পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰতিদিনে অ’টিত পেছেন্টক কৰিবলগীয়াখিনি কৰি আহি মোৰ লগত খেলিবলৈ। মোৰ আমনিদায়ক যন্ত্ৰণাগধুৰ সময়খিনিত অলপ সময়ৰ কাৰণে ৰসাল কথা কৈ আনন্দমুখৰ কৰিবলৈ।

 তেওঁলোক ব্যৰ্থ হৈছিল মোৰ ‘মৌনতা’ ভাঙিবলৈ। যন্ত্ৰৰ দৰে মই তেওঁলোকৰ

নিৰ্দেশত তাচপাত মিলোৱা খেলত তাচপাতৰ পট্টা এখনৰ পিছত এখন দি থাকোঁ। শ্বৰীফ ছাৰ আৰু আন্নাই সদায় ছুটীৰ পিছত মাত লগাই যায়, মোৰ পৰা কোনো প্ৰত্যুত্তৰ নোপোৱাকৈ। অনিশ আহে উদাস উদাস মনটো লৈ। মা-বাবু থাকে কাঁইটে আঁচুৰি বখলা-বখল কৰি পেলোৱা অন্তৰকেইখনক লুকুৱাই।

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছো-৯
১২৯