পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিয়া অনুপমাই, যি প্ৰায়েই মোক সংগ দিয়েহি; এদিন মোক ক’লে সে তাইৰ দাদাকে অৰ্থ-বিজ্ঞানৰ পাঠকেইটা চাই দিব পাৰিব। মই তাইক তাইৰ দাদাকক মোক বুজি নোপোৱাখিনি শিকাই দিবলৈ ক’লো। তাই সদায় আহি মোক কয়হি- ‘দাদাক কৈছোঁ। জানো সি আহেনে নাহে। মই নাজানো।’ পৰীক্ষা কাষ চাপিল, মোৰ অৰ্থ-বিজ্ঞানৰ পাঠকেইটা শিকা নহ’ল। প্ৰৱেশিকা পৰীক্ষাত যেনেদৰে কিতাপৰ সম্পূৰ্ণ অধ্যায় শেষ নকৰাকৈ পৰীক্ষা দিছিলোঁ, তেনেদৰে দ্বাদশ শ্ৰেণীতো সম্পূৰ্ণ কিতাপখন নজনাকৈ পৰীক্ষাত বহিছিলো। শৰীৰৰ যন্ত্ৰণা আৰু মানসিক যন্ত্ৰণাক মই পৰাস্ত কৰি দ্বিতীয় বিভাগত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’লো। সুখী নহ’লো। বি. এ. পঢ়িবলৈ নগাঁও কলেজত নামভৰ্তি কৰিছিলোঁ যদিও শাৰীৰিক

দুৰৱস্থাৰ কাৰণে পঢ়িব নোৱৰা হ’লোঁ।

১৫৭