পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এইবাৰ কিন্তু মোৰ হায়াৰ ছেকেণ্ডাৰীখনৰ অধ্যক্ষ ছাৰে পৰীক্ষাৰ আগতে এষাৰ মাতি দি যায়হি।

 মই অস্বাস্থ্যকৰ, দুৰ্গন্ধময় পুথিভঁৰালটোতে পুনৰ পৰীক্ষা দিলো।

 পৰীক্ষা দি থকাৰ মাজতে এদিন এটা ঘটনাই মোৰ মনত আকৌ দুখ দিলে। উক্তদিনা আৰু এগৰাকী ছাত্ৰী মোৰ লগত পুথিভঁৰালতে পৰীক্ষা দিবলৈ বহিল। মই ছোৱালীজনীৰ লগত চিনাকি হৈ বহি আছোঁ। নিৰ্দিষ্ট সময় হোৱাৰ লগে লগে এক শিক্ষয়িত্ৰী আমাৰ কক্ষলৈ সোমাই আহিল। কক্ষত ভৰি থৈয়েই তেওঁ ক’বলৈ ধৰিলে—‘মই কি হাস্পতালত নাৰ্ছৰ গাৰ্ড দিবলৈ আহিছোঁ নেকি? এনেকুৱা পৰিৱেশত ডিউটী দিব পাৰি নেকি? মোৰ আজিৰ ভাল দিনটো নষ্ট হৈ গ’ল।’ এনেদৰে বহু সময় অনৰ্গল তেওঁ তিক্ত বাক্যবাণ এৰি থাকিল। মই আৰু সেইদিনাৰ সংগীগৰাকীয়ে নীৰৱে বহি থাকিলোঁ। মোৰ সেইদিনা চকুপানীৰ বিপৰীতে মাথোঁ তপত হুমুনিয়াহ এটা বাহিৰ হৈছিল নিঃশব্দে। খন্তেক পিছতে বে’ল মাৰোঁতে তেওঁ আমাক বহী দি ক্ষান্ত হৈ এজনী এজনীকৈ দুয়োজনীৰ পৰিচয় ল’লে। তেওঁ মোৰ কি হৈছে, কেনেকৈ হ’ল সুধিলে।

 তেওঁৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ ডিঙিটো চেপি ধৰিছিল যদিও সন্মান সহকাৰে তেওঁক উত্তৰ দিলোঁ। আমি সেইদিনা পৰীক্ষা ভাল কৰা মানসিকতা দুয়োজনীয়ে হেৰুৱাইছিলো যদিও আমি আমাৰ কৰণীয়খিনি কৰিলো।

 তাৰ পিছৰ পৰীক্ষাটো দিবলৈ যাওঁতে জানিব পাৰিলো যে মোৰ লগত পৰীক্ষা দিয়া পৰীক্ষাৰ্থীগৰাকীৰ অভিভাৱকে স্কুললৈ আহি আগৰ পৰীক্ষাটোত শিক্ষয়িত্ৰীগৰাকীয়ে কৰা দুৰ্ব্যৱহাৰৰ কাৰণে অভিযোগ কৰিছে। মই যেতিয়া পৰীক্ষা কক্ষ পুথিভঁৰালটোত অকলে বহি থাকোঁ, তেতিয়া মই যিখন স্কুলৰ পৰা পৰীক্ষা দিছোঁ সেই স্কুলখনৰ চিনাকি শিক্ষক প্ৰশান্ত ছাৰ আহি আগৰদিনা শিক্ষয়িত্ৰীগৰাকীয়ে কৰা দুৰ্ব্যৱহাৰৰ বাবে দুখ প্ৰকাশ কৰিলেহি। ময়ো তেখেতক অনুৰোধ কৰিলো যে ভৱিষ্যতে এনেকুৱা নীচ মনৰ শিক্ষক-শিক্ষয়িত্ৰীক আমাৰ কক্ষলৈ নপঠিয়ায় যেন, যি ব্যক্তিয়ে ব্যৱহাৰ নাজানে।

 মানুহে কয়— ‘আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।’ কিয় জানো কিছুমান মানুহে শব্দ প্ৰয়োগৰ জৰিয়তে এনেধৰণৰ আঘাত দিয়ে ভাবি আচৰিত লাগে। তাৰ বিপৰীতে বহুজনে আকৌ এষাৰ মাতেৰে অলেখ সুখ দিব পাৰে। একাদশ শ্ৰেণী পাছ কৰাৰ পিছত দ্বাদশ শ্ৰেণীৰ ইংৰাজীৰ নোটখিনি প্ৰশান্ত ছাৰে ঘৰতে দি গ’লহি।অৰ্থ-বিজ্ঞান পাঠ্যক্ৰমৰ কেইটামান অধ্যায় বুজি নোপোৱাৰ বাবে মোৰ লগত পৰীক্ষা

১৫৬