পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বাবুক ছাৰহঁতে মোক কেনেকৈ ঘূৰাই হেঁচুকি মাৰি দিলে বহিব শিকাই দিছে। সি মোক এতিয়া অ’টিৰ সকলোখিনি কৰে, পিটিৰো ডামবেল অনা, স্প্ৰিং আনি দিয়া সকলোখিনি কৰে।

 বাবু এতিয়া পি.টি, অ’টিৰ ছাৰ মেডামহঁতৰ ভাল মৰমৰ বন্ধু হৈ পৰিছে। অ’টিৰ ব্যায়ামখিনি শেষ হ’লে তাত সদায় খেলিব দিয়ে। খেলাৰ সামগ্ৰী আছে দবা, লুডু, কেৰম, পাজোল সজা, বল আদি বিভিন্ন খেল। অনিশ কেৰালাৰ ল’ৰা। পুৱা সদায় কপালত বগা ফোঁট এটা লৈ, ওঁঠত লাগি থকা হাঁহিটোৰে গুড মৰ্ণিং কয়হি গেটৰ ওচৰত। বয়সত মোতকৈ এক-দুই বছৰমান ডাঙৰ হ’ব।

 পাৰ হৈছিল তেনেদৰে দুই-তিনি দিন। চতুৰ্থ দিনা মোৰ কাষলৈ আহি ইংৰাজীতে মোৰ নামটো সুধিলে। ঘৰ ক’ত সুধিলে। উত্তৰ দিলোঁ। গ’লগৈ। এনেদৰে মা,বাবুকো মাতোঁতে মাতোঁতে আমাৰ মাজত এক মানৱীয় সম্পৰ্ক গঢ় লৈ উঠিল। অনিশে হিন্দী বুজি নাপায়। ইংৰাজী কয়। মই ইংৰাজী ক’ব নাজানো। সি কোৱাকেইটা বুজি পাওঁ অলপ অলপ। মই তাক সমবয়সীয়া হোৱা গতিকে নাম কাঢ়ি মাতোঁ।

 মই তাক হিন্দী শিকাবলৈ ল’লোঁ। সদায় আবেলি আমি নিমগছৰ তলত থাকি ভাষা শিকো। সি মোক কেৰালা ভাষা শিকায়। মই তাক অসমীয়া, হিন্দী শিকাওঁ। সি হিন্দী অলপ অলপ শিকিলে। মইহে কেৰালা ভাষা শিকিব নোৱাৰিলোঁ। একেবাৰে শিশুসুলভ মনৰ ল’ৰা। কোনো কলুষিতা নাই অন্তৰত। আছে মাথোন অসীম আন্তৰিকতা।

 বাবু আৰু মই সদায় জোকাওঁ তাক ‘অনিশ ষ্ট্ৰং টী’।

 কি কয়--- ন’ ন’।

 তাৰ মানে অনিশে কাঢ়া চাহ নিপিয়ে। আমি আকৌ গাখীৰ দি চাহ পিলে কাঢ়াকৈ পিওঁ। এদিন অনিশক কাঢ়া গাখীৰৰ চাহ পিবলৈ দিলোঁ। সি এঢোক পি আৰু নিপিওঁ বুলি ক’লে। আমি নেৰো, সম্পূৰ্ণ খাব লাগিব। নহলে নামাতো বুলি ক’লোঁ। সি উপায় নাপাই কাঢ়া চাহকে পি দিলে ঢোক ঢোক কৰি। সেইদিনাৰ পৰা আমি তাক ষ্ট্ৰং টী বুলি ক'লেই ন’ ন’ বুলি কয়। সঁচাকৈ বহু ভাল লাগিছিল তাত

কৰা ধেমালিবোৰ। দুখৰ ভৰতে আমি হাঁহিছিলোঁ যন্ত্ৰণাৰ চেপাতো আমি আনন্দ

১২১