পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কোনোজনে সান্তনা দিছিল— ভাল হৈ যাম বুলি। কোনোজনে কৈছিল— ‘বেজ’ বা ‘আই'ৰ ওচৰত চোৱা-চিতা কৰিবলৈ। কোনোজনে কৈছিল — ‘ভাগ্যৰ লিখন কোনেও খণ্ডাব নোৱাৰে’ বুলি। অন্ধবিশ্বাসত বিশ্বাসীসকলে কৈছিল— ‘পূৰ্বজন্মৰ পাপৰ ফল মই এই জন্মত ভুগিছোঁ।’ প্ৰত্যেকজনৰে মনৰ ভাব প্ৰকাশ কৰাৰ শব্দভংগী পৃথক পৃথক আছিল। কোনোজনে ক’লে— মই সৰুৰে পৰা অহংকাৰী, গতিকে ভগৱানে এসেকা দিবৰ বাবে এনেকুৱা কৰিলে। মই আছিলোঁ তেওঁলোকৰ আলোচনাৰ ‘বিষয়’।

 সময় বাগৰি গৈ আছে। মোৰো জীৱনত এটা এটাকৈ নতুন নতুন সমস্যাই বাহ লৈছে। এতিয়া মই তলপেট কৰি শুই থাকোঁ— ডাঠ পলিথিনৰ ওপৰত কাপোৰ পাৰি দিয়া বিছনাত।

 এদিন শুই থাকোঁতে এগৰাকী মানুহে আহি মাক কোৱা শুনিলোঁ— তাইৰ হেনো কিবা বৰ ডাঙৰ বেয়া বেমাৰ এটা হৈছে? তাইৰ ওচৰলৈ গ’লে বেমাৰটো তাইৰ গাৰ পৰা সোঁচৰি আনৰ গালৈ আহিব বোলে। কিনো বেমাৰ হৈছে তাইৰ, নাযাওঁ দেই তাইৰ ওচৰলৈ। ভয় লাগে পায়, আমাৰো হৈ যাব পাৰে।’

 মায়ে, মানুহগৰাকীক বাহিৰৰ বাৰাণ্ডাতে বহিব দিলে আৰু সুধিলে— কোনেনো মোৰ বিষয়ে এনেকৈ কৈছে?

 তেওঁ যিগৰাকী মানুহৰ নাম ল’লে, পেছাত তেওঁ এগৰাকী নাৰ্ছ আছিল। তেওঁ যে এনেকুৱা এটা কথা মোৰ অসুখটোৰ বিষয়ে ক’ব পাৰিছে, তাকে ভাবি মা আচৰিত হ’ল।

 মায়ে মানুহগৰাকীক একো নক’লে। বিদায় দি আহি মোৰ ওচৰত ৰ’লহি।

 মা কোঠাটোলৈ সোমাই অহাৰ আগতে মই চকু দুটা মুদি টোপনি যোৱাৰ ভাও ধৰি আছিলোঁ। মই জানিছিলোঁ — মা আহি মই সাৰে আছোঁনে, টোপনি গৈ আছোঁ গম ল’ব। মায়ে মানুহগৰাকীয়ে মোৰ বিষয়ে কোৱা শব্দকেইটা মই শুনিলে বেছিকৈ আঘাত পাম বুলি জানি মই সাৰে আছোঁনে গম ল’লে।

 যদিও মই শুই থকাৰ ভাও ধৰি আছিলোঁ, দুখত মোৰ দেহ-মন এনেদৰে পিষ্ট হৈছিল ভাষাৰে-শব্দৰে বুজাবলৈ মই অপাৰগ।

 মানুহগৰাকীৰ কথাকেইটা শুনাৰ পিছৰ পৰা মই সতৰ্ক হ’লোঁ। নিজকে ক’লোঁ- আজিৰ পৰা মই কাকো হাতেৰে স্পৰ্শ নকৰোঁ। নিজে খোৱা বস্তু আনক খাব নিদিওঁ। কাঁহী, বাটি, গিলাচ, কাপ বেলেগ কৰি ল’ম। মই খোৱা কোনো পাত্ৰতে আনক খাবলৈ নিদিওঁ।

৫৭