আঠ বছৰৰ মূৰত মোক ধুনীয়া এটা ‘লংপেন্ট’ পিন্ধাই দিলে।
গধূলি ছয় বজাত মা, দেউতা, মই আৰু ট্ৰেইনত উঠাই দিবলৈ ওলোৱা সৌৰভ, বাবু, গাড়ী চলাই যোৱা দাদাজনৰ সৈতে গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ।
ষ্টেচন পোৱাৰ পিছত মোক ষ্ট্ৰেচাৰত তুলি নি ষ্টেচনৰ অপেক্ষাৰত কোঠাত এখন কাঠৰ দীঘল টেবুলত শুৱাই দিলে।
ডাক্তৰজনে গুৱাহাটীলৈ যোৱাৰ আগতে সংযোগ কৰি দিয়া কেথেৰেটডাল ভালদৰে সংযোগ নোহোৱা বাবে গোটেই ৰাস্তাত প্ৰস্ৰাৱ বাহিৰ হৈ গৈছিল।
আকৌ আগৰ পদ্ধতিতে কাপোৰ পাৰি দি শুৱাই থ’লে।
আমি গৈ ষ্টেচন পোৱাৰ আগতেই মামাৰ ল’ৰা নৱ আৰু দুজনমান তাৰ লগৰ ল’ৰা আহি উপস্থিত হৈছিলহি।
কিন্তু আহি উপস্থিত হোৱা নাছিল আমাৰ লগত ভেলোৰলৈ যোৱা পল্লৱদা।
আমি সকলো চিন্তিত হ’লোঁ। যদি তেওঁ আহি নাপায় কি হ’ব? যদি নাযায় কি হ’ব? অলেখ ভাবনাত শংকিত হৈ থাকিল মনবোৰ। নিশা বাৰ বাজোঁ বাজোঁ হৈছে, একো গম-গতিয়েই নাই।
কি হ’ব? যদি নাহে?
ঘড়ীৰ কাঁটা যিমান বেগেৰে পুৱাৰ ফালে আগবাঢ়িছিল, আমাৰ বুকুৰ ধপধপনি তাতোকৈ বেছি বেগত ধপ্ধপাইছিল।
প্ৰতি ছেকেণ্ড এক দিন যেন লাগিছিল।
কোনোবাটোৱে কৈছিল— ‘নাহে আৰু।’
কোনোবাটোৱে কৈছে- ‘আহিব ৰ।’
কোনোবাটোৱে কৈছে— ‘তাৰ ঘৰলৈ যাওঁ। লৈ আহোঁগৈ।’
তাত উপস্থিত থকা প্ৰত্যেকজনৰ মন শংকাৰে ভৰি পৰিছিল।
আহিবনে? আহিবনে?
শেষত, পল্লৱদা আহিল।
এটা শংকিত অপেক্ষাৰ অন্ত পৰিল...