া হ’লেই ময়ুৰ, মালা, বাবু, ৰাজু, দাদা, ৰোহিত দাদাৰ লগত তাৰ ফুলনিখনৰ মাজত থকা ফুলৰ ওচৰত আড্ডা মাৰোঁ। ৰোহিত দাদাই মাংসৰ পকৰি কিনি আনে, আমিকেইটাই খাওঁ৷ মায়ে সন্ধিয়াৰ চাহকাপ প্ৰস্তুত কৰি আনি আটাইকেইটাকে তাতে যোগান ধৰে।

 আমাৰ আড্ডাৰ হাঁহিৰ খিলখিলনিত নাৰ্ছসকলে মাজে মাজে আহি সাৱধানবাণী শুনাই যায়।

 সেই সময়তে মোৰ কাৰণে একেবাৰে বেয়া পোৱা কাম এটা লৈ হাজিৰ হয়হি নাৰ্ছ এগৰাকী। তাত উপস্থিত থকা প্ৰতিজন ৰোগীক গধূলি সময়ত সদায় তাপমাত্ৰা পৰীক্ষা কৰা থাৰ্মমিটাৰডালেৰে পৰীক্ষা কৰেহি।

 একেডাল থাৰ্ম’মিটাৰকে ঔষধ মিহলোৱা পানীত ডুবাই প্ৰতিজন ৰোগীৰ বাবে ব্যৱহাৰ কৰাৰ বাবে মই অত্যন্ত বেয়া পাওঁ। প্ৰতিবাদো কৰোঁ, মই জ্বৰ নোজোখো বুলি। মোৰ জ্বৰ নাই। মই সম্পূৰ্ণ সুস্থ ছোৱালী।

 নাই। নাৰ্ছসকলে নামানে। কৰিবই লাগিব। বাধ্য হৈ মই বেয়া পোৱা কামটো কৰি উঠি ‘থু থু’ কৰোঁ।

 কিন্তু মই একেবাৰে বেয়া পোৱা কামটো কেতিয়াবা নকৰিলেও হয়। যিকেইগৰাকী নাৰ্ছে অলপ হ’লেও মোক বুজি পাইছিল তেওঁলোকে মোক বাধ্য নকৰে। তেওঁলোকে মাত্ৰ হাঁহি এটা মাৰি গাত হাতখন দি চাই কৈ যায়— ‘নেহি কৰনা৷’

 সময় গৈ আছে। আমি অ.টি., আৰু পি.টি. কৰি আছোঁ। মোক এইবাৰ ‘কেলিপাৰ’ পিন্ধাই থিয় কৰাইছে। ময়ো ৰেলিঙত ধৰি দহমিনিটমান থিয় হৈ থাকোঁ।

 অপাৰ আনন্দই চুইছে আমাৰ মনবোৰ। ৰবাৰ্ট নামৰ যিজন ল’ৰাই মোক ব্যায়াম কৰাইছিল, তেওঁ সঠিককৈ কৰিব নোৱৰাৰ বাবে শ্বৰীফ ছাৰে কৰাই যায়হি।

 এদিন দুপৰীয়াৰ সময়ত ডাক্তৰ অনুপমাই আহি মোক হিন্দীতে ক’লে- ‘তোমাক এটা কথা কওঁ। তুমি অসমৰ পেচেন্ট ৰাজুক এটা কথা ক’ব লাগিব যে, তেওঁ জীৱনত কোনোদিনেই নিজৰ ভৰিৰে খোজ কাঢ়িব নোৱাৰে। কোনোদিনে ভৰি লৰচৰ কৰিব নোৱাৰে। প্ৰস্ৰাৱ-পায়খানা লাগিলে গম নাপায়। এই কথাখিনিকে [ ১৪৫ ] তুমি তাৰ কোঠাত গৈ বুজাই থৈ আহিব লাগিব। তুমি আজি আবেলি যাবা। আমি তেওঁক কথাটো ক’বলৈ সাহস গোটাব পৰা নাই। তুমি তোমাৰ জীবনত পাৰ কৰি অহা কিছু অংশ কৈ হয়তো তেওঁক বুজাব পাৰিবা, যিটো আমি কৰাটো কিছু কঠিন হ’ব। তোমাৰ ওপৰত আমাৰ বিশ্বাস আছে। তুমি তেওঁক বুজোৱাত সফল হ’বা।’

 মনে মনে ভাবিলোঁ, পাৰিমনে মই ৰাজুক ক’ব যে, ‘তুমি চিৰদিনৰ কাৰণে এটা খোজবিহীন জীৱন আঁকোৱালি ল’বলগীয়াত পৰিলা।’ পাৰিমনে ক’ব যে চিৰদিন হুইলচেয়াৰখনেই তোমাৰ লগৰী হৈ থাকিব। তুমি মুকলি আকাশৰ তলত বহিবলৈ হুইলচেয়াৰখনৰ সহায় ল’ব লাগিব।’

 পাৰিমনে...?

 অঁ ক’ব পাৰিবই লাগিব মই। ক’ব পাৰিব লাগিব যে মোৰ জীৱনৰ ‘আশা’, ‘সপোন’ সকলো আঠ বছৰৰ আগতেই মৃত্যু ঘটিছে। নিয়তিয়ে মোক চৈধ্য বছৰতে এনেধৰণে কুঠাৰেৰে ঘাপ মাৰিলে যে, সেইদিনাৰ পৰা অহৰ্নিশে ৰক্ত নিগৰি আছে মোৰ হৃদয়ৰ পৰা।

 মই ক’ম যে মই এতিয়া আকৌ নতুন এটা জীৱনলৈ আগবাঢ়িছোঁ। যদিও মোৰ সৰ্বশৰীৰত কাঁইটে এতিয়াও আবৰি আছে আৰু গোটেই জীৱন থাকিবই, তথাপি মই অভিনয় কৰি হ’লেও সুখী হৈ আছোঁ।

 ৰাজুৰ ওচৰ পোৱাৰ লগে লগে সি আনন্দতে ফুলি অজস্ৰ প্ৰশ্নৰ বাণ এৰিলে। মই তাৰ কোঠালৈ কিয় গৈছোঁ। সি মোক কি খাবলৈ দিব? আমিচোন সন্ধিয়া বাহিৰত লগ হ’মেই। কিয় আহিলা, আৰুচোন হাস্পতালৰ নিয়ম অনুসৰি কোনোৱে কাৰো ওচৰলৈ যাব নোৱাৰে, তুমি কেনেকৈ আহিলা? দেখিলে গালি দিব।

 ‘নাই। নিদিয়ে মোক কোনেও গালি আজি।’

 কিয়?

 ‘এনেয়ে।’

 ‘কিয় এনেয়ে?’

 ‘হ’ব দিয়া ইমানকৈ প্ৰশ্ন সুধি থাকিব নালাগে। কোৱা যদি কোৱা বেলেগ কথা।’

 সি হাঁহিটো মাৰি আৰম্ভ কৰিলে—‘মোক আৰু দুদিনমানৰ পিছত ডাক্তৰে খোজ কাঢ়িবলৈ দিবই চাগে।’ তাৰ পিছত আমি ঘৰলৈ যামগৈ। অ’ এটা কথা, মই ঘৰৰ পৰা তোমালোকৰ ঘৰলৈ আহিম। তেজপুৰৰ পৰা নগাঁৱলৈ বেছি দূৰ নহয়। বাইক লৈও আহিব পাৰিম। অ’,এটা কথা, মোৰ দুৰ্ঘটনাৰ লগতে বাইকখনো বেয়াকৈ ক্ষতি হ’ল। জানো, ভাল হ’লনে নাই। এ...হ’ব দিয়া, নহ’লেও ঠিকঠাক কৰি যাম।’

[ ১৪৬ ]

 ‘মই এটা কথা কওঁনে?’

 ‘কোৱা।’

 ‘তুমি মোৰ বিষয়ে জানানে?’

 ‘অলপ চলপ।’

 ‘সম্পূৰ্ণকৈ কওঁ শুনিবানে?’

 ‘শুনিম। কোৱা।’

 মই মোৰ জীৱনৰ আঠ বছৰৰ দিনলিপি সম্পূৰ্ণকৈ নক’লেও তাক বহুখিনিয়েই ক’লোঁ। সি সান্ত্বনাৰ নামত কিছু কথা ক’লে।

 মই তেতিয়া তাক ক’লো— ‘যদি তুমিও আজিৰ পৰা খোজ কাঢ়িব নোৱৰা হৈ যোৱা। তেনেহ’লে তুমি মোক দিয়া সান্ত্বনাখিনি নিজেই ল’ব পাৰিবানে?’ সি পোনছাটেই নোৱাৰোঁ বুলি ক’লে।

 মই তাক ক’লো— ‘ৰাজু, তুমি ল’ব পাৰিব লাগিব মোৰ দৰে খোজবিহীন জীৱন এটা আঁকোৱালি।’

 সি আৰ্তনাদ কৰি উঠিল— ‘তুমি কি ক’বলৈ আহিছা! মই কিয় তোমাৰ জীৱনটো ল’ম। মই ভাল হৈ খোজকাঢ়ি ঘৰলৈ যাম।’

 মই ক’লোঁ— ‘তুমি চিৰজীৱন নিজৰ ভৰিৰে খোজ কাঢ়িব নোৱাৰা। তুমি কেতিয়াও ভৰি লৰচৰ কৰিব নোৱাৰা। তুমি প্ৰস্ৰাৱ-পায়খানা হলেও গম নাপাবা।’

 মই কথাখিনি কৈ নিশ্চুপ হৈ পৰিলোঁ।

 সি এইবাৰ চিঞৰি কান্দি ক’বলৈ ধৰিলে— ‘কেতিয়াও হ’ব নোৱাৰে। মই খোজ কাঢ়িমেই। তুমি মিছা কৈছা।’

 কাপোৰবিলাক দলিয়াই পেলাইছে। ওচৰত থকা বস্তুবোৰ আফাল মাৰি পেলাইছে। এটা শ্বাসৰুদ্ধকৰ যন্ত্ৰণাদায়ক পৰিস্থিতিৰ সৃষ্টি কৰি পেলাইছে।

 আৰু নেপেলাবওনো কিয়?

 পঁচিশ বছৰতে জানো এটা জীৱনৰ সমাপ্তি ঘটিব পাৰে? পঁচিশ বছৰতে জানো জীৱনৰ খোজ নিখোঁজ হ’ব পাৰে?

 ৰাজুৰ চিঞৰ উচুপনিলৈ ৰূপান্তৰ হওঁতে মোক মালাই লৈ আহিল। ময়ো আহি বিছনাত চকুহাল মুদি শুই দিলোঁ। ডাক্তৰে মোক পুনঃ পুনঃ পৰীক্ষা কৰি বাওঁ ভৰিৰ ভঙা হাড়ডাল সম্পূৰ্ণকৈ ভাল হোৱা নাই, গতিকে থিয় কৰাৰ বাদে খোজ কাঢ়িব নোৱাৰিম বুলি ক’লে।

 আমি চল্লিছ দিন হাস্পতালৰ কৰণীয়খিনি কৰি ঘৰলৈ আহিবলৈ ওলালোঁ।

[ ১৪৭ ]  আমাৰ ডিছ্‌চাৰ্জৰ তাৰিখতকৈ ঘৰলৈ ওভতা ৰে’লৰ টিকটৰ দিন পিছত থকা গতিকে মোক হাস্পতালৰ পৰা ডিছ্‌চাৰ্জ কৰি আনি ভাড়া ৰুমত ৰাখিলে।

 ভাড়া ঘৰৰ মালিকৰ দহ বছৰীয়া ল’ৰাটোৱে এদিন এপ্ৰিলৰ ভৰ দুপৰীয়া গৰম চুৱেটাৰ, জোতা, মোজা, টুপী আৰু চছমা পিন্ধি মোৰ ওচৰত উপস্থিত হ’লহি।

 মই তাক দেখি বিচুৰ্তি খালোঁ। এই গেলা গৰমখনত এয়া সি কি কৰিছে?

 মাক তাৰ বিষয়ে সোধাত ক’লে— ‘জন্মগতভাৱে তাৰ মগজুটো কম হৈ আহিছে। সি কি কৰি থাকে নিজেই গম নাপায়। অলপ ভাল যদিও বেছিভাগেই বেয়া।

 এদিন সি মই শুই থাকোঁতে মোৰ ওচৰলৈ আহি গাটোত ধৰি মাত দিলেহি।

 মই তাক বহিবলৈ দিলোঁ।

 সি মোৰ ওচৰৰ টুলখনতে বহি হাতৰ মুঠিত লুকুৱাই অনা, এটকাৰ মুদ্ৰা এটা উলিয়াই মোৰ বিছনাৰ সন্মুখত থকা ভগৱানৰ ফটোখনত থৈ, সি মোক হাতেৰে বুজালে যে, এই এটকাটো এই কাৰণে ভগৱানৰ ওচৰত দিছোঁ যাতে তোমাক ভগৱানে সোনকালে খোজকাঢ়িব পৰা কৰি দিয়ে।

 মোৰ মনটো দুখেৰে ভৰি গ’ল। যিটো ল’ৰাই দিন নে ৰাতি, গৰম নে ঠাণ্ডা নিজৰ কথা গম নাপায়, সেই ল’ৰাটোৱে মোৰ দুখত দুখী হৈ ভগৱানক প্ৰাৰ্থনা কৰিছে মোক ভাল কৰি দিবলৈ।

 মানুহৰ অন্তৰ!

 নিৰ্ধাৰিত ৰে’লৰ টিকটৰ দিনত আমি ঘৰলৈ আহিবলৈ যো-জা চলালো। লগত লৈ আহিলো হাস্পতালত এই দুয়োবাৰতে উপস্থিত থকা মানৱ-জীৱনৰ এখন এখন নতুন কিতাপৰ সমল। য’ত হাস্পতালত থকা প্ৰতিজন ৰোগীৰ জীৱন সংগ্ৰামৰ দিনলিপি খোদিত হৈ আছিল। জীৱন যুদ্ধৰ বিজয়ী সৈনিক আছিল প্ৰত্যেকজন। প্ৰতিজন বীৰ যুঁজাৰুৰ সাহস দেখি ভাবিছিলো— নিয়তিয়েও হয়তো এসময়ত হাৰ মানিব তেওঁলোকৰ সাহসৰ ওচৰত।

[ ১৪৮ ]


(সাতাইশ)

 মই এতিয়া খুবেই সুখী।

 সুখী বুলি ক’লে কিহৰ কিহৰ সংমিশ্ৰণত সুখৰ উপযুক্ত সংজ্ঞা হয়, মই আজিলৈকে জ্ঞাত নহয়। মাত্ৰ মোৰ জ্ঞানেন্দ্ৰিয়ই কয় যে, আত্মসন্তুষ্টিকে সুখী হোবা বুজায়, আৰু মই এইকাৰণেই সুখী। কেতিয়াও কল্পনা নকৰাখিনি মই পাইছোঁ। আৰু যেতিয়া কল্পনা নকৰাখিনি পোৱা যায়, তেতিয়াতো মানুহ সুখী হ’বই হ’ব। সেয়ে মোৰ জীৱনৰ কলা অধ্যায়ৰ বিষাদিত অতীতটোক এটা মাটিৰ চৰুত ভৰাই এখন গধুৰ ঢাকনিৰে ঢাকি থ’লো। যাতে মোৰ নতুন জীৱনৰ পূৰ্ণিমাৰ পোহৰখিনি আউসীৰ ক’লা অধ্যায়ে পুনৰ ছানি ধৰিব নোৱাৰে।

 কপৌজনীয়ে ৰুণ দিছে। মোৰ অতিকে ভাল লগা এটা ধ্বনি। সেউজভূমিৰ বুকুত কুঁৱলীৰ শুভ্ৰ জাল ফালি ভুমুকি মাৰিছে ৰক্তিম দিবাকৰে।

 আঃ কুঁৱলী!

 মিঠা মিঠা অনুভূতিৰে অতৃপ্ত হেমন্তৰ এক নান্দনিক অনাবিল সৌন্দৰ্য। অনামী সুখবোৰে বুকুৰ সজাটিত ঠাই ল’বলৈ হেতা-ওপৰা লগাইছে। বহুদিন নিয়ৰৰ টোপালত তিতিবলৈ নাপাই জুপুকা মাৰি থকা মোৰ মনটোও কুঁৱলীৰ টোপালত তিতিছে। শুকাই যোৱা বুকুৰ মৰুভূমিখনত হাজাৰ হাজাৰ ৰঙা, নীলা, হালধীয়া, বেঙুনীয়া, বগা ফুল ফুলি চতুৰ্দিশে সুগন্ধি বিয়পাই এক অতুলনীয় পৰিৱেশৰ সৃষ্টি কৰিছে।

 পুৱাৰ অযুত ভাললগাখিনিৰে মই পৰিপূৰ্ণ হৈ আজিকালি পুৱাৰ চেনি নিদিয়া চাহকাপ খোৱাৰ পিছত ‘কেলিপাৰ’যোৰ পিন্ধি থিয় হওঁ।

 চি এম চি হাস্পতালত থকাৰ দৰে দুডাল বাঁহ, কঁকালৰ ওচৰত পৰাকৈ ওখ কৰি চাৰিটা বাঁহৰ খুটা পুতি তাত বান্ধি দিছে। এতিয়া পুৱা আৰু আবেলি সময়ত মোক হাত থিয় কৰায়।

 পুৱা মালা-বাবু স্কুললৈ যোৱাৰ আগতে আৰু সিহঁতে স্কুলৰ পৰা আহি মাৰ লগত মোক থিয় কৰায়। মোৰ ভাগৰুৱা, দুৰ্বল শৰীৰক আওকাণ কৰি মনৰ বলেৰে মই থিয় হওঁ।

 মাৰ দূৰদৰ্শী দৃষ্টিপূৰ্ণ মনে মোৰ স্তব্ধ শিক্ষা পুনৰ আৰম্ভ কৰিবলৈ ক’লে।

[ ১৪৯ ]

 ১৯৯৫ চনৰ পৰা ২০০৪ চনলৈকে এটা সুদীৰ্ঘ বিৰতিৰ অন্তত মা এদিন মই নৱম শ্ৰেণীলৈকে পঢ়ি দশম শ্ৰেণীলৈ উত্তীৰ্ণ হোবা স্কুলখনত উপস্থিত হ’লগৈ।

 হাইস্কুলৰ শিক্ষকক লগ ধৰি মই পুনৰ দশম শ্ৰেণীৰ প্ৰৱেশিকা পৰীক্ষাটো দিবলৈ ইচ্ছুক বুলি জনালে আৰু তেখেতসকলৰ সহায় একান্তভাবে বাঞ্ছা কৰিলে।পোনছাটেই তেতিয়াৰ শিক্ষক ন বছৰৰ মূৰত পৰীক্ষা দিবলৈ যোৱাটোত অমান্তি হ’ল। কোনোধৰণৰ সহায় কৰিব নোৱাৰো বুলিও ক’লে। তেওঁলোকে মোৰ অনুপস্থিতিত মোৰ সকলো নথি-পত্ৰ নিঃশেষ কৰি পেলালে বুলি খাৰাংখাচ মাক কৈ দিলে। পৰীক্ষা দিয়াৰ আশা বাদ দিবলৈ দিলে।

 মায়ে তেওঁলোকক হাতযোৰ কৰি অনুৰোধ কৰি ক’লে— ‘কিবা এটা উপায় দিয়ক মোৰ ছোৱালীক আকৌ পঢ়িবলৈ। তাইৰ আধৰুৱা শিক্ষা যিমানখিনি পাৰো আগুৱাই নিম। আপোনালোকে বিমুখ কৰিলে তাইৰ শিক্ষা কেতিয়াও আগনাবাঢ়িব। এবাৰ ভাবি চাওক। তাই কষ্ট কৰি হ’লেও পৰীক্ষাটো দিবলৈ হেঁপাহ কৰিছে। তাইৰ হেঁপাহত আপোনালোকে চেঁচাপানী নাঢালিব।’

 ‘নাই নাই। আমি এতিয়া পুৰণি ফাইল খুঁচৰি খুঁচৰি আমাৰ বহুমূলীয়া সময় অপব্যয় কৰিব নোৱাৰোঁ। তাইৰ নামৰ কাগজ কাৰ জাপত সোমাই আছে ক’ব নোৱাৰোঁ। আছে বা নাই তাৰো ঠিক নাই।

 মায়ে হাতযোৰ কৰি শিক্ষকক কাকূতি কৰিলে— এজনী ছোৱালীৰ আশাক তেওঁলোকে যেন এনেকৈ ভৰিৰে মোহাৰি নিঃশেষ নকৰে। এবাৰ দয়া কৰি পুৰণি ফাইলবিলাক খুঁচৰি চায় যেন!

 কাকূতিৰ উপৰি কাকূতি কৰোঁতে তেওঁলোক সৈমান হ’ল। এবাৰ চাই দিব। মাক পিছত আহি এবাৰ খবৰ ল’বলৈ ক’লে।

 মায়ে বলে নোৱৰা নিৰাশাজনক মনটো কঢ়িয়াই কঢ়িয়াই আনি আমাৰ আগত উপৰিউক্ত কথাখিনি কৈছিলহি। কিমান কঠুৱা অন্তৰৰ হ’লে এজন মানুহে আন এজন মানুহক এনেকৈ আঘাত কৰিব পাৰে।

 কিমান?

 চাদৰৰ আঁচলত মায়ে দুদিনৰ মূৰে মূৰে ‘আশা’ নামৰ দুটি বৰ্ণৰ শব্দটো কঢ়িয়াই স্কুলৰ এক কিলোমিটাৰ দৈৰ্ঘ্যৰ বাটটো খোজকাঢ়ি সদায় অহা-যোৱা কৰিলে।

 প্ৰত্যেক দিনাই মায়ে হতাশ মনটোৰে, উদাসীন দুচকুৰে, ভাগৰুৱা দেহাৰে বিমুখ হৈ আহিছিল। স্কুলৰ পৰা মোৰ অনুৰোধক উপলুঙা কৰি প্ৰত্যেকদিনাই তেওঁলোকে কৈ পঠিয়ায় ‘কাইলৈ আহিব, চাই দিম।’

[ ১৫০ ]

 মা প্ৰতিদিনে গৈ গৈ বিমুখ হৈ আহে তেওঁলোকৰ কৰ্কশ শব্দবোৰ শুনি। কোনোবা দিনা কয়— আজি কেৰাণী নাই। কোনোবা দিন কয়— আজি প্ৰধান শিক্ষক নাই। নানানটা অজুহাত...।

 মালাই তেতিয়া নগাঁও এ ডি পি কলেজত পঢ়ি আছিল। মই যিখন স্কুলৰ পৰা পৰীক্ষা দিম, সেইখন স্কুলৰ সন্মুখেদি মালা কলেজলৈ যায়।

 মায়ে যিকেইদিন স্কুলখনত খবৰ ল’বলৈ যাব নোবাৰে, মালাই গৈ স্কুলৰ শিক্ষকক লগ ধৰে। তেওঁলোকে তাইকো সদায় বিমুখ কৰি পঠিয়াই দিয়ে। পিছলৈ তাইৰ স্কুলৰ উপস্থিতিত শিক্ষকসকলৰ মুখত বিৰক্তিৰ ভাব ফুটি উঠিছিল।

 বহু ঘাত-প্ৰতিঘাত, কৰ্কশ শব্দ হজম কৰাৰ পিছত তেওঁলোকে এখন কাগজ লিখি দিলে। গুৱাহাটী স্কুলৰ মুখ্য কাৰ্যালয়ত যোগাযোগ কৰি ঘৰৰ মানুহে কামখিনি কৰিব লাগিব।

 ঢিমিক-ঢামাককৈ সুদূৰত অলপ পোহৰ দেখা গ’ল। মোৰ স্কুলীয়া জোৎস্না নামটোৰ মৃত্যু ঘটাই এইবাৰ ঘৰত মতা নামটো স্কুলৰ কাগজখনত লিখি দিলে। মোৰ জন্ম ১৯৮১ চনৰ বিপৰীতে ১৯৭৯ চন কৰি দিলে। স্কুলৰ পৰা সহায়ৰ নামত বিৰাট ‘শূন্য’ এটা দি পঠিয়ালে। এইবাৰ মাৰ এক কিলোমিটাৰৰ ঠাইত আহোঁতে তিনিঘণ্টা, যাওঁতে তিনিঘণ্টাৰ দীঘলীয়া পথৰ যাত্ৰা আৰম্ভ হ’ল গুৱাহাটীলৈ।

 অফিচৰ কাম বুলি ক’লে এদিনতে নহয়। এবাৰ এখন কাগজ আনি স্কুলত জমা দিয়া, স্কুলৰ প্ৰধান শিক্ষকে চহী কৰি আকৌ নি কাৰ্যালয়ত জমা দিয়া। দুদিনলৈ অফিচাৰ নাহিলে এটা চহীৰ কাৰণে খাপ পিটি থকা। কিমান যে যাতনা মায়ে ভোগা নাই।

 অলপকৈ পৰীক্ষাত বহিবলৈ পোৱাৰ আশাটো পূৰণ হোৱা যেন দেখি মোক দশম শ্ৰেণীৰ কিতাপখিনি যোগাৰ কৰি দিয়া হ’ল।

 অংক আৰু ইংৰাজী বিষয়টো নটা বছৰে পঢ়া নাই। গতিকে অলপ অসুবিধা হৈছিল। সেই অসুবিধাখিনি সুবিধালৈ আনিবৰ কাৰণে এদিন মালাই এজন ঘৰুৱা শিক্ষকৰ ওচৰলৈ গ’ল। তেখেতে এখন স্কুলত শিক্ষকতা কৰিছিল আৰু ঘৰতো টিউচন লৈছিল।

 মালাই শিক্ষকজনক মোৰ বিষয়ে সবিশেষ কোৱাৰ পিছত তেখেতে পোনছাটেই এনেকৈ ক’লে— মই ইমান বছৰ পৰি থকা বেমাৰী ছোৱালী এজনীক পঢ়ুৱাব নোৱাৰোঁ। মই ভাল ল’ৰা-ছোৱালীক পঢ়ুৱাওঁ। তাই ইমানদিন পঢ়াই নাই, গতিকে কষ্ট কৰিব লাগিব। গাধ ল’ৰা-ছোৱালীক মই নপঢ়ুৱাওঁ।

[ ১৫১ ]  মালা উদাস, বিষণ্ণ মনে ঘৰলৈ উভতি আহি আমাক কথাখিনি ক’লে। শিক্ষকজনৰ অমানুষিক দুৰ্ব্যৱহাৰে আমাক অতিশয় আঘাত দিলে। আমাৰ সবিতা খুৰী এগৰাকী শিক্ষয়িত্ৰী। ওচৰা-উচৰি ঘৰ হোৱা গতিকে খুৰীয়ে আমাৰ সকলো সুখ-দুখতে লগত থাকে। প্ৰয়োজনত কৰিবলগীয়া সহায়খিনিও কৰে। নজনাখিনিৰ দিহা-পৰামৰ্শও দিয়ে।

 খুৰীয়ে হৃদয়হীন শিক্ষকজনৰ কথাত দুখ প্ৰকাশ কৰি ক’লে—‘তেখেতে যিখন স্কুলত শিক্ষকতা কৰে, সেই স্কুলৰ শিক্ষক এজনৰ লগত কথা পাতিব।’

 খুৰীয়ে কথা দিয়া মতে তেখেতে শিক্ষকতা কৰা স্কুলখনৰ অংকৰ শিক্ষক অঞ্জন শৰ্মা ছাৰৰ লগত কথা পাতিলে। তেখেত প্ৰথমে মান্তি নহ’ল মোক পঢ়ুৱাবলৈ। খুৰীয়ে অঞ্জন ছাৰক মাত্ৰ দুদিন মোৰ ওচৰলৈ আহি মোক প্ৰাথমিক পৰীক্ষা কৰি চাবলৈ ক’লে। লগতে দুদিন পঢ়ুৱাই চাই পুনৰ পঢ়ুৱাবনে নপঢ়াই সেই সিদ্ধান্ত তেখেতক ল’বলৈ দিলে।

 কেইদিনমানৰ পিছত প্ৰতীক্ষাৰ অন্ত পেলাই অঞ্জন ছাৰ আহিল। দুদিন মোৰ প্ৰাথমিক পৰীক্ষা ল’লে। তাৰ পিছত তেখেতে খুৰীক মোৰ অংকৰ বিষয়টোৰ সম্পূৰ্ণ দায়িত্ব ল’ম বুলি ক’লে আৰু এজন ইংৰাজী শিক্ষকক বিচাৰি আনিম বুলিও কথা দিলে।

 এতিয়া ডাঙৰ সমস্যা হ’ল মোৰ শৰীৰটোৰ। আধাঘণ্টাও বহি পঢ়ি থাকিব নোৱাৰোঁ। উশাহ ল’ব নোৱাৰো। টানি টানি উশাহ উলিয়াই আনিব লাগে। আধা ঘণ্টা পঢ়িলে আধা ঘণ্টা শৰীৰটোক বিৰাম দিব লাগে। কেতিয়াবাতো পঢ়ুৱাবলৈ আহি এক ঘণ্টাও বহি থাকিব লাগে। কেতিয়াবা নপঢ়ুৱাকৈ উভতি যাব লাগে।

 মনৰ জোৰ থাকিলেও শৰীৰৰ ওচৰত পৰাস্ত হওঁ মই সঘনে। শীতৰ দিনত শৰীৰটো একেবাৰে লেবেজান হৈ পৰে। উশাহ ল’বলৈ বৰ কষ্ট হয়। মাতটো বহি যায়। বিষবিলাকে চেপি-খুন্দি মাৰে। গৰম পানীৰ বেগ দি শৰীৰত উত্তাপ আনিব লাগে। শৰীৰত উত্তাপ থাকিবলৈ দিনটোৰ বেছিভাগ সময়েই ৰ’দত বহুৱাই থয়। জুই পুৱাই থাকি হাত দুখনত তাপ ল’বলৈ গধুলি টেবুল লেম্পটো জ্বলাই আনি বিছনাত দিয়ে।

 ঠাণ্ডাৰ দিনকেইটাৰ টিউচনত অঞ্জন ছাৰে প্ৰায়ে পঢ়ুৱাবলৈ আহি মই উশাহ ল’ব নোৱৰা যেন দেখিলেই মোক ৰ’দত গৈ বহি আহিবলৈ কয়। তেখেতে মোৰ শৰীৰৰ যন্ত্ৰণা অনুভৱ কৰিব পাৰিছিল। এজন হৃদয় থকা শিক্ষক।

 প্ৰৱেশিকা পৰীক্ষাৰ আগেতে হোৱা টেষ্টটোলৈকে মোৰ ফাইনেল পৰীক্ষা দিয়াটো ঠিৰাং হোৱা নাছিল। মায়ে প্ৰধান শিক্ষক অনুৰোধ কৰি টেষ্ট পৰীক্ষাটো [ ১৫২ ] দিবৰ বাবে অনুমতি বিচাৰিলে। প্ৰধান শিক্ষক ছাৰে মাৰ অনুৰোধ অগ্ৰাহ্য কৰিলে। মায়ে তেখেতক ক’লে— কাৰ্যালয়ৰ পৰা ফাইনেল পৰীক্ষাৰ আগতে কাগজ দিব। তাইক মাত্ৰ টেষ্টৰ পৰীক্ষাটো দিবলৈ অনুমতি দিয়ক। নবছৰ পৰীক্ষা দিয়া নাই। গতিকে ফাইনেল পৰীক্ষাৰ আগতে এবাৰ পৰীক্ষাত বহিলে তাইৰ ফাইনেল পৰীক্ষালৈ অলপ সহজ হ’ব।’

 অনুৰোধৰ উপৰি অনুৰোধ কৰাত শিল ঘঁহি থাকিলে ক্ষয় যোৱাৰ দৰে প্ৰধান শিক্ষকে টেষ্টৰ পৰীক্ষাটোৰ কাৰণে অনুমতি দিলে। নিৰ্ধাৰিত তাৰিখত টেষ্টৰ পৰীক্ষা দিবলৈ আমি স্কুলখনত গৈ উপস্থিত হ’লো। মোক এখন অট’ৰিক্সাত লৈ গৈছিল।

 হুইল চেয়াৰখন অট’ৰিক্সাৰ পৰা নমাই মোক দাঙি নি হুইল চেয়াৰখনত বহুৱাই দিয়াৰ লগে লগে স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী-কোঠাৰ পৰা ওলাই আহি মোক বেলেগ গ্ৰহৰ প্ৰাণীৰ দৰে জুমাজুমি কৰি চাবলৈ ধৰিলে। আৰু নকৰিবনো কিয়? মই যে সিহঁততকৈ পৃথক হয়েই। সিহঁতে খোজ কাঢ়ে, মই খোজ নাকাঢ়োঁ। মই এটা আছুতীয়া কোঠাত অকলে অকলে পৰীক্ষা দিবলৈ বহিলোঁ।

 কাৰণ মাক স্কুলৰ শিক্ষকে কৈ পঠাইছিল যদি মই পৰীক্ষা দিবলৈ যাওঁ তেনেহ’লে এটা আছুতীয়া কোঠা দিব লাগিব। মই যদি আন ছাত্ৰ-ছাত্ৰীৰ লগত একেলগে পৰীক্ষা দিওঁ, তেওঁলোকৰ পৰীক্ষা দিয়াত মনোযোগ নাথাকিব। লেখাত বাধা আহিব। আৰু বহুতো...

 তিনিঘণ্টা একেৰাহে এখন প্ৰশ্নকাকত শেষ কৰাটো মোৰ কাৰণে বৰ কঠিন কাম আছিল। যিজনী ছোৱালীয়ে আধা ঘণ্টা একেৰাহে লিখি থাকিব নোৱাৰো, বহি থাকিব নোৱাৰো, সেইজনী ছোৱালীৰ কাৰণে তিনি ঘণ্টা একেৰাহে বহি পৰীক্ষা দিয়াটো কিমান কষ্টকৰ আছিল; কাৰোবাক বুজাব পাৰিমনে শব্দৰে? [ ১৫৩ ]

(আঠাইশ)

 বাবু গৈ গুৱাহাটীত বাহৰ পাতি আছে কাৰ্যালয়ৰ পৰা মোৰ পৰীক্ষাৰ অন্তিম কাগজখন আনিবৰ কাৰণে। সি এদিন-দুদিনৰ বাবে বাহৰ পতা নাই। সম্পূৰ্ণ এমাহ দিন। সদায় উপস্থিত হয় কাৰ্যালয়ত।

 হ’ব...হ’ব...ৰবা।

 আৰু হ’ব, সেই হ’বটো পুৱাৰ পৰা বেলি ভাটী দিয়ালৈকে হৈ নুঠে। আকৌ পিছদিনা আহি হ’বৰ অপেক্ষাত ভোকে–লঘোনে পৰ দি দি নহ’বটো লৈ সি উভতি যায়। আমি সকলোৱে ভাবি আচৰিত হৈছিলো সি যে ইমানদিন ধৈৰ্য ধৰি খাপ পিটি থাকিব পাৰিছে।

 আন ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফৰ্ম-ফিলআপ হৈ গ’ল। মই পৰীক্ষাত বহিবলৈ পাম নে নাপাম, সেই অনিশ্চয়তাৰ দোদুল্যমানতে মোৰ পঢ়াও হোৱা নাছিল। আৰু হ’বওনো কেনেকৈ, কিতাপখন মেলি ল’লেই মনটো বেজাৰ লাগি যায়। পৰীক্ষালৈ তিনি মাহ আছে। এতিয়া জানো ফৰ্ম ফিলআপ কৰিবলৈ দিব? মই পৰীক্ষা দিব পাৰিমনে বাৰু? এদিন বাবুৰ ধৈৰ্যৰ বান্ধ ছিগি গ’ল যেতিয়া কাম হোৱাৰ পাছতো কাগজখন দিবলৈ কাৰ্যালয়ৰ কৰ্মচাৰীজন অমান্তি হ’ল। তেওঁক কিবা লাগে যিটো বাবুৱে নিদিয়ে। এই দিয়া-নিদিয়াৰ অৰিয়া-অৰিত আকৌ দুদিন পাৰ হ’ল।

 বাবুৱে এইবাৰ মাক ঘৰৰ পৰা মাতি নিলে। মা গৈ কাৰ্যালয়ত উপস্থিত হৈ মানুহজনৰ পৰা কাগজখন ল’লে। যিটো সহজ উপায়ত তেওঁ বিনাদ্বিধাই দিবলৈ বিচাৰিছিল। কাগজখন হাতত পৰাৰ পাছত মাহঁত নিশ্চিন্তমনে ঘৰ পালেহি।

 পিছদিনা হাইস্কুলত কাগজ জমা দিয়াত তেওঁলোকে ফৰ্ম–ফিলআপৰ দিন পাৰ হোৱাত কাগজ জমা নলয় বুলি ক’লে আৰু যদি পাৰে স্কুলৰ চেণ্টাৰত ফৰ্ম-ফিলআপ কৰিবলৈ দিলে। মা আকৌ চেণ্টাৰত উপস্থিত হ'লগৈ। তেওঁলোকে তাতে মোৰ ফৰ্ম-ফিলআপ কৰি দিলে।

 মায়ে এটা ডাঙৰ সমস্যাৰ সমাধান কৰি এটা ভাগৰুৱা শৰীৰ অথচ উৎফুল্লিত মন লৈ ঘৰ সোমালহি।

 মই এইবাৰ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। একাণপতীয়াকৈ, অ’ একাণপতীয়াকৈ [ ১৫৪ ] বুলি ক'লেও নহ’ব। মোৰ শৰীৰৰ কাঁইটীয়া উপসৰ্গবোৰতো মোৰ উশাহৰ লগ লাগি আছেই।

 তথাপি মই মোৰ মনৰ শক্তিৰে সিহঁতক পৰাস্ত কৰি পঢ়াত লাগিলো। তিনি মাহ অংকৰ টিউচন ল’লো আৰু সম্পূৰ্ণ এমাহ অঞ্জন ছাৰে ঠিক কৰি দিয়া ইংৰাজীৰ টিউচন ল’লো।

 বহুদিন নপঢ়াকৈ থকা কাৰণে বহুজনে টিউচন ল’বলৈ বিচৰা নাছিল। তাতে মোক বেমাৰী বুলি ভাবি মোৰ প্ৰতি বহুতৰে চাগে বিৰাগ ভাব জন্মিছিল।

 এমাহতে যিখিনি ইংৰাজী শিকিলোঁ তাকেই বহু বুলি ভাবি মন দৃঢ় কৰি মই পৰীক্ষা দিবলৈ ওলালোঁ। মায়ে পৰীক্ষাৰ নিৰ্ধাৰিত তাৰিখতকৈ দুদিনৰ আগতে যিটো পৰীক্ষাকেন্দ্ৰত মই পৰীক্ষাত বহিম, সেইখন স্কুলৰ অধ্যক্ষজনক সাক্ষাৎ কৰি মোৰ বিষয়ে সবিশেষ জনালে আৰু মোৰ কাৰণে এটা আছুতীয়া কোঠা বিচাৰিলে। কাৰণ পৰীক্ষাৰ দিনা উপস্থিত হোৱাৰ পিছত যদি মোক তেওঁলোকে দুৰ্ব্যৱহাৰ কৰে মই মানসিকভাৱে বহু আঘাত পাম বুলি মায়ে জানিছিল।

 নিৰ্দিষ্ট তাৰিখত আমি এখন অট’ৰিক্সাৰে গৈ পৰীক্ষাকেন্দ্ৰত উপস্থিত হ’লো। আগৰ স্কুলখনত জুমা-জুমি কৰি চোৱাৰ দৰে ইয়াৰো ছাত্ৰ-ছাত্ৰীসকলে মোক ‘বেলেগ গ্ৰহৰ প্ৰাণী’ৰ দৰে নিৰীক্ষণ কৰিলে। মোক পৰীক্ষাত বহিবলৈ দিয়া আছুতীয়া কোঠাটোৰ কথা মায়ে অধ্যক্ষক গৈ সুধিলে। অধ্যক্ষই চকীদাৰজনক এটা কোঠাৰ কথা ক’লে আৰু চকীদাৰজনে আহি কোঠাটোৰ তলাটো খুলি দি ‘এইটো’ বুলি কৈ সাউতকৈ গুচি গ’ল।

 দুৱাৰখন খুলি ভিতৰলৈ হাতেৰে ঠেলি দিয়াৰ লগে লগে এটা উৎকট ভেকেটা-ভেকেট দুৰ্গন্ধই আমাৰ নাক চুলেহি। ঘোপমৰা অনন্ধাৰ। মকৰা জালে ছানি ধৰা গোটেই কোঠাটো। বিশৃংখল দুখনমান টেবুল-চকী। এটা কিতাপৰ আলমাৰি। এগৰাকী সৰস্বতী প্ৰতিমা কাপোৰেৰে ঢাকি থোৱা হৈছে। মৰা জেঠী, পোক-পতংগৰ দুৰ্গন্ধ নাকেৰে পেটলৈ সোমাই ওকালি অহাৰ উপক্ৰম হৈছে।

 মায়ে কোঠাটো পৰিষ্কাৰ কৰাত লাগিল। কোঠাটো ঘোপমৰা আন্ধাৰে আবৰা। সেয়ে লিখাত কষ্ট নহ’বলৈ দুৱাৰৰ সন্মুখলৈ এখন টেবুল মচি-কাচি উলিয়াই আনি পাৰি দিলে।

 চকু ফুৰাই চাব নোৱৰা এটা অপৰিষ্কাৰ অবৰ্ণনীয় কোঠাত নাকেৰে উশাহ ল’ব নোৱৰা দুৰ্গন্ধৰ মাজত মই তিনিঘণ্টা বহি প্ৰথমটো পৰীক্ষা দিলো। এজন শিক্ষকে বাহিৰৰ পৰাই থিয় হৈ পৰীক্ষাত গাৰ্ড দিলে।

[ ১৫৫ ]  মা বহি থাকিল শিক্ষকৰ কমনৰুমত। মই পৰাই-নোৱৰাই মনতে পৰীক্ষাত উত্তীৰ্ণ হ’মেই বুলি শৰীৰে নাটানিলেও ‘পাছ’ কৰা নম্বৰকেইটা যুগুত কৰাত লাগিলো।

 পৰীক্ষা শেষ কৰি ঘৰলৈ উভতিলো।

 ঘৰ পোৱাৰ পাছত মালাই মোৰ বুকু-পিঠিত মিঠাতেলেৰে মালিচ কৰি মোৰ উশাহ ঘূৰাই অনাত লাগিল। তাই শৰীৰৰ উত্তাপ ঘূৰাই অনাত ব্যস্ত। অলপ আৰোগ্য হৈ আকৌ পৰৱৰ্তী পৰীক্ষাৰ কাৰণে সাজু হ’ব লাগিব।

 ভূতৰ ওপৰত দানহ পৰাৰ দৰে নিয়তিয়েও মোৰ পৰীক্ষাৰ উপৰি পৰীক্ষা ল’বলৈ নেৰিলে। পৰীক্ষা দি অহাৰ পিছৰে পৰা তীব্ৰ জ্বৰে মোক থেকেচি মাৰিবলৈ ধৰিলে। লগতে প্ৰত্যক্ষ কৰিলো বাওঁ গালখনত এটা ফোহা ডাঙৰকৈ উঠি আহিছে।

 অতিপাত বিষ। বিষৰ জ্বালাই মোৰ সৰ্বশৰীৰ জৰ্জৰ কৰি পেলাইছে। পিছদিনাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত হ’ম নে বিষৰ জ্বালা-যন্ত্ৰণাত আড়ষ্ট হৈ পৰি থাকিম বিছনাত? ফোহাটো ডাঙৰ হৈ হৈ এটা ডাঙৰ আলুৰ সমান হৈ পৰিছে।

 উস! কিয় বাৰু নিয়তিয়ে মোৰ পৰীক্ষাৰ উপৰি পৰীক্ষা লয়! তেনেদৰেই পিছদিনাৰ পৰীক্ষাৰ বাবে সাজু হৈ ওলালোঁ। সেইদিনাৰ পৰীক্ষাটোও দি থৈ আহিলোঁ।

 মাজত এদিন বন্ধ। তাৰ পিছত অংকৰ পৰীক্ষা। অংক বিষয়টো মোৰ এটা ভাল লগা বিষয়। কি হ’ব এতিয়া? ফোহাটো ফুলি ফুলি ডাঙৰ হৈ বাওঁ চকুটো জাপ খাই গৈছে। এটা চকুৰে পৰীক্ষা দিব পাৰিমনে?

 মই পাৰিম। মই পৰীক্ষা এটা চকুৰেই দিম। কাৰণ মই দুবাৰ প্ৰৱেশিকা পৰীক্ষা দিবলৈ একেখন স্কুললৈ নাযাওঁ। অংকৰ শিক্ষক অঞ্জন ছাৰৰ লগত তেতিয়ালৈ আমাৰ আন্তৰিকতাৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ছাৰৰ মনত দুখে বাহ লৈছিল। ইমান কষ্ট সহ্য কৰাৰ পিছতো অদৃষ্টই এতিয়া মোৰ ওপৰত এটাৰ উপৰি আন এটা দুখ জাপি দিয়া বাবে।

 অঞ্জন ছাৰে পুৱা সাত বজাতে ফোন কৰি সুধিলে— ‘তুমি আজি অংকৰ পৰীক্ষা দিব পাৰিবানে?

 মই একে উশাহে ক’লো— ‘আপুনি ডিমৌ চাৰিআলিত ৰৈ থাকিব। আপোনাক মই মাত লগাই যাম।’

 ফোনটো থৈ মই পৰীক্ষালৈ সাজু হ’লো। ফোহাটোত ধূলি নপৰিবলৈ গোটেই মুখখন কাপোৰ এখনেৰে ঢাকি ল’লো। এটা চকু সম্পূৰ্ণকৈ জাপ খোৱা। এটা চকু উলিয়াই লৈছো। চাৰিআলিত মোৰ কাৰণে ছাৰ ৰৈ আছিল।

 ছাৰক মাতষাৰ দি আমি গন্তব্যস্থানলৈ গ’লো। [ ১৫৬ ]  মই মুখখন ঢাকি যোৱাৰ কাৰণে এইবাৰো ছাত্ৰ-ছাত্ৰীবোৰে মোলৈ জুমা জুমি। কৰি চালে। মোৰ সন্মুখেদি সিহঁতৰ লানি পাতি আহ-যাহ চলিল। সেইদিনা মোক গাৰ্ড দিয়া শিক্ষকজনৰ অন্তৰখন কোমল আছিল। তেওঁ মোৰ অবস্থা দেখি মৰমসনা মাতেৰে কৈছিল— ‘যিমানখিনি পাৰা সিমানেই কৰা। তোমাৰ গা বেছি বেয়া হৈ গৈছে।’

 মই টানি-আঁজুৰি কলমটো আগবঢ়াই নি আছো।

 শেষত শিক্ষকজনে মোৰ অৱস্থা চকুৰে চাই থাকিব নোৱৰাত কমনৰুমত বহি থকা মাক কৈছিলগৈ— ‘আপোনাৰ ছোৱালীৰ গা বেছিকৈ বেয়া হৈ গৈছে। উশাহ ল’ব নোৱৰা হৈছে। চকুৰ পানী বৈ আছে। আপুনি গৈ তাইক কওকগৈ যিখিনি কৰিলে সিমানেই হ’ব বুলি। বৰ কষ্ট পাই আছে।’ মায়ে শিক্ষকজনক কৈছিল— ‘তাই তেনেকৈয়ে অংক কৰি থাকিব। মই যদি এতিয়া তাইৰ ওচৰলৈ যাওঁ, তাই বেয়া পাব। মই বুজি পাইছোঁ তাইক তেনেকৈ চাই থাকি আপুনি বেয়া পাইছে। উপায় নাই। তাই কৰিব নোৱৰা হ’লে মোক মাতিব।’

 শিক্ষকে উপায়ান্তৰ নেদেখি মায়ে তেওঁক কোৱা কথাখিনি মোক ক’লেহি।

 মই সেইদিনাৰ পৰীক্ষা শেষ কৰিলোঁ। পৰীক্ষাৰ অন্তত মোৰ নৰিয়া অৱস্থাত শেষ ক্ষণ গণি থকা শৰীৰটোক দাঙি আনি অট’ৰিক্সাত তুলি অনাৰ দৰে ঘৰলৈ লৈ আহিল। ঘৰলৈ আনি আকৌ তেল মালিচ কৰা, উশাহ ঘূৰাই অনা, শৰীৰৰ উত্তাপ অনাৰ কাম। তেনেদৰেই মই মোৰ প্ৰৱেশিকা পৰীক্ষাৰ মহাযুদ্ধখন সমাপ্ত কৰিলোঁ, পৰাস্ত নোহোৱাকৈ।

 ২০০৫ চনৰ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফলত মোৰ প্ৰিয় বিষয় অংকত ৬১ শতাংশ নম্বৰ পাই মই দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’লো। পৰীক্ষাৰ ফলাফল শুনি মায়ে বৰকৈ কান্দিছিল। ময়ো মাৰ আশা পূৰণ কৰিব নোৱৰাৰ দুখত চিৰদিন মাৰ ওচৰত দোষী হৈ থাকিলোঁ।

 প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডাৰী স্কুলখনতে নামভৰ্তি কৰাটো থিৰাং কৰিলো।

 হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰাৰ পিছত বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে মাক কথা দিলে যে তেওঁ যিখিনি পাৰে সহায় কৰিব। কথা দিয়া মতে সেই বিদ্যালয়তে শিক্ষকতা কৰা প্ৰশান্ত ছাৰক মোৰ কাৰণে ঘৰলৈকে আহি ইংৰাজী নোটখিনি দি যাবলৈ ক’লে। কোনোদিনে এটাও ক্লাছ নকৰাকৈ একাদশ শ্ৰেণীৰ পৰীক্ষা দিবলৈ আগতে প্ৰৱেশিকা পৰীক্ষাত বহা স্কুলখনতে উপস্থিত হ’লোহি।

[ ১৫৭ ]

 এইবাৰ কিন্তু মোৰ হায়াৰ ছেকেণ্ডাৰীখনৰ অধ্যক্ষ ছাৰে পৰীক্ষাৰ আগতে এষাৰ মাতি দি যায়হি।

 মই অস্বাস্থ্যকৰ, দুৰ্গন্ধময় পুথিভঁৰালটোতে পুনৰ পৰীক্ষা দিলো।

 পৰীক্ষা দি থকাৰ মাজতে এদিন এটা ঘটনাই মোৰ মনত আকৌ দুখ দিলে। উক্তদিনা আৰু এগৰাকী ছাত্ৰী মোৰ লগত পুথিভঁৰালতে পৰীক্ষা দিবলৈ বহিল। মই ছোৱালীজনীৰ লগত চিনাকি হৈ বহি আছোঁ। নিৰ্দিষ্ট সময় হোৱাৰ লগে লগে এক শিক্ষয়িত্ৰী আমাৰ কক্ষলৈ সোমাই আহিল। কক্ষত ভৰি থৈয়েই তেওঁ ক’বলৈ ধৰিলে—‘মই কি হাস্পতালত নাৰ্ছৰ গাৰ্ড দিবলৈ আহিছোঁ নেকি? এনেকুৱা পৰিৱেশত ডিউটী দিব পাৰি নেকি? মোৰ আজিৰ ভাল দিনটো নষ্ট হৈ গ’ল।’ এনেদৰে বহু সময় অনৰ্গল তেওঁ তিক্ত বাক্যবাণ এৰি থাকিল। মই আৰু সেইদিনাৰ সংগীগৰাকীয়ে নীৰৱে বহি থাকিলোঁ। মোৰ সেইদিনা চকুপানীৰ বিপৰীতে মাথোঁ তপত হুমুনিয়াহ এটা বাহিৰ হৈছিল নিঃশব্দে। খন্তেক পিছতে বে’ল মাৰোঁতে তেওঁ আমাক বহী দি ক্ষান্ত হৈ এজনী এজনীকৈ দুয়োজনীৰ পৰিচয় ল’লে। তেওঁ মোৰ কি হৈছে, কেনেকৈ হ’ল সুধিলে।

 তেওঁৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ ডিঙিটো চেপি ধৰিছিল যদিও সন্মান সহকাৰে তেওঁক উত্তৰ দিলোঁ। আমি সেইদিনা পৰীক্ষা ভাল কৰা মানসিকতা দুয়োজনীয়ে হেৰুৱাইছিলো যদিও আমি আমাৰ কৰণীয়খিনি কৰিলো।

 তাৰ পিছৰ পৰীক্ষাটো দিবলৈ যাওঁতে জানিব পাৰিলো যে মোৰ লগত পৰীক্ষা দিয়া পৰীক্ষাৰ্থীগৰাকীৰ অভিভাৱকে স্কুললৈ আহি আগৰ পৰীক্ষাটোত শিক্ষয়িত্ৰীগৰাকীয়ে কৰা দুৰ্ব্যৱহাৰৰ কাৰণে অভিযোগ কৰিছে। মই যেতিয়া পৰীক্ষা কক্ষ পুথিভঁৰালটোত অকলে বহি থাকোঁ, তেতিয়া মই যিখন স্কুলৰ পৰা পৰীক্ষা দিছোঁ সেই স্কুলখনৰ চিনাকি শিক্ষক প্ৰশান্ত ছাৰ আহি আগৰদিনা শিক্ষয়িত্ৰীগৰাকীয়ে কৰা দুৰ্ব্যৱহাৰৰ বাবে দুখ প্ৰকাশ কৰিলেহি। ময়ো তেখেতক অনুৰোধ কৰিলো যে ভৱিষ্যতে এনেকুৱা নীচ মনৰ শিক্ষক-শিক্ষয়িত্ৰীক আমাৰ কক্ষলৈ নপঠিয়ায় যেন, যি ব্যক্তিয়ে ব্যৱহাৰ নাজানে।

 মানুহে কয়— ‘আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।’ কিয় জানো কিছুমান মানুহে শব্দ প্ৰয়োগৰ জৰিয়তে এনেধৰণৰ আঘাত দিয়ে ভাবি আচৰিত লাগে। তাৰ বিপৰীতে বহুজনে আকৌ এষাৰ মাতেৰে অলেখ সুখ দিব পাৰে। একাদশ শ্ৰেণী পাছ কৰাৰ পিছত দ্বাদশ শ্ৰেণীৰ ইংৰাজীৰ নোটখিনি প্ৰশান্ত ছাৰে ঘৰতে দি গ’লহি।অৰ্থ-বিজ্ঞান পাঠ্যক্ৰমৰ কেইটামান অধ্যায় বুজি নোপোৱাৰ বাবে মোৰ লগত পৰীক্ষা [ ১৫৮ ] দিয়া অনুপমাই, যি প্ৰায়েই মোক সংগ দিয়েহি; এদিন মোক ক’লে সে তাইৰ দাদাকে অৰ্থ-বিজ্ঞানৰ পাঠকেইটা চাই দিব পাৰিব। মই তাইক তাইৰ দাদাকক মোক বুজি নোপোৱাখিনি শিকাই দিবলৈ ক’লো। তাই সদায় আহি মোক কয়হি- ‘দাদাক কৈছোঁ। জানো সি আহেনে নাহে। মই নাজানো।’ পৰীক্ষা কাষ চাপিল, মোৰ অৰ্থ-বিজ্ঞানৰ পাঠকেইটা শিকা নহ’ল। প্ৰৱেশিকা পৰীক্ষাত যেনেদৰে কিতাপৰ সম্পূৰ্ণ অধ্যায় শেষ নকৰাকৈ পৰীক্ষা দিছিলোঁ, তেনেদৰে দ্বাদশ শ্ৰেণীতো সম্পূৰ্ণ কিতাপখন নজনাকৈ পৰীক্ষাত বহিছিলো। শৰীৰৰ যন্ত্ৰণা আৰু মানসিক যন্ত্ৰণাক মই পৰাস্ত কৰি দ্বিতীয় বিভাগত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’লো। সুখী নহ’লো। বি. এ. পঢ়িবলৈ নগাঁও কলেজত নামভৰ্তি কৰিছিলোঁ যদিও শাৰীৰিক

দুৰৱস্থাৰ কাৰণে পঢ়িব নোৱৰা হ’লোঁ।

[ ১৫৯ ]

(ঊনত্ৰিশ)

 এতিয়া আমাৰ চোতালত দৈনিক আড্ডা বহে। চাৰি ঘৰ মানুহেৰে হাই-উৰুমি নথকা আমাৰ চুবুৰিটো। মানুহৰ সংখ্যাও তেনেই কম। মই হুইল চেয়াৰত বহিব পৰা হোৱাৰ পৰাই আমাৰ ঘৰখনৰ পৰিৱেশটোৱেই সলনি হৈ গৈছে। এতিয়া আবেলি সময়ত মালাহঁতে মোক নামঘৰৰ বাটত ফুৰাবলৈ নিয়ে। ফুৰি আহি, খুৰীহঁতে ঘৰুৱা কাম শেষ কৰি আহি আমাৰ চোতালত বহাৰ পিছত আড্ডা আৰম্ভ হয়।

 আডডাৰ বিষয় বহু থাকে। যদি কেতিয়াবা খেলৰ বিষয় থাকে, কেতিয়াবা কিতাপৰ বিষয় থাকে। কেতিয়াবা চিনেমাৰ বিষয় থাকে। কেতিয়াবা মানুহৰ জীৱনৰ বিষয়ে আলোচনা হয়। সমাজৰ বিষয়েও আলোচনা হয়। কোনোবাই যদি কাৰোবাক বেয়াকৈ ক’লে সেই সময়তে তাৰ বিষয়েও আলোচনা হয়। কোনোবাই স্কুলত যদি আমোদজনক কথা শুনি আহিছে, তাৰো ভাগ আমাক দিয়ে। মাহঁতে বেংকৰ পৰা টকা আনিবলৈ যাওঁতে কিমান দীঘলীয়া শাৰীত থিয় হ’বলগীয়া হয়, সেই সময়ত কোনে কিমান বেয়াকৈ ক’লে। কোনোজন হৃদয়ৱান মানুহে আলৰ বৃদ্ধজনক নিজৰ ঠাইখিনি এৰি দি আগতীয়াকৈ টকা লৈ যাবলৈ দিলে, তাৰো চুটি-দীঘল অধ্যায় আড্ডাত থাকে।

 তাৰ মাজে মাজে দুই-এটা কৌতুকো শুনা হয়। মাহঁতে সৰুতে বৰষুণ দিলে কেনেকৈ কচুপাত মূৰত লৈ স্কুললৈ গৈছিল। এটা পাঁচ পইচাকে সদায় স্কুলৰ জিৰণি পিৰিয়ডত খাবলৈ নি সদায় ওভতাই আনিছিল কাইলৈ খাম বুলি। আৰু কাইলৈ খাম, কাইলৈ খাম বুলি কওঁতে কওঁতে এমাহ-দুমাহ পাৰ হৈ গৈছিল। মাহঁতৰ পুৰণি স্মৃতিবোৰে আমাক আমোদ দিয়ে।

 জিনা খুৰী, সবিতা খুৰী আৰু মাহঁতৰ সেই পুৰণি স্মৃতিৰ কথাবোৰ মালা, তন্দ্ৰালী, বিকি, বাবা আৰু মই আমনি নলগাকৈ শুনি থাকোঁ। হাঁহি উঠা কথা ক’লে, আমাৰ হাঁহিৰ খলকনিত গোটেই চুবাটোৱেই ৰজনজনাই উঠে।

 এতিয়া প্ৰত্যেকটো উৎসৱেই মই চোতালত একেলগে উপভোগ কৰোঁ। যদি কেতিয়াবা অসুস্থ অনুভৱ কৰি বাহিৰলৈ ওলাই নগৈ বিছনাতে শুই থাকোঁ, চোতালৰ পৰাই সকলোৱে মোক চিঞৰি থাকে। সিহঁতে প্ৰতিটো উৎসৱতে মোৰ উপস্থিতি [ ১৬০ ] একাগ্ৰতাৰে কামনা কৰে। কয় যে মই যদি আজিকালি চোতালৰ প্ৰতিটো উৎসবতে উপস্থিত নাথাকোঁ, তেনেহ’লে কাৰোৰে ভাল নালাগে। উদং উদং লাগে।

 আমি চুবুৰিটোৰ আটাইকেইঘৰে বিহু, ফাকুৱা, দীপাৱলী প্ৰতিটো উৎসবেই হাঁহি-ধেমালিৰ মাজেৰে উদ্‌যাপন কৰোঁ। এতিয়া মোৰ গোমোঠা মুখখনত হাঁহি নাথাকিলেও হাঁহিৰ ৰেঙণি এটা বিৰিঙি থাকে। সকলোৰে লগত কথাও পাতোঁ। সৰুকেইটাৰ লগত ধেমালিও কৰোঁ। চুপতা-চুপতিও লাগো। মাজে-সময়ে সিহঁতৰ লগত কেৰম খেলো৷ কাগজৰ টুকুৰাত চোৰ-পুলিচ্‌ খেলো। সিহঁতক সুখী কৰিবলৈ। ক’বলৈ গ’লে, মই এখন দুখে চুব নোৱৰা সুখৰ ফুল ফুলি থকা বাগিচাৰ সুবাস লৈ থাকোঁ।

 ঠাণ্ডাৰ দিন। লেপৰ উমৰ পৰা থেৰো-গেঁৰোকৈ উঠি মাক লেপখন আঁতৰাই নিবলৈ দিলো। মায়ে লেপখন দাঙি আঁতৰাই নিয়াৰ লগে লগে মোৰ সোঁভৰিখন দেখি বিকট চিঞৰ এটা মাৰি দিলে। মায়ে ৰাতি শুৱাই দিওঁতে মোৰ ভৰিখন যেনেদৰে থৈছিল তেনেদৰে নাথাকি এফালে বেঁকা হৈ ফুলি আছে। মায়ে ভৰিখনৰ কি হ’ল বুলি হাতেৰে লৰাই দিয়াত বিষত মই তাল-ফাল চিঞৰ লগালো। আঁঠুৰ হাড়ৰ জোৰাটো এৰাই গৈ ইফালে-সিফালে লৰি থকা হ’ল।

 মায়ে উমান পাই গ’ল। এইবাৰ মোৰ আনখন ভৰিও ভাগিল। লেপৰ জাপত মেৰ খাই ভাগি গ’ল। ডাক্তৰৰ কথাষাৰ মাৰ লগে লগে মনলৈ অহাত মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘ডাক্তৰে কৈছিল ভৰিৰ হাড়বিলাক বিস্কুটৰ দৰে হৈ গৈছে। অলপকৈ কষ্ট পালেই ভাগি যাব। এনেই লাগি আছে। আৰু আজি সেইটোৱেই হ’ল।’

 বিষৰ যন্ত্ৰণাই মোক নিথৰ কৰি পেলালে। লগে লগে অতদিনে সাঁফৰ মাৰি ‘কেতিয়াও আৰু তোক নকওঁ’ বুলি ভবা দুখবিলাকে গোট মাৰি থকাৰ পৰা পানী হৈ হুৰমূৰকৈ বৈ আহিল। যেন চকুলোৰ আকাৰ লৈ বৈ অহা পানীয়ে মোক হাঁহি হাঁহি বাহিৰ হৈ আহি ইতিকিং কৰিছে— ‘ক’ত তই আমাৰ পৰা আঁতৰি থাকিব বিচাৰ? আমি তোৰ লগতে থাকিম। তই এৰোঁ বুলিও আমাক এৰিব নোৱাৰ।’

 মাৰ দৌৰাদৌৰি লাগিল মোক ডাক্তৰৰ ওচৰলৈ নিবলৈ। সেই পুৱাতে এখন গাড়ী ভাড়া কৰি আনি মোক লৈ গ’ল, নগাঁৱৰ এজন হাড়ৰ ডাক্তৰৰ ওচৰলৈ।তেখেতে এক্সৰে কৰি মোৰ ভৰি ভঙাটো নিশ্চিত কৰি তিনিমাহলৈ প্লাষ্টাৰ কৰি দিম বুলি ক’লে। প্লাষ্টাৰৰ সকলো সামগ্ৰী গোটাই লোৱাৰ পিছত তেখেতে প্লাষ্টাৰ কৰিবলৈ লওঁতেই মই তেখেতক ক’লো— ‘ছাৰ, আপুনি যেনে ধৰণে মোৰ ভৰিত প্লাষ্টাৰ [ ১৬১ ] কৰিবলৈ ওলাইছে তেনেকৈ কৰিলে নহ’ব।’ তেখেতে খঙাল মূৰ্তিৰে ক’লে— ‘কিয়?’ মই তেখেতক নম্ৰভাৱে ক’লো— ‘মোৰ ভৰিত যদি আপুনি এনেদৰে প্লাষ্টাৰ কৰে, তেনেহ’লে দুদিনৰ পিছত ভিতৰি ভিতৰি এই ঠাই টুকুৰাত ঘা হৈ যাব।’ তেখেতে দুগুণ খঙেৰে ক’লে— ‘তুমি ডাক্তৰ নে মই ডাক্তৰ?’ মই ক’লো— ‘আপুনিয়েই ডাক্তৰ। তথাপি মই মোৰ শৰীৰটোৰ কিছু কথা জানো। গতিকে কৈছোঁ আপুনি প্ৰথমে মোৰ ভৰিখন বেণ্ডেজ কাপোৰেৰে ভালকৈ মেৰিয়াই তাৰ পিছত প্লাষ্টাৰ কৰক। নহ’লে নিশ্চয় ঘা হৈ যাব আৰু মই কষ্ট বেছি পাম।’ তেখেতে মোৰ কথাখিনি মানি নলৈ বহু গালি-গালাজ কৰি নিজৰ মতে বেণ্ডেজ কৰি পঠিয়াই দিলে। আমিও ঘৰলৈ ঘূৰি আহিলোঁ, ঘা হোৱাৰ শংকা লৈ। এতিয়া আকৌ সেই বিছনাতে বন্দী হৈ তিনিমাহ থাকিব লাগিব। মনটো সেমেকিল। কৰ্মব্যস্ততাৰ কাৰণে সৌৰভ নহা হোৱাৰে পৰা মোৰ মনৰ খোৰাকো নোপোৱা হ’লোঁ। মই আন মানুহক কিতাপ নিবিচাৰো। ভাব হয়— ‘কিতাপ পঢ়িবলৈ বিচাৰিলে দিবলৈ টান পাব নেকি? আৰু সেই কথা ভাবিয়েই আজিলৈকে কাৰোপৰা এখন কিতাপো বিচৰা নাই পঢ়িবলৈ।’

 মাত্ৰ দুটা দিন পাৰ হৈছেহে, ভঙা ভৰিখন প্লাষ্টাৰৰ খোলাটোৰ ভিতৰৰ পৰা এটা পচা পচা দুৰ্গন্ধই নাক চুলেহি। আমি অনুমান কৰাটোৱে হ’ল—প্লাষ্টাৰৰ ভিতৰত থকা শুকাই যোৱা ঘা টুকুৰা গাপ খাই আকৌ ঘা হৈ গ’ল। এইবাৰ মনটো এনেদৰে পিষ্ট হ’ল যে নিশ্বাসখিনিও তিতা হৈ ভিতৰৰ পৰা ওলাই আহিল। কি হ’ব এতিয়া? প্লাষ্টাৰ খুলি দিলে ভগা ভৰি জোৰা নাখাব আৰু যদি প্লাষ্টাৰ খুলি দিয়া নাযায়, গোটেই ভৰিখন গেলি যাব। দোধোৰ-মোধোৰ মাজত এটা দিন পাৰ কৰি আকৌ নগাঁৱৰ প্লাষ্টাৰ কৰি দিয়া ডাক্তৰজনৰ ওচৰলৈ লৈ গ’ল।

 তেখেতৰ ভুলৰ কাৰণেই যে মই কষ্টত ভুগিছোঁ, তাৰ বাবে তেওঁক অলপো অনুশোচনা কৰা যেন অনুভৱ নকৰিলোঁ। প্লাষ্টাৰ খুলি দি তেখেতে আমাক বিদায় দিলে। আমি ঘৰলৈ উভতি আহিলোঁ। জোৰা এৰাই যোৱা ভৰিখন আৰু গিলে যোৱা ঘাটো লৈ। সকলোৰে মনবিলাক বিষাদে ছানি ধৰিলে। এটা কথা মই দকৈ অনুভৱ কৰোঁ যে মনবিলাক যিমানেই বিষাদে ছানি নধৰক আমি সহজে দুৰ্বল হৈ নপৰোঁ।

 এইবাৰ আমি ঘৰতে ভৰি প্লাষ্টাৰ নকৰাকৈ জোৰা লগাম বুলি ভাবিলোঁ আৰু ঘাত শুকুৱাম বুলি মনতে দৃঢ় হ’লোঁ। ঘা ডোখৰত ঘা শুকোৱা পাউদাৰ দি থকা হ’ল। ভৰিখন জোৰা লগাবৰ কাৰণে এহাতমান কেঁচা বাঁহৰ মিহিকৈ কটা কামি চাৰিডাল বনোৱা হ’ল। এতিয়া ঘা ডোখৰ মুকলিকৈ থৈ তলত বেণ্ডেজৰ কাপোৰেৰে [ ১৬২ ] মেৰিয়াই মেৰিয়াই তাৰ তলে-ওপৰে চাৰিডাল কামি দি টানকৈ গৰম বেণ্ডেজ বান্ধি দিয়া হ’ল। ঘাডোখৰো বেণ্ডেজৰ মাজত নোসোমাল আৰু ভৰিখনো জোৰা লগোৱাৰ ব্যৱস্থা কৰা হ’ল। তেনেদৰে এসপ্তাহ থকাৰ পিছত আকৌ ৰ’দত বহুৱাই বেণ্ডেজ খুলি দি পৰিষ্কাৰ কৰি পুনৰ বেণ্ডেজ কৰি দিলে।

 মোৰ সেই কামখিনি বহুত নিপুণতাৰে মালা, বাবু আৰু মায়ে কৰিছিল। ঠাণ্ডা দিন হোৱা গতিকে ৰ’দ ওলোৱাৰ পিছত হুইল চেয়াৰত অশেষ কষ্টেৰে চোতালত নি বহুৱাই থয়। এনেদৰে তিনিমাহ পাৰ হ’ল। মোৰ ভৰিৰ জোৰাও লাগিল আৰু ঘাডোখৰো শুকাল।

 নিশাৰ ঘোপমৰা আন্ধাৰবোৰ নাইকিয়া হৈ পুৱাৰ পোহৰে ধৰিত্ৰীক উজলাই তোলাৰ দৰে মোৰ তিনিমহীয়া দুখবোৰে মোৰ পৰা বিদায় লৈ গুচি গ’ল। মই আকৌ আগৰ দৰে মুকলি মনেৰে জোনাক নিশা আঠনমান বজালৈকে চোতালত নীৰৱে বহি কথা পাতিব পৰা হ’লোঁ।

 হুইল চেয়াৰত বহিব পৰা হোৱাত মই প্ৰায়ে নিঃসংগতাৰে চোতালত বহি থাকোঁ। মোৰ অতিকৈ ভাললগা সময় সেইখিনি।

 মোৰ নিজৰ সময়।
[ ১৬৩ ]

(ত্ৰিশ)

 ২০০৬ চনৰ শেষৰ ফালে। এটা উখল-মাখল আনন্দৰ পৰিৱেশে ঘৰখন বিৰাজ কৰিলে। লগতে অলপ দুখেও চুই গৈছে মনবোৰ।

 মালাৰ বিয়া ঠিক কৰা হৈছে। জন্মৰ পৰা একেলগে থকাৰ পিছত তাই এতিয়া আনৰ ঘৰলৈ গুচি যাব। মোৰ অতিকৈ বেয়া লাগিছিল। তাই বিয়া হৈ যোৱাৰ পিছত মোৰ লগৰীয়া এজনী নোহোৱা হ’ব।

 বিয়া শেষ হ’ল। ঘৰখনো উদং উদং লগা হ’ল।

 মা, বাবু আৰু মই ঘৰখনৰ সদস্য হ’লোঁ।

 দিনবোৰ পাৰ হৈ আছে সময়ৰ হাতত হাত ধৰি।

 এখুজি-দুখুজিকৈ এটা নতুন ডাঙৰ সমস্যাই দেখা দিবলৈ ধৰিলে ঘৰখনত, ২০০৭ চনৰ আৰম্ভণিতে।

 মা জৰায়ুৰ ৰোগত আক্ৰান্ত হ’ল। অধিককৈ ৰক্তক্ষয় হৈ থকাৰ বাবে মাৰ শৰীৰ ভালে থকা নাছিল। প্ৰায় শয্যাশায়ী হৈ পৰিল।

 মোৰ অন্তৰাত্মাই মাৰ এই অসহনীয় কষ্ট চাই থাকিব নোৱৰা হ’ল। ঘৰৰ কামখিনি মায়ে নকৰিলেও নহয়। বাবুৰো ঘৰত থকাৰ থানথিত্‌ নাই।

 মই মাক অলপকৈ কামত সহায় কৰিবলৈ ল’লো।

 চি এম চিলৈ দ্বিতীয়বাৰ যাওঁতে মোক এসপ্তাহৰ প্ৰশিক্ষণ দিছিল। ঘৰুৱা কাম আৰু মোৰ প্ৰয়োজনীয় কিছু কাম কেনেকৈ কৰিব লাগে।

 মাক কামৰ পৰা সকাহ দিবৰ কাৰণে মই ঘৰ সৰা, মোৰ সুবিধা মতে ঘৰৰ ভিতৰতে বাচন ধোৱা, ঘৰ পৰিষ্কাৰ কৰাকে ধৰি সকলো কামেই কৰিবলৈ ল’লো।

 ভাত ৰান্ধিব ভালদৰে নাজানো, গতিকে মায়ে বিছনাৰ পৰাই দিহা দি থাকে।

 মোৰ কষ্ট হৈছিল যদিও কিবা এটা ভাল লগাই মোক আগুৰি ধৰিছিল। মই কাম কৰিব পাৰিছোঁ। নিজে হুইল চেয়াৰখনতে বহি মাহঁতক ভাত ৰান্ধি খুৱাব পাৰিছোঁ। মাক অলপকৈ হ’লেও কামত সহায় কৰি দিব পাৰিছোঁ। সেয়ে মোৰ কাৰণে বহুত।

 এবছৰীয়া চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ পিছত মা সুস্থ হৈ উঠিল।

 ২০০৮ চনৰ আৰম্ভণিতে দুজন সদস্যৰ স্থায়ী আগমনে আমাৰ ঘৰখনৰ সদস্যৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি কৰিলে।

[ ১৬৪ ]  প্ৰথমজন দেউতা, চাকৰিৰ পৰা অৱসৰ লৈ ঘৰলৈ উভতি আহিল। দ্বিতীয়জন স্থায়ী সদস্য হ’ল— ৰ’জ।

 ইংৰাজীৰ ৰ’জ বুলি ক’লেও গোলাপ ফুলক বুজায়। তাইৰ নামটোও ৰ’জ। গোলাপৰ কোমল পাহিৰ দৰে তাইৰ কোমল গাল দুখন। ধক্‌ ধক্‌ কৰে বগা মৰমলগা এজনী ধুনীয়া সাত বছৰীয়া ছোৱালী।

 মোৰ এগৰাকী বান্ধৱী মণিয়ে ৰ’জক আমাৰ ঘৰলৈ আনি দিছে।

 প্ৰথম কথা হ’ল— তাই আমাৰ কথা, ভাষা একো বুজি নাপায়। তাইক আমাৰ অসমীয়া ভাষা শিকাব লাগিব। আলুটো আন বুলি ক’লে পিয়াজটো আনে। গিলাচটো আন বুলি ক’লে কাপটো আনে।

 তাই এতিয়া আমাৰ ঘৰত হাঁহিৰ খোৰাক দিয়া ৰ’জ। ক্ৰমান্বয়ে ৰ’জে সকলো শিকিবলৈ ল’লে। মায়ে বহু যত্ন কৰি এদিন তাইৰ সম্পূৰ্ণ ষাঠিদিনীয়া মৌনব্ৰত ভাঙিলে। এই ষাঠিদিনত তাই খিলখিলাই হাঁহি থকাৰ বাদে আন এটা শব্দও উচ্চাৰণ কৰা নাছিল। দুমাহৰ অন্তত অলপ অলপকৈ নতুনকৈ মাত ফুটা শিশুৰ দৰে এটা-দুটা অসমীয়া ভাষাত কথা ক’বলৈ ললে। বস্তুবোৰৰ নামসহ সম্পূৰ্ণকৈ নহ’লেও অলপ- চলপ চিনাকি হ’ল।

 মায়ে তাইক ঘৰতে অ-আ, ক-খ আখৰকেইটাৰ লগত চিনাকি কৰাই দিলে। তাই আধা ফুটা মাতেৰে অ-অমিতা, আ-আম মাতিবলৈ ধৰিলে। তাই এ-এন্দুৰ পোৱাৰ লগে লগে সদায়েই ইমান জোৰেৰে হাঁহে যে মা আৰু মই তাইৰ হাঁহি দেখি ৰব নোৱাৰি আমিও হাঁহো।

 এদিন তাইক গাঁৱৰ এল পি স্কুলখনত প্ৰথম শ্ৰেণীত নামভৰ্তি কৰাই দিলে। এতিয়া ৰ’জ ষষ্ঠ শ্ৰেণীত।

 মোৰ এতিয়া সংগী বহু বাঢ়ি গৈছে, বাৰ ল’ৰা—এটা বাৰ বছৰীয়া চ’না আৰু এটা আঠ বছৰীয়া পল; মালাৰ আঠ বছৰীয়া ল’ৰা প্ৰিন্স। আটাইকেইটা মোৰ মৰমৰ ভাগিন। পাল্কী দুবছৰীয়া মৰমলগা ভতিজী। ভাইটিৰ ছোৱালী।

 এতিয়া ভাগিনহঁত স্কুল বন্ধত আমাৰ ঘৰলৈ আহিলে মই সিহঁতৰ হাজাৰটা প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈ থাকোঁ—

 মাহী, তুমি কিয় খোজ কাঢ়িব নোৱৰা হ’লা?

 মাহী, তুমি খোজ কাঢ়িব পৰা হৈ থাকোঁতে কি কি কৰিছিলা?

 ভগৱানে কিয় তোমাক এনেকুৱা কৰিলে?

 তোমাৰ যদি এখন ভৰি ভাল হৈ থাকিলে হয়, তেতিয়াও তুমি এখনেৰে [ ১৬৫ ] খোজ কাঢ়িব পাৰিলা হয়। অজস্ৰ। সিহঁতৰ শিশু মনকেইটাৰ অজস্ৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগে মই।

 ডাঙৰ ভাগিন চ’নাৰ কুটুৰণিত মাকে মামাৰ ঘৰৰ পৰা মোৰ পদব্ৰজ জীৱনৰ প্ৰমাণ আনি দিবলগীয়াত পৰিছিল। জীৱন আঁউসীয়ে আৱৰাৰ লগে লগে মোৰ সেন্দুৰীয়া জীৱনৰ যিমান ফটো আছিল, এদিনাখন কোনেও গম নোপোৱাকৈ মনৰ বেজাৰতে ফালি পেলালোঁ। মোৰ সেন্দুৰীয়া জীৱনৰ প্ৰমাণ বায়ে যে কাৰ কাৰ ঘৰত বিচৰা নাছিল! শেষত মামাহঁতৰ পুৰণি এলবাম এটাৰ পৰা এখন ফটো পাই লৈ আহি তাক দেখুৱালে। এতিয়া আটাইকেইটাই মোৰ ফটোখন চাই কিমান যে কথা নকয়!

 উৎসৱবিলাক আগতকৈ বেছি ভাললগা হৈছে। প্ৰতিটো উৎসৱতে নহ’লেও প্ৰায়ে সত্যেন্দ্ৰ ভিনদেউ আৰু মালাৰ গৃহস্থ তপন আৰু ভাগিনকেইটা উপস্থিত থাকে। বাবুৱেও বিয়া পতা কৰৱীৰ সৈতে ঘৰখনৰ প্ৰতিজন সদস্যৰ উপস্থিতিত উৎসৱবোৰ আনন্দমুখৰ হৈ উঠে।

 মোৰ কাৰণে ব্যৱহাৰ-উপযোগী এটা শৌচাগাৰ সজা হ’ল। চাৰি ঘণ্টাৰ মূৰে

মূৰে মই নিজেই কেথেটাৰ ব্যৱহাৰ কৰি প্ৰস্ৰাৱ কৰোঁ। পায়খানা কৰাটো মোৰ বাবে এটা দুৰ্বিসহ কষ্টকৰ কাম। [ ১৬৬ ]

(একত্রিশ)

 তেতিয়ালৈকে আমাৰ নিজাকৈ এখন খবৰ-কাকত লোৱা হােৱা নাছিল। সবিতা খুৰীহঁতে পঢ়িবলৈ লােৱা ‘আমাৰ অসম’ কাকতখন কেতিয়াবা আনি পঢ়োঁ।

 সেইদিনা পুৱা খুৰীয়ে খিৰিকীৰে মাত দি ক’লে— ‘আজিৰ খবৰ’ কাকতখন চাবাচোন । তাত এগৰাকী ছােৱালীৰ জীৱন কাহিনী সংক্ষিপ্ত দিছে। পঢ়ি ভাল পাবা।

 কাকতখন আনি লেখাটো পঢ়ি মুগ্ধ হৈ পৰিলোঁ। মা, খুৰী, তন্দ্রালীয়ে মােকো লেখা এটা লিখি ‘আমাৰ অসম’ কাকতখনলৈ প্ৰেৰণ কৰিবলৈ ক’লে।

 মাহঁতৰ উৎসাহতে এটা নিবন্ধ লিখি সম্পূর্ণ কৰিলোঁ। নিবন্ধ লিখি এতিয়া ‘আমাৰ অসম’ কাকতলৈ কেনেকৈ প্ৰেৰণ কৰিব লাগে নাজানাে, গতিকে আমাৰ বহু পুৰণি মঙলদৈৰ পৰিচিত জ্যেষ্ঠ সাংবাদিক গণেশ দত্তক ফোন কৰি জনালোঁ যে মই এটা লেখা ‘আমাৰ অসম’ কাকতলৈ পঠাব বিচাৰিছোঁ। আপােনালৈ লেখাটো প’ষ্ট কৰি দিম, আপুনি এবাৰ চাই দি ‘আমাৰ অসম’ কাকতখনৰ ঠিকনাটোৰ সৈতে মােলৈ পষ্ট কৰি দিব ।

 তেওঁলৈ মই লেখাটো প’ষ্ট কৰি পঠিয়ালোঁ। তেওঁ লেখাটো পঢ়ি কেনেকৈ দৰ্খাস্ত লিখিব লাগে, এটা কপি লিখি আমাৰ অসমৰ ঠিকনাটোৰ সৈতে দি পঠালে।

 এমাহ অপেক্ষা কৰাৰ পিছতাে কাগজখন নাপালোঁ। শেষত অপেক্ষাৰ অন্ত পেলাবলৈ তেখেতক আমাৰ ঘৰলৈ আহি কাগজখন দি যাবলৈ ক’লাে। বৰ ব্যস্ত ব্যক্তি যদিও তেওঁ মােৰ কাৰণে এটা দিন ক্ষতি কৰি কাগজখন মােক দি গ’লহি।

 পিছদিনা মায়ে নিজে গুৱাহাটীৰ ‘আমাৰ অসম’ কাকতৰ কাৰ্যালয়ত মােৰ নিবন্ধটো দি আহিল।

 ২০১০ চনৰ ৩১ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে মােৰ লেখা ‘দুখ আৰু জীৱনৰ লগৰী’য়ে ‘আমাৰ অসম’ৰ পৃষ্ঠাত ভুমুকি মাৰিলে।

 তন্দ্রালীয়ে মােৰ লেখাটো চকুত পৰাৰ লগে লগে দৌৰি আহি কাকতখন লৈ [ ১৬৭ ] মোৰ কাষ পালেহি। নিজৰ লেখা ছপা আখৰত প্ৰথম প্ৰকাশ হৈ ওলোৱাত আনন্দ উচ্ছল হৈ পৰিল পুৱাটো।

 মই মোৰ লেখা পঢ়ি শেষ কৰিবলৈ নাপালোঁৱেই, এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল। ফোনটো ধৰাৰ লগে লগে প্ৰথমে সুপ্ৰভাত জনাই মোৰ লেখাটোৰ বিষয়ে আৰু জীৱনৰ ঘাত-প্ৰতিঘাতৰ ওপৰত অলপকৈ কথা পাতি জীবনত আগবাঢ়ি যাবলৈ শুভেচ্ছা জনালে। লেখাটোৰ লগতে মোৰ ফোন নম্বৰটো দিয়া গতিকে ইটোৰ পিছত সিটো ফোন লানি নিছিগাকৈ আহিবলৈ ধৰিলে। প্ৰত্যেকজনে নিজস্ব কথনশৈলীৰে মোক আপ্লুত কৰিলে। কোনোজনে নিজৰ জীৱনৰ দুখ-কষ্টৰ লগত মোৰ জীৱনটোক তুলনা কৰিলে, কোনোজনে মোৰ লেখাৰ পৰা কিবা এটা পাইছে বুলি জনালে। বহুজনে মোৰ লগত আছোঁ বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। বহুজনৰ লগত সেই মুহূৰ্তৰে পৰা এটা সম্পৰ্কয়ো গঢ় ল’লে— জেঠাই-জেঠু, মামা-মামী, দাদা-বাইদেউ, বৰমা-বৰদেউতা, ভাইটি, খুৰা-খুৰী আদিৰ অনাত্মীয় হৈয়ো আত্মীয় সম্পৰ্ক। দুখৰ বোজা কঢ়িয়াই লৈ ফুৰা কোনোজনেও ফোন কৰি তেওঁৰ জীৱন বৃত্তান্ত সুঁৱৰিলে। মানুহৰ কাৰণে আন এজন মানুহৰ থাকিব পৰা হৃদয়ৰ অনুভৱ মই শুনিলোঁ। মোৰ ভাল লাগিছিল প্ৰেৰণাদায়ক প্ৰতিশ্ৰুতি, উৎসাহেৰে ভৰি পৰা শব্দবোৰত।

 মোবাইলৰ ইনবক্স ভৰি পৰিল অচিনাকি নম্বৰৰ পৰা অহা প্ৰেৰণাদায়ক বাৰ্তাৰে।

 কেতিয়াও নেদেখা এখন জগত মই বিছনাতে দেখিলোঁ। লেখাটো প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জনাবলৈ দুপৰীয়া আমাৰ অসমৰ মুখ্য সম্পাদক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিলৈ ফোন এটা কৰিলোঁ। ছাৰে ফোনটো ৰিচিভ কৰি মৃদু কণ্ঠস্বৰেৰে মতাৰ লগে লগে মনটো ভাল লাগি গ’ল। প্ৰথমবাৰ কথা পাতিয়েই খুব কম সময়তে তেওঁ মোক এখন বেলেগ পৃথিৱীৰ কথা ক’লে। মোৰ মনৰ ভাববিলাক লেখাৰ জৰিয়তে প্ৰকাশ কৰি তেওঁ খবৰ কাকতলৈ পঠাবলৈ ক’লে। মোক লিখিবলৈ উৎসাহ দিলে। তেওঁৰ আশীৰ্বাদ, উপদেশ আৰু জীৱনবাণী মোৰ বাবে সঞ্জীৱনী সুধা হৈ পৰিল।

 লাহে লাহে আমাৰ ঘৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ হৃদয়বান ব্যক্তিসকলৰ আগমন [ ১৬৮ ] হ’বলৈ ধৰিলে। মোক শুভেচ্ছা জনাবলৈ অহা প্ৰায়বোৰ ব্যক্তিয়ে মোলৈ বুলি কিতাপৰ একো একোটা টোপোলা লৈ আহিছিল, যিসকলে মোক কলম চলাই যাবলৈ উৎসাহ যোগাইছিল। এই হৃদয়বান ব্যক্তিসকলৰ সংস্পৰ্শলৈ অহাৰ পাছতহে মই বাহিৰৰ সুন্দৰ জগতখনৰ সম্ভেদ পাইছিলোঁ।

 বন্ধ কোঠালিত থাকি মই অনুমানেই কৰিব পৰা নাছিলোঁ যে বাহিৰতো ইমান সুন্দৰ মনৰ মানুহৰ পৃথিৱী এখন আছে।

 ২০১১ চনৰ ২৪ ব’হাগত আমাৰ আশা পূৰ্ণ কৰিবলৈ স্বনামধন্য হোমেন বৰগোহাঞি ছাৰ, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, ডাঃ সৌৰভ ভূঞা, ডাঃ ৰুবী কটকী, বিনু ভূঞা আদি আমাৰ ঘৰত উপস্থিত হৈ আমাক ধন্য কৰিলে। প্ৰত্যেকজনে মোৰ কাৰণে কিতাপৰ উপহাৰ লৈ আহিছিল।

 নতুনকৈ হৃদয়ৰ বান্ধোনেৰে বান্ধ খালে শৰ্মিষ্ঠা প্ৰীতম, অনিন্দিতা কলিতা, ৰশ্মিৰেখা ভূঞা, ছয়নিকা ভূঞা, ধ্ৰুৱজ্যোতি দাস, মণিকা দাস, বিদ্যাৱতী গগৈৰ দৰে জীৱন-যুঁজত পৰাজয় নোহোৱা বিজয়ী, সাহসী সহযাত্ৰী। ‘মটৰ নিউৰণ’ৰ দৰে জটিল ৰোগত আক্ৰান্ত জেছমিন আৰা আহমেদৰ যন্ত্ৰণাৰ তুলনাত মোৰ যন্ত্ৰণা নগণ্য যেন অনুমান হ'ল।

 এদিনাখন আনৰ দুখত দুখী হ’ব পৰা তেজপুৰৰ ডাঃ গোপেন্দ্ৰ মোহন দাসে আমাৰ গৃহত উপস্থিত হৈ মোক ক’লে— “তুমি তোমাৰ ভাৱসমূহ কবিতাৰ আকাৰত প্ৰকাশ কৰি যোৱা। মই এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াই দিম, তোমাৰ কবিতাৰে।

 ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহ। মোৰ প্ৰথম কবিতা সংকলন ‘বেদনাৰ মিঠা মাদকতা’ প্ৰকাশ হৈ ওলাল। ডাঃ গোপেন্দ্ৰ মোহন দাসৰ প্ৰচেষ্টাত। অসমৰ বহু গুণী-জ্ঞানী ব্যক্তিৰ উপস্থিতি, কৰুণাধাৰা ন্যাসৰ শ্ৰীযুত নিশিনাথ চাংকাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত ‘বেদনাৰ মিঠা মাদকতা’ উন্মোচন কৰিলে হাস্যৰসিক, গায়ক, মোক হৃদয়ত স্থান দিয়া ডাঃ অঞ্জনজ্যোতি চৌধুৰীদেৱে।

 এয়াই আৰম্ভণি। জীৱনৰ ঘাত-প্ৰতিঘাত; দুখ-বেদনাক মনৰ দৃঢ়তাৰে দমন [ ১৬৯ ] কৰি ন-দৃষ্টিৰে জীৱনটোক উপভোগ কৰিবলৈ হাতত কলম তুলি ল'লোঁ। ড° ভূপেন হাজৰিকাৰ এটি গীতলৈ মনত পৰিছে—

“মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই,
জীৱন আকাশত নতুন সাহসৰ পৰিছে জ্যোতি দেখিছানে নাই।
.... .... .... ....
যিমান পাৰা হোৱা অগ্ৰগামী নৰ’বা কিঞ্চিৎ কোনো লাভ নাই।

 জীৱনটো সঁচাকৈয়ে সুন্দৰ। জীৱনৰ নোপোৱাখিনিৰ হা-হুতাহ পাহৰি গতিশীল সময়ৰ লগত আগুৱাই যাবলৈ মই পণ কৰিছোঁ। সীমাহীন শাৰীৰিক যন্ত্ৰণাৰ মাজতো জীৱনৰ নতুন অৰ্থ বিচাৰি...



□ □ □

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।