আমি আমাৰ নতুন ঘৰটো পৰিষ্কাৰ পৰিপাটি কৰি ৰাখিবলৈ প্ৰত্যেকজনীয়ে এটা এটা কোঠা ভগাই লৈছিলোঁ। মোৰ ভাগত আছিল আমি শোৱা খোঁটালীটো। বাৰ ভাগত আছিল সন্মুখৰ খোঁটালী আৰু মালাৰ আছিল পাকঘৰটো। তেনেদৰে ঘৰ সৰা, চোতাল সৰা আৰু বাচন ধোৱা ঘৰখনৰ প্ৰত্যেকটো ঘৰখনৰ কাম ভাগ ভাগ কৰি লৈছিলোঁ। আমাৰ এই ভাগ কৰি লোৱা কামখিনিৰ মাজতো এক ভীষণ প্ৰতিযোগিতা চলিছিল আটাইকেইজনীৰ মাজত। কাৰ খোটালী কিমান পৰিষ্কাৰ হৈ আছে। মই বা আন কোনোজনীয়ে যদি কোনোজনীৰ খোটালী অপৰিষ্কাৰ, বিশৃংখল হৈ থকা দেখুৱাব পাৰোঁ, তেনেহ'লে তাই সেইদিনা দেখুৱাই দিয়াজনীৰ আগত লাজতে মূৰ দাঙিব পৰা অৱস্থা হৈ নাথাকিছিল।
আমাৰ নতুন ঘৰটোৰ আগত এতিয়া এখন দীঘল চোতাল। আমাৰ আৰু খুৰাহঁতৰ দুয়োখন মিলি এখন দীঘল আহল-বহল চোতাল। আমি তাত এতিয়া ‘হৈ গুডু’, ‘ধৰা গুডু’, ‘কাবাডী’, শালিকী এ... লথৌ থৌ... ভাত হ’ল শাক হ’ল, ‘চুৱা চুই’, মুকলিমূৰীয়াকৈ খেলিব পৰা হ'লো।
ৰজাই হুকুম দিছে, এদিম চেদিম বা
কি হুকুম দিছে, এদিম চেদিম বা
ৰজাক ছোৱালী এজনী লাগে এদিম চেদিম বা
কোন? ছোৱালী লাগে এদিম চেদিম বা...
ঐ তই মোৰ নামটো ক’ মোক মাত...
মই সকলোতকৈ আগতে ৰাণী হ’ব বিচাৰিছিলোঁ।
আন কাৰোবাৰ নাম লোৱাৰ আগতে মই চিঞৰি উঠিছিলোঁ।
মই ৰাণী হ'ম... মই ৰাণী হ'ম।
তেতিয়া মোৰ খেলৰ সংগী বা, মালা, আইমণি, সৰুমণিহঁতে প্ৰশ্ন কৰিছিল— ঐ তয়ে সদায় প্ৰথমে ‘ৰাণী’ হ’ব বিচাৰ। তই বাৰু আমাতকৈ আগতে মন পছন্দৰ ‘ৰজা’ বিচাৰি ৰাণী হবি নেকি?
সিহঁতৰ প্ৰশ্নত মোৰ লাজতে গাল-মূৰ, ৰঙা-চিঙা পৰি গৈছিল।
অভিমান কৰি কৈছিলোঁ— কিয়?