পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 দুখ পামনো কিয়?

 দুখ জানো এতিয়া মোৰ কাৰণে নতুন কিবা এক অনুভৱ!

 সি চোন মোৰ সহচৰ। তাক এৰি মই এতিয়া এখন্তেকো থাকিব নোৱৰা হ’লোঁ। উশাহৰ লগত সি লৈছোঁ মই দুখক আৰু দুখে মোক সি লৈছে নিশাহৰ লগত।

 এতিয়া মই মাঘৰ বিহুত দেউতা আহিলে উৎকণ্ঠাৰে নতুন পিন্ধা কাপোৰ আনিব বুলি বাট চাব নালাগে। অভিমানো কৰিব নালাগে কাপোৰ পছন্দ হোৱা নাই বুলি।

 এতিয়া মায়ে মোক কাপোৰ আনি দিয়ে।

 মোক এতিয়া গোটেই শৰীৰটোৰ কাৰণে কাপোৰ নালাগে? কঁকালৰ ওপৰখিনিৰ কাৰণে কাপোৰৰ টপ্ হ’লেই হ’ল। কঁকালৰ তলৰ অংশ ডাঠ প্লাষ্টিকেৰে ঢকা থাকে। তাৰ ওপৰত এখন দীঘল কাপোৰ কঁকালৰ পৰা ভৰিলৈকে।

 অন্তৰ্দাহ, অস্বস্তিত ভুগিছিলোঁ যেতিয়া মাৰ অনুপস্থিতিত বা, মালাই মোৰ মল-মূত্ৰ পৰিষ্কাৰ কৰিবলগীয়াত পৰিছিল।

 মা কেতিয়াবা বিশেষ কামত ঘৰৰ পৰা বাহিৰলৈ যাবলগীয়া হোৱাত যদি কাপোৰ তিতি চপচপীয়া হৈ প্ৰস্ৰাৱে গোটেই গাতে ডোঙা পাতি যায়, সিহঁত দুয়োজনীয়ে তিতা কাপোৰখিনি সলাই শুকান কাপোৰ পাৰি দিছিল। ঘিণ ভাব নকৰাকৈ পায়খানা পৰিষ্কাৰ কৰি দিছিল। মোক অনুভৱ কৰিব নিদিছিল যে, সিহঁতে মোৰ লেতেৰাখিনি পেলাই বেয়া পাইছে বা ঘৃণা কৰিছে।

 সিহঁতক মই ‘ঘৃণা’ কৰিছ নেকি বুলি সুধিলে উত্তৰত ‘কিয় কৰিম’ বুলি কয়। তই আমাৰ হয়। কিয় ঘৃণা কৰিম? দুই-তিনি দিনৰ মূৰে মূৰে চুলি ধুৱাই দিয়ে। বিছনাৰ ওচৰত চৰিয়া এটা পাৰি ধুৱাই দিয়ে। এমাহ-দুমাহৰ অন্তৰত মোক পিছফালৰ দমকলৰ পাৰত এখন চকীত বহুৱাই দি গা ধুৱাই দিছিল। সেইদিনা ঘৰৰ সকলোৰে মুখবিলাক শোকত তিতি থাকে। চকু চলচলীয়া হৈ থাকে। দুজনীয়ে গাত ধৰি দাঙে। এজনীয়ে ভৰি দুখন দাঙে।

 দাঙি নিওঁতে বিছনাৰ পৰাই তেজ বৈ মঙহ এৰাই গৈ থাকে। গোটেই

বাটটোতে তেজে ভোঙা বান্ধে। মায়ে তেজ মচি নিয়ে। সিহঁতে মোক খৰধৰকৈ গৈ

৮৩