পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 স্নেহাহঁতৰ আগফালে এজোপা বিলম্বী টেঙা আছিল। তাই আকৌ বিলম্বী দিওঁতে আনৰ লগত বিনিময় প্ৰথা প্ৰয়োগ কৰে। কোনজনীয়ে বিলম্বীৰ বিনিময়ত কি দিব? প্ৰত্যেকজনীয়ে ঘৰত কি বস্তু আছে দিব পৰা। তাইক দিবৰ কাৰণে প্ৰতিশ্ৰুতি দিয়ে আৰু বিলম্বীটো খায় মোৰ বাহিৰে।

 কি যে অপাৰ আনন্দ ফুটি উঠে সিহঁতৰ মুখাবয়বত। সাঁজ লাগো লাগো হওঁতে আমি দৌৰি দৌৰি ঘৰলৈ ওভতো।

 ঘৰ পোৱাৰ পিছত আমাৰ সদায় এটা কাম থাকে। হাত-ভৰি ধুই এইবাৰ আমি চাৰিওটা ৰাস্তালৈ ওলাই যাওঁ মাছ আনিবলৈ। আমাৰ গাঁৱৰ আৰম্ভণিৰ মানুহ ঘৰত এজন মুছলমান সম্প্ৰদায়ৰ মানুহ আছিল। তেওঁৰ নাম সূৰুয। আমিকেইটাই সূৰুয ককা বুলি সম্বোধন কৰি মাতো। তেওঁ আমাক অকৃত্ৰিম মৰম কৰিছিল। ককাৰ মৰমত জাতি-ভেদ নাছিল। আমিও ককা মুছলমান সম্প্ৰদায় বুলি তেওঁক বেলেগ দৃষ্টিৰে চোৱা নাছিলোঁ। ককাই আমাৰ ডিমৌ বিলখনত মাছ ধৰে আৰু গাঁৱত মাছ বিক্ৰী কৰে। আমাৰ কাৰণে ককাই মাছ বিক্ৰী কৰিব যোৱাৰ আগতে সদায় কেইটামান মাছ বেলেগ কৰি থৈ যায়। আমিকেইটাই গধূলি মাছকেইটা লৈ আহোঁগৈ। আমি ককাৰ পৰা মাছ এনেয়ে অনা নাছিলোঁ। টকা দি আনিছিলোঁ। কিন্তু সদায় মাছৰ টকাও নিদিছিলোঁ। প্ৰতিদিনে কিমান মাছ দিয়ে, তাৰ হিচাপ ককাই মনত ৰাখি যায়। আৰু মায়ে মাহৰ প্ৰথমতে, দেউতাই পঠিওৱা টকা পোৱাৰ লগে লগে মাছৰ যিমান টকা হয় দি দিয়ে। অৱশ্যে কেতিয়াবা যদি ককাই মাছ নাপায় তেন্তে নিদিয়ে। নাইবা একেবাৰে কম পালে গাইপতি এটাকৈ পাঁচটা মাছ দি টকা নালাগে, এনেয়ে দিছোঁ বুলি কয়।

 এদিনাখনৰ কথা। আমিকেইটা মাছ আনিবলৈ যাওঁতে আমাৰ লগত সৰুমণিও গৈছিল। ককা থকা ঘৰটোৰ ওচৰত এটা প্ৰকাণ্ড পুখুৰী আছে। বাৰিষাৰ দিন, পুখুৰীটো পানীৰে উপচি আছিল। ককাৰ কোঠাটো পুখুৰীটোৰ গাতে লগা। বাৰিষা দিন হোৱাৰ বাবে পুখুৰীটোৰ পাৰবিলাকত জংঘলে আৱৰি আছিল। আমিকেইটাই পুখুৰীপাৰত মাছ চাই ঘূৰি ফুৰোঁতেই কেনেবাকৈ মোৰ ভৰি পিছল খাই পুখুৰীটোলৈ সোমাই যাব ধৰিলোঁ। মই খপ্জপকৈ ভয়তে চিঞৰি পুখুৰীৰ পাৰৰ তামোল গছত বগাই থকা দীঘল দীঘল লতাবোৰ হাতেৰে খামুচি ধৰিলোঁ। মোৰ চিঞৰত বাহঁতে গম পালে। মই পানীত ডুবিছোঁ। সিহঁতে মোক দেখি ওপৰলৈ তুলিব ধৰে মানে মোৰ বুকুলৈকে পানী হৈ গ'ল। তেতিয়া ককাও কোঠাত নাছিল। সিহঁতকেইজনীয়ে মোক হাতত,

চুলিত ধৰি ওপৰলৈ টানি উঠালে। কথমপি মই সেইদিনা ভৰা পুখুৰীত ডুবি নমৰিলোঁ।

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ-৫
৬৫