পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাই থাকোঁ। কেতিয়া কাপোৰ ভৰাই অনা ভি আই পিটো খুলিব? কেতিয়া আমাৰ অপেক্ষাৰত দুচকুৱে নিজৰ নিজৰ পোছাক দেখিবলৈ পাম? অধীৰ অপেক্ষা আবেগ। এটা সময়ত অপেক্ষাৰ অন্ত পেলাই দেউতাই ভি আই পিটো খুলি আমাৰ নিজৰ নিজৰ কাপোৰ হাতে হাতে দিয়ে। যদি পছন্দ হ’ল আনন্দৰ সীমা নাই, আৰু যদি নহয় বেদনাৰ সীমা নাই।

 মাঘৰ বিহুটো আৰু এটা কাৰণত মোৰ ভাল লাগিছিল। এই বিহুটোত মই আৰু মালাই বছৰটোৰ কাৰণে কাপ-প্লেট আৰু গিলাচ গোটাওঁ। আমাৰ গাঁৱৰ পৰা পাৰ হৈ এখন গাঁও আছিল। সেই গাঁওখনৰ পৰম্পৰা অনুসৰি প্ৰত্যেক বছৰে মাঘৰ বিহুৰ পিছদিনাৰ পৰা তিনিদিনীয়া খেল পাতিছিল। আমাৰ গাঁৱৰ পৰা জাহ্নবী, শেৱালী, স্নেহা, মৰমী, সৰুমণি, বা, মালা আৰু মই তাত খেলিবলৈ যাওঁ।

 মই আৰু মালাই তাত খেলিব দিয়া প্ৰতিটো খেলতে অংশগ্ৰহণ কৰোঁ। তাই ‘খ’শাখাত অংশগ্ৰহণ কৰে। মই ‘ক’শাখাত কৰোঁ। তাই আৰু মই প্ৰত্যেকটো খেলতে প্ৰথম নাইবা দ্বিতীয় পুৰস্কাৰটো ৰাখোঁ। খেলৰ অন্তিম দিনা আমি দুয়োজনীয়ে সগৌৰৱে পুৰস্কাৰ পোৱা কাপ-প্লেট, গিলাচ আনি মাক দিওঁ। সেই দিনটো এটা বিৰল সুখানুভূতিৰ দিন।

 মোৰ ভয়লগা উৎসৱটো আছিল— ‘ফাকুৱা’। ৰঙৰ উৎসৱ ফাকুৱা। এই উৎসৱত সকলোৰে মন ৰঙেৰে ৰঙীন হয়। কিন্তু মোৰ মনতো ৰঙৰ বিপৰীতে ভয়ে বাহ লয়। ভয়ৰ এটা কাৰণো আছিল বাবুৰ কাৰণে। সি মোতকৈ তিনি বছৰ সৰু। মই তাক বহু মৰম কৰিছিলোঁ। তাক ‘ফাকুৱা’ লগালে ভয়ত কান্দে বুলি মোৰ লগে লগে লৈ ফুৰিছিলোঁ।

 পোহৰৰ উৎসৱ দীপাৱলীলৈকো ভয় লাগিছিল। ফটকা ফুটিলে হাত-ভৰিত জুই লাগি পুৰিব বুলি দীপাৱলীলৈ মোৰ অতিপাত ভয় লাগিছিল। ভয় লাগিলেও মই উৎসৱবোৰৰ প্ৰতিটো মুহূৰ্তই প্ৰাণভৰি উপভোগ কৰিছিলোঁ।

 যদিও আজি সেই মধুময় দিনবোৰ মোৰ কাৰণে জীৱনৰ এৰি অহা সোঁৱৰণীৰ পৃষ্ঠা, তথাপি মোক এতিয়া কোঠাবন্দী জীৱনত সুখৰ স্বাদ দিয়ে, এই সোঁৱৰণীৰ পৃষ্ঠাৰ অম্লান মুহূৰ্তবোৰে।

৬৯