(আঠ)
১৯৮১ চনৰ ১৯ জুনত মোৰ জন্ম। জন্মৰ পিছৰ পৰা ১৯৯৫ চনৰ ২২ ফেব্ৰুৱাৰীলৈকে অন্য ল'ৰা-ছোৱালীৰ দৰে এটা স্বাভাৱিক জীৱনেই মই পাৰ কৰি আহিছিলোঁ।
২৩ ফেব্ৰুৱাৰীৰ দিনা উমান নিদিয়াকৈ আগমন ঘটিছিল মোৰ জীৱনৰ অভিশপ্ত দিনটো। এখন অঘোষিত যুদ্ধৰ প্ৰতিযোগিতাত, প্ৰতিযোগী হ’বলৈ আহ্বান জনাইছিল নিয়তিয়ে।
এবাৰো মোৰ, ইচ্ছা-অনিচ্ছাৰ কথা নোসোধাকৈ পিন্ধাই দিছিল যুদ্ধৰ এযোৰ নতুন পোছাক। যিযোৰ পোছাকত নাছিল বুটা বছা ধুনীয়া মোৰ অতি প্ৰিয় ৰঙৰ 'ৰঙা’ ফুল!
হয়। মই এটা নতুন জীৱন আঁকোৱালি লৈ এখন অন্তহীন যুদ্ধত নামিছিলোঁ.....
১৯৯৫ চনত দশম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিলোঁ। সেই বছৰৰ ২৩ ফেব্ৰুৱাৰীত মোৰ জীৱনলৈ নামি আহিছিল কাল অমানিশা। জীৱনে পিন্ধিছিল সুখ, হাঁহি, আনন্দৰ বিপৰীতে, দুখ-যন্ত্ৰণাৰে দীঘবাণি কৰা এযোৰ কাঁইটীয়া পোছাক। জীৱনৰ সৈতে নিহিত হৈছিল কিছুমান অনাকাংক্ষিত বিষণ্ণতা, পীড়া আৰু এক অপৰিসীম শূন্যতা।
‘মৃত্যু’ হৈছিল এখন হৃদয়ৰ।
—মা, মই কাইলৈ পৰীক্ষা দিবলৈ যাব নোৱাৰিম। গাটো বহু বেয়া লাগিছে।
২২ ফেব্ৰুৱাৰী তাৰিখে বা আৰু মই স্কুলৰ পৰা হিন্দী প্ৰথম বৰ্ষৰ পৰীক্ষাটো দিবলৈ ফুলগুৰি হাইস্কুললৈ গৈছিলোঁ। সেইদিনাখন অসম বন্ধ থকাৰ বাবে গাড়ী চলা নাছিল। আমাৰ ঘৰ কুঁজাৰবড়িৰ পৰা ফুলগুৰিলৈ দূৰত্ব ছয় কিলোমিটাৰ।
খোজকাঢ়ি গৈছিলোঁ। পৰীক্ষা দি আকৌ খোজকাঢ়িয়ে ঘৰ পোৱাৰ পিছত গাতো বেয়া লগাৰ বাবে একো নাখাই শুই থাকিলোঁ।
পিছদিনাখনো পৰীক্ষা আছিল। মোৰ তীব্ৰ জ্বৰ উঠাত পৰীক্ষা দিবলৈ নাযাওঁ বুলি ক'লোঁ।
মায়ে কৈছিল— দেউতাৰে চাইকেলেৰে থৈ আহিবগৈ। দি আহ পৰীক্ষাতো।
সেই সময়ত দেউতা মাঘৰ বিহুৰ ছুটীত আহি ঘৰতে আছিল। মোৰ শৰীৰে টানিব নোৱৰাত সেইদিনা পৰীক্ষা দিবলৈ নগ'লোঁ।