পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চলিছ মিনিট একেৰাহে হেচি ধৰি আছিলোঁ, পাহৰিয়ে যাওঁ। গীত বন্ধ হ'লেহে অনুভৱ কৰোঁ যে একেৰাহে আঙুলিটোৰে নটটো হেচি ধৰাৰ কাৰণে আঙুলিটো বিষত টনটননি ধৰিছে।

 গীত শুনাৰ অভ্যাস মােৰ শৈশৱতে হৈছিল, আমাৰ ৰেডিঅ’টো তেতিয়া ভাল আছিল। তেতিয়া আমি ৰেডিঅ’ লগাব নাজানিছিলোঁ আৰু ৰেডিঅ’ত গােৱা গীত কিছুমানৰ অৰ্থ বুজি পােৱা নাছিলোঁ। তথাপিও মায়ে যেতিয়া ৰেডিঅ’টো বজায়, ৰেডিঅ’ত গােৱা কেইটামান বাছকবনীয়া গীত মােৰ খু-উ-ব ভাল লাগিছিল।

 “জীৱনটো হ’ল অসাৰ, প্রয়ােজন নাই, তথাপিও আছোঁ মই জীয়াই, শূন্য পিয়লা হৈ”

 “মৰ আঁউসী ৰাতি ফেচাঁই কুৰুলিয়াই”

 “চিচা হাে য়া দিল হে আখিৰ তুত যাতা হে”

 “অ’ সাথিৰে তেৰে বিনা ভি কিয়া জীনা”

 এনে ধৰণৰ সেই সময়ত অর্থ বুজি নােপােৱা গীতকেইটামান শুনিবলৈ মাৰ লগত নিশা দহ-এঘাৰ বজালৈকে উজাগৰে থাকিছিলোঁ।

 তেতিয়া বুজি নাপাই শুনা গীতকেইটা, এতিয়া মই অর্থ বুজি পাই শুনোঁ।

 সেই গতিকে আঙুলিৰ কষ্ট অনুভৱ নকৰাকৈ গীতৰ মিঠা মিঠা শব্দবােৰে মন অভিভূত কৰা অনুভূতি অনুভৱ কৰোঁ খন্তেকৰ বাবে।

 সেই সময়ছােৱাত মই এটা নতুন ৰেডিঅ’ৰ খুউব প্রয়ােজনবোেধ কৰিছিলোঁ। মই মাক মুখ খুলি কোনােদিনে কোৱা নাছিলোঁ। মােক এটা ৰেডিঅ’ লাগে বুলি। তেতিয়া ক’বলৈকো মায়ে জোৰা টাপলি মাৰি ঘৰখনৰ চাউল কিনা, খৰি কিনা, বা- হঁতৰ স্কুলৰ টিউশ্যন খৰচ যেনেদৰে পৰিচালনা কৰিছিল, তেনে এক জ্বলন্ত সমস্যাত মাক মই কেনেকৈ কওঁ এটা নতুন ৰেডিঅ'ৰ কথা ?

 ক’বলৈ গ’লে দেউতাই ঘৰৰ খৰচৰ কাৰণে পঠোৱা সিংহভাগ টকা মােক আৰােগ্য কৰিবলৈ মায়ে খৰচ কৰিছিল।

 তাৰ উপৰি মাহৰ শেষত ঘৰ চলিবলৈ টকাৰ অভাৱ হ’লে আনৰ ঘৰত ধাৰ কৰিব লগাত পৰিছিল । সেই সময়ত অনুভৱ কৰিছিলোঁ। মােক এটা নতুন ৰেডিঅ’

কিনি আনি দিব নােৱৰাত মায়ে অসীম মনােকষ্টত ভুগিছিল।

৭৪