পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘটনাৰ সম্পৰ্কে জানিবলৈ। মায়েও সকলো কথা বিৱৰি কৈ ডাক্তৰক কথাটো জনাম বুলি ক’লে যে মোৰ ছোৱালীক কোনো নাৰ্ছে একো কৰি দিব নালাগে। আজিলৈকে আঠ বছৰে মই তাইৰ প্ৰতিটো কাম কৰি আছোঁ। ইয়াত থকা কেইদিনো মই কৰিম। ঔষধ কি খাব লাগে দেখুৱাই দিব, মই তাইক সঠিক সময়ত খুৱাই দিম।

 মুখ্য নাৰ্ছগৰাকীয়ে ভয় খালে। ডাক্তৰে যদি কথাটো গম পাই যায়। তেনেহ’লে সেই নিশা মোক দুৰ্ব্যৱহাৰ কৰা নাৰ্ছগৰাকীক শাস্তি দিব। সেয়ে তেওঁ নিজে কথা দিলে আগলৈ তেনেধৰণৰ কোনো ঘটনা সংঘটিত নহয় বুলি।

 কেইদিনমানৰ পিছত দুৰ্ব্যৱহাৰ কৰা নাৰ্ছগৰাকী দোষী দোষী ভাবে আহি তেওঁৰ ভুল স্বীকাৰ কৰিলে। মোৰ বেডৰেষ্ট প্ৰক্ৰিয়াটো ভবাতকৈও বহু দীঘলীয়া হৈছিল। মোৰ আমনি লাগিছিল। মই উঠি পৰি লাগিলোঁ। মই ডিচাৰ্জ লৈ ঘৰলৈ যাওঁ। বাকী থকা বে’ডৰেষ্ট ঘৰত কৰিম। কোনো ট্ৰীটমেন্ট নাই। তিনি মাহ সম্পূৰ্ণ হ’লে আকৌ চেক-আপ কৰি হাড়ডাল ভাল হ’লে যদি পাৰে ৰাখিব, নোৱাৰিলে পঠিয়াই দিব।

 ঘৰলৈ অহা অত্যন্ত টানত মোক ডিচাৰ্জ দিবলৈ বাধ্য হল ডাক্তৰ। আমাক এটা নিৰ্দিষ্ট দিন ঠিক কৰি ডিচাৰ্জ তাৰিখ কলে। ঘৰলৈ অহাৰ টিকট কাটিবলৈ বাবু গ’ল। টিকট হ’ল। ডিচাৰ্জ হ'ল।

 মোৰ মনো আনন্দৰে ভৰিল। মই দি, মালাক লগ পাম...।

 কাইলৈ প্ৰবীণহঁতৰ ডিচাৰ্জ হ’ব। তাৰ পাঁচদিনৰ পিছত আমি যাম। অপৰিমেয় সুখে আৱৰি ধৰিছে! ভাবনাৰ লেখ নাই..।

 প্ৰবীণহঁত যাবলৈ ওলোৱাৰ আগদিনাৰ বহীপাত এটাত মোৰ ভৰিৰ তলুৱাখন আঁকি নি এযোৰ পাম-শ্বু আৰু অন্যান্য সামগ্ৰী কিনি উপহাৰ হিচাপে দিলে। প্ৰতিশ্ৰুতি দিলে আমি ডিচাৰ্জ হৈ ঘৰলৈ যোৱাৰ দিনা ৰাস্তাত লগ কৰিব।

 অনিশে শেষবাৰৰ কাৰণে আমাক লগ কৰিবলৈ আহিল, আমি অহাৰ দুদিন

আগত। ৰক্তাক্ত হাত আৰু ভৰিৰ আঙুলি ৰক্তাক্ত কৰি। তাৰ হেনো ৰে’লগাড়ি ধৰিবৰ কাৰণে, যিমান সময়ত ষ্টেচনত উপস্থিত হ’ব লাগে সেই সময়খিনিলৈ জোতাৰ ফেক্টৰীত এটা কাম শেষ কৰি দি আহিবলগীয়া আছিল। ফেক্টৰীৰ কাম যদি

১৩৩