পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লেহেম গতিত কৰে সি ৰে’লগাড়ী ধৰিব নোৱাৰিব আৰু কাম শেষ কৰি নাহিলে তাক কামৰ পৰা উলিয়াই দিব। সেয়ে খৰখেদা কৰোঁতে তাৰ হাতৰ আঙুলি এটা অলপ ডাঠকৈ মেচিনত সোমাই কটা গৈছে। কাম শেষ কৰি দৌৰি দৌৰি ৰেল ধৰিবলৈ আহোঁতে শিলগুটিত উজুটি খাই সোঁভৰিৰ বুঢ়া আঙুলিৰ নখ এৰাই গৈছে। তথাপি সি আমাক লগ কৰিবলৈ আহিছে হাস্পতালত থাকোঁতে পুৱাই গুডমৰ্নিং বুলি কোৱা মুখৰ হাঁহিটো সানি।

 কিমান আন্তৰিকতা থাকিলে মানুহে মানুহক এনেকৈ হাবাথুৰি খাই লগ পাবলৈ আহিব পাৰে? কিমান?

 এখন গাড়ী ভাৰা কৰি আমি কাঠপতি ষ্টেচন পালোঁ। নিশা বাৰ বাজিছে।এইবাৰ ওভতনিৰ যাত্ৰাটো মোৰ ভাল লাগিল। দুখতকৈ এইবাৰ ‘সুখ’ৰ ভাৰখন বেছি গধুৰ হৈ পৰিছে। গান শুনা টেপটোৱেও মোৰ মনৰ খোৰাক দিব পাৰিছে। চি.এম.চিৰ অধিক পৰিমাণে ভাল লগা ‘অনুভূতি’ কঢ়িয়াই লৈ আহিছোঁ যদিও তাৰ লগত বহুটো বেজাৰ লগা অনুভূতিও জাপ খাই আহিছে।

 মই এতিয়া দুখ বেজাৰখিনিক একাষৰীয়াকৈ থৈ সুখৰ ভাণ্ডাৰটোৰ ভাৰখনহে লগত কঢ়িয়াই লৈ আহিছোঁ। আমি পুৱা ছয় বজাত ৰে’লত উঠিলোঁ। সম্পূৰ্ণ ছঘন্টা পাৰ কৰাৰ পিছত হায়দৰাবাদৰ ষ্টেচন এটাত প্ৰবীণে কথা দিয়া মতে আমাক ৰে’লৰ দবাত লগ ধৰিলেহি।

 প্ৰবীণ বুলি এই কাৰণে কৈছোঁ যে মই তেওঁক ‘তুম’ বুলি সম্বোধন কৰি হিন্দীত কথা পাতোঁ। বয়সৰ লগত আমাৰ সম্পৰ্কৰ কথা আহি পৰা নাছিল। আমাৰ সম্পৰ্ক আছিল নিভাঁজ আন্তৰিকতাৰ।

 প্ৰবীণে লগত লৈ আহিছে তাৰ আঠবছৰীয়া পুতেক আৰু পত্নীৰ লগত সপৰিয়ালে উঠা ফটো এখন, মিঠাইৰ পেকেট এটা, যীশুখ্ৰীষ্টৰ ফটো এখন।

 তিনিঘন্টা সময় আমাৰ লগত পাৰ কৰি মা-দেউতাক সেৱা জনাই এটা ষ্টেচনত নামিব ধৰিলে। প্ৰথমবাৰ তেওঁৰ চকুত বিচ্ছেদৰ চকুলো দেখিলোঁ, নামি গ’ল উদাসীন মন এটাৰে।

১৩৪