পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘূৰাই অনা। স্কুলৰ পৰা আহি মোক থিয় কৰোৱা। মোৰ খোজবিহীন জীৱনলৈ আকৌ খোজ ঘূৰাই অনা।

  তাৰ মাজে মাজে আমি কেইটাই টুকুৰা কাগজত লিখি লোৱা ‘চোৰ-পুলিচ’ খেলোঁ। চাৰিখন-চাৰিখন কাগজত ৰাম-সীতা লিখি মিলোৱা খেলোঁ।

 দুখৰ মাজতো আমি কেইটাই হাঁহো।

 মোৰ ভৰিৰ শক্তি ঘূৰাই আনিবলৈ ব্যায়াম কৰিব লাগিব বুলি ডাক্তৰে কৈ পঠাইছিল। ব্যায়ামৰ বাহিৰে একো উপায় নাই বুলি কৈছিল। কেতিয়া শক্তি ঘূৰি আহিব তাৰো নিশ্চয়তা নাই।

 মায়ে মোক ব্যায়াম কৰাবলৈ নতুন নতুন কৌশল অৱলম্বন কৰিলে। মাৰ কাপোৰ চিলাই কৰা ভৰি মেচিনটোৰ ফিতাডাল খুলি মেচিনটোৰ ভৰি থোৱা ঠাইখিনিত মোৰ লৰচৰ কৰিব নোৱৰা ভৰি দুখন তুলি দি কাষত থকা মেচিনৰ ফিতা লগাই ঘূৰোৱা ৰিংটোৰ ফিতাডাল আঁতৰাই ৰিংটো হাতেৰে মোক ঘূৰাই থাকিব দিয়ে। তেনেকৈয়ে হাতেৰে ৰিংটো ঘূৰাই থাকিলে মোৰ ভৰি দুখন ওপৰ-তল হয়। সেয়াও এটা ব্যায়াম। মোৰ ভৰিলৈ শক্তি ঘূৰাই অনাৰ।

 দুৰ্ভাগ্য। সকলো প্ৰকাৰৰ ব্যায়ামেই বিফল হয় মোৰ জীৱনলৈ খোজ ঘূৰাই আনিবলৈ।

৫০