পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তেতিয়াৰ দিনত স্কুলীয়া ইউনিফর্ম দিয়া নাছিল যদিও মই সদায় দেউতাই আনি দিয়া স্কুলীয়া ইউনিফর্ম নীলা স্কার্ট আৰু বগা ছার্ট পিন্ধি গৈছিলোঁ। মােৰ চুলিখিনি সৰুৰে পৰা কঁকালত পৰাকৈ দীঘল আছিল। নিজে বেণী গুঠিব নােৱাৰোঁ, গতিকে মায়ে সদায় স্কুললৈ যােৱাৰ আগতে দুডালকৈ বেণী গুঁঠি ৰঙা ফিতাৰে বান্ধি দিছিল। মাৰ সেইটো দৈনন্দিন কাম আছিল।

....

 স্কুলীয়া জীৱনৰ আন এক চিৰযুগমীয়া মনত সাঁচ বহুৱা স্মৃতি আজিও জীৱন্ত হৈ আছে মােৰ মানসপটত। স্মৃতি বুলিও নকওঁ। মােৰ জীৱনৰ এটা অক্ষয় পর্ব। এই পর্বটো আৰম্ভ হৈছিল মই পঞ্চম শ্ৰেণীত পঢ়াৰ পৰা নৱম শ্ৰেণীলৈকে। বা আৰু মই প্রথম শ্রেণীৰ পৰা একেলগে পঢ়িছিলোঁ, একেটা শ্রেণীতে হােৱাৰ বাবে দুয়ােজনীয়ে প্রথম বেঞ্চত একেলগে ওচৰা- উচৰিকৈ বহিছিলোঁ। শ্ৰেণীত কোনাে বিষয়ৰ ওপৰত যেতিয়া ছাৰসকলে আমাক মুখস্থ ধৰায়, বায়ে যদি কেতিয়াবা মুখস্থ দিব নােৱাৰিছিল, তাৰ শাস্তিত ছাৰসকলে বাক মাৰিবলৈ ধৰিছিল—মই তাইক মৰাৰ আগতে গােটেই স্কুল ঘৰটো ৰজনজনাই যােৱাকৈ চিঞৰি চিঞৰি কান্দিছিলোঁ।

 মই ছাৰ জনক কৈছিলোঁ— তাইক নামাৰিব, নামাৰিব।

 ছাৰে আচৰিত হৈ কৈছিল—‘তােকতাে মৰা নাই। তােৰ বায়েৰকহে মাৰিম। তই কিয় কান্দিছ? তােৰ গাততাে কোব পৰা নাই? হয়। মােৰ গাত কোব পৰা নাছিল, কিন্তু বা বাক... যদি কোনােবাই বেয়াকৈ কয় বা মাৰে, তাইতকৈ প্রথমে মােৰ বুকুত আঘাত লাগিছিল। তাইৰ গাত কোব পৰাৰ আগতে মােৰ শৰীৰত বেত্রাঘাত পৰা যেন অনুভৱ হৈছিল। যদিও মই তাইতকৈ দুবছৰ সৰু আছিলোঁ তথাপি তাইতকৈ নিজকে ডাঙৰ ডাঙৰ লাগিছিল। তাইক কোমলকৈ অনুভৱ কৰিছিলোঁ।

 ছাৰসকলে মােৰ কান্দোনত তাইক কোনােদিনে মাৰিব পৰা নাছিল। ছমহীয়া পৰীক্ষাৰ বহী দিয়াৰ সময়তাে ছাৰসকলে তাইক মাতি নি কৈছিল— ‘তই বহীত কম নম্বৰ পােৱাহেঁতেনো তােক পিটন নিদিলােহেঁতেন। যা ভালেই নম্বৰ পাইছ। তােৰ ভনীয়েৰে তোক ইমান ভাল পায় যে তাইৰ হিয়াভগা কান্দোনত তােক আমি চুবই নােৱাৰোঁ।

 ছাৰসকলে মােক পঢ়া নােৱাৰিলে মৰাত মই একো নকৈছিলোঁ। বিনা প্রতিবাদে হাত আগবঢ়াই দিছিলোঁ। মােৰ তেনে আচহুৱা আচৰণত গােটেই স্কুলখনেই কিংকৰ্তব্যবিমূঢ় হৈছিল।

মই যন্ত্রণা জয় কৰাৰ পণ লৈছো-৩
৩৩