পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ কাষ পালেহি। নিজৰ লেখা ছপা আখৰত প্ৰথম প্ৰকাশ হৈ ওলোৱাত আনন্দ উচ্ছল হৈ পৰিল পুৱাটো।

 মই মোৰ লেখা পঢ়ি শেষ কৰিবলৈ নাপালোঁৱেই, এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল। ফোনটো ধৰাৰ লগে লগে প্ৰথমে সুপ্ৰভাত জনাই মোৰ লেখাটোৰ বিষয়ে আৰু জীৱনৰ ঘাত-প্ৰতিঘাতৰ ওপৰত অলপকৈ কথা পাতি জীবনত আগবাঢ়ি যাবলৈ শুভেচ্ছা জনালে। লেখাটোৰ লগতে মোৰ ফোন নম্বৰটো দিয়া গতিকে ইটোৰ পিছত সিটো ফোন লানি নিছিগাকৈ আহিবলৈ ধৰিলে। প্ৰত্যেকজনে নিজস্ব কথনশৈলীৰে মোক আপ্লুত কৰিলে। কোনোজনে নিজৰ জীৱনৰ দুখ-কষ্টৰ লগত মোৰ জীৱনটোক তুলনা কৰিলে, কোনোজনে মোৰ লেখাৰ পৰা কিবা এটা পাইছে বুলি জনালে। বহুজনে মোৰ লগত আছোঁ বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। বহুজনৰ লগত সেই মুহূৰ্তৰে পৰা এটা সম্পৰ্কয়ো গঢ় ল’লে— জেঠাই-জেঠু, মামা-মামী, দাদা-বাইদেউ, বৰমা-বৰদেউতা, ভাইটি, খুৰা-খুৰী আদিৰ অনাত্মীয় হৈয়ো আত্মীয় সম্পৰ্ক। দুখৰ বোজা কঢ়িয়াই লৈ ফুৰা কোনোজনেও ফোন কৰি তেওঁৰ জীৱন বৃত্তান্ত সুঁৱৰিলে। মানুহৰ কাৰণে আন এজন মানুহৰ থাকিব পৰা হৃদয়ৰ অনুভৱ মই শুনিলোঁ। মোৰ ভাল লাগিছিল প্ৰেৰণাদায়ক প্ৰতিশ্ৰুতি, উৎসাহেৰে ভৰি পৰা শব্দবোৰত।

 মোবাইলৰ ইনবক্স ভৰি পৰিল অচিনাকি নম্বৰৰ পৰা অহা প্ৰেৰণাদায়ক বাৰ্তাৰে।

 কেতিয়াও নেদেখা এখন জগত মই বিছনাতে দেখিলোঁ। লেখাটো প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জনাবলৈ দুপৰীয়া আমাৰ অসমৰ মুখ্য সম্পাদক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিলৈ ফোন এটা কৰিলোঁ। ছাৰে ফোনটো ৰিচিভ কৰি মৃদু কণ্ঠস্বৰেৰে মতাৰ লগে লগে মনটো ভাল লাগি গ’ল। প্ৰথমবাৰ কথা পাতিয়েই খুব কম সময়তে তেওঁ মোক এখন বেলেগ পৃথিৱীৰ কথা ক’লে। মোৰ মনৰ ভাববিলাক লেখাৰ জৰিয়তে প্ৰকাশ কৰি তেওঁ খবৰ কাকতলৈ পঠাবলৈ ক’লে। মোক লিখিবলৈ উৎসাহ দিলে। তেওঁৰ আশীৰ্বাদ, উপদেশ আৰু জীৱনবাণী মোৰ বাবে সঞ্জীৱনী সুধা হৈ পৰিল।

 লাহে লাহে আমাৰ ঘৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ হৃদয়বান ব্যক্তিসকলৰ আগমন

১৬৬