পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আচৰিত কথা, কিতাপ দুখন হাতত তুলি লোৱাৰ লগে লগে সৰ্বশৰীৰ থকথককৈ কঁপিব ধৰিলে। মাৰ সাৱধান বাণী কৰ্ণকুহৰত কম্পন কৰিব ধৰিলে —’বাহিৰা কিতাপ পঢ়িব নাপায়। নপঢ়িবি। ভয়তে মোৰ ঘামি জামি অৱস্থা নোহোৱা হ'ল। জাপি-কুচি আকৌ মায়ে থোৱা ভাঁজে ভাঁজে থৈ দিলোঁ। পঢ়া নহ'ল।

 কেইদিনমান যোৱাৰ পিছত মনটো আকৌ উচুপিচাই থাকে। কি বা আছে কিতাপখনত! এবাৰ পঢ়িবলৈ পোৱা হ'লে। এইবাৰ পঢ়িমেই....পঢ়িম।

 বেটুপাতটো গাঢ় নীলা। কিতাপখনৰ নাম ‘শানিত নখ’। আনখনৰ নাম ‘অনল বাসনা। জিজ্ঞাসু মনটোৰে লোভ সামৰিব নোৱাৰি মাজে সময়ে বেটুপাতটোতে হাত ফুৰাই থাকোঁ, কাপোৰ বিচৰাৰ ছলেৰে।

 এদিন পঢ়িমেই!!!

 মা আজি যাব! মই পঢ়িম।

 আকৌ, সেই একে পুনৰাবৃত্তি। জাপি থৈ দিওঁ।

 কাবাডী-কাবাডী-কাবাডী...

 ৰমেনৰ উশাহটো বহু দীঘল আছিল। সি এটা উশাহতে গোটেইকেইটাকে চুই মাৰি থৈ আহিব পাৰিছিল। তাৰ এটাই লক্ষ্য আছিল মোক প্ৰথমে চুই মাৰি লোৱা। মই মৰিলে সিহঁতৰ ফৈদটো জিকি যাব। আমি দুয়োটা সদায় দুটা ফৈদত হৈছিলোঁ। সি সদায় মোৰ প্ৰতিদ্বন্দ্বী আছিল। দুয়োটা খেলত পাকৈত আছিলোঁ। সি মোতকৈ শাৰীৰিকভাৱে অধিক শক্তিশালী আছিল। মই শাৰীৰিকভাৱে অধিক দুৰ্বল আছিলোঁ যদিও মানসিকভাৱে সৰুৰে পৰা শক্তিশালী আছিলোঁ। খেলত মোক হৰুৱাটো তাৰ কাৰণেও কঠিন আছিল।     এই অজীৰ্ণ শৈশৱৰ অনুপম স্মৃতিবোৰ আজিও শেলুৱৈধৰা হৃদয়ত জীপাল হৈ আছে। যদিও শৈশৱৰ সোণালী দিনবোৰ আজি মোৰ অতীত। মই বৰ্তমান সেই অপূৰ্ব মোহনীয় স্মৃতিৰ লগত ওমলো ক্ষণিক।

৪৫