পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একাগ্ৰতাৰে কামনা কৰে। কয় যে মই যদি আজিকালি চোতালৰ প্ৰতিটো উৎসবতে উপস্থিত নাথাকোঁ, তেনেহ’লে কাৰোৰে ভাল নালাগে। উদং উদং লাগে।

 আমি চুবুৰিটোৰ আটাইকেইঘৰে বিহু, ফাকুৱা, দীপাৱলী প্ৰতিটো উৎসবেই হাঁহি-ধেমালিৰ মাজেৰে উদ্‌যাপন কৰোঁ। এতিয়া মোৰ গোমোঠা মুখখনত হাঁহি নাথাকিলেও হাঁহিৰ ৰেঙণি এটা বিৰিঙি থাকে। সকলোৰে লগত কথাও পাতোঁ। সৰুকেইটাৰ লগত ধেমালিও কৰোঁ। চুপতা-চুপতিও লাগো। মাজে-সময়ে সিহঁতৰ লগত কেৰম খেলো৷ কাগজৰ টুকুৰাত চোৰ-পুলিচ্‌ খেলো। সিহঁতক সুখী কৰিবলৈ। ক’বলৈ গ’লে, মই এখন দুখে চুব নোৱৰা সুখৰ ফুল ফুলি থকা বাগিচাৰ সুবাস লৈ থাকোঁ।

 ঠাণ্ডাৰ দিন। লেপৰ উমৰ পৰা থেৰো-গেঁৰোকৈ উঠি মাক লেপখন আঁতৰাই নিবলৈ দিলো। মায়ে লেপখন দাঙি আঁতৰাই নিয়াৰ লগে লগে মোৰ সোঁভৰিখন দেখি বিকট চিঞৰ এটা মাৰি দিলে। মায়ে ৰাতি শুৱাই দিওঁতে মোৰ ভৰিখন যেনেদৰে থৈছিল তেনেদৰে নাথাকি এফালে বেঁকা হৈ ফুলি আছে। মায়ে ভৰিখনৰ কি হ’ল বুলি হাতেৰে লৰাই দিয়াত বিষত মই তাল-ফাল চিঞৰ লগালো। আঁঠুৰ হাড়ৰ জোৰাটো এৰাই গৈ ইফালে-সিফালে লৰি থকা হ’ল।

 মায়ে উমান পাই গ’ল। এইবাৰ মোৰ আনখন ভৰিও ভাগিল। লেপৰ জাপত মেৰ খাই ভাগি গ’ল। ডাক্তৰৰ কথাষাৰ মাৰ লগে লগে মনলৈ অহাত মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘ডাক্তৰে কৈছিল ভৰিৰ হাড়বিলাক বিস্কুটৰ দৰে হৈ গৈছে। অলপকৈ কষ্ট পালেই ভাগি যাব। এনেই লাগি আছে। আৰু আজি সেইটোৱেই হ’ল।’

 বিষৰ যন্ত্ৰণাই মোক নিথৰ কৰি পেলালে। লগে লগে অতদিনে সাঁফৰ মাৰি ‘কেতিয়াও আৰু তোক নকওঁ’ বুলি ভবা দুখবিলাকে গোট মাৰি থকাৰ পৰা পানী হৈ হুৰমূৰকৈ বৈ আহিল। যেন চকুলোৰ আকাৰ লৈ বৈ অহা পানীয়ে মোক হাঁহি হাঁহি বাহিৰ হৈ আহি ইতিকিং কৰিছে— ‘ক’ত তই আমাৰ পৰা আঁতৰি থাকিব বিচাৰ? আমি তোৰ লগতে থাকিম। তই এৰোঁ বুলিও আমাক এৰিব নোৱাৰ।’

 মাৰ দৌৰাদৌৰি লাগিল মোক ডাক্তৰৰ ওচৰলৈ নিবলৈ। সেই পুৱাতে এখন গাড়ী ভাড়া কৰি আনি মোক লৈ গ’ল, নগাঁৱৰ এজন হাড়ৰ ডাক্তৰৰ ওচৰলৈ।তেখেতে এক্সৰে কৰি মোৰ ভৰি ভঙাটো নিশ্চিত কৰি তিনিমাহলৈ প্লাষ্টাৰ কৰি দিম বুলি ক’লে। প্লাষ্টাৰৰ সকলো সামগ্ৰী গোটাই লোৱাৰ পিছত তেখেতে প্লাষ্টাৰ কৰিবলৈ

লওঁতেই মই তেখেতক ক’লো— ‘ছাৰ, আপুনি যেনে ধৰণে মোৰ ভৰিত প্লাষ্টাৰ

১৫৯