উচ্চপদস্থ চাকৰিয়াল। এখন উদাৰ অন্তৰৰ। আনৰ দুখত দুখী হ’ব পৰা এটা মন আছে। অকৃত্ৰিমভাৱে নিঃস্বাৰ্থে প্ৰত্যয় দিছে-
‘প্ৰয়োজনত কৰিব পৰা সহায়খিনি কৰিম।’
তেওঁ মোৰ মৌনতা ভঙাত সফল হৈছিল। ময়ো লাহে লাহে সহজ হ’বলৈ ল’লোঁ, নিয়তিৰ ওচৰত পৰাস্ত হৈ। তেওঁ বহু সময় পাৰ কৰে, মোৰ আগত কথা কৈ কৈ। মোৰ উদাসীনতা উৰুৱাই তাৰ ঠাইত হাঁহিৰ এপাহ-দুপাহ ফুল ছটিয়ায়। প্ৰতিক্ষণ সুখেৰে ভৰাই তুলিবলৈ কি কি কৰা নাই মোৰ ভাল লাগিবলৈ, মোৰ অতিকৈ ভাল লগা পুতলা এটা আনি দিছে। এখন বহী আনি দিছে লিখিবলৈ। এটা-দুটা ইংৰাজী শিকায়। কাণত ভৰাই লোৱা হেডফোন দি গান শুনায়। প্ৰথম দেখিছিলোঁ তেনে হেডফোন। অৱস্থাসম্পন্ন প্ৰবীণে মই কেতিয়াও খাই নোপোৱা বিবিধ সুস্বাদু খাদ্য আনি খাবলৈ দিছিল। যেন সমগ্ৰ ভাল লগাখিনি আনি আনি দিব।
অনিশহঁতক ডিচাৰ্জ দিছে। সিহঁতে যাবলৈ যো-জা কৰিছে। দেউতাকে কেলিপাৰ পিন্ধি খোজ কাঢ়িব পৰা হ’ল। যোৱাৰ আগতে সিহঁতকে কেৰালাৰ নাৰিকলেৰে ৰন্ধা মাংসৰ তৰকাৰি অলপ খাই চাবলৈ দিলে। আমাৰ মায়েও সিহঁতক আমাৰ অসমীয়া সুস্বাদু খাদ্য এবিধ ৰান্ধি খাই চাবলৈ দিলে।
আজি দেওবাৰ। অনিশহঁত ঘৰলৈ যাব। অ.টি.-পি.টি. বন্ধ। মোৰ কাৰণেতো ভৰি হাড় ভঙাৰ পৰা অ.টি.-পি.টিৰ কথাই নাই। মন গ’লে বাবুৰ লগত কাগজৰ ঘৰটো সাজোঁ মন নগ’লে ভাৱনাৰ সাগৰত ডুবি থাকোঁ। অনিশে চলচলীয়া চকুযুৰিৰে সদায় ওঁঠত সানি থকা হাঁহিটোৰে আমাৰ ওচৰত ৰৈ আছেহি। মাকে আহি, তিনি মাহৰ অন্তত প্ৰথমবাৰৰ কাৰণে মোক তেওঁলোকৰ কেৰালাৰ ভাষাতে যাওঁ বুলি কান্দি কান্দি ক’লে। মাক সাবটি ধৰি বহুত কান্দিলে। মায়েও কান্দিলে। অনিশৰো ডাৱৰ গলি মুষলধাৰে চকুলো বৰষিল। একমাত্ৰ মোৰহে শুকান চকু শুকান হৈ থাকিল। সি প্ৰতিশ্ৰুতি দি গ’ল যোৱাৰ আগতে এবাৰ লগ কৰি যাবহি। মোক উপহাৰ হিচাপে আৰু তাক লগ পোৱাৰ চিন হিচাপে এথোপা ফুল দি গুচি গ’ল।
আন্ধাৰ-পোহৰে আৱৰা উদাসী নিশাটোৱে মোক কাণে কাণে কৈ গৈছে। তুমি
অকলশৰে সাৰে থকা নাই। চোৱাচোন, তোমাৰ খিৰিকীৰে টিউব লাইটৰ পোহৰবোৰ